ৰ’দ। মহাশক্তিধৰ সূৰ্য্যই পৃথিৱীৰ লগতে সৌৰজগতলৈ দিয়া অকৃত্ৰিম উপহাৰেই হ’ল ৰ’দ। সৌৰজগতৰ এই ধুনীয়া সেউজীয়া গ্ৰহটোৰ উপৰিভাগৰ বায়ু-পানী সৰ্বত্ৰ সূৰ্য্যৰ প্ৰভাৱ বিৰাজমান। ৰ’দ নহ’লে বিৰিখে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে, জীৱকূলৰো জীৱন অসম্ভৱ হ’ব। কামৰ বাবে দিন, জিৰণিৰ বাবে নিশা—এই চিৰাচৰিত জাগতিক নিয়মৰ অন্ত পৰা মানেই সমগ্ৰ পৃথিৱী ধ্বংস হোৱা। পৃথিৱীত ৰ’দৰ প্ৰয়োজন কিমান সেয়া ভাষাৰে বৰ্ণাই শেষ কৰা কঠিন; কিন্তু এয়াও ঠিক যে কেৱল গা ডেই-পুৰি নিয়া ৰ’দেই দি থাকিলেও পৃথিৱী মৰুভূমিত পৰিণত হ’ব। গতিকে জীৱৰ সঠিক আৰু সুষম জীৱন যাত্ৰাৰ বাবে প্ৰকৃতিয়েই ৰ’দ-বৰষুণৰ সময়ৰ সুন্দৰ বিভাজন ঘটাইছে।তাৰ সামান্য হেৰ-ফেৰ হ’লেও জীৱকূলৰ আমূল পৰিৱৰ্তন হ’ব। কোনোবা এটা শীতাৰ্ত পুৱাত এচেৰেঙা ৰ’দৰ বাবে পৰম আকাংক্ষাৰে ৰ’ব লগা হয়, কিন্তু গ্ৰীষ্মকালত এই ৰ’দৰ বাবেই যে কিমানবোৰ সমস্যা সৃষ্টি হয়। আমাৰ দেশত বেছিভাগ সময়েই গৰম পৰে। বিশেষকৈ গ্ৰীষ্মৰ প্ৰখৰ ৰ’দে সকলোৰে অৱস্থা এক প্ৰকাৰ কাহিল কৰি তোলে। সূৰ্য্যৰ পোহৰত ভিটামিন ‘ডি’ পোৱা যায় আৰু সূৰ্য্যৰ তাপে জীৱাণু নাশ কৰাত সহায় কৰে। সেইবুলি সকলো সময়তে সূৰ্য্যৰ তাপ উপকাৰী নহয়। চিকিৎসকলৰ মতে সূৰ্য্যৰ কিৰণ প্ৰচণ্ড ক্ষতিকৰো; কিয়নো সূৰ্য্যৰ পৰা নিৰ্গত হোৱা অতি বেঙুনীয়া ৰশ্মিয়ে ছালত মাৰাত্মক কৰ্কট ৰোগৰ সৃষ্টি কৰে। তদুপৰি ছালৰ নানা সমস্যা যেনে ঘামচি, ফোঁহা, এলাৰ্জিৰ লগতে বৃক্কৰো বিস্তৰ ক্ষতিসাধন কৰে ৰ’দে। ৰ’দ আমাৰ শৰীৰৰ পক্ষে কিমান উপকাৰী, কিমান অপকাৰী তাকে আলোচনা কৰোঁচোন আহক। সূৰ্য্যৰ তাপে আমাৰ দেহত কি কি ক্ষতি কৰিব পাৰে সেয়া তলত উল্লেখ কৰা হ’ল—
সেয়েহে ৰ’দৰ পৰা ৰক্ষা পাবলৈ হ’লে মুখমণ্ডলত ছানস্ক্ৰীণ লোচন ব্যৱহাৰ কৰা উচিত। তদুপৰি বাহিৰলৈ ওলাই যোৱাৰ পূৰ্বে যথেষ্ট পৰিমাণে পানী খাব লাগে, যাতে ডিহাইড্ৰেচন নহয়, অৰ্থাৎ দেহত পানীৰ অভাৱ নঘটে।
স্বাভাবিকতে সূৰ্য্যৰপৰা নিৰ্গত অতি বেঙুনীয়া ৰশ্মিয়ে ছালৰ কোষত ফ্ৰি ৰেডিকেল(মুক্ত মূলক) ক মুকলি কৰি দিয়ে। এইবোৰে কোষৰ ডি এন এক সক্ৰিয় কৰি ছালত মাৰাত্মক কৰ্কট ৰোগৰ সৃষ্টি কৰে। ৰ’দৰ পৰা হ’ব পৰা বিশেষকৈ ছালৰ কৰ্কট ৰোগৰ প্ৰকাৰবোৰ প্ৰধানকৈ এনেধৰণৰ হয়—
কৰ্কটৰ উপৰিও ৰ’দৰপৰা হ’ব পৰা অন্যান্য সমস্যা হ’ল-
দৰাচলতে আমাৰ দেহৰ অতিৰিক্ত পানীভাগ ঘাম হৈ বাহিৰলৈ ওলাই যায়।ঘাম বাহিৰ হৈ যোৱাৰ বাবে নোমকূপত কিছুমান সৰু সৰু ছিদ্ৰ থাকে।এই ছিদ্ৰবোৰ কেতিয়াবা ধূলি-মাকতি নাইবা ময়লা লাগি বন্ধ হৈ যায়।ফলত ছালৰ তলৰ ভাগত এই বৰ্জিত পানীভাগ জমা হৈ ৰৈ যায়।ইয়াৰ ফলত দেহত খুউব খজুৱতি হয়।ঘামচি হোৱাৰ ইয়েই অন্যতম কাৰণ।ঘামচি হ’লে সঘনে গা ধুব লাগে।ছালত বৰফ ঘঁহিলেও বহু আৰাম পোৱা যায়। ঘামচিত পাউডাৰ ব্যৱহাৰ কৰিলে লাভতকৈ ক্ষতি হোৱাৰ সম্ভাৱনাই অধিক।
গ্ৰীষ্মকালত সততে দেখা দিয়া কষ্টকৰ অন্য এক সমস্যা হ’ল ফোঁহা। শৰীৰত ঘামচি হ’লে বৰ ছিটছিটায়, খজুৱাই দিলে আৰাম লাগে। এনে ঠাইত কেনেবাকৈ নখ লাগিলে সংক্ৰমণ হৈ ফোঁহা হ’ব পাৰে। ইয়ে হ’ল ষ্ট্ৰেপ্টকক্কল বা নিৰ্ডমকক্কাল (জীৱাণু)ৰ দ্বাৰা সংক্ৰমণ হ’ব পৰা সমস্যা।
গৰমৰ দিনত দেখা দিব পৰা অন্য এক সমস্যা হ’ল এলাৰ্জি। বহু সময়ত এলাৰ্জিৰ সমস্যাটো বংশগত হোৱা দেখা যায়। এলাৰ্জিত আক্ৰান্ত ব্যক্তি ৰ’দত ওলালেই হাঁচি আহিবলৈ ধৰে। সেয়েহে এনে সমস্যাৰ পৰা হাত সাৰিবলৈ ৰ’দত ওলালে ছাতি ব্যৱহাৰ কৰাৰ লগতে ছানগ্লাছ পৰিধান কৰক। তদুপৰি পাতল বৰণীয়া আৰু সূতাৰ ঢিলা কাপোৰ পৰিধান কৰিব। ছানস্ক্ৰীণ লোচন ব্যৱহাৰ কৰিবলৈ নাপাহৰিব।
প্ৰচণ্ড ৰ’দত হাত,ভৰি নাইবা পেটৰ পেশীবোৰ টানি ধৰে। এই সমস্যাটো অতি সাময়িক যদিও কেতিয়াবা কেতিয়াবা আকৌ ই দীৰ্ঘস্থায়ীও হ’ব পাৰে। গৰমৰ দিনত দুপৰীয়াৰ অতি প্ৰখৰ ৰ’দত খেলুৱৈসকল প্ৰায়ে এনে সমস্যাত আক্ৰান্ত হয়। এনেক্ষেত্ৰত ততাতৈয়াকৈ আক্ৰান্ত ব্যক্তিক ৰ’দৰপৰা আঁতৰাই নিব লাগে। সঘনাই নিমখ,চেনি মিহলি পানী খুওৱাৰ লগতে আই.ভি. ছেলাইন আৰু পেশীৰ বিষ নিৰোধক স্প্ৰে’ ব্যৱহাৰ কৰিব লাগে।
হিট এক্চনক তাপজনিত ক্লান্তিও বোলা হয়।বিশেষকৈ বয়স্কসকল এই সমস্যাত অধিকভাৱে আক্ৰান্ত হোৱা পৰিলক্ষিত হয়। ইয়াৰ প্ৰধান লক্ষণ হ’ল—দুৰ্বলতা, ক্লান্তি ভাব, প্ৰচণ্ড তৃষ্ণা, বমি বমি ভাব নাইবা বমি হোৱা, মূৰৰ বিষ,মূৰ ঘূৰণি,দেহৰ ছাল অতি ঠাণ্ডা পৰি যোৱা, ৰক্তচাপ হ্ৰাস পোৱা ইত্যাদি।
তাপজনিত নানা অসুস্থতাৰ ভিতৰত এই সমস্যা অতি মাৰাত্মক। যদিহে কোনো লোকৰ দেহৰ তাপ নিয়ন্ত্ৰণ প্ৰক্ৰিয়া হঠাৎ বিকল হৈ যায় আৰু ঘাম ওলোৱা বন্ধ হৈ যায়, তেতিয়াই এই সমস্যাই দেখা দিব পাৰে। সেয়েহে কোনো ব্যক্তিৰ ক্ষেত্ৰত এনেধৰণৰ লক্ষণ দেখিলে তাৎক্ষণিক চিকিৎসা নাইবা অতি সাৱধানতা অৱলম্বন কৰাটো বাঞ্ছনীয়। হিট ষ্ট্ৰ’ক হ’ল প্ৰচণ্ড গৰমত কোনো এজন লোক গৰমত লেবেজান হোৱাৰ পিছৰ পৰ্য্যায়। অত্যধিক গৰমৰ প্ৰকোপত শৰীৰৰ পৰা ঘামৰ আকাৰত যথেষ্ট পৰিমাণে ছ’ডিয়াম আৰু পানী ওলাই যায়।ইয়াৰ বিপৰীতে যদি শৰীৰে পৰ্য্যাপ্ত পৰিমাণে পানী লাভ নকৰে, তেতিয়াই ই চিন্তাৰ বিষয় হৈ পৰে। এনে সমস্যাত আক্ৰান্ত ব্যক্তি এজনৰ প্ৰথমে মাংসপেশী টনাটনি, শৰীৰ দুৰ্বল, বমি বমি ভাৱ বা বমিও হ’ব পাৰে। ইয়াৰ পৰৱৰ্তী পৰ্য্যায়ত আক্ৰান্তজনে কিছুমান অস্বাভাৱিক আচৰণ কৰাৰ লগতে ভ্ৰম বকিবলৈ আৰম্ভ কৰে। তেতিয়াই লোকজনৰ স্নায়ুতন্ত্ৰ আৰু মগজু আক্ৰান্ত হয়। শৰীৰৰ উত্তাপ ১০৫° ডিগ্ৰি ফাৰেণহাইটৰ ওপৰলৈ গ’লে সাধাৰণতে হিট ষ্ট্ৰ’ক হয়। তাত্ক্ষণিক চিকিত্সাৰ অবিহনে ব্যক্তিৰ মৃত্যু পৰ্য্যন্ত হ’ব পাৰে। এনে সমস্যাত আক্ৰান্ত লোকৰ শৰীৰটো ঠাণ্ডা পেলাবলৈ চিকিত্সকসকলে ঠাণ্ডা পানী নাইবা বৰফ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। শৰীৰৰপৰা টান কাপোৰ আঁতৰাই ফেন বা বিচনীৰে বতাহ দিব লাগে। সততে এনে পৰিস্থিতি এৰাই চলিবলৈ গৰমৰ দিনকেইটাত বাহিৰলৈ ওলাই গ’লে ছাতি ব্যৱহাৰ কৰাৰ লগতে বিশুদ্ধ খোৱা পানী নিব লাগে। হিট ষ্ট্ৰ’ক ইমানেই ভয়াবহ যে আক্ৰান্ত লোক সুস্থ হৈ উঠিলেও কেতিয়াবা ইয়াৰ পাৰ্শ্বক্ৰিয়া শৰীৰত ৰৈ যায়।
ৰ’দত অতিৰিক্তভাৱে ভিটামিন ‘ডি’ তৈয়াৰ হ’লে দেহত যথেষ্ট পৰিমাণে কেলছিয়ামৰ প্ৰৱেশ ঘটে। ইয়াৰ ফলত কিডনিত পাথৰ নাইবা অন্য কোনো জটিল ৰোগৰ সৃষ্টি হ’ব পাৰে।
চিকিত্সকৰ পৰিভাষাত প্ৰচণ্ড তাপৰপৰা হ’ব পৰা কেতবোৰ সমস্যা
সূৰ্য্যৰ তাপত সৃষ্টি হোৱা অতিৰিক্ত ‘ভিটামিন ডি’ য়ে মৃগী ৰোগৰ সৃষ্টি কৰিব পাৰে।
লেখিকা: প্ৰীতিফুল ৰাজখোৱা, প্ৰিয় সখী
শেহতীয়া উন্নীতকৰণ: : 4/22/2020
জাপি
প্ৰখৰ ৰ’দৰ পৰা দেহাটোক বচাওক
গ্ৰীষ্মত ছাললৈ লৈ আনক সজীৱতা
কেইটামান স্বাস্থ্য কিটিপ