অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰক্তচাপ নিয়ন্ত্ৰণত সূৰ্য কিৰণ চিকিৎসা :

ৰক্তচাপ নিয়ন্ত্ৰণত সূৰ্য কিৰণ চিকিৎসা :

 

সমস্ত শৰীৰৰ প্ৰতিটো অংগলৈ ৰক্ত সঞ্চালনৰ বাবে তেজ পাম্প কৰাটো হৃদযন্ত্ৰৰ অন্যতম প্ৰধান কাম। যেতিয়ালৈকে আমাৰ ধমনীবিলাক কোমল আৰু নমনীয়, পৰিষ্কাৰ আৰু ভিতৰভাগ বাধাহীন হৈ থাকে, তেতিয়ালৈকে তেজ পাম্পিং কৰিবলৈ হৃদযন্ত্ৰই কোনো অতিৰিক্ত শ্ৰম কৰিবলগা নহয়। ৰক্ত সঞ্চালন এক নিশ্চিত আৰু স্থিৰ চাপতে স্বাভাৱিকভাৱে হৈ থাকে। সাধাৰণতে এজন সুস্থ ব্যক্তিৰ ৰক্তচাপ ওপৰৰটো ১২০ আৰু তলৰ চাপ ৯০ থাকিব লাগে।

কেতিয়াবা কিবা কাৰণবশতঃ ধমনীবোৰ যদি ঠেক আৰু কঠিন হৈ পৰে, তেতিয়া ৰক্ত সঞ্চালন কৰিবৰ বাবে হৃদযন্ত্ৰই অতিৰিক্ত শ্ৰম কৰিব লগা হয়। এনে অৱস্থা হ’লে ওপ্ৰৰ ৰক্তচাপ ১৫০ বা তাৰো অধিক হ’বগৈ পাৰে। এই অৱস্থাকে উচ্চ ৰক্তচাপ বুলি কোৱা হয়। বেছি পৰিমাণে চৰ্বিযুক্ত খাদ্য খাই থাকিলে আৰু সেই অনুপাতে শাৰীৰিক শ্ৰম নকৰিলে উচ্চ ৰক্তচাপ হ’বগৈ পাৰে। হৃদৰোগ হোৱা, বেছি মেদবহুলতা, মধুমেহ ৰোগ, অত্যধিক মানসিক পৰিশ্ৰম কৰা আদি বিভিন্ন কাৰণত উচ্চ ৰক্তচাপ হ’ব পাৰে। কিডনি দুটাই স্বাভাৱিকভাৱে কাম নকৰিলেও এই ৰোগ হ’ব পাৰে।

অজীৰ্ণ, মাজে সময়ে নাকেৰে তেজ পৰা, হৃদস্পন্দনৰ গতি বৃদ্ধি পোৱা, সামান্য শাৰীৰিক পৰিশ্ৰমতে উশাহ-নিশাহ লোৱাত কষ্ট পোৱা, মূৰৰ বিষ আৰু সঘনাই বেছি পৰিমাণে প্ৰস্ৰাৱ হোৱা আদি উচ্চ ৰক্তচাপৰ লক্ষণ।

এই ৰোগ হ’লে ৰোগীয়ে প্ৰায়ে অনিদ্ৰা ৰোগতো ভোগে। নিশা ভালদৰে শুব নোৱাৰিলে ৰোগীৰ অলপ পৰিশ্ৰমতে ভাগৰ লাগে। উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ সামান্য কথাতে খং উঠাটোও এটা লক্ষণ।

বিভিন্ন কাৰণত হোৱা উচ্চ ৰক্তচাপৰ বাবে সূৰ্যকিৰণ চিকিৎসাৰ দিহা আছে। এই ৰোগৰ চিকিৎসাত বিভিন্ন ৰঙৰ ঔষধ প্ৰস্তুত কৰি প্ৰয়োগ কৰা হয়। যদি তেজত কলেষ্টেৰল বৃদ্ধিৰ কাৰণে ৰক্তচাপ বৃদ্ধি পাইছে, তেনেহ’লে পুৱা-গধূলি খালী পেটত সেউজীয়া ৰঙৰ ঔষধ একাপকৈ খোৱা উচিত। লগতে আহাৰ গ্ৰহণৰ দহ মিনিট পিছতে পুৱা-গধূলি দুয়ো বেলাতে আধা কাপকৈ সুমথিৰা ৰঙৰ ঔষধ প্ৰয়োগ কৰিব লাগে।

যদি হৃদযন্ত্ৰৰ দুৰ্বলতাৰ কাৰণে উচ্চ ৰক্তচাপ হৈছে, তেনেহ’লে হৃদযন্ত্ৰৰ কাষত নীলা ৰঙৰ ঔষধেৰে তেনেদৰে মালিচ কৰা উচিত আৰু পাৰিলে নীলা বালবৰ পোহৰ প্ৰয়োগ কৰা ভাল। তাৰোপৰি আহাৰ গ্ৰহণৰ পিছত পুৱা-গধূলি দুয়োবেলা সুমথিৰা ৰঙৰ বা সেউজীয়া ৰঙৰ ঔষধ সেৱ কৰোৱা উচিত।

উচ্চ ৰক্তচাপৰ কাৰণে যদি কিডনি দুয়োটা নষ্ট হ’বলৈ ধৰিছে তেনেহ’লে দিনটোত তিনিবাৰ সেউজীয়া ৰঙৰ ঔষধ প্ৰয়োগ কৰিব লাগে। সেউজীয়া ৰঙৰ ঔষধেৰে কিডনি দুটা পুনৰ সুস্থ আৰু সবল হৈ উঠিব, তাৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণলৈ আহিব।

ৰক্তচাপৰ চিকিৎসাৰ কাৰণে মানিক, কোৰণ্ডম, মুংগা আৰু মুকুতাক সৰ্বশ্ৰেষ্ঠ ৰত্ন বুলি মানি লোৱা হয়। এইবিলাকৰ ভিতৰত মানিক ধাৰণ ৰক্তচাপৰ চিকিৎসাত ইশ্বৰতুল্য চিকিৎসা বুলি মানি লোৱা হয় আৰু ৰত্নই ৰক্তৰ গতিবেগ নিয়ন্ত্ৰণ কৰে। ম্যানমানৰ মানিক সুস্থ ব্যক্তিয়ে ধাৰণ কৰিলে- সেইজন ব্যক্তিৰ কোনোদিনে ৰক্তচাপ সম্পৰ্কীয় কোনো ৰোগেই হ’ব নোৱাৰে।

*সূৰ্য চিকিৎসাৰ দ্বাৰা ৰোগটো নিয়ন্ত্ৰণলৈ অহাৰ লগে লগে নিজৰ, খোৱা-বোৱাৰ প্ৰতি মনোযোগ দিয়াটোও অতীব প্ৰয়োজন। উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে কিছুমান খাদ্য দ্ৰব্য পৰিহাৰ কৰি চলিব লাগে। ঘেঁহু আৰু বুট সমপৰিমাণত মিহলাই একেলগে চাকি মিল বা জাঁটত খুন্দি গুড়ি কৰি তৈয়াৰ কৰা আটাৰে প্ৰস্তুত কৰা ৰুটি খাব লাগে। এনে খাদ্যই ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। ৰাতি তামৰ পাত্ৰত ৰখা পানী পুৱা খোৱাৰ অভ্যাস কৰিলে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।

*তৰমুজৰ শাহ আৰু আফুগুটি(পোস্তদানা) দুয়োটাকে বেলেগ বেলেগ বটি সমান পৰিমাণত লৈ ভালদৰে মিহলাই থৈ দিয়ক। এই মিশ্ৰণৰ প্ৰায় তিনিগ্ৰাম(সৰু চামুচেৰে আধা চামুচ) পৰিমাণত লৈ প্ৰতিদিনে পুৱা-গধূলি সেৱন কৰিলে ৰক্তচাপ কম হয়। এই মিশ্ৰণ সেৱন ফলত কলেষ্টেৰল গলিবলৈ আৰম্ভ কৰে। ৰক্ত সঞ্চালন কৰা ধমনীবিলাকৰ কঠিনতা আৰু ভিতৰৰ পৰিসৰ লাহে লাহে স্বাভাৱিক হৈ আহে, ধমনীবিলাক পুনৰ কোমল তথা সংবেদনশীল হৈ উঠে। ইয়াৰ ফলত ৰোগীৰ টোপনি ভাল হয় আৰু ৰোগীৰ মূৰৰ বিষো নাইকিয়া হয়।

*পিয়াঁজৰ ৰস আৰু মৌৰ মিশ্ৰণ উচ্চ ৰক্তচাপৰ কাৰণে ফলপ্ৰসূ ঔষধ। ইয়াৰ কাৰণে সম পৰিমাণত পিঁয়াজৰ ৰস আৰু মৌ মিহলাই থৈ দিয়ক। দিনত ইয়াৰে প্ৰায় ১০ গ্ৰাম মাত্ৰাত দিনে এবাৰকৈ খাওক। পিঁয়াজে তেজৰ কলেষ্টেৰলৰ মাত্ৰা কমাই হাৰ্ট এটেকৰ আশংকা কম কৰে। ই ৰক্ত শোধক, স্নায়ুতন্ত্ৰৰ কাৰণে শক্তিদায়ক টনিক, পাচন তন্ত্ৰৰ বাবে সহায়ক, অনিদ্ৰা দূৰ কৰাত সহায়ক তথা হৃদযন্ত্ৰৰ কাৰ্যকলাপ স্বাভাৱিক কৰি ৰখাত সহায়ক। মৌৱেশৰীৰক শীতল কৰি ৰখাত সহায় কৰে। লগতে ৰক্তবাহী নলীৰ উত্তেজনাও কমাই ৰক্তচাপ কম কৰি ৰাখে। মৌৱে হৃদযন্ত্ৰক শক্তিশালী কৰি ৰখাত সহায় কৰে।

আহাৰ খোৱাৰ পিছত কেঁচা নহৰু এক-দুফোটা বাকলি গুচাই সৰু সৰু টুকুৰা কৰি পানীৰ লগত চোবাই-চোবাই খাই থাকিলে উচ্চ ৰক্তচাপৰ পৰা বাচি থাকিব পাৰি। এই ব্যৱস্থাই ৰক্ত সঞ্চালন প্ৰক্ৰিয়া স্বাভাৱিক কৰি ৰাখে। লগতে পাচন তন্ত্ৰও কাৰ্যক্ষম কৰি ৰাখে। নহৰু আৰু পিঁয়াজৰ প্ৰয়োগে ৰক্তচাপৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে। নহৰু আৰু পিয়াঁজত ফিব্ৰিনোলাইটিক উপাদান থকাৰ কাৰণে তেজ ডকা বান্ধিব নোৱাৰে। তাৰোপৰি তেজ ডকা বান্ধি ধমনীৰ ভিতৰত জমা হৈ থাকিলে, সেই ডকাবিলাক গলাই স্বাভাৱিক তৰল ৰক্তলৈ ৰূপান্তৰিত কৰে।

উচ্চ ৰক্তচাপৰ ৰোগীৰ কাৰণে নিমখ একেবাৰে বৰ্জনীয়। ৰোগীয়ে যিমান কম নিমখ খায়, সিমান সোনকালে উচ্চ ৰক্তচাপৰ পৰা মুক্তি পাব পাৰে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

 

শেহতীয়া উন্নীতকৰণ: : 1/20/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate