অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰক্তচাপৰ মাত্ৰা কিমান বাঢ়িলে ঔষধৰ প্ৰয়োজন

ৰক্তচাপৰ মাত্ৰা কিমান বাঢ়িলে ঔষধৰ প্ৰয়োজন

আপুনি যদি হাইপাৰ্টেনচৰ দৰে সমস্যা লৈ আছে, তেন্তে ৰক্তচাপ যদি ডায়াষ্টোলিক ১০০ এম এম অৱ এইচ জি হয় আৰু চিচটোলিক চাপ যদি ১৪০ এম জি অৱ এইচ জি হয় তেন্তে চিকিতসকে প্ৰথমেই ঔষধ ব্যৱহাৰৰ পৰামৰ্শ দিয়ে। কেৱল মাত্ৰ ডায়েট আৰু শৰীৰ চৰ্চাৰ ওপৰত নিৰ্ভৰ নহয় যদি ৰক্তচাপ ১৪০/১০০ এম এম অৱ এইচ জিৰ কম থকে তেন্তে প্ৰথমে এমাহৰ পৰা ডেৰ মাহ পৰ্যন্ত লাইফষ্টাইল পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব দিব লাগে। যদি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ নহয়, তেন্তে ঔষধ ব্যৱহাৰ কৰিব লাগে। যদি হাইপাৰটেনচনৰ লগতে ডায়েবেটিছৰ সমস্যা থাকে তেন্তে সিঁহতৰ ক্ষেত্ৰত ৰক্তচাপ ১২০/৮০ এম এম অৱ এইচ তলত ৰাখিবলৈ ঔষধ ব্যৱহাৰ কৰিব লাগে। আনহাতে, কাৰোবাৰ যদি ইউৰিনৰ সৈতে প্ৰ’টিনক নিৰ্গত হয় যাক আমি নেফ্ৰোপেথি বুলি কোৱা হয়, ৰক্তচাপৰ মাত্ৰা ১২০/৭৫ এম এম অৱ এইচ জিৰ তলত ৰাখিব লাগে। কিডনীক সুস্থ ৰখাত সহায় কৰে। এই ৰক্তচাপৰ মান আন্তৰ্জাতিকভাৱে স্বীকৃত। যাৰ হাইপাৰটেনচনৰ সৈতে ডায়েবেটিছৰ সমস্যা আছে সিহঁতৰ ক্ষেত্ৰত আন্তৰ্জাতিকভাৱে অনুমোদনপ্ৰাপ্ত বিশেষ কিছুমান ঔষধ ব্যৱহাৰ কৰা হয়। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এটি ৰিপ’ৰ্টত জনা গৈছে যে এই দেশৰ উচ্চ ৰক্তচাপৰ ৰোগীসকলৰ মাত্ৰা ৩৩ শতাংশৰ ৰক্তচাপ নিয়ন্ত্ৰণত আহিছে কেৱল ঔষধ ব্যৱহাৰ কৰি। গতিকে আমাৰ দেশৰ ক্ষেৰ্তত এই বিষয়ে চিন্তা কৰাৰ সময় আহি পৰিল।

ৰিজুমণি শইকীয়া, নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 4/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate