অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰোগ নিৰাময়ৰ ঘৰুৱা দিহা

ৰোগ নিৰাময়ৰ ঘৰুৱা দিহা

  • মুখ গোন্ধোৱাটো নিজৰ বাবে আৰু আনৰ বাবেও অস্বস্তিকৰ। ৰাতিপুৱা শুই উঠি অন্তত: পাঁচ গিলাচ পানী খাওক। ইয়ে পেট চফা কৰাৰ লগতে উশাহৰ বেয়া গোন্ধ আঁতৰাব।
  • কাহৰ পৰা তৎক্ষণাত উপশম পাবলৈ কম পৰিমাণৰ এটা মিশ্ৰণ তৈয়াৰ কৰি খাওক। মিশ্ৰণটো হ’ল- খয়েৰ দুভাগ, জিৰা এভাগ আৰু মিচিৰি এভাগ।
  • ৰাতি বিছনাত পেচাব কৰা ল’ৰা-ছোৱালীক শোৱাৰ আগতে এটুকুৰা গুড় চুহিবলৈ দিয়ক।
  • বদহজম নিমিষতে দূৰ কৰিবলৈ এচামুচ কেষ্টৰ অইল কুহুমীয়া পানীৰে ৰাতিপুৱা খালীপেটত খাওক। ইয়ে মাংসপেশীৰ বিষো আঁতৰ কৰে।
  • ফুলি উঠা টনচিলৰ বাবে এচামুচ চূণ এচামুচ আদাৰ ৰসৰ লগত মিহলাই লেপন লগাওক।
  • গেচ আৰু বদহজমৰ বাবে এচামুচ জিৰা আৰু এচামুচ আজোৱান (জনি) একাপ পানীত সিজাই আধাকাপ কৰক। পানীখিনি চেকি লৈ সোৱাদৰ বাবে অলপ চেনি মিহলাই খাওক।
  • মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত হাত-ভৰিৰ পেশী টানি ধৰা বা সিৰামূৰি ধৰাটো দূৰ কৰিবলৈ সামান্য হিং কুহুমীয়া পানীত মিহলাই খাব লাগে।
  • এটা নেমু গুটিৰে সৈতে মিহিকৈ পিহি সামান্য নিমখ মিহলাই লওক। ডায়েৰিয়া ৰোগৰ বাবে উপকাৰী।
  • দাঁতৰ বিষ আঁতৰাবলৈ কেইটামান মধুৰিআমৰ পাত পানীত সিজাই পানীখিনি চেকি লৈ সেই পানীৰে কেইবাবাৰো কুলিকুলি কৰিব। বিষ লগে লগে আৰাম পাব।
  • পকা অমিতাত অলপ জালুক আৰু জিৰাগুৰি, সামান্য নিমখ মিহলাই খালে কোষ্ঠকাঠিন্য আৰু বদহজমতে উপকাৰ পোৱা যায়।
  • কাণৰ বিষত সামান্য হিং পাতল কাপোৰ এখনেৰে মেৰিয়াই কাণত সুমুৱাই থব লাগে।
  • ঘেঁহু গছৰ পুলি এমুঠি শিপাৰে সৈতে তুলি আনি ভালদৰে ধুই বটি লৈ ৰস উলিয়াই খাওক। মধুমেহ ৰোগীৰ বাবে চমৎকাৰী ঔষধ।
  • আধা চামুচ আদাবটা কপালত লগাই থলে মূৰৰ বিষ ভাল হয়।
  • পিঁয়াজ খাই মুৰ্খ গোন্ধালে কেইটামান ধনিয়াগুটি চোবাব লাগে।
  • দুই চামুচ সতেজ আদা খুন্দি লৈ ডেৰ চামুচ মৌ মিহলাই চোবালেও মুখৰ বেয়া গোন্ধ আঁতৰে।
  • ঋতুস্ৰাৱৰ সময়ত হোৱা গাৰ বিষৰ বাবে কেইটামান নহৰু ঘিউত ভাজি ঠাণ্ডা হ’লে চেনি মিহলাই দুই তিনিবাৰ খাব লাগে।
  • চৰ্দিৰ উপশমৰ বাবে গৰম গাখীৰত আধাচামুচ গুৰি হালধি মিহলাই খাওক।
  • পানী লাগি নাক বন্ধ হ’লে বন্ধাকবি টুকুৰা টুকুৰকৈ কাটি পানীত উতলাই নাকেৰে ভাপ টানিব লাগে। দিনত অন্তত: দুবাৰকৈ।
  • সৰু ল’ৰা-ছোৱালীৰ পেলু দূৰ কৰিবলৈ সতেজ পদিনাৰ ৰস খুৱাব লাগে।
  • ইনচোমনিয়া বা টোপনি নহা ৰোগ দূৰ কৰিবলৈ ধনিয়া পাতৰ ৰসৰ লগত পানী আৰু চেনি মিহলাই ৰাতি শোৱাৰ সময়ত খাব লাগে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

 

 

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate