অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰোগ প্ৰতিৰোধী আহাৰ :

ৰোগ প্ৰতিৰোধী আহাৰ :

 

আমাৰ দেহটো সুস্থ-সবল তথা ৰোগ প্ৰতিৰোধী কৰি ৰখাত আহাৰৰ ভূমিকা অপৰিসীম। আচলতে যথোপযুক্ত আহাৰেই ঔষধিস্বৰূপ, দূষিত আহাৰেই বিহ আৰু সেউজীয়া শাক-পাচলি, ফল-মূল সমন্বিতে বিভিন্ন সুষম আহাৰতেই নিহিত হৈ থাকে দেহৰ ৰোগ প্ৰতিৰোধী সঞ্জীৱনী শক্তি। আজিকালি বহুতৰে প্ৰিয় বিভিন্ন ‘জাংক ফুড’, ‘ফাষ্ট ফুড’ অত্যধিক পৰিষ্কৃত(আঁহ বিহীন) তথা অধিক মছলাযুক্ত, গুৰু পাকী বিভিন্ন বিষম আহাৰে যেনেদৰে মানুহক সহজে ৰোগাক্ৰান্ত কৰিব পাৰে, ঠিক তেনেদৰে বিভিন্ন সেউজ-সতেজ সুষম আহাৰে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধী শক্তি বঢ়াই তুলি আমাক নিৰোগী তথা সুস্থ-সবল কৰি ৰাখিব পাৰে।

খাদ্য বিশেষজ্ঞসকলৰ বিভিন্ন বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাত বিভিন্ন সতেজ শাক-পাচলি আৰু ফল-মূল আদিত কিছুমান ৰাসায়নিক পদাৰ্থ নিহিত হৈ থকাটো প্ৰমাণিত হৈছে, যিবোৰ দুৰাৰোগ্য কৰ্কটকে ধৰি বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিব পাৰে। শাক-পাচলি, বিভিন্ন ফল-মূল আদিত থকা উক্ত ৰাসায়নিক পদাৰ্থসমূহক ‘বনজ ৰাসায়নিক পদাৰ্থ’(Phytochemicals) বোলা হয়। এই পদাৰ্থবোৰৰ কিছুমানে দেহত কৰ্কট ৰোগ সৃষ্টিকাৰী উপাদান(carcinogen/কাৰ্ছিন’জেন)ৰ গঠন প্ৰক্ৰিয়াত বাধা দিয়ে। এই পদাৰ্থবোৰে পাচক ৰস বা এনজাইমসমূহ অধিক সক্ৰিয় তথা শক্তিশালী কৰি কেন্সাৰ সৃষ্টিকাৰী উপাদানসমূহ সমূলঞ্চে নাশ কৰে। বিভিন্ন ফল-মূল আৰু পাচলিজাতীয় উদ্ভিদত প্ৰভূত পৰিমাণে বহু প্ৰকাৰৰ এই যৌগিক ৰাসায়নিক পদাৰ্থ থাকে।

বন্ধাকবি, ব্ৰুকলি(Broccoli-ফুলকবি বিশেষ), সৰিয়হ শাক, মূলা প্ৰভৃতি সমগোত্ৰীয় পাচলিসমূহত কৰ্কট ৰোগ ৰোধিব পৰা ৰাসায়নিক পদাৰ্থ নিহিত হৈ থাকে। তদুপৰি গাজৰ, জালুক-জলকীয়া, বিভিন্ন টেঙাজাতীয় ফল(Citrus Fruits) নহৰু-পিঁয়াজ, আঙুৰ, বিলাহী, তৰমুজ, ছিৰাল, ছয়াবিন, চাহপাত আদিত এই শ্ৰেণীৰ বহু ৰাসায়নিক পদাৰ্থ থাকে, যিবোৰে আমাক কৰ্কটৰ দৰে দুৰাৰোগ্য ব্যাধিকো প্ৰতিৰোধ কৰি আমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰিব পাৰে। জালুক-জলকীয়া আদিত থকা ‘কেপচিকিনে’(Capsaicin) বা এই ধৰণৰ উপাদানে হাঁওফাঁওৰ বাহিৰ উলিয়াই ক্ৰমিক ব্ৰংকাইটিছ ৰোগ প্ৰতিৰোধ কৰিব পাৰে। বিভিন্ন টেঙাজাতীয় ফলত থকা প্ৰাকৃতিক ‘এনজাইম’সমূহে কৰ্কট সৃষ্টিকাৰী উপাদানসমূহে কৰ্কট সৃষ্টিকাৰী উপাদানসমূহ ভাঙি বাহিৰ উলিয়াই দি এই ৰোগ প্ৰতিৰোধ কৰে। তৰমুজ, ছিৰাল আদি ফলত পৰ্যাপ্ত মাত্ৰাত পোৱা ‘কেৰ’টিনইড(Carotenoids)’ ‘কেনটানল’পছ(Cantanloups)’ আদি পদাৰ্থ কৰ্কট প্ৰতিৰোধী বুলি প্ৰমাণিত হৈছে। চাহপাতত পোৱা ‘পলিফিনল’(Ployphenols) জাতীয় পদাৰ্থই ‘এন্টি অক্সিডেন্ট’ হিচাপে ক্ৰিয়া কৰি দেহৰ পৰা কেন্সাৰ সৃষ্টিকাৰী ‘কাৰ্ছিন’জেন’সমূহ বাহিৰ কৰি পঠিয়ায়। বিলাহী আদিত ভিটামিন ‘চি’ পৰ্যান্ত মাত্ৰাত পোৱাৰ উপৰি ‘লাইক’পেনি’(Lycopene), পি-কুমাৰিক অম্ল(P-coumaric acid), ক্ল’ৰজেনিক এচিড(Chlorogenic Acid) আদিয়ে কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।

উল্লিখিত ফল-মূল, শাক-পাচলিবোৰ সঁচাকৈয়ে সুস্থতাৰ সঞ্জীৱনীস্বৰূপ। কীটনাশক তথা কৃত্ৰিম সাৰৰ কবলত পৰা বাবে আজিকালি এইবোৰ সমগ্ৰী অৱশ্যে ভালদৰে ধুই-পখালি যথেষ্ট সজাগতাৰে গ্ৰহণ কৰিব লাগে অন্যথা মাৰাত্মক কীটনাশকৰ অৱশ্লিষ্টই অন্যায় কৰাৰ থল থাকে। সেয়ে সুস্থতাৰ সঞ্জীৱনীস্বৰূপ উক্ত শাক-পাচলি, ফল-মূলসমূহ নিয়মিতভাৱে আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি আমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰা উচিত।

লেখক: ভুবনেশ্বৰ ডেকা(অসম বাণী)

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate