ৰোগীৰ সুৰক্ষাই হ’ল চিকিৎসা সেৱাৰ প্ৰধান উদ্দেশ্য । এখন চিকিৎসালয়ত ৰোগীৰ সুৰক্ষা বুলি ক’লে চিকিৎসা প্ৰদানৰ সময়ত হ’ব পৰা আকস্মিক ঘটনাবোৰ প্ৰতিৰোধ কৰা বা হ্ৰাস কৰা, অৱগত কৰা অথবা বিশ্লেষণ কৰাকে বুজা যায় । ৰোগীৰ সুৰক্ষা ক্ষেত্ৰত চিকিৎসাকৰ্মীৰ অমনোযোগিতাই কোনো সময়ত প্ৰতিকূল পৰিস্থিতিৰো সৃষ্টি কৰিব পাৰে । সেয়েহে ৰোগীৰ সুৰক্ষা আমাৰ বাবে এক অতি গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে । বৰ্তমান অধিক সংখ্যক চিকিৎসালয় অথবা চিকিৎসাকেন্দ্ৰতেই ৰোগীৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা হয় যদিও এনে বহু চিকিৎসালয় আছে য’ত এই সুবিধাখিনি এতিয়াও উপলব্ধ নহয় । এনে চিকিৎসাকেন্দ্ৰত চিকিৎসাৰ বাবে ভৰ্তি হোৱা ৰোগী বহু সময়ত বিপজ্জনক পৰিস্থিতিৰো মুখামুখি হ’ব লগা হয় । ৰোগীৰ সুৰক্ষাৰ ক্ষেত্ৰত অৱহেলা কৰিলে কোনো সময়ত ৰোগীয়ে অকালতে প্ৰাণ হেৰুৱাব লগা হ’ব পাৰে । যোৱা দুটা বছৰত পৃথিৱীৰ প্ৰায় সকলো ৰাষ্ট্ৰই ৰোগীৰ সুৰক্ষাৰ দিশত গুৰুত্ব প্ৰদান কৰিছে । কিন্তু ভাৰতবৰ্ষ এতিয়াও কিছু ক্ষেত্ৰত এই দিশত পিচপৰি ৰৈছে । সুৰক্ষাৰ অভাৱত বহু ৰোগী বছৰি নানা সমস্যাৰ সন্মুখীন হোৱা দেখা যায় । বৰ্তমান সময়ত পৃথিৱীৰ দহখনৰ প্ৰায় সাতখন উন্নয়নকামী ৰাষ্ট্ৰই এই সমস্যাটোৰ সমাধানৰ বাবে যথেষ্ট অনুদান ব্যয় কৰিছে ।
ৰোগীৰ নিৰাপত্তাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ ভাবুকিটোৱেই হৈছে চিকিৎসা ক্ৰুটি । ৰোগীৰ ক্ষতি সাধন কৰিব নিবিচৰা চিকিৎসাকৰ্মীয়ে কেতিয়াবা অনিচ্ছাকৃতভাৱে ৰোগীক কেতিয়াবা মানসিক অথবা শাৰীৰিক আঘাত কৰে । তদুপৰি কেতিয়াবা চিকিৎসাৰ ফলাফল ভবামতে নহ’লেও ৰোগীয়ে আঘাত পায়, কিন্তু সিও ৰোগীৰ ভালৰ বাবে কৰোতে হোৱা ভুলহে । এখন চিকিৎসালয় বা চিকিৎসা কেন্দ্ৰই এনে ধৰণৰ ভুল, দুৰ্ঘটনা, ৰোগীৰ আঘাত, ৰোগৰ সংক্ৰমণৰ পৰা ৰোগীক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিব লাগে । চিকিৎসা ক্ৰুটিৰ বৃদ্ধিয়ে সাধাৰণ মানুহৰ মনত চিকিৎসা পদ্ধতিৰ প্ৰতি থকা আস্থা নোহোৱা কৰিছে । ৰোগীৰ শুশ্ৰূষাই যাতে ৰোগীৰ অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে প্ৰতিগৰাকী চিকিৎসাকৰ্মীয়ে চেষ্টা কৰিব লাগে । প্ৰতিগৰাকী চিকিৎসাকৰ্মীয়ে ৰোগীক সেৱা-শুশ্ৰূষা কৰাৰ লগতে স্বাস্থ্যজনিত সিদ্ধান্ত গ্ৰহণত উচিত পৰামৰ্শ প্ৰদানেৰে সহায় কৰা উচিত । তদুপৰি সু-স্বাস্থ্যৰ বাবে গ্ৰহণ কৰিবলগীয়া সকলো পদক্ষেপৰ বিষয়েও ৰোগী আৰু তেওঁৰ পৰিয়ালক অৱগত কৰাৰ দায়িত্ব চিকিৎসাকৰ্মীসকলৰ ।
ৰোগীৰ সুৰক্ষা আৰু নিৰাপত্তাই হৈছে গুণগত সেৱাৰ মূল উপাদান । ফলদায়ক চিকিৎসা পদ্ধতিয়েই হৈছে ইয়াৰ প্ৰধান উপাদান । য’ত নিৰাপত্তা মানে হ’ল চিকিৎসাৰ বাবদ হোৱা নূন্যতম ক্ষতি অথবা ভুল । আৰু গুণগত সেৱাৰ অৰ্থ হ’ল উত্তম ফলাফল প্ৰদৰ্শনেৰে সঠিক সময়ত ৰোগীৰ হকে গ্ৰহণ কৰা পদক্ষেপ ।
চিকিৎসা ক্ৰুটিবোৰ উদ্দেশ্য-প্ৰণোদিত নহয় । কিন্তু অনিচ্ছাকৃতভাৱে হোৱা সেই ভুল অথবা ক্ৰুটিবোৰৰ বাবে চিকিৎসকৰ পৰা আৰম্ভ কৰি নাৰ্ছ, ৱাৰ্ড বয়, চাফাই কৰ্মীকে আদি কৰি সকলো জগৰীয়া হয় । বহুসময়ত কিন্তু ৰোগীৰ লগতে তেওঁৰ পৰিয়ালবৰ্গও এনে ক্ৰুটিৰ বাবে জগৰীয়া হয়, যেতিয়া চিকিৎসকৰ বিনা অনুমতিত ঔষধ গ্ৰহণ বা চিকিৎসকৰ অধিকাৰ খৰ্ব কৰে । ৰোগী অথবা ৰোগীৰ পৰিয়ালে এনে চিকিৎসা ক্ৰুটি লক্ষ্য বা অনুভৱ কৰিলে আইনৰ সহায় গ্ৰহণ কৰিব পাৰে । এনে নকৰি ৰোগীৰ পৰিয়াল চিকিৎসালয়খনৰ স্বত্বাধিকাৰীগৰাকীৰ কাষ চাপিবও পাৰে সমস্যাটোৰ সমাধানৰ বাবে । ৰোগী, ৰোগীৰ পৰিয়াল আৰু চিকিৎসকৰ মাজৰ সম্বন্ধ সুদৃঢ় কৰিবলৈ প্ৰতিখন চিকিৎসালয়ত এজন সমন্ধয়ক থকাটো অতি প্ৰয়োজনীয় । আজিকালি প্ৰায়বোৰ চিকিৎসালয়ত চিকিৎসা সেৱা উন্নত কৰাৰ উদ্দেশ্যে পৰামৰ্শ বাকচ, ই-মেইল বা হট লাইন ইত্যাদি সেৱাৰ ব্যৱস্থা কৰিছে । ৰোগী অথবা তেওঁৰ পৰিয়ালে এইবোৰ সেৱাৰ সুবিধা গ্ৰহণ কৰিব পাৰে । চিকিৎসা ক্ৰুটিৰ কাৰণে জ্ঞাতই হওক বা অজ্ঞাতই ই ৰোগী আৰু তেওঁৰ পৰিয়ালক শাৰীৰিক তথা মানসিক আঘাত দিয়ে । চিকিৎসা ক্ৰুটিৰ ব্যস্ততা মূল কাৰণটো হ’ল অভিজ্ঞতাহীন তথা প্ৰশিক্ষণহীন চিকিৎসাকৰ্মীৰ অৱস্থিতি । তদুপৰি কৰ্মব্যৱস্তা, সময়ৰ হেঁচা, অৱসাদ, হতাশা, অপৰিচিত ব্যৱস্থাও চিকিৎসা-ক্ৰুটি ৰোধত ব্যৰ্থতাৰ কাৰণ । দ্বিতীয়তে, চিকিৎসাকেন্দ্ৰত তথ্য বিতৰণৰ অসুবিধা, আন্ত:গাঁথনিৰ দুৰ্বলতা, চিকিৎসাকৰ্মীৰ মাজৰ যোগাযোগৰ অভাৱ, চিকিৎসালয়ৰ তথ্যৰ আদান-প্ৰদানত বিজুতি ইত্যাদি । শেষত আটাইতকৈ বেছিকৈ হোৱা কাৰণটো হ’ল ঔষধৰ জটিলতা, জটিল প্ৰযুক্তি আৰু চিকিৎসালয়ত দীৰ্ঘদিনীয়া অৱস্থান ।
ৰোগী আৰু তেওঁৰ পৰিয়ালৰ লগত চিকিৎসাকৰ্মীৰ হোৱা ফলপ্ৰসূ সংযোগে ৰোগীৰ নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগায় । সেই সংযোগ বৃদ্ধিৰ বাবে প্ৰতিগৰাকী ৰোগীৰ পৰা সঁহাৰি পত্ৰ (Feedback form) সংগ্ৰহ কৰা উচিত । সাধাৰণ লোকৰ লগত সংযোগ স্থাপন কৰিব নোৱাৰা বাবেই আজিও চিকিৎসালয়বোৰ নিৰাপত্তা আৰু গুণগত মানৰ ক্ষেত্ৰত পিচপৰি ৰৈছে । শ্ৰেষ্ঠ চিকিৎসক , অস্ত্ৰোপচাৰক অভিজ্ঞ টেকনিচিয়ান অথবা নাৰ্ছেৰে ভৰি থকা চিকিৎসালয় এখনে যেতিয়ালৈকে চিকিৎসা ক্ৰুটিৰ পৰা ৰোগীক সুৰক্ষা প্ৰদান কৰিব নোৱাৰে তেতিয়ালৈকে চিকিৎসাৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰিব নোৱাৰে ।
লেখক :- ডা: গীতাৰ্থ ৰয়মেধি
উৎস :- দেওবৰীয়া সম্ভাৰ
শেহতীয়া উন্নীতকৰণ: : 3/5/2020