অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰঙৰ উৎসৱ হোলী ল’বলগীয়া সাৱধানতা :

ৰঙৰ উৎসৱ হোলী ল’বলগীয়া সাৱধানতা :

 

ৰং আৰু আনন্দৰ উৎসৱ হোলী। পিছে সৰু-সুৰা সাৱধানতা অৱলম্বন নকৰিলে এই আনন্দৰ উৎসৱে বহুতৰ বাবে স্বাস্থ্যৰ দিশত নিৰানন্দহে কঢ়িয়াই আনিব পাৰে। এই সাৱধানতা গ্ৰহণেৰে ফাকুৱাক সঁচা অৰ্থত আনন্দৰ উৎসৱ হিচাপে উপভোগ কৰিবৰ বাবে আমি কিছু কথা জানি লোৱা প্ৰয়োজন।

পৰম্পৰাগতভাৱে ফাগুন মাহত ফুলিব লোৱা ফুল তথা গছ-গছনিৰ পাত আদিৰ পৰা তৈয়াৰ কৰি লোৱা প্ৰাকৃতিক ৰঙেৰে হোলী বা ফাকুৱা খেলা হৈছিল। এনেবোৰ প্ৰাকৃতিক ৰং মানুহৰ স্বাস্থ্যৰ বাবে অপকাৰী নাছিল বৰঞ্চ কিছুমানৰ উপকাৰী ঔষধি গুণহে আছিল। কিন্তু ধীৰে ধীৰে সমাজ জীৱনৰ অইনবোৰ দিশৰ দৰে হোলীৰো ব্যৱসায়ীকৰণ হ’ব ধৰাত প্ৰাকৃতিক ৰঙৰ ঠাই বিভিন্ন কৃত্ৰিম ৰাসায়নিক ৰঙে ল’ব ধৰিলে। এতিয়া বজাৰত পোৱা ফাকুগুড়িৰ বেছিভাগতে বিভিন্ন কৃত্ৰিম ৰাসায়নিক ৰং থাকে যিবোৰ মানৱ দেহৰ প্ৰতি হানিকাৰক হোৱাৰ খুবেই সম্ভাৱনা। এনে ৰংবোৰৰ ব্যৱহাৰৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থকা অংগটি হ’ল আমাৰ ছালখন। অনিষ্টকাৰী কৃত্ৰিম ৰঙৰ প্ৰভাৱত ছালৰ স্বাভাৱিক ৰঙৰ পৰিৱৰ্তন (যি কেইবাদিন পৰ্যন্ত থাকিব পাৰে), ছাল উখহি উঠা, খজুৱতি উঠা, ছালৰ অংশবিশেষ এৰাই যোৱা, ছালৰ জ্বলা-পোৰা , ছাল শুকান আৰু মসৃণতাহীন হোৱা আদি বিভিন্ন অসুবিধাই দেখা দিব পাৰে। চুলিও যথেষ্ট ক্ষতিগ্ৰস্ত হয়। কৃত্ৰিম ৰঙৰ প্ৰভাৱত চুলি শুকান আৰু থুনুকা হৈ পৰে। চুলিৰ গুৰি বা মুৰৰ ছালৰ গুৰুতৰ্ অনিষ্ট যদিও হোৱা দেখা নাযায়, ইয়াৰ ফলত চুলিৰ সৌন্দৰ্য হ্ৰাস হোৱাৰ লগতে চুলিবোৰ ছিগি যাব পাৰে বা ব্যাপক মাত্ৰাত সৰিব পাৰে। চকু, নখ আনকি বৃক্ক আদি শৰীৰৰ বিভিন্ন আভ্যন্তৰীণ অংগও ক্ষতিগ্ৰস্ত হ’ব পাৰে। কৃত্ৰিম ফাকুগুড়িত ব্যৱহাৰ হ’ব পৰা বিভিন্ন ৰাসায়নিক পদাৰ্থৰ ভিতৰত ক’লা ৰঙৰ বাবে ব্যৱহাৰ কৰা ‘লেড অকচাইড’-এ বৃক্কৰ বিকলতা, উঠি অহা ল’ৰা-ছোৱালীৰ শিক্ষণ ক্ষমতা হ্ৰাস আদি সমস্যাৰ উদ্ভৱ কৰাব পাৰে। সেউজীয়া ৰঙৰ বাবে ক’পাৰ ছালফেট নামৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ হ’ব পাৰে, যিয়ে চকুৰ ক্ষতি কৰি চকুৰ খজুৱতি বা অস্থায়ীভাৱে দৃষ্টিশক্তিহীন হোৱা পৰ্যায়লৈ নিব পাৰে। বেঙুনীয়া ৰঙৰ বাবে ব্যৱহৃত ‘ক্ৰ’মিয়াম আয়োডাইড’-এ শ্বাস-প্ৰশ্বাসজনিত সমস্যা, এজমা তথা এলাৰ্জী কৰাব পাৰে। ‘প্ৰুছিয়ান ব্লু’ নামৰ নীলা ৰঙৰ বাবে ব্যৱহাৰ হ’ব পৰা ৰাসায়নিক পদাৰ্থবিধে স্পৰ্শজনিত ছাল ৰঙা পৰা আৰু খজুৱতি কৰে। ৰঙা ৰঙৰ বাবে ব্যৱহৃত এবিধ ৰাসায়নিক পদাৰ্থ ‘মাৰ্কিউৰিক ছালফাইড’-এ দৃষ্টিশক্তি হ্ৰাস, অংগ-প্ৰত্যংগৰ বিকলতা, মানসিক বাধাগ্ৰস্ততা আনকি ছালৰ কৰ্কট ৰোগ পৰ্যন্ত কৰিব পাৰে। ৰুপালী ৰঙৰ বাবে ব্যৱহৃত ‘এলুমিনিয়াম ব্ৰমাইড’-এও বিভিন্ন কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে।

হোলীৰ ৰং আৰু আনন্দৰ মাজতে অনাহুতভাৱে আহিব পৰা এনেবোৰ স্বাস্থ্যজনিত সমস্যাৰ পৰা আঁতৰি থাকিবলৈ হ’লে পোনতে আমি ফাকুৱা খেলাৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি অহা প্ৰাকৃতিক বা জৈৱিক ৰঙৰ ব্যৱহাৰত গুৰুত্ব দিব লাগে। অতি উজ্জ্বল, চিকমিকোৱা বা ধাতৱ ৰঙৰ ফাকুগুড়ি ব্যৱহাৰ নকৰাই ভাল। কিয়নো এনেবোৰ ৰং জৈৱিক মুলৰ হোৱাৰ সম্ভাৱনা কম। ফাকু খেলিবলৈ ওলোৱাৰ আগতে ভালদৰে মুৰৰ চুলি আৰু গাৰ ছালত নাৰিকল বা তেনেজাতীয় তেল ঘঁহি ল’ব লাগে। এনে কৰিলে ফাকুগুড়িত বা ৰঙত থাকিব পৰা সম্ভাব্য অনিষ্টকাৰী ৰাসায়নিক পদাৰ্থবোৰ ছালৰ ভিতৰলৈ সোমাই যোৱাটো বহু পৰিমাণে ৰোধ হয়। কাণৰ পিছফাল, কাণৰ লটি, নখৰ কোণ আদি ঠাইত তেল যাতে ভালদৰে লাগে সেয়া মন কৰিব লাগে। কিয়নো, এনেবোৰ ঠাইত ৰং গোট খোৱাৰ সম্ভাৱনা বেছি। নখত নেইল-পালিছ আৰু ওঁঠত লিপষ্টিক বা ৱেচলিন লগাই লোৱা উচিত। মুখমণ্ডলত ‘টোনাৰ (Toner)আৰু জলনিৰোধী ছানস্ক্ৰীন লোচন প্ৰয়োগ কৰি ল’ব লাগে। মুৰত উপযুক্ত ধৰণৰ টুপী বা স্কাৰ্ফ আৰু চকুত ছানগ্লাছ পৰিধান কৰি ল’লে বহুবোৰ অসুবিধাৰ পৰা আঁতৰি থকা সম্ভৱ হ’ব। শৰীৰটো যথাসম্ভৱ ঢকাকৈ পাতল সহজে শুকোৱাব পৰা কাপোৰ পৰিধান কৰিব লাগে। ডেনিম, জীনছ আদি সহজে নুশুকোৱা ডাঠ কাপোৰে ছাল চহৰাব পাৰে। চকুত কৃত্ৰিম লেনছ ব্যৱহাৰ কৰি থকাসকলে হোলী খেলাৰ সময়ত অৱশ্যেই লেনছ দুখন খুলি থ’ব লাগে। হোলী খেলিবলৈ ওলোৱাৰ আগেয়ে পাতল আহাৰ আৰু প্ৰচুৰ পৰিমাণে পানী খাই লোৱা উচিত।

ফাকুৱা খেলা হোৱাৰ পিছত যিমানেই ভাগৰ নালাগক, গা-পা নোধোৱাকৈ কেতিয়াও জিৰণি ল’ব নালগে। ৰংবোৰ শৰীৰত যিমানে বেছি সময় লাগি থাকিব সিমানেই গুচাবলৈ দিগদাৰী হ’ব আৰু অনিষ্টকাৰী ৰাসায়নিক পদাৰ্থ কিবা যদি থাকে সেয়া শৰীৰৰ ভিতৰ সোমাবলৈ সুবিধা পাব। খেলি আহি পুনৰ এগিলাচ বা প্ৰয়োজনানুসৰি বেছি পানী খাই ল’ব লাগে। গা ধুবলৈ কুহুমীয়া গৰম পানী হ’লে বেয়া নহয়। গাত পানী ঢলাৰ আগতে শুকান ৰংবোৰ পাৰ্যমানে জোকাৰি পেলাব লাগে। মুখ বা ছালৰ ৰং গুচাবলৈ কেৰাচিন, পেট্ৰ’ল, স্পিৰিট বা নেইল-পালিছ ৰিমোভাৰ আদি কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। এটুকুৰা কপাহত জলশোহী ক্ৰীম বা তেল লগাই তাৰে লাহে লাহে মুখৰ ৰং গুচোৱাৰ যত্ন কৰিব লাগে। ছালৰ বাবে উপযুক্ত ফেচৱাশ্ব বা চাবোন ব্যৱহাৰ কৰিব লাগে, কাপোৰ ধোৱা চাবোন বা ডিটাৰজেণ্ট ব্যৱহাৰ কৰিব নালাগে। চোঁচ (Scrub) ব্যৱহাৰ কৰিব পৰা যায় যদি খুব জোৰেৰে ঘঁহিব নালাগে আৰু ছালৰ যাতে অনিষ্ট নহয় সেয়া মন কৰিব লাগে। মুৰ আৰু চুলি পৰিষ্কাৰ কৰিবলৈ ছেম্পু ব্যৱহাৰ কৰিব পৰা যায়। পিছে ৰং ভালদৰে নগ’ল বুলি এবাৰতকৈ অধিক (দুই বা ততোধিক)বাৰ কাহানিও ছেম্পু কৰিব নালাগে। ৰং যদি থাকি যায়, পিছদিনাখন বা তাৰো পিছতহে পুনৰ ছেম্পু কৰিব লাগে। ছেম্পু কৰাৰ পিছত সদায় কণ্ডিচনাৰ ব্যৱহাৰ কৰিব লাগে। হোলী খেলাৰ পিছত গাত লগা ৰং আটাইখিনি এদিনতে ধুই নোহোৱা কৰিবই লাগিব বুলি কোনো কথা নাই, গতিকে এনে অপ্ৰয়োজনীয় চেষ্টা কৰিবলৈ গৈ ছাল বা চুলিৰ অধিক অনিষ্ট নকৰাই বহল। হোলীৰ সময়ত কেলামিন লোচন বা এণ্টিহিষ্টামিনিক জাতীয় ঔষধ লগাৰ সময়ত সহজে পোৱাকৈ ৰাখিব লাগে। ফাকুৱা ৰঙৰহে উৎসৱ, ইয়াত মদ বা অইন কোনো মাদক দ্ৰব্যৰ ঠাই নাই। গতিকে নিজে সেৱন নকৰাৰ লগতে সেৱনকাৰী অইনৰ স’তেও ফাকুৱা খেলাৰ পৰা বিৰত থকাই ভাল।

লেখক: ডা: ৰমেন কুমাৰ কাকতি (নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 8/16/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate