অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

Fat loss বা Weight loss ৰ পৰিমাণ :

Fat loss বা Weight loss ৰ পৰিমাণ :

 

অতিমাত্ৰা সকলোৰে বেয়া বুলি এষাৰ কথা আছে।ঠিক সেইদৰে আমি যেতিয়া আমাৰ শৰীৰৰ অলাগতিয়াল চৰ্বি বা মেদ আৰু শৰীৰৰ ওজন কমাবলৈ লম তেতিয়া আমি কিমান পৰিমাণৰ কমালে আমাৰ বাবে ভাল সেইটো জনা অতি প্ৰয়োজনীয়।একে সপ্তাহত বা একে মাহতে আমি অধিক চৰ্বি বা ওজন হ্ৰাস কৰিবলৈ যদি যাও ই আমাৰ বাবে অপকাৰি আৰু আমাৰ শৰীৰত বিভিন্ন প্ৰ্ভাৱ পৰিব আৰু নানা সমস্যাৰ সৃষ্টি হব।
আমি T.V তেই হওক বা খবৰ কাকত,পোষ্টাৰ আদিত দেখিবলৈ পাও বিভিন্ন বিজ্ঞাপন,এমাহত ইমান কেজি loss পাৰিব,৬ মাহত ইমান কেজি। আমাৰ কোম্পানীৰ দৰব ব্যাৱহাৰ কৰিলে চৰ্বি কমিব কোনো side effect নাই আদি।আনকি কিছুমান Gym আদিয়েও বিজ্ঞাপন দিয়ে আমি আপোনাৰ ওজন এমাহত বহুত কমাই দিম ইত্যাদি ইত্যাদি।সাৱধান হওক এই ক্ষেত্ৰত।
এমাহত আপুনি অতি বেছি ৫ কেজি ওজন হ্ৰাস কৰাতো স্বাস্থ্য সন্মত আৰু নিৰাপদ।যেতিয়া আমি চৰ্বি বা ওজন হ্ৰাস কৰিবলৈ লও তেতিয়া আমাৰ খাদ্য বা Diet change হয় আৰু ইয়াৰ ফলত আমাৰ শৰীৰৰ বাবে লাগতিয়াল খাদ্য দ্ৰব কিছুমান শৰীৰত কমি যায়।ফলত যদি আমি অত্যাধিক ওজন কম দিনত কমাব যাও তেতিয়া বিভিন্ন সমস্যাৰ সৃষ্টি হয়।যেনে
(১)metabolic প্ৰ্ক্ৰিয়াৰ প্ৰ্ভাৱ।
(২)Dehydratinor সমস্যা।
(৩)চুলিৰ সৰা বা চুলিৰ আন সমস্যা
(৪)মাংসপেশী দুৰ্বল হোৱা,এনিমিয়া।
(৫)থাইৰয়ড সমস্যা।
(৬)মূৰৰ বিষ আদি বিভিন্ন সমস্যা হ্ব পাৰে। গতিকে সাৱধান হওক এই ক্ষেত্ৰ্ত।


লেখক :-তপন হাজৰিকা

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

শেহতীয়া উন্নীতকৰণ: : 1/24/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate