অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কম্পিউটাৰৰ খেলে চিজ’ফ্ৰেনিয়াৰ সমস্যা দূৰ কৰিব

কম্পিউটাৰৰ খেলে চিজ’ফ্ৰেনিয়াৰ সমস্যা দূৰ কৰিব

আমেৰিকা যুক্তৰাজ্যৰ কেম্ৰবিজৰ বিশ্ববিদ্যালয়ৰ এদল গৱেষকে গৱেষণা কৰি এনে এটা কম্পিউটাৰ ভিত্তিক খেল প্ৰস্তুত কৰি তুলিছে যিয়ে চিজ’ফ্ৰেনিয়াৰ সমস্যা থকা ব্যক্তিসকলৰ দৈনন্দিন জীৱন-যাপনৰ অধিক সহজ আৰু সুন্দৰ কৰি তুলিব পাৰিব। গৱেষকসকলে লগতে এইটোও আশা কৰিছে যে এই খেলৰ যোগেদি এনে সমস্যাত আক্ৰান্ত ব্যক্তিসকলৰ স্মৃতি শক্তি আৰু নতুন কথা শিকাৰ ক্ষমতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

চিজ’ফ্ৰেনিয়া হ’ল এনে এটা মানসিক সমস্যা যিয়ে ভুক্তভোগী ব্যক্তিৰ আচৰণত সমস্যাৰ সৃষ্টি কৰে আৰু তেওঁৰ মনত এক অলিক কল্পনাৰ জগত সৃষ্টি হ’ব পাৰে। ইয়াৰ ফলতেই এনে সমস্যাত আক্ৰান্ত ব্যক্তিৰ বৌধিক ক্ষমতাত কমি যোৱাৰ লগতে বহুবোৰ কথা মনত ৰাখিব নোৱাৰা হয় আৰু আনে কৰি নেদেখুৱালে নিজাকৈ একো সঠিকভাৱে কৰিব নোৱাৰে আনকি নিজৰ দৈনন্দিন কাম বা খোজ কঢ়া মেলাও কৰিবলৈ অক্ষম হয়।

গৱেষকসকলে কম্পিউটাৰত খেলিব পৰা এই মস্তিস্ক প্ৰশিক্ষণ খেলাৰ এটা আৰ্হি প্ৰস্তুত কৰিছে। যাৰ দ্বাৰা এনে সমস্যা থকা ব্যক্তিক স্তৰ অনুযায়ী বিভিন্ন খেল খেলিবলৈ দি সমস্যা সমাধানৰ চেষ্টা কৰা হ’ব। প্ৰথম স্তৰৰ খেলতকৈ পিছৰ স্তৰৰ খেলসমূহ বন্ধুত্ব সুলভভাৱে লাহে লাহে কঠিন কৰি তোলা হৈছে। এই খেলত খেলুৱৈ সকলে বিভিন্ন কোঠাত সোমায় বা ভিন্ন ভিন্ন বাকচৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী বিচাৰি উলিয়াব পাৰে। ইয়াৰ পিছত আকৌ সেই সামগ্ৰীবিলাক পুনৰ আগৰ ঠাইত থব লাগে। ফলত খেলুৱৈ সকলে কোনটো বস্তু ক’ত ৰাখিছিল সেইটি মনত ৰাখিব লগা হয়।

চিজ’ফ্ৰেনিয়াৰ সমস্যা থকা কিছু সংখ্যক ব্যক্তিক লৈ গৱেষকসকলে চাৰি সপ্তাহ ধৰি এই বিশেষ কম্পিউটাৰৰ খেলটো খেলিবলৈ দিয়াত ব্যক্তিসকলৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত বিশেষ উপকৃত হৈছে বুলি মত প্ৰকাশ কৰিছে। তেওঁলোকে লগতে জনাই যে এনে সমস্যা থকা ব্যক্তিসকলক স্বাভাৱিক জীৱন-যাপনলৈ ঘূৰাই অনা আৰু দৈনন্দিন কাম-কাজসমূহ সুকলমে কৰাৰ সুযোগ বৃদ্ধি কৰিব পৰা গৈছে।

কেম্বব্ৰিজ বিশ্ববিদ্যালয়ৰ গৱেষকদলৰ মুৰব্বী তথা মনোৰোগ বিজ্ঞানৰ অধ্যাপক এগৰাকীয়ে জনাই যে এই খেলটো খেলা ৰোগীসকলৰ স্মৃতি শক্তি আৰু মগজুৰ কৰ্ম প্ৰক্ৰিয়াত এক বিৰাট যোগাত্মক ফলাফল দেখা পোৱা গৈছে। সেয়েহে এইটো আশা কৰিব পাৰি যে, বাস্তৱ জগতৰ লগত খোজ মিলাই চলিবলৈ এই খেলটোৱে ৰোগীসকলক সহায় আগবঢ়াব।

এই সমস্যাত ভোগা ৰোগীসকলৰ ৰোগ নিৰাময়ৰ বাবে প্ৰয়োজন হোৱা ঔষধসমূহৰ বিভিন্ন ক্ষতিকাৰক পাৰ্শ্বক্ৰিয়া থাকে সেইবাবেই এনে ঔষধ ব্যৱহাৰৰ ক্ষেত্ৰত চিকিৎসক আৰু অভিভাৱক সকল যথেষ্ট পৰিমাণে সতৰ্ক হৈ থাকিব লগা হয়। কিন্তু এই মস্তিস্কৰ প্ৰশিক্ষণ খেলত তেনে কোনো পাৰ্শ্বক্ৰিয়া নাই বুলি গৱেষকসকলে মত প্ৰকাশ কৰিছে। সেয়েহে ই ব্যৱহাৰিক ক্ষেত্ৰত যথেষ্ট আশাব্যঞ্জক বুলি বিভিন্ন মহলে মতপ্ৰকাশ কৰিছে।

উৎস: বিবিচি।

শেহতীয়া উন্নীতকৰণ: : 6/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate