অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ক্লেপটোমেনিয়া

ক্লেপটোমেনিয়া

কোনো অভাৱ নাই, অথচ চুৰ কৰা অভ্যাস। চুৰ কৰা বস্তুটোৰ আকৌ হয়তো কোনো প্ৰয়োজনেই নাই, তথাপি নিজেই ক’ব নোৱাৰাকৈ চুৰ কৰে। দোকান- পোহৰ, আলহীৰ ঘৰ বুলি কোনো কথা নাই। এনে অভ্যাস থকা মানুহৰ বিভিন্ন সময়ত মুখামুখি হ’ব লগা হয়। এনে অভ্যাসৰ বুলি হৈ লোকচক্ষুত লজ্জাজনক পৰিস্থিতিৰ সন্মুখীন হোৱা মানুহো এনে ব্যক্তিৰ বাবে অস্বস্তিত পৰে। প্ৰকৃততে ই এটা মানসিক ৰোগ আৰু এই ৰোগৰ লক্ষণ হৈছে চুৰ কৰা। মনোবিজ্ঞানৰ ভাষাত ইয়াক ক্লেপটোমেনিয়া বুলি কোৱা হয়। অৰ্থাৎ ক্লেপটোমেনিয়া হৈছে এবিধ মানসিক ৰোগ, যি ৰোগত ভুগিলে ব্যক্তি এজনে অভাৱ অনুভৱ নকৰিলেও বা প্ৰয়োজন নাথাকিলেও আনৰ বস্তু চুৰ কৰে। এই মানসিক সমস্যাটো সাধাৰণতে ১৮-১৯ বছৰ বয়সত আৰম্ভ হয়। ক্লেপটোমেনিয়া অসুখ হৈছে বিৰল আৰু বেছিভাগ ক্ষেত্ৰতে ৰোগী আৰু ৰোগীৰ পৰিয়ালে সামাজিক লজ্জাৰ ভয়ত ৰোগবিধৰ কথাটো গোপন কৰে। ফলত এই ৰোগত ভোগা লোকৰ সংখ্যা সঠিকভাৱে নিশ্চিত কৰাটো কঠিন। সমীক্ষাও চলোৱা নহয় যথাযথভাৱে। কিয়নো, কোনেও আগবাঢ়ি ক’বলৈ আগবাঢ়ি ক’বলৈ নাহে যে তেওঁৰ পৰিয়ালত এজন স্বভাৱজাত চোৰ আছে। তথাপি মহিলাসকলেই এই ৰোগৰ বেছিকৈ চিকাৰ হোৱা দেখা যায়। ক্লেপটোমেনিয়াৰ উপসৰ্গ হৈছে কোনো অভাৱ নাথাকিলেও চুৰ কৰা। চুৰ কৰা বস্তুবিধৰ কোনো প্ৰয়োজন নাথাকে। চুৰ কৰাৰ পিছত প্ৰচণ্ড মনোকষ্টত ভোগে। কেইদিনমানৰ বাবে বিষন্নতাই গ্ৰাস কৰে।

সামাজিক সমস্যা

সামাজিকভাৱে এই ৰোগ কিমান বিপজ্জনক সেয়া সহজেই অনুমান কৰিব পাৰি। পৰিয়ালৰ কোনো সদস্যই ক্লেপটোমেনিয়াত ভুগিলে সেই পৰিয়ালৰ মান-মৰ্য্যাদা ধ্বংস হবলৈ এটা মূহূৰ্তই যথেষ্ট। পৃথিৱীৰ বহু গণ্য-মান্য ব্যক্তিৰ পৰা হলীউদৰ তাৰকা পৰ্যন্ত এই ৰোগৰ চিকাৰ হোৱাৰ উদাহৰণ আছে। ক্লেপটোমেনিয়াৰ চিকিৎসা অতি জটিল আৰু কঠিন। ইয়াৰ লগত ফ্ৰন্টেল লোব ছিণ্ড্ৰম আৰু ডিমনেচিয়া ৰোগৰ দৰে কেইবাটাও জটিল ৰোগৰ উপসৰ্গ লুকাই থাকে। তদুপৰি ৰোগীৰ মুখেৰে কথা উলিওৱাটো কঠিন। এনে ধৰণৰ মানসিক ৰোগত ভোগা ব্যক্তি যেনেদৰে তেওঁলোকৰ পৰিয়াল-পৰিজনৰ বাবে সমস্যা, তেনেদৰে তেওঁলোক কেতিয়াবা নিজৰ বাবেও সমস্যা হৈ উঠে। সেইবাবে এনে ৰোগত ভোগা ব্যক্তিয়ে আত্মহত্যাৰ দৰে পথো বাছি লয়। সেয়েহে এনে সমস্যাত ভোগা ব্যক্তিৰ  সহানুভূতি প্ৰদৰ্শন কৰা উচিত।

উৎস: দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 6/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate