অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ক্ৰমাৎ বাঢ়িছে মানসিক ৰোগীৰ সংখ্যা :

ক্ৰমাৎ বাঢ়িছে মানসিক ৰোগীৰ সংখ্যা :

 

ৰ’দ-বতাহ-বৰষুণ-শীতক নেওচি ৰাস্তাই-ঘাটে অনাই-বনাই ফুৰা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে আমাৰ ৰাজ্যত। প্ৰৱল শীতৰ দিনতো কাপোৰ নোহোৱাকৈ থকা, প্ৰচণ্ড গৰমতো কম্বল-চাদৰ মেৰিয়াই থকা এই লোকসকলক আমি এৰি চলিব বিচাৰো। এনে লোকসকল বৃদ্ধ, যুৱক, শিশু, যুৱতী বা মহিলা যিয়েই নহওক, তেওঁলোকৰ পৰা নিজকে আঁতৰাই ৰাখিব বিচৰা লোকৰ সংখ্যাই অধিক আমাৰ সমাজত। তাৎপৰ্যপূৰ্ণ এই যে পৰিয়াল তথা সমাজৰ পৰা অৱহেলিত, নিঃসংগ, বিষাদগ্ৰস্ত লোকৰ বহুতেই এটা সময়ত মানসিক ভাৰসাম্য হেৰুৱাই পথলৈ ওলাই আহে। হাট-বজাৰ, চহৰ-নগৰৰ অগণন মানুহৰ মাজত তেওঁলোক অস্পৃশ্য হৈ থাকে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, পৃথিৱীত মানসিক ব্যাধিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। সংস্থাটোৰ মতে, প্ৰতি চাৰিজনৰ ভিতৰত এজন মানুহ কোনো মানসিক ব্যাধিৰ চিকাৰ হয়। উন্নত আৰু উন্নয়নশীল দেশ মিলি ৪৫০ নিযুত লোক এই ৰোগত ভুগি আছে। তাৰে ১৫৪ নিযুতে বিষাদগ্ৰস্ততা, ২৫ নিযুত স্কিজোফ্ৰেনিয়া, ৯১ নিযুতে সুৰাজনিত ৰোগ আৰু ১৫ নিযুত অন্যান্য নিচাযুক্ত দ্ৰব্যজনিত ৰোগত ভুগি আছে। এই পৰিসংখ্যা মতে, মানসিক ৰোগ ডায়েবেটিছ, কৰ্কট আৰু হৃদযন্ত্ৰৰ ৰোগতকৈও ভয়াৱহ ৰূপত বৃদ্ধি পাইছে। তাৎপৰ্যপূৰ্ণ এই যে আমেৰিকা যুক্তৰাজ্য, কানাডা আৰু পশ্চিম ইউৰোপত মানসিক ব্যাধি থকা লোকৰ সংখ্যা সৰ্বাধিক। আমেৰিকাত মানসিক ৰোগৰ চিকিৎসাত প্ৰতি বছৰে ব্যয় কৰা হয় ১৫,০০০ কোটি ডলাৰ। অসমৰ ৫.৮৪ শতাংশ লোক বিভিন্ন মানসিক মানসিক ৰোগত ভুগি আছে। ইয়াৰে ০.৬% লোক জটিল মানসিক ৰোগত আক্ৰান্ত আৰু বাকীখিনি সাধাৰণ মানসিক ৰোগ, যেনে- উদ্বিগ্নতা, হতাশাগ্ৰস্ততা আৰু নিচাসক্তিৰ দ্বাৰা আক্ৰান্ত।

বংশগত, কোনো জীৱাণুৰ দ্বাৰা আক্ৰান্ত পৰিৱেশৰ অসমতা, হ’ৰমনৰ বিসংগতি, মগজুৰ গাঁথনিক বিকৃতি, কেটেক’লামিন, বিষাদগ্ৰস্ততা আদি বিভিন্ন কাৰণত হোৱা মানসিক ব্যাধি ক্ৰমাৎ বৃদ্ধি পাই আহিছে আমাৰ সমাজত। মানৱ জীৱনত অতীজৰ পৰা মানসিক ব্যাধি আছিল যদিও ইমান ব্যাপক ৰূপ লোৱা নাছিল। উত্তৰ-পূৰ্বাঞ্চলৰ মানসিক ৰোগীসকলক এটা সময়ত ধৰি-বান্ধি ফাটেকত ভৰাই থোৱা হৈছিল। ঢাকাত থকা এই পগলা ফাটেক ১৮৭৬ চনত ব্ৰিটিছে অসমৰ তেজপুৰলৈ আনে। ১৯২২ চনত মানসিক ৰোগীসকলৰ হাত-ভৰিৰ বান্ধোন খুলি দিয়া হয় আৰু পগলা ফাটেকৰ নাম সলাই তেজপুৰ মানসিক চিকিৎসালয় কৰা হয়। ১৯৩২ চনত নতুনকৈ অধীক্ষক নিয়োগ কৰি চিকিৎসালয়খনৰ কাম-কাজ জিলা প্ৰশাসনৰ হাতৰ পৰা অধীক্ষকৰ হাতত ন্যস্ত কৰা হয়। ১৯৮৭ চনত চিকিৎসালয়খনৰ নাম লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্যকেন্দ্ৰ কৰা হয়। ১৯৯৯ চনত উত্তৰ পূব পৰিষদ আৰু অসম চৰকাৰৰ মাজত হোৱা দ্বিপাক্ষিক চুক্তি মতে, প্ৰতিষ্ঠানটোৰ সমস্ত দায়িত্ব পৰিষদৰ হাতত দিয়া হয়।

২০০৭ চনৰ ১ জুনৰ প্ৰতিষ্ঠানটোক এটা সৰ্বাংগসুন্দৰ অনুষ্ঠানলৈ গঢ় দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা বিভাগে দায়িত্ব গ্ৰহণ কৰে। সেইমতে, প্ৰতিষ্ঠানটোৰ কাম-কাজ চলি আছে। উল্লেখযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত মানসিক ৰোগৰ সুবৃহৎ প্ৰতিষ্ঠান অসমত থকাৰ পাছতো আমাৰ ৰাজ্যৰ ৰাস্তা-ঘাট সকলোতে এনে ৰোগত আক্ৰান্ত লোক অৱহেলিত হৈ পৰি থাকিবলগীয়া হৈছে। এনে লোক কেতিয়াবা এখন ৰুটি বা অকণমান খাদ্যৰ বাবে বিভিন্নজনৰ লাঞ্ছনা ভুগিবলগীয়া হয়। প্ৰৱল শীতৰ মাজত কঁপি কঁপি থাকিলেও কোনেও তেওঁলোকলৈ ঘূৰি নাচায়। দুৰ্ভাগ্যজনক কথা যে মানসিকভাৱে অসুস্থ বহু মহিলা বহুতৰে কামনাৰ বলি হোৱা ঘটনাও আমাৰ সমাজত ঘটি থকা দেখা যায়।

মনসিক ৰোগীৰ অৱস্থালৈ চাই পৃথিৱীৰ বিভিন্ন দেশে আইন বৰৱৎ কৰিছে। ভাৰতত মেন্টাল হেলথ এক্ট-১৯৮৭, পাৰ্ছনছ অৱ দিছএবিলিটী এক্ট ১৯৯৫ আদি প্ৰযোজ্য হৈছে। ইউনাইটেড নেচন কনভেনচন ফৰ ৰাইটছ অৱ পাৰ্ছন উইথ দিছএবিলিটীজ ইউ এন চি আৰ পি ডি ২০০৬ আইনখন ভাৰতত ২০০৮ চনত প্ৰযোজ্য কৰা হয়।

এই আইনসমূহৰ বাবে মানসিক ব্যাধিক মানৱ অধিকাৰ হিচাপে স্বীকৃতি দিয়া হৈছে। এনে ৰোগীৰ সৰ্বসাধাৰণৰ লগত সমান বুলি কোৱা হৈছে এই আইনবোৰত। তথাপি আমাৰ দেশ, আমাৰ ৰাজ্যত সদায় অৱহেলিত হৈ আছে মানসিক ৰোগী।

সচেতন ব্যক্তি বা অনুষ্ঠানে পথে-ঘাটে পৰি থকা এনে ব্যক্তিৰ সুচিকিৎসা কৰা বা সামান্য কিছু সহানুভূতি প্ৰদৰ্শন কৰাটো নিশ্চয় আশা কৰিব পাৰি। আটাইতকৈ ডাঙৰ কথা হৈছে আমাৰ সমাজ ব্যৱস্থা, ব্যক্তিকেন্দ্ৰিক মনোবৃত্তি আৰু মূল্যবোধৰ অভাৱ।

আমি এক ব্যক্তিকেন্দ্ৰিক সমাজলৈ গতি কৰিছো। সেয়ে হয়তো পৰিয়ালৰ মাজতো নিসংগতাই বিৰাজ কৰিবলৈ ধৰিছে। সকলোৰে মাজত থাকিও বহুতেই অকলশৰীয়া অনুভৱ কৰিবলৈ বাধা হৈছে।

লেখক: আলতাপ হুছেইন আহমেদ(অসম বাণী)

শেহতীয়া উন্নীতকৰণ: : 11/29/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate