আধুনিক ভোগবাদী সমাজত সৰহসংখ্যক লোকে আত্মকেন্দ্ৰিক হৈ পৰা বাবে মানুহৰ মাজত সম্বন্ধৰ এনাজৰীডাল লাহে লাহে শিথিল হৈ আহিছে। সমাজৰ অধিক সংখ্যক লোকেই ধন প্রাচুর্য আৰু বিলাসিতাৰ প্ৰদৰ্শন কৰি সমাজত নিজৰ প্রতিপত্তি দেখুৱাবলৈ গৈ ধনৰ পিছে পিছে দৌৰি ফুৰোতে পৰিয়ালৰ মাজত মৰম-চেনেহ আদৰ-সাদৰ প্ৰায় নোহোৱা হৈ গৈছে। প্রয়োজনতকৈ বেছি ব্যস্ততাৰ কাৰণে ওচৰ-চুবুৰীয়া, আত্মীয়-স্বজনৰ ওচৰলৈ গৈ সুখ-দুখৰ খবৰ লোৱাৰ পৰম্পৰা কমি অহাৰ বাবে আন্তৰিকতাৰ সৈতে সম্বন্ধও নামতহে বৰ্তি আছে। ফলস্বৰূপে সমাজত বিভিন্ন লোকৰ লগত বাস কৰিও এটা বয়সত বহু লোকে নি:সংগতাত ভোগে।
আজিৰ সমাজত প্রায়ভাগ পৰিয়াল সীমিত হোৱাৰ ফলত পুত্র বা কন্যাসন্তানে পঢ়া-শুনাৰে শিক্ষিত হৈ বিয়া-বাৰু কৰাই কর্মসূত্রে হওক বা আন ঘৰুৱা কাৰণতে হওক ৰাজ্যৰ বাহিৰত বা বিদেশত থাকিবলৈ লোৱাত ঘৰখনৰ পিতৃ-মাতৃ অকলশৰীয়া হৈ পৰে। এসময়ত ঘৰখনত সকলোৰে প্রয়োজনীয় কাম-কাজ,ৰন্ধা-বঢ়া, সন্তানৰ পঢ়া-শুনা, আলহী-অতিথিৰ শুশ্ৰূষাৰে নানা কর্মত ব্যস্ততাৰে পাৰ কৰি আত্মসন্তুষ্টি লাভ কৰা মাতৃগৰাকীৰ ব্যস্ততা কমি যোৱাৰ বাবে অকলশৰীয়া ঘৰখনত বহু মহিলাই নিঃসংগতাত ভোগাৰ উপৰি নিৰাপত্তাহীনতাত ভোগে। কাৰণ পুৰুষৰ তুলনাত মহিলাৰ আবেগ-অনুভূতি যথেষ্ট বেছি। চিকিৎসকৰ মতে, ৫০ বছৰ ঊৰ্ধৰ মহিলাসকলে মেন’পজৰ কাৰণে বিষন্নতা আৰু অসন্তুষ্টিত ভোগে। তদুপৰি প্ৰায়ভাগ মহিলাৰ চৰিত্ৰত ক্ষোভো প্ৰকাশ পায়। খিংখিঙীয়া স্বভাৱ এটাও গঢ় লৈ উঠে। নানা শাৰীৰিক ৰোগেও এই সময়ত শৰীৰক আমনি দিয়ে। অত্যাধিক উদাসীনতাৰ বাবে কোনো কোনো মহিলাৰ খোৱা-বোৱা, কাম-কাজৰ প্ৰতি স্পৃহা কমি যায়। গতিকে শৰীৰত দেখা দিয়া ৰোগ নিৰাময় কৰাৰ বাদেও মনক প্ৰফুল্লিত কৰি ৰাখিবলৈ আমি যত্ন কৰিব লাগে।
জীৱন ক্ষন্তেকীয়া। এই অমূল্য জীৱনটোক সুন্দৰভাৱে উপভোগ কৰিবলৈ শিকিব লাগে, জীৱনৰ অর্থ বুজিবলৈ চেষ্টা কৰি সৎ চিন্তা, সৎ কর্ম আৰু ইতিবাচক চিন্তাত নিজকে ব্যস্ত ৰাখিব লাগে। নিঃসংগতা দূৰ কৰিবলৈ হ’লে—
সঁচাকৈ জীৱন অতি সুন্দৰ আৰু ৰংচঙীয়া। গতিকে আমি নিঃসংগ হ'লেও জীয়াই থাকিবৰ বাবে সৰু-ডাঙৰ নানা কৰ্ম তথা সমাজৰ উন্নতিৰ বাবে কিছু কাম কৰি ব্যস্ততা ৰখাৰ বাদেও জীৱনত আনন্দ ল’বলৈ প্রয়াস কৰা উচিত।
লেখিকা: দীপাঞ্জলী ভট্টাচাৰ্য, অসম বাণী।
শেহতীয়া উন্নীতকৰণ: : 1/23/2023