বাতৰিকাকতৰ পৃষ্ঠা আৰু টিভিৰ পৰ্দা নিৰীক্ষণ কৰিলে দেখিবলৈ পোৱা যায়—চহৰে-নগৰে, গাঁৱে-ভূঞে যেন নানা অশান্তি। চুৰি-ডকাইতি, হত্যা-লুণ্ঠন, বলাৎকাৰ, অপহৰণ, উগ্ৰবাদ, প্ৰৱঞ্চনা, দূৰ্ঘটনা আদিৰ বাহিৰেও নানা ৰোগ-ব্যাধিয়ে সৰ্বসাধৰণক জুৰুলা কৰি আহিছে। বিয়া-সবাহ, ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান, বনভোজস্থলী আদিত সঘনে ঘটি থকা ঘটনাবোৰ সকলোৱে দেখি বা শুনি আহিছে। আনকি গাড়ী, মটৰ, ৰে’ল আদিৰ ভ্ৰমণো ভয় আৰু শ্ংকাৰ পৰা সম্পূৰ্ণ মুক্ত নহয়।
আমি সকলোৱে জানো যে বিশ্বব্ৰহ্মাণ্ডৰ সকলো জীৱৰ মাজত মানুহেই শ্ৰেষ্ঠ। জ্ঞান, বুদ্ধিৰ বলত মানুহে আজি যি অসাধ্য সাধন কৰিবলৈ সক্ষম হৈছে, ই কল্পনাৰো অতীত। এইখন সমাজতে মহামানৱৰ জন্ম হৈছে, কবি, সাহিত্যিক, দাৰ্শনিক, বিজ্ঞানীৰ আবিৰ্ভাৱ ঘটিছে। সমগ্ৰ মানৱ জাতিৰ পক্ষে এইটো গৌৰৱ। কিন্তু এইখন সমাজতে আকৌ বিভিন্ন লোমহৰ্ষক ঘটনা আৰু বিভিন্ন অসামাজিক কাৰ্য স্ংঘটিত হোৱাটো আমাৰ বাবে অগৌৰৱ নহয়নে? এই বিষয়ত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে দৃঢ়তাৰে ক’ব পাৰি—সমাজত নিচাযুক্ত বা ৰাগিয়াল দ্ৰব্যসমূহ অবাধ প্ৰচলন ঘটা নাইবা এইবোৰৰ নিয়ন্ত্ৰণ নোহোৱাটোৱেই ইয়াৰ একমাত্ৰ কাৰণ।
নিচাযুক্ত বা ৰাগিয়াল দ্ৰব্য বুলিলে মদ, ভাং, বিড়ি, চিগাৰেট, ধঁপাত, পানমছলা, গুট্খা আৰু হেৰ’ইন আদি দ্ৰব্যসমূহক বুজায়। আমি সকলোৱে দেখি উপলব্ধি কৰিব পাৰোঁ-এই দ্ৰব্যবোৰ সেৱনৰ ফলত ব্যক্তিগত জীৱনৰ শৰীৰিক, মানসিক ক্ষতি আৰু সামাজিক জীৱনত ঘটা বিশৃংখলতাই কি ইংগিত বহন কৰে। কিন্তু এই নিচাযুক্ত দ্ৰব্যসমূহ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ পক্ষে কিমান ক্ষতিকাৰক আৰু মধ্য বয়সত ই কিমান ধৰণৰ কঠিন ৰোগৰ সৃষ্টি কৰিব পাৰে, সেৱনকাৰীসকলে প্ৰথমতে এইটো উপলব্ধি কৰিব নোৱাৰে। অথবা কোনো কোনোৰ ক্ষেত্ৰত ই উপলব্ধি হ’লেও ইয়াক সেৱন কৰাৰ পিছত সহজে ত্যাগ কৰিব নোৱাৰে।
সাম্প্ৰতিক কালত্ নানা লোমহৰ্ষক ঘটনাৰ লগত বিভিন্ন অসামাজিক কাৰ্যৰ মাত্ৰা যিটো হাৰত সমাজত বৃদ্ধি পাইছে; একেদৰে কৰ্কট ৰোগৰ দৰে বিভিন্ন প্ৰাণস্ংহাৰী ৰোগৰ প্ৰকোপ সমাজত দ্ৰুতগতিত বাঢ়িছে। অসামাজিক কাৰ্যবোৰ প্ৰতিহত কৰাৰ কাৰণে যিদৰে সামাজিক আৰু কঠোৰ আইনগতভাৱে শান্তিৰ সন্মুখীন হ’বলগীয়া হৈছে; একেদৰে বিভিন্ন ৰোগ-ব্যাধিত আক্ৰান্ত হৈ বহুতৰে ধন-জনৰ ক্ষতি হৈছে। চুৰি-ডকাইতিকে ধৰি সমাজত যিমানবোৰ লোমহৰ্ষক ঘটনা, যান-বাহনৰ দুৰ্ঘটনা আৰু বিভিন্ন অসামাজিক কৰ্যকলাপ স্ংঘটিত হৈছে এনে ধৰণৰ অধিকাংশ ঘটনা নিচাযুক্ত দ্ৰব্যৰ নিয়ন্ত্ৰণ নোহোৱাটোৱেই একমাত্ৰ কাৰণ বুলিব পাৰি। কিয়নো, ব্যক্তিগতভাৱে প্ৰত্যক্ষ হোৱা প্ৰামাণিক তথ্যৰ পৰাহে এনে উক্তি ব্যক্ত কৰা হৈছে। ইয়াৰ বাহিৰেও শৰীৰৰ বিভিন্ন স্থানত হোৱা কৰ্কট ৰোগকে ধৰি যিবোৰ ৰোগ বিভিন্ন চিকিৎসাৰ দ্বাৰা আৰোগ্য সম্ভৱ নহয়, ইয়াৰে অধিকাংশ ৰোগ নিচাযুক্ত দ্ৰব্য সেৱনৰ পৰিণতি বুলিব পাৰি। কাৰণ, চিকিৎসা গ্ৰহণ কৰিবলৈ অহা ৰোগীৰ তথ্যৰ দ্বাৰাই ই প্ৰমাণিত হয়।
বৰ্তমান যুৱ সমাজত নিচাযুক্ত দ্ৰব্য সেৱনৰ আসক্তি দ্ৰুতগতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ই সমাজৰ বাবে এক ভয়াবহ স্ংকট বুলিব পাৰি। কিয়নো, যুৱশক্তি হৈছে সমাজ তথা দেশ গঢ়াৰ মূল ভেটিস্বৰুপ। এই ভেটি সুদৃঢ় নহ’লে সমাজত শান্তি সম্ভৱ নহয়। প্ৰচলিত নিচাযুক্ত দ্ৰব্যৰ ভিতৰত মদ এবিধ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক দ্ৰব্য। অকল শাৰীৰিকেই নহয়, মানসিক স্বাস্থ্যৰ বাবেও ই পৰিপন্থী। মদ পান কৰিলে সুস্থ মগজুৰ স্নায়ুতন্ত্ৰত বিশৃংখল ঘটে আৰু ইয়াৰ মাত্ৰা অধিক হ’লে বিবেক আৰু হিতাহিত জ্ঞানশূন্য হয়। এইবিধ দ্ৰব্য দীৰ্ঘদিন সেৱনৰ ফলত স্মৃতিশক্তি, দৃষ্টিশক্তি, ধাৰণাশক্তি ক্ষীণ হোৱাৰ উপৰি হাওঁফাওঁ, হৃদযন্ত্ৰ, স্নায়ুদুৰ্বলতা আৰু ৰক্তচাপ বৃদ্ধি ৰোগৰ সৃষ্টি কৰে। ইয়াৰ বাহিৰেও পাকস্থলী, প্লিহা, যকৃত, অন্ত্ৰ আদিত হোৱা কৰ্কট ৰোগ আৰু যকৃতত হোৱা ‘লিভাৰ ছিৰ’ছিছ’ নামৰ কঠিন ৰোগ মদ পানৰ পৰা সৃষ্টি হোৱা দেখা যায়। সমগ্ৰ দেশৰ ভিতৰতে আমাৰ ৰাজ্যত কৰ্কট আৰু আন কঠিন ৰোগৰ প্ৰকোপ সৰ্বাধিক। মদ্যপানৰ লগত মাত্ৰাধিক মাংস ভোজন আৰু অন্যান্য নিচাযুক্ত বা ৰাগিয়াল দ্ৰব্য সেৱন ইয়াৰ একমাত্ৰ কাৰণ। অকল ৰোগ সৃষ্টিয়েই নহয়, আগতে উল্লেখ কৰি অহা ঘটনা, দুৰ্ঘটনা, অসামাজিক কাৰ্যৰ অধিকাংশই ইয়াৰে পৰিণতি। ইয়াক প্ৰতিৰোধ কৰি সমাজত শান্তি প্ৰতিষ্ঠা কৰিবলৈ হ’লে সকলো ধৰণৰ নিচযুক্ত বা ৰাগিয়াল দ্ৰব্যবোৰ নিয়ন্ত্ৰণ হোৱাটো বাঞ্চনীয়। অন্যথা সমাজৰ শান্তি অবান্তৰ।
ডা: দণ্ড প্ৰতাপ শৰ্মা, আমাৰ অসম
শেহতীয়া উন্নীতকৰণ: : 5/22/2020
খাদ্য দ্ৰব্যৰ পৰা সৰ্বাধিক পুষ্টি কেনেকৈ পাব
কলেষ্টেৰল কেনেকৈ কমাব ?
অদৰকাৰী গছ-বনৰ দ্ৰব্য গুণ আৰু ব্যৱহাৰ
কীটনাশক দ্ৰব্যৰ মাত্ৰা নিৰ্দ্ধাৰণ আৰু মিশ্ৰণ তৈয়া...