অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্যক্তিগত পৰিস্কাৰ-পৰিচ্ছন্নতা মানি চলক

ব্যক্তিগত পৰিস্কাৰ-পৰিচ্ছন্নতা মানি চলক

ব্যক্তিগত স্বাস্থ্য ৰক্ষাৰ প্ৰয়োজনত আমাৰ দেহৰ অংগবোৰ পৰিস্কাৰকৈ ৰখাত গুৰুত্ব দিব লাগে। অতি স্পৰ্শকাতৰ তথা স্ংবেদনশীল এই অংগবিলাকত হোৱা স্ংক্ৰমণৰ বাবে মাৰাত্মক ৰোগ হোৱাৰ সম্ভাৱনা থাকে। বিশেষকৈ মহিলাসকলে এই ক্ষেত্ৰত অতি সাৱধান হোৱ উচিত। যিসকল মহিলাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম, যিসকলে বেছিকৈ এণ্টিবায়োটিকছ গ্ৰহণ কৰে, মেদবহুলতা আৰু ডায়েবেটিছ আছে, তেনে মহিলাৰ গোপন অংগবোৰত স্ংক্ৰমণ হোৱাৰ সম্ভাৱনা অধিক হয়। এইবাবেই গৰ্ভৱতী মহিলা আৰু ঋতুস্ৰাৱ বন্ধ হোৱা মহিলাৰ স্ংক্ৰমণ ঘটাৰ সম্ভাৱনা বেছি। একেদৰে অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেও পুৰুষাংগ বা স্ত্ৰী জননাংগত স্ংক্ৰমণ ঘটে।

উল্লেখ্য যে ভাৰতীয় মহিলাসকলৰ ৪০ শতাংশই গোপন অংগবোৰৰ পৰিস্কাৰৰ ক্ষেত্ৰত উদাসীন। ইয়াৰ কাৰণ হৈছে বহু মহিলাই ইয়াৰ পৰা যে বগা ৰোগৰ স্ংক্ৰমণ ঘটিব পাৰে, সেই বিষয়ে সচেতন নহয় আৰু সেইবাবেই এই বিষয়টোৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে। আনহাতে গোপন অংগবোৰ পৰিস্কাৰকৈ ৰাখিবলৈ কি কৰিব লাগিব, সেই বিষয়েও তেওঁলোকৰ সম্যক ধাৰণা নাই। যিমানে শিক্ষিত তথা স্বাধীন মনৰ নহওক কিয়, মহিলা এগৰাকীয়ে জননাংগ সন্দৰ্ভত আলোচনা কৰিব লগা হ’লে সাংঘাটিক অস্বস্তিবোধ কৰে। ইয়াৰ ফলত কিবা সমস্যা থাকিলেও কাকো ক’ব নোৱাৰে।

স্ত্ৰীৰোগ বিশেষজ্ঞ ডা: দুৰু শ্বাহৰ মতে, মহিলাসকলৰ ভেঁকুৰ জাতীয় স্ংক্ৰমণ ঘটাৰ সম্ভাৱনা অধিক হ্য়। দেহৰ ভাজ পৰা অংশবোৰত ঘাম জমা হঈ অধিক স্ংক্ৰমণ ঘটে। যিসকল মহিলা বা যুৱতীয়ে তেওঁলোকৰ গোপন অংগৰ পৰিস্কাৰৰ ক্ষেত্ৰত সচেতন নহয়, তেওঁলোকৰ সহজে স্ংক্ৰমণ ঘটে। আৰু এটি ডাঙৰ সমস্যা হৈছে, এইবোৰ কথা মহিলা বা যুৱতী এগৰাকীয়ে কেতিয়াও চিকিৎসকৰ ওচৰত গৈ মুকলিকৈ নকয়। এই ধৰণৰ স্ংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ হ’লে মহিলা বা যুৱতিসকলে কাষলতি, উৰুসন্ধি আৰু স্তনৰ তলভাগ শুকানকৈ ৰাখিব লাগে। প্ৰস্ৰাৱ কৰাৰ পিছত সদায় জননাংগ, উৰুসন্ধি ভালকৈ টয়লেট পেপাৰ বা কাপোৰেৰে মুচিব। অৱশ্যে অত্যধিক ঘামিলে এইবোৰ ঠাই শুকনকৈ ৰখাটো টান হয়। ইয়াৰ বাবে বিশেষ ধৰণৰ ক্ৰিম আৰু এণ্টি ফাংগাল পাউডাৰ ব্যৱহাৰ কৰিব পাৰি।

ডা: শ্বাহৰ মতে, মহিলা বা যুৱতিসকলে পিন্ধা কাপোৰৰ বাবেও স্ংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে। যেনে-অত্যধিক টাইট পেণ্ট বা ছিন্থেটিক পোছাক পিন্ধিব নালাগে। সদায় কপাহী কাপোৰৰ পেণ্টি ব্যৱহাৰ কৰিব লাগে। কিন্তু এইবোৰ সাৱধনতা লোৱাৰ পিছতো কেতিয়াবা স্ংক্ৰমণ ঘটিলে স্ত্ৰী ৰোগ বিশেষজ্ঞক দেখুৱাই লোৱা ভাল।

উল্লেখ্য যে বয়সৰ লগে লগে মহিলা এগৰাকীৰ দেহৰ বিভিন্ন পৰিৱৰ্তন হয়। যৌৱনকাল্ আৰম্ভ হোৱাৰ লগে লগে এই পৰিৱৰ্তনবোৰ আহি পৰে। বৰ্তমান চাকৰি কৰা আৰু ঘৰ সংসাৰ চলাই ঘৰতে থকা গৃহস্থী মহিলাৰ জীৱনশৈলী প্ৰায় একেই হৈ পৰিছে। তথাপি সামাজিক ধ্যান-ধাৰণাৰ বাবে আজিও মহিলাসকলে বহু কথা মুকলিকৈ ক’বলৈ স্ংকোচ কৰে। অৱশ্যে স্ংক্ৰমণ ঘটিলে মনে মনে থাকিলে অসুখ বেছি হোৱাৰহে সম্ভাৱনা থাকে। সেয়ে নিয়মীয়াকৈ ব্যক্তিগত পৰিস্কাৰ-পৰিচ্ছন্নতা নিজেই ৰক্ষা কৰি চলিব। জীৱন-ধাৰণৰ মান উন্নত হ’লে আৰু এই বিষয়ে প্ৰয়োজনীয় জ্ঞান আহৰণ কৰি নিয়মবোৰ মানি চলিলে স্ংক্ৰমণ হোৱাৰ কোনো সম্ভাৱনা নাথাকে।

স্ংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে কি কৰা উচিত

  • গা ধোৱাৰ সময়ত সদায় চাবোনেৰে গোপন অংগ পৰিস্কাৰ কৰিব।
  • নিজৰ টাৱেল, অন্তৰ্বাস, গা ধোৱা চাবোন আদি আনক ব্যৱহাৰ কৰিবলৈ নিদিব। ইয়াৰ ফলত বেক্টেৰিয়া, বীজাণু আদিৰ স্ংক্ৰমণ ঘটে।
  • গাত ব্যৱহাৰ কৰা তেল, ৰাসায়নিক পদাৰ্থ মিহলি চাবোন আদি ব্যৱহাৰ কৰিলে খজুৱতি আদিৰ স্ংক্ৰমণ নহয়।

দীপক চতুৰ্বেদী, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 7/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate