অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্যস্ততাৰ মাজতো বিচাৰক সান্নিধ্যৰ দুটি পল

ব্যস্ততাৰ মাজতো বিচাৰক সান্নিধ্যৰ দুটি পল

বৰ্তমানৰ ব্যস্ত জীৱন যাত্ৰাৰ হেতু নিজৰ অতি আপোনজনৰ বাবেও সময় উলিওৱা কঠিন হৈ পৰিছে। তথাপি ই অসম্ভৱ নহয়।

আজিকালিৰ ব্যস্ততাৰে ভৰা জীৱনটোত প্ৰত্যেকৰে বাবে এটা প্ৰশ্ন হৈ পৰিছে যে কিদৰে কেইটিমান মুহুৰ্ত আপোনজনৰ বাবে উলিয়াব পৰা যায় অথবা তেওঁক কেনেকৈ সময় দিব পৰা যায়। যদি আপুনিও এনে এক সমস্যাত পৰিছে, তেনেহ’লে প্ৰয়োজন হ’ব ছেগ চাই কঠীয়া পৰাৰ, যাতে আপুনি জীৱনসংগীক দিব পাৰে কেইটিমান মিঠা আৰু স্মৰণীয় মুহুৰ্ত উপহাৰ। আহক জানি লওঁ।

  • প্ৰথমতে আপুনি নিজৰ বাবে প্ৰণালীবদ্ধ এখন সূচী তৈয়াৰ কৰক অৰ্থাৎ কোনটো কাম প্ৰথমে কৰিব বা কোনটো কামৰ গুৰুত্ব বেছি বা কম। এনে কৰিলে সময় ৰাহি হ’ব আৰু বহুখিনি সকাহো পোৱা যাব।
  • অযুক্তিকৰ তৰ্কাদি নকৰিব। এনে হ’লে সময় নষ্ট হয় আৰু পাৰস্পৰিক মনোমাল্লিন্য বাঢ়ে।
  • যিমান দূৰ সম্ভৱ, সান্নিধ্যৰ সেই দুটি মূহুৰ্তত অনাৱশ্যক কথা-বতৰা নাপাতিব।
  • বছৰেকত এবাৰ দীঘলীয়া ভ্ৰমণলৈ ওলাব। তেতিয়া আপুনি প্ৰিয়জনৰ সান্নিধ্যত প্ৰচুৰ সময় কটাব পাৰিব আৰু জীৱনলৈ নতুনত্ব আহিব।
  • মাজে-সময়ে শ্ব’পিং মল বা ৰেস্তোৰাত আহাৰ গ্ৰহণৰ দিহা কৰিব।
  • আবেলিৰ চাহ-জলপান একেলগে বহি খাব। পিছে মনত ৰাখিব, অফিচৰ পৰা আহাৰ পিছতো ঘৰুৱা কোনো সমস্যা বা অভাৱ-অনাটনৰ কথা নাপাতিব। প্ৰথমে তেওঁৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ বিষয়ে সোধা-পোছা কৰক আৰু তাৰ পিছতহে নিজৰ ক’বলগীয়া খিনি কওক।
  • তেওঁৰ নিজৰ ব্যক্তিত্ব অনুসাৰে চলিবলৈ দিয়ক। কিন্তু যিমান পাৰে দুয়োৱে মিলি সমিল মিলেৰে জীৱনৰ বাট অতিক্ৰমি যোৱাৰ চেষ্টা কৰক।
  • ঘৰুৱা বস্তু বা অন্য কোনো সামগ্ৰী কিনিব লগা থাকিলে পৰাপক্ষত একেলগে বজাৰলৈ যাওক।
  • নিজৰ মনৰ কথা ভুলতো তেওঁৰ পৰা গোপনে নাৰাখিব আৰু ভুলবশত: তেনে হ’লেও আনে সেই কথা কোৱাৰ আগেয়ে নিজে কওক। এনে হ’লে পাৰস্পৰিক বিশ্বাস বাঢ়ি আহিব।
  • পাৰিবাৰিক যিকোনো সমস্যা একেলগে বহি বুজা-পৰাৰ মাজেৰে সমাধানৰ যত্ন কৰক।
  • কেতিয়াও অকলে জটিলতাৰ মাজত সোমাই নপৰিব। ই নিৰাশাহে বঢ়াই তুলিব।
  • যদি আপোনালোকে দুয়োৱে চাকৰিয়াল আৰু কোনো জনক অফিচৰ সমস্যাই বিব্ৰত কৰি তুলিছে, তেন্তে ইজনে সিজনক সহজভাৱে সোধক। যিমানখিনি পাৰে নিজৰ বিচাৰ-বিবেচনাৰে সহায় কৰাৰ চেষ্টা কৰক, যাতে সমস্যাটোৰ সৰল সমাধান হয়।
  • যদি আপুনি চাকৰিয়াল, তেন্তে মাজে-সময়ে নিজৰ আপোনজনক বাটত লগ পাই একেলগে অহাৰ কথা কওক। এনে কৰিলে অফিচৰ পৰা অহাৰ পৰত অলপ ফুৰি-চাকিও আহিব পাৰে।
  • নব্য চিন্তাধাৰা, পাৰস্পৰিক বুজাবুজিয়ে আপোনাক জীৱনসংগীৰ বাবে সময় ৰাহি কৰাত সহায় কৰিব।
  • ওচৰ সান্নিধ্য অটুত ৰখাৰ বাবে টেলিফোনটোক কথা-বতৰাৰ মাধ্যম হিচাপে লওক। ফোনতে খা-খবৰ জনাৰ চেষ্টা কৰক, যাতে সম্বন্ধৰ মাজলৈ অধিক আপোনত্বৰ ভাব আহে।

বিশ্বাস ৰাখক-যদি আপুনি তেওঁৰ আৰু তেওঁ আপোনাৰ এনেকুৱা সৰু-সুৰা কথাৰ প্ৰতি ধ্যান দিব পাৰে, তেনেহ’লে সম্ভৱেই নহ’ব আপোনাৰ সান্নিধ্য নোপোৱাকৈ থকাটো অথবা আপোনাৰ অকণমান মৰমৰ স্পৰ্শ নোপোৱাকৈ কামলৈ ওলাই যোৱাৰ কথা ভাবিবই নোৱাৰিব।

লেখিকা: ৰীণা দেৱী, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 6/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate