অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মানসিক চাপ

মানসিক চাপ

মানুহৰ জীৱন নানা সমস্যাৰে ভৰা। ব্যক্তি এজনে যেতিয়া জীৱনত সন্মুখীন হোৱা কোনো সমস্যাৰ সমাধান নিজা সামৰ্থৰে কৰিব নোৱাৰে, তেতিয়াই মানসিক চাপত ভোগা দেখা যায়। সাধাৰণতে অলপ মানসিক চাপত ভোগা দেখা যায়। সাধাৰণতে অলপ মানসিক চাপত ভোগাটো মানুহৰ শৰীৰ আৰু মনৰ বাবে ক্ষতিকাৰক নহয়। বৰং কম পৰিমাণৰ মানসিক চাপে ব্যক্তি এজনৰ অন্তৰত ধনাত্মক চিন্তাৰ পয়োভৰ ঘটাই এই চাপ অতিক্ৰম কৰি ব্যক্তিজনক জীৱনত কৃতকাৰ্য্য হোৱাত সহায় কৰে। কিন্তু অতিমাত্ৰা মানসিক চাপ ব্যক্তি এজনৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। অত্যাধিক মানসিক চাপে আৱেগিক আৰু মানসিক সমস্যাৰ সৃষ্টি কৰাৰ উপৰি নানা গুৰুতৰ শাৰিৰীক সমস্যাকে ধৰি হৃৎপিণ্ডৰ ৰোগ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, পাকস্থলীৰ ঘা, ষ্ট্ৰোক আৰু কৰ্কট ৰোগ পৰ্য্যন্ত সৃষ্টি কৰিব পাৰে। বৰ্তমানৰ প্ৰতিযোগিতামূলক সমাজখনত এই সমস্যা প্ৰতিদিনে বাঢ়ি আহিছে। কিশোৰ-কিশোৰীৰ পৰা আৰম্ভ কৰি ডেকা, মধ্যবয়সীয়া, বৃদ্ধ-বৃদ্ধা সকলো বয়সৰ লোকেই মানসিক চাপত ভোগ দেখা যায়। অৱশ্যে ব্যক্তি আৰু বয়সভেদে মানসিক চাপত ভোগাৰ কাৰণবোৰ ভিন্ন ভিন্ন হয়। কিশোৰ-কিশোৰীয়ে হয়তো পৰীক্ষাৰ সময়ত, সাক্ষাৎকাৰৰ সময়ত, অধ্যয়ন আৰু পৰীক্ষাত আশানুৰূপ ফল নাপালে, বন্ধুত্বৰ সম্পৰ্কত ভাঙোন আহিলে, পিতৃ-মাতৃৰ দ্বাৰা অৱহেলিত হ’লে মানসিক চাপত ভুগিব পাৰে। ডেকা এজনে হয়তো মন:পুত কৰ্মসংস্থান নোপোৱা, কামত অধিক হেঁচা, অৰ্থনৈতিক দুৰৱস্থা, প্ৰেম, পৰিয়ালৰ বিভিন্ন কাৰণত মানসিক চাপত ভুগিব পাৰে। ঠিক সেইদৰে বৃদ্ধ কালত পৰিয়ালৰ পৰা গুৰুত্ব নোপোৱা, অৰ্থনৈতিক স্বাৱলম্বিতাৰ অভাৱ আৰু নানা ৰোগৰ বাবে বৃদ্ধ-বৃদ্ধাসকল মানসিক চাপত ভুগিব পাৰে।

সেয়েহে মানসিক চাপৰ কাৰণবোৰক মূলত: আমি তিনিটা ভাগত ভগাব পাৰোঁ:

১) শাৰিৰীক আৰু মানসিকভাৱে অত্যাধিক হেঁচা পোৱা কামত অত্যাধিক হেঁচা, অধিক সময় কাম কৰিবলগীয়া হোৱা, অধিক কথা বা খবৰ মনত ৰাখিবলগীয়া হোৱা, জীৱনত অধিক বস্তুৰ প্ৰয়োজন হোৱা, শাৰিৰীকভাৱে অধিক ৰোগ হোৱা ইত্যাদি। মনত ৰাখিব লাগে যে সকলোৰে অত্যাধিক বেয়া। জীৱনত অত্যাধিক বিচাৰিলেই মানসিক চাপত ভুগিবই লাগিব।

২) জীৱন আৰু সংসাৰৰ প্ৰভাৱ-পৰিয়াল আৰু নিজৰ ওপৰত টকা-পইচাৰ প্ৰভাৱ, পৰিয়াল আৰু আত্মীয়ৰ সহযোগিতা আৰু প্ৰভাৱ, ব্যক্তিগত ইগ’, বন্ধু-বান্ধৱীৰ মানসিক অসহযোগিতা, বেয়া স্বাস্থ্য, কম বিনোদন কৰা, কামৰ পৰা কম ছুটী লোৱা সামাজিক আৰু আধ্যাত্মিক প্ৰভাৱ, অবন্ধুসুলভ জীৱনলগৰী, সমাজৰ দুৰ্নীতি, আতিশয্য দিয়া কৰ্মসংস্থানকাৰী (শাৰিৰীক, মানসিক, যৌন আতিশয্য), নষ্ট হোৱা জীৱন লগৰী অথবা পুত্ৰ- কন্যা ইত্যাদি।

৩) কিছুমান শাৰিৰীক ৰোগ আৰু সেৱন কৰা ঔষধৰ প্ৰভাৱ-ৰক্তহীনতা, শৰীৰত আইৰণৰ অভাৱ, থাইৰয়ড হৰম’ন’ৰ সমস্যা, ডায়েবেটিছ, Cushing Syndrome, মেদবহুলতা, মোনোনিউক্লিঅ’ছিছ, অতিমাত্ৰা ষ্টেৰইড সেৱন কৰা, কৰ্কট ৰোগৰ দৰবৰ পাৰ্শ্বক্ৰিয়া ইত্যাদি। এনে পৰিৱেশত ব্যক্তিজনৰ মস্তিস্কৰ লিম্বিক ছিষ্টেমে চেৰিব্ৰেল কৰ্টেক্স অংশটি পৰিচালিত কৰি মানসিক চাপত ভোগায়। ব্যক্তি এজনে মানসিক চাপত ভুগিলে নানা ধৰণৰ লক্ষণবোৰ হ’ল-

১) Behavioral লক্ষণ: বাৰে বাৰে চিগাৰেট অথবা অন্য ধঁপাত সেৱন কৰা, মাদক দ্ৰব্য সেৱন কৰা, বাৰে বাৰে চাহ বা কফি খোৱা, নখ কামুৰি থকা, আঁঠু লৰাই থকা, নিজৰ চুলিকে টানি থকা থকা, অসাৱধনতাৰে গাড়ী চলোৱা, নিজকে সামাজিকভাৱে আঁতৰাই আনি অকলশৰে থাকিবলৈ ভাল পোৱা ইত্যাদি।

২) Cognitive লক্ষণ-স্মৃতি শক্তি হ্ৰাস পোৱা, কথা পাহৰি যোৱা, ভাবিবলৈ টান পোৱা, ভয়াতুৰ হোৱা অসংযত হোৱা ইত্যাদি।

৩) আৱেগিক লক্ষণ- তৎক্ষণাৎ খং উঠা, খিংখিঙীয়া হোৱা, অকাৰণতে খং উঠা, হতাশাত ভোগা, মানসিক উদ্বেগ বঢ়া, অকাৰণতে ভয় খোৱা, অনবৰতে টোপনি লাগি থকা ইত্যাদি।

৪) শাৰিৰীক লক্ষণ- পিঠি, ডিঙি আদিৰ পেশীৰ বিষ অনুভৱ, অনিয়মিত শ্বাস-প্ৰশ্বাস হোৱা, মুখ শুকাই যোৱা, হাতৰ তলি পেট বিষোৱা, আঙুলি ঠাণ্ডা হৈ পৰা, হাত-ভৰিৰ কঁপনি হোৱা, সঘনাই প্ৰস্ৰাৱ-পাইখানাৰ অনুভৱ হোৱা ইত্যাদি।

কিছুমান সহজ পন্থা অৱলম্বন কৰি আমি অত্যাধিক মানসিক চাপৰ পৰা পৰিত্ৰাণ পোৱাৰ উপৰি মানসিক চাপ আঁতৰাই ৰাখিব পাৰো। যিবোৰ কথাই মানসিক চাপ দিয়ে, সেইবোৰ চিনাক্ত কৰি তেনে পৰিৱেশ আৰু কথাবোৰকৈ গুৰুত্ব নিদি পৰিত্যাগ কৰিব লাগে। মানসিক চাপত ভোগা ব্যক্তিয়ে এই চাপক ধনাত্মকভাৱে লৈ ইয়াৰ বিৰুদ্ধে যুঁজিব লাগে। এবাৰত অকৃতকাৰ্য হৈ মানসিক চাপত ভুগিলেও পিছত নতুন উদ্যমেৰে এই চাপ অতিক্ৰম কৰি কৃতকাৰ্য্য হ’ব পাৰি। মানসিক চাপৰ পৰা মুক্তি পাবলৈ আনৰ সহায় ল’ব লাগে। নিজৰ মানসিক চাপৰ কাৰণ পৰিয়াল, আত্মীয়, বন্ধু-বান্ধৱ, শিক্ষক আৰু চিকিৎসকক কৈ তেওঁলোকৰ সহযোগত মানসিক চাপৰ পৰা মুক্তি পাব পাৰি। কিশোৰ-কিশোৰীসকলে পিতৃ-মাতৃ, আত্মীয় আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ সহায় লৈ মানসিক চাপ আঁতৰাব পাৰে। অভিভাৱকসকলে সদায় সন্তানৰ কথা মনোযোগেৰে শুনি তাক দূৰ কৰাৰ ব্যৱস্থা ল’ব লাগে। মানসিক চাপত ভোগা ব্যক্তিৰ কথা মনোযোগেৰে শুনাটোৱে ৰোগীজনৰ বাবে মহৌষধৰ কাম কৰে। মানসিক চাপ কমোৱাত সুস্বাস্থ্য বৰ্তাই ৰখাটো যথেষ্ট প্ৰয়োজনীয়। জাংক ফুড, শীতল পানীয়, ধঁপাত সেৱন, মাদক দ্ৰব্য সেৱন, ড্ৰাগছ সেৱন, টোপনি খতি আদি কৰিব নালাগে। এইবোৰ অভ্যাসে মানসিক চাপ কমোৱাৰ পৰিৱৰ্তে বঢ়ায়। সেয়েহে সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় সন্তলিত পুষ্টিকৰ আহাৰ, ভিটামিন, মিনাৰেল, বিশুদ্ধ পানী খাব লাগে আৰু নিয়মিতভাৱে ভালদৰে শুব লাগে। চিকিৎসকৰ ওচৰত শৰীৰ পৰীক্ষা কৰাব লাগে। ওপৰত উল্লেখ কৰা ৰোগবোৰৰ কাৰণে মানসিক চাপ হ’লে, তাৰ উচিত চিকিৎসা লৈ মানসিক চাপ আঁতৰাব পাৰি। শাৰিৰীক ব্যায়াম, শাৰিৰীক শ্ৰম আদি মানসিক চাপ দূৰ কৰাৰ বাবে মহৌষধ। নিয়মিতভাৱে ব্যায়াম কৰা, খোজ কঢ়া, দৌৰা, টেনিছ খেলা, বেডমিন্টন খেলা, ফুটবল আৰু ভলীবল খেলা আদি কৰি মানসিক চাপ আঁতৰাই ৰাখিব পাৰি। নিজে ভাল পোৱা কামবোৰ কৰিব লাগে। বন্ধুৰ সৈতে আড্ডা মৰা, বাগিচাত খোজ কঢ়া, ব্যায়াম কৰা, চিনেমা চোৱা, গান শুনা, নতুন বন্ধু গোটোৱা, সামাজিক কামত নিজকে ব্যস্ত ৰখা আদি ইয়াৰ ভিতৰত পৰে। আনক সহায় কৰিবলৈ শিকক। আনক আৰু সমাজক সহায় কৰি পোৱা আনন্দই মানসিক চাপ বহুখিনি আঁতৰাব পাৰে। এৰোবিকছ যোগ, ছাইক’থেৰাপী, মেডিটেচন, মেছাজ, এৰোমাথেৰাপী, ফিজিঅ’থেৰাপী আদিৰ সহায় লৈও মানসিক চাপ কমাব পাৰি। ধাৰ্মিক স্থান ভ্ৰমণ, ধাৰ্মিক অনুষ্ঠানত অংশগ্ৰহণ, ধৰ্মগুৰুৰ উপদেশ লোৱা আৰু প্ৰাৰ্থনা আদি কৰিও মানসিক চাপ কিছু পৰিমাণে কমাব পাৰি।

লিখক: ডা: ধৰ্মকান্ত কুম্ভকাৰ।

শেহতীয়া উন্নীতকৰণ: : 6/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate