অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মানসিক চাপ প্ৰশমনৰ উপায়:

মানসিক চাপ প্ৰশমনৰ উপায়:

প্ৰকৃততে পৃথিৱীত কোনো লোকেই চাপমুক্ত নহয়। তেজ-মঙহৰ সকলো লোকেই কিঞ্চিৎ পৰিমাণে হ’লেও মানসিক চাপত ভুগিবলগীয়া হোৱাটো কোনো ডাঙৰ কথা নহয়। ইও জীৱনৰে স্বাভাৱিক প্ৰক্ৰিয়া মাথোন। চাপমুক্ত জীৱনৰ অধিকাৰী হ’বলৈ হ’লে হ’ব লাগিব। স্থিতিপ্ৰজ্ঞতা আৰু নিৰ্বোধতাৰ মাজৰ এই মানুহখিনিৰ যিবিলাকে জীৱনক সহজভাৱে গ্ৰহণ কৰিব পাৰে নাইবা ঈছপৰ সাধুৰ সেই শিয়ালটোৰ দৰে ঢুকি নোপোৱা আঙুৰক টেঙা বুলি পৰিহাৰ কৰি নিজকে পৰিস্থিতিৰ সতে খাপ খুৱাই ল’ব পাৰে, তেওঁবিলাকে কাহানিও তেনেকৈ মানসিক চাপৰ চিকাৰ হ’ব নালাগে। আনহাতে যিবিলাক লোকে নিজৰ সীমা বা সামৰ্থ্য নিচিনা জীৱন মৰূত অহৰহ মৰীচিকা খেদি ফুৰে, তেওঁবিলাকে কিন্তু প্ৰায়েই মানসিক চাপৰ হৈ জীৱনত বিভিন্ন ৰোগ-ব্যাধিকে ধৰি নানা বিকাৰ ভুঞ্জিবলগীয়া হয়। কিন্তু আমি কিছুমান অতি সাধাৰণ উপায়ৰ দ্বাৰা চাপমুক্ত হৈ সহজে জীৱন-অমিয়া পান কৰি জীৱনটো উৎসৱৰ দৰে উদযাপন কৰিব পাৰো। এই চাপমুক্তিৰ চাবি-কাঠীস্বৰূপ বিভিন্ন উপায়সমূহৰ কেইটামান হ’ল-

নিজৰ প্ৰিয়গীত শ্ৰৱণ-

সংসাৰৰূপী মৰুভূমিত গীত বা সংগীতক সৰোবৰ বুলি কোৱা হয়। এই সংগীতৰ এক বিশেষ যাদুকৰী সঞ্জীৱনী শক্তি আছে যিয়ে সমাজৰ সকলো শ্ৰেণীৰ মানুহেৰে তাপিৰ পৰাণ জুৰাই চাপমুক্ত কৰি তুলিব পাৰে। সেয়ে আধুনিক যুগত, বিশ্বৰ বিভিন্ন ঠাইত সংগীতৰ ৰোগ নিৰাময়ী গুণৰ প্ৰতি সঁহাৰি জনাই সংগীতক এক বিশেষ চিকিৎসাৰ মাধ্যম হিচাপে গ্ৰহণ কৰি, পৃথিৱীৰ প্ৰায়বোৰ দেশতে ‘মিউজিক থেৰাপী’ চিকিৎসাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে চিহ্নিত হৈছে।

অধ্যয়ন-

মনসিক প্ৰশমনৰ এক প্ৰশস্ত উপায় হ’ল পুথি অধ্যয়ন, যি কথা আজি বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলৰ পৰীক্ষাত প্ৰমাণিত হৈছে। চিকিৎসা বিজ্ঞানৰ এই পৰীক্ষাত প্ৰকাশ পোৱা তথ্য মতে, পুথি অধ্যয়নে মানুহৰ দেহৰ চাপ সৃষ্টিকাৰী স্নায়ুসমূহ শান্ত-সমাহিত কৰি তুলি মানুহক অতি সোনকালেই চাপমুক্ত কৰে। এই দিশৰ গৱেষকসকলে উল্লেখ কৰিছে যে মানুহৰ মানসিক প্ৰশান্তিৰ বাবে অধ্যয়নেই সহজ আৰু সৰ্বোত্তম উপায়। অধ্যয়ন কৰিব ধৰিলে মানুহৰ মন আৰু শৰীৰৰ চিন্তাবোৰ লাহে লাহে প্ৰশমিত হ’ব ধৰে আৰু মানুহজনৰ মনটো সাহিত্যৰ মনোৰম জগতত আশ্বস্ত হৈ পৰে। এই দিশৰ বিশিষ্ট গৱেষক ডাঃ ডেভিদ লিৱিছৰ মতে, প্ৰিয় পুথি অধ্যয়নৰ মাজত নিজকে ডুবাই ৰখাতকৈ মানসিক শান্তি লাভ কৰাৰ আন সহজ উপায় একো নাই। কোনে কি কিতাপ অধ্যয়ন কৰে সেইটো ধৰিবলগীয়া কথা নহয়, গুৰুত্বপূৰ্ণ কথাটো হ’ল নিজকে অধ্যয়নত ব্যস্ত ৰাখি চিন্তা আৰু চাপৰ পৰা নিজকে মুক্ত কৰি ৰখাৰ চেষ্টা কৰাটোহে।

চাপ নিয়ন্ত্ৰণৰ অন্য উপায়-

আচলতে মানসিক চাপ নিয়ন্ত্ৰণৰ এশ এটা উপায় আছে। ইয়াৰ বাবে মানুহজন প্ৰথমতে আত্মবিশ্বাসী হ’বই লাগিব। কিয়নো আত্মবিশ্বাসী লোকে ইতিবাচক চিন্তাৰ জৰিয়তে চাপ সৃষ্টিকাৰী সমস্যাসমূহৰ উঁই উলিয়াই সেইবিলাক নিবাৰণ কৰি চাপমুক্ত হ’ব পাৰে। তদুপৰি সৰু-সুৰা ভ্ৰমণ নিজৰ ভাল লগা কামত অত্মনিয়োজন, বন্ধুৰ সতে বক বিনিময়, শিশুৰ সৈতে ওমলা, খেল-ধেমালি, ধ্যান-প্ৰাণায়াম, আধ্যাত্মিক চিন্তন-মনন, জীৱনৰ স্বৰূপ উপলব্ধিকৰণ, ইতিবাচক চিন্তা-চৰ্চা, হাঁহি-তামাচা আদিৰ জৰিয়তে অনায়াসে চাপ নিয়ন্ত্ৰণত সফলতা লাভ কৰিব পাৰি।

লেখক: ভুৱনেশ্বৰ ডেকা(অসম বাণী)

শেহতীয়া উন্নীতকৰণ: : 2/29/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate