অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মানসিক সুস্বাস্থ্য

মানসিক সুস্বাস্থ্যৰ বিষয়ে-

আমাৰ দেশ ভাৰতবৰ্ষত বর্তমান সময়ত ক্ৰমে বৃদ্ধি পাই আহিছে মানসিক ৰোগীৰ সমস্যা। বেংগালুৰুৰ “নেচনেল ইনষ্টিটিউট অফ মেন্টেল হেলথ এণ্ড ছায়েন্স”-এ জনাইছে যে এই মূহুৰ্তত দেশৰ ৩৫ লাখ মানসিক ৰোগীক চিকিৎসালয়ত ভর্তি কৰাই চিকিৎসা কৰাৰ প্রয়োজন। কিন্তু দুখৰ বিষয় যে দেশত মানসিক ৰোগীসকলৰ বাবে চিকিৎসা প্রতিষ্ঠানৰ সংখ্যা হ’ল মাত্র ৪০খন। আৰু এই চিকিৎসা প্রতিষ্ঠানসমূহত বিছনাৰ সুবিধা হ’ল মাত্র ২৬ হাজাৰ। তদুপৰি যথেষ্ট সংখ্যক মানসিক চিকিৎসকৰ অভাৱত ৰোগীসকলৰ বহুতেই সাধাৰণ চিকিৎসকৰ হতুৱাই চিকিৎসা কৰায়। ইয়াৰ ফলত হিতে বিপৰীত হোৱাৰ সম্ভাৱনা বেছি। সমীক্ষাত দেশত এই মূহুৰ্তত ১২ হাজাৰ মানসিক চিকিৎসকৰ প্রয়োজন। কিন্তু আছে মাত্র চাৰে তিনি হাজাৰ। মানসিকভাৱে সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ আমি সকলোৱে বাঞ্ছা কৰো। নহ’লে জীৱনৰ পথত আগ বাঢ়ি যোৱাই যে অসম্ভৱ। গতিকে বিষন্নতা, উদ্বেগ আদিৰ পৰা আমি আঁতৰি থাকিব বিচাৰো। কিন্তু মানসিক সুস্বাস্থ্যৰ অধিকাৰী কেৱল প্রকৃততে সেইসকলহে মানসিক সুস্বাস্থ্যৰ অধিকাৰী যিসকল মানসিকভাৱে সুস্থ, ইতিবাচক বৈশিষ্ট আৰু চিন্তাধাৰাৰে ভৰপূৰ। তেওঁলোকৰ অন্তৰত আনন্দ অনুভূতি থাকিব লাগিব। লগতে লাগিব উদ্দীপকমূলক, কৌতুকপূৰ্ণ অনুভূতি। নতুন কিবা শিকা আৰু পৰিবর্তনমূলক দক্ষতাৰো খুবেই প্রয়োজন। আটাইতকৈ ডাঙৰ কথা হ’ল নিজৰ সম্পর্কে দৃঢ় আত্মবিশ্বাস আৰু উচ্চ মনোভাৱৰ।

মানসিক সুস্বাস্থ্যৰ অধিকাৰী মানে  কি-


লগতে এই কথাও ঠিক যে মানসিক সুস্বাস্থ্যৰ অধিকাৰী মানে এয়া নহয় যে তেওঁলোকে কেতিয়াও মানসিক দুঃসময় অতিবাহিত কৰা নাই। আমি সকলোৱে হতাশা, ক্ষতি আৰু পৰিবৰ্তনৰ মাজেৰে জীৱন পথত আগবাঢ়িব লাগিব। কিন্তু এই সকলোবোৰ হেলাৰঙে অতিক্ৰম কৰি নিজকে সুসময়ৰ পিনে আগুৱাই নিয়াটোহে আচল কথা। কিন্তু যদি হতাশা, ক্ষতি, দুখভাব এইবোৰেই জীৱনৰ স্বাভাৱিক কথা হৈ পৰে, তেতিয়াই আহি যায় বিষন্নতা, উদ্বেগ আৰু মানসিক চাপ।

এক কথাত ক’বলৈ হ’লে সাধাৰণ লোকতকৈ মানসিক সুস্বাস্থ্যৰ অধিকাৰী মানুহৰ পাৰ্থক্য হৈছে তেওঁলোকৰ দুর্যোগ, দুৰ্ভাৱনা, মানসিক চাপ আদি সকলো পিছুৱাই থৈ জীৱন পথত আগ বাঢ়ি যাব পাৰে। এই ক্ষমতাকে কোৱা হয় উজ্জীৱন বা উদ্দীপনা। এনে ধৰণৰ মানুহৰ জটিল সময়ৰ স’তে মোকাবিলা কৰাৰ ক্ষমতা থাকে। তেওঁলোক সকলো সময়তে স্বকেন্দ্ৰীয়, উদ্বেগবিহীন, সৃজনশীল। জীৱনৰ ভাল সময়তে হওক অথবা জটিল সময়তে হওক জীৱনত মানসিক চাপ থাকিবই। কিন্তু এই মানসিক চাপেৰে ভৰপূৰ জীৱনত ভাৰসাম্য বজাই ৰখাটোৱেই আচল কথা।

সমগ্র বিশ্বতে মানসিক ৰোগীসকলৰ বেছিভাগেই চহৰত বাস কৰে। কাৰণ চহৰাঞ্চলত অধিকাংশই একাকী পৰিয়াল। আৰু বিশেষজ্ঞসকলৰ মতে যৌথ পৰিয়ালতকৈ একক পৰিয়ালত থকাসকল মানসিক ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা অতি বেছি।

চহৰত কিশোৰ-কিশোৰীসকলৰ মাজত মানসিক ৰোগৰ প্ৰকোপ বেছি হোৱাৰ প্রধান দুটি কাৰণ হ’ল—


পিতৃ-মাতৃয়ে যিমানখিনি সময় তেওঁলোকক দিব লাগে, সেইখিনি সময় অধিকাংশই দিবলৈ অপাৰগ। তদুপৰি স্কুলত পঢ়া-শুনাৰ যি গধুৰ বোজা এই বোজা বহন কৰিব নোৱাৰা বাবেও মানসিক ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। জীৱন-জীৱিকাৰ ক্ষেত্ৰত প্রতিযোগিতা বাঢ়ি যোৱাৰ কাৰণে মানুহৰ মনৰ ওপৰত চপো বাঢ়িছে। এই চাপ যিসকলে সহ্য কৰিব নোৱাৰে তেওঁলোকেই মানসিক ৰোগীৰ বলি হয়।

মানসিক চাপমুক্তিৰ বাবে মনটোক সদায় কামৰ প্রতি উদ্যমী কৰি ৰাখিব লাগে। শৰীৰৰ প্ৰতি যত্ন লোৱাটোও খুবেই প্রয়োজন। লগতে প্রয়োজন পৰিমিত টোপনিৰ। প্ৰতিগৰাকী লোকেই পুষ্টিকৰ খাদ্য গ্রহণ কৰা উচিত। বহুতেই পুষ্টিকৰ খাদ্যৰ ওপৰত গুৰুত্ব নিদিয়ে। কিন্তু মনত ৰখা উচিত যিমানেই পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব সিমানেই সুস্বাস্থ্যৰ অধিকাৰী হ’ব। মানসিক চাপ, হতাশা আৰু দুঃশ্চিন্তা আঁতৰাবৰ বাবে ব্যায়াম হ’ল এবিধ শক্তিশালী ঔষধ।

কাম-কাজত নিজক ব্যস্ত ৰাখিব লাগে। উদাহৰণস্বৰূপে, চিৰিৰে উঠা নমা কৰা, খোজ কঢ়া ইত্যাদি। প্রতিদিনে ৩০ মিনিট সময় ব্যায়াম কৰিব পাৰিলে সিয়ে দিব মানসিক আৰু শাৰীৰিক সুস্বাস্থ্য।

মনত ৰখা উচিত দীর্ঘস্থায়ী সুস্বাস্থ্যই মানুহৰ বুদ্ধিমত্তা বৃদ্ধি কৰে। বুদ্ধিমত্তাই অনাৰ লগত মিলামিছা কৰা, আনক বুজি পোৱা আৰু সমস্যা সমাধানত সহায় কৰে। এই সকলোখিনিয়ে কঢ়িয়াই আনে এক সুন্দৰ মানসিক সুস্বাস্থ্য।

লেখিকা: অনিতা গোস্বামী, অসম বাণী।

শেহতীয়া উন্নীতকৰণ: : 1/23/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate