সাধাৰণতে মানসিক গঠন অনুসৰি মূলত: ছয় ধৰণৰ ব্যক্তিত্বৰ মানুহ দেখা যায়।
মানসিক গঠন অনুসৰি বহু ধৰণৰ ব্যক্তিত্ব প্ৰকাশ পায়। তেনে ধৰণৰ ব্যক্তিত্বৰ বিষয়ে তলত উল্লেখ কৰা হ’ল:
স্থিতিশীল ব্যক্তিৰ মন বহুত মজবুত আৰু দৃঢ় হয়। এওঁলোক সহজে ভাঙি নপৰে আৰু মনৰ অস্থিৰতাও কাকো বুজিব নিদিয়ে। অভ্যন্তৰীণ আৰু মানসিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এওঁলোক বহু সজাগ। কোনো কামৰ সফলতাৰ ক্ষেত্ৰতো এওঁলোক বহু সজাগ।
টাইপ এ মানসিকতা
এই মানসিকতাৰ মানুহে বহু ব্যস্ততাত থাকি ভাল পায়। কথা বহু আৰু কামবোৰ কৰে সোনকালে। খোৱাৰ প্ৰতি লোভ থাকে বেছি। কিন্তু বেছিভাগ সময় এটা বিৰোধী মনোভাৱ বা প্ৰতিবাদী মনোভাৱ মনত পোষণ কৰে।
মানসিকভাৱে সহনিৰ্ভৰশীল
এনে ব্যক্তিয়ে প্ৰতিটো কামতে, প্ৰতিটো কথাতে আনৰ সহায় ল’ব বিচাৰে। নিজৰ কৰ্ম বা কথাৰ ওপৰত বিশ্বাস কম থাকে। কিন্তু সহজে সকলোৰে বিশ্বাসী হ’ব পাৰে। আত্ম বলিদানৰো মানসিকতা থাকে এওঁলোকৰ অন্যৰ বিপদ বা প্ৰয়োজনত।
অসহায়তাপূৰ্ণ মানসিকতা
এনে ব্যক্তিৰ আত্মবিশ্বাস খুব কম থাকে। কোনো বেয়া কাম বা ঘটনাৰ বাবে নিজে গভীৰভাৱে দোষ পায় বা কষ্ট পায়। বিভিন্ন ধৰণৰ অলৌকিক প্ৰক্ৰিয়া বা অবাস্তৱ বস্তুৰ প্ৰতি এওঁৰ আকৰ্ষণ থাকে প্ৰবল। ভাগ্যক বহুত বিশ্বাস কৰে। সকলো কামতে দিন বাৰ চাইহে কামত হাত দিয়ে। নহ’লে নকৰে।
টাইপ আৰ মানসিকতা
এই ধৰণৰ মানুহ বৰ চাঞ্চল্যকত স্বভাৱৰ হয়। সকলো সময়তে এওঁলোক ৰোমাঞ্চ ভাল পায়। কোনো কামতে এওঁলোক পিচ হুহুকি নাহে। বিপদসংকুল কাম কৰাৰ প্ৰৱণতা এওঁলোকৰ অহৰহ লাগি থাকে।
মানসিক গঠন এইসকল ব্যক্তিৰ বৰ ভাল কিন্তু মন বৰ কোমল হয় বাবে অলপমান মানসিক চাপ বা আঘাতেই ভাঙি পেলায় এই ব্যক্তিসকলক।
ধীৰু।
শেহতীয়া উন্নীতকৰণ: : 6/17/2020
আঁঠুৰ বিষত ভুগিছে নেকি?
এইড্ছ: জানিবলগীয়া কথা
অসমীয়া কৃষ্টিৰ চমু আভাস:বিষ্ণুপ্ৰসাদ ৰাভা
আপোনাৰ মুখমণ্ডলৰ যত্ন লওঁক