ষ্ট্ৰেছ শব্দৰ পৰিভাষা অসমীয়াত ব্যাখ্যা কৰা কঠিন। ষ্ট্ৰেছ বা চাপক মানসিক চাপ আৰু দৈহিক চাপ উভয়কে সংযুক্তভাৱেহে বুজায়। মানুহে সন্মুখীন হোৱা পৰিস্থিতি বা পৰিঘটনা, যেনে- আতংকিত হোৱা, উত্তেজিত হোৱা, মতিভ্ৰম হোৱা আদি পৰিস্থিতিত মানুহৰ শৰীৰে আৰু আৱেগিকভাৱে প্ৰকাশ কৰা প্ৰতিক্ৰিয়াসমূহক মান্যতা প্ৰদান কৰে। এই প্ৰতিক্ৰিয়াসমূহ ব্যক্তিৰ বৃত্তিৰ সৈতে জড়িত হোৱাৰ পৰিঘটনাৰ পৰা নিকটতম ব্যক্তিৰ মৃত্যুৰ সংবাদৰ পৰা সৃষ্টি হ’ব পাৰে। বহু মনোবিজ্ঞানীয়ে ষ্ট্ৰেছক জীৱবিজ্ঞান সম্বন্ধীয় শব্দ বুলি ব্যক্ত কৰিব খোজে। কিয়নো, ব্যক্তিৰ জীৱনত সংঘটিত পৰিঘটনা যি দৈহিক অথবা আৱেগিক হ’বও পাৰে আৰু ব্যক্তিয়ে সমানুপাতিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ অসমৰ্থ।
ষ্ট্ৰেছ বা চাপৰ বিষয়ে প্ৰায় ১০০ বছৰ আগেয়ে হাৰ্ভাৰ্ডৰ ডাঃ ব্লালটাৰ বিঃ কেনন নামৰ শৰীৰ বিজ্ঞানীয়ে পোনপ্ৰথমে ব্যাখ্যা কৰিবলৈ প্ৰয়াস কৰে। তেৱেঁই প্ৰথম ‘যুদ্ধ কৰা বা পলাই যোৱা’ প্ৰতিক্ৰিয়াৰ সৈতে দেহৰ শৰীৰ বিজ্ঞান সম্বন্ধীয় আৰু জৈৱ-ৰসায়ন সম্বন্ধীয় ক্ৰিয়াসমূহৰ বিষয়ে বিশ্বক জানিবলৈ দিয়ে। ইয়াৰ পিছত হানছ চেইলীয়ে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰে। তেওঁ মত প্ৰকাশ কৰে যে সঁচা বা কাল্পনিক পৰিঘটনায়ো ষ্ট্ৰেছৰ সৃষ্টি কৰিব পাৰে। তেওঁ দেহত সংঘটিত হোৱা প্ৰতিক্ৰিয়াৰ বিষয়ে জানিবলৈ দিয়ে। দেহত যুদ্ধ কৰা অথবা পলাই যোৱা এনে প্ৰতিক্ৰিয়াৰ বিষয়েও বৈজ্ঞানিক যুক্তি ব্যাখ্যা কৰে। এই পৰিঘটনাৰ উৎসৰ পৰা সংকেত চেৰিব্ৰেল কৰ্টেক্সৰ (মানসিক কাৰ্যকলাপ, ঐচ্ছিক শৰীৰ সঞ্চালন জাতীয় ক্ৰিয়াৰ সৃষ্টি কৰা মগজুৰ অংশ) পৰা মগজুৰ অধোচেতক (হাইপ’থেলামাছ) অংশলৈ প্ৰবাহিত হয়। অধোচেতক অংশই অনুকম্পী স্নায়ুতন্ত্ৰক উত্তেজিত কৰে আৰু ইয়াৰ দ্বাৰাই এলানি পৰিৱৰ্তন দেহত সাধিত হয়। যেনে- হৃদস্পন্দন, উশাহ লোৱাৰ মাত্ৰা, মাংসপেশীৰ কাঠিন্য, ৰক্তচাপ, দেহৰ বিপাকীয় প্ৰণালী বৃদ্ধি হয়। হাত-ভৰিবিলাক চেঁচা হৈ পৰে, কিয়নো এই অংশবোৰৰ পৰা আৰু পাচনতন্ত্ৰৰ পৰা ৰক্ত ওলাই আহি দেহৰ ডাঙৰ মাংসপেশীবোৰলৈ প্ৰবাহিত হয়, যাতে শৰীৰে উক্ত পৰিঘটনাৱলীৰ সৈতে মোকাবিলা কৰাত সহায়ক হয়। ৰোগীয়ে পেটত অস্বস্তি বোধ কৰে, চকুৰ মণিকেইটা বহল হৈ পৰে, শ্ৰৱণশক্তি তীব্ৰ হৈ পৰে।
যদি ষ্ট্ৰেছ বা চাপক বহুসময় ধৰি পৰীক্ষা আৰু চিকিৎসা কৰা নহয়, তেন্তে দেহত অধিক বিক্ৰিয়াৰ সৃষ্টি হয়। দেহৰ এড্ৰিনেল নামৰ গ্ৰন্থিৰ পৰা কৰটিক’ষ্ট্ৰেইড, এড্ৰিনেলিন, ইপিনেক্সিন, নৰইপিনেফৰিন আদি নিঃসৰণ কৰে। ফলশ্ৰুতিত হজমী শক্তিত বাধা প্ৰদান হয়, জন্মৰ ক্ষমতা, দেহৰ শ্ৰীবৃদ্ধি আৰু ক্ষয় প্ৰতিৰোধ, দেহ অসংক্ৰাম্যতা গুণ বাধাপ্ৰাপ্ত হয়।
যি প্ৰক্ৰিয়াৰ ক্ৰিয়াবিধিৰ দ্বাৰা উক্ত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় সেই ষ্ট্ৰেছ প্ৰতিক্ৰিয়া বন্ধ হৈ যাব পাৰে। ইয়াক শিথিলকৰণ প্ৰতিক্ৰিয়া বোলা হয়। যেতিয়া ষ্ট্ৰেছৰ সৃষ্টি কৰা উত্তেজকসমূহ নাইকিয়া হয়, তেতিয়া মস্তিষ্কই জৰুৰী প্ৰবাহ মস্তিষ্কদণ্ডলৈ পঠোৱা বন্ধ কৰে আৰু তেতিয়া এই উত্তেজনাৰ প্ৰবাহসমূহ মগজুলৈ পঠোৱা বন্ধ কৰে। এনে অৱস্থাত হৃদস্পন্দনকে আদি কৰি ইতিমধ্যে বৰ্ণনা কৰা প্ৰতিক্ৰিয়াসমূহ বন্ধ হৈ পৰে।
ষ্ট্ৰেছ বা চাপসমূহ তিনিটা স্তৰত সংঘটিত হয়।
(১) প্ৰথম স্তৰ বা প্ৰাৰম্ভিক বিপদ-সংকেত বুলি অভিহিত কৰা হয়- য’ত বহু পৰিমাণৰ এড্ৰিনেলিন দেহৰ কোষবিলাকলৈ সোঁত ব’বলৈ ধৰে।
(২) দ্বিতীয় স্তৰত দেহত এক প্ৰতিৰোধ্য অৱস্থাৰ সৃষ্টি হয়- যাৰ দ্বাৰা দেহত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াক বাধা প্ৰদান কৰা হয়। এই সময় হ’ল হ্ৰস্বম্যাদী। ইয়াক প্ৰতিৰোধক অৱস্থা বুলি কোৱা হয়।
(৩) তৃতীয় স্তৰত দেহ ক্লান্তিময় অৱস্থাত উপনীত হয়।
(১) প্ৰথম স্তৰ বা প্ৰাৰম্ভিক বিপদ-সংকেত স্তৰঃ যেতিয়া এক পৰিঘটনা সংঘটিত হয়, শৰীৰৰ প্ৰথম প্ৰতিক্ৰিয়া এয়েই যে শৰীৰে নিজকে প্ৰাৰম্ভিক বিপদ-সংকেত স্তৰত প্ৰতিষ্ঠা কৰে। সেই সময়ত দেহত এড্ৰিনেলিন নিঃসৰণ কৰি দেহক এক সুবিধা প্ৰদান কৰে- যাতে শৰীৰে সৃষ্টি হোৱা পৰিঘটনাৰ প্ৰতিক্ৰিয়া কৰি বাধা প্ৰদান কৰিবলৈ প্ৰয়াস কৰে। ইয়াকে ‘যুদ্ধ কৰা বা পলাই যোৱা’ প্ৰতিক্ৰিয়া বুলি কোৱা হয়।
(২) প্ৰতিৰোধ্য স্তৰ বা প্ৰতিৰোধ অৱস্থাঃ যেতিয়া শৰীৰ একপ্ৰকাৰ প্ৰতিৰোধ অৱস্থাত উপনীত হয়, সেই স্তৰেই ‘প্ৰতিৰোধক অৱস্থা’। যিবিলাক কাৰকৰ দ্বাৰা ষ্ট্ৰেছ বা চাপৰ সৃষ্টি হয় সেইবিলাকৰ প্ৰতি কোনো প্ৰতিক্ৰিয়াৰ সৃষ্টি নহ’লে এই দ্বিতীয় স্তৰত উপস্থিত বুলি কোৱা হয়। যদি কোনো প্ৰতিক্ৰিয়াৰ সৃষ্টি নহয়, শৰীৰে একপ্ৰকাৰৰ কাৰ্যপ্ৰণালীৰ সৃষ্টি কৰে- যাৰ দ্বাৰা সেই পৰিস্থিতিৰ মোকাবিলা কৰিব পৰা যায়। কিন্তু এই প্ৰণালীৰ দ্বাৰা পৰিস্থিতি বা পৰিঘটনা নিঃশেষ কৰিব পৰা নাযায়। এই প্ৰক্ৰিয়া অব্যাহত থাকিলে অৱশেষত দেহৰ প্ৰতিৰোধ্য ক্ষমতা শেষ হৈ পৰে, যদিওবা দেহৰ সকলো ৰক্ষক বাহিনীয়ে সমভাৱে প্ৰয়াস কৰে।
(৩) ক্লান্তিময় স্তৰ বা অৱস্থাঃ ষ্ট্ৰেছৰ সকলো প্ৰকাৰৰ কাৰকসমূহক দেহৰ সকলো প্ৰকাৰৰ প্ৰণালীসমূহৰ দ্বাৰা পৰিত্ৰাণ পাবৰ বাবে প্ৰয়াস কৰিও লাভৱান্বিত নহ’লে অৱশেষত ক্লান্তিময় স্তৰত উপনীত হয়। এই পৰিস্থিতিত যদি চিকিৎসা কৰা নহয়, তেনেক্ষেত্ৰত দীৰ্ঘসময় ব্যাপী দেহৰ ক্ষতি হয় আৰু দেহৰ অসংক্ৰাম্যতা প্ৰক্ৰিয়াৰ ক্ষতিসাধন হয়।
ষ্ট্ৰেছৰ উৎস সাধাৰণতে চাৰিবিধ বুলি চিনাক্তকৰণ কৰা হৈছে। এই উৎসসমূহক সহজভাৱে ব্যক্ত কৰা হৈছে-
(১) পাৰিপাৰ্শ্বিক উৎস কেতিয়াবা পাৰিপাৰ্শ্বিক অৱস্থাই ব্যক্তিক তীব্ৰভাৱে সহ্য় কৰিবলৈ বাধ্য কৰে কৰাত। উদাহৰণস্বৰূপে স্থান, বতৰ, অত্যধিক হাই-উৰুমিৰ শব্দ, জনসমাগম, দূষিত বাতাবৰণ, যান-বাহনৰ যানজঁট, নিম্নমানৰ অনুপযোগী বাসস্থান, অপৰাধ আদি। এই অৱস্থা অসহ্যকৰ হ’লেও মানি ল’ব লগা হয়।
(২) সামাজিক উৎস সামাজিক বিভিন্ন উৎসৰ পৰা ষ্ট্ৰেছৰ সৃষ্টি হ’ব পাৰে। যেনে- পিতৃ হিচাবে, স্বামী হিচাবে, কাৰোবাক কায়মনোবাক্যে সহায় কৰা অথবা অফিচ আদিৰ কৰ্মচাৰী হিচাবে। তদুপৰি সামাজিক ষ্ট্ৰেছৰ উৎস, যেনে- বিত্তীয় সমস্যা, চাকৰিৰ বাবে পুনঃ পুনঃ সাক্ষাত্কাৰৰ সন্মুখীন হোৱা, বাৰে বাৰে বিভিন্ন পৰীক্ষা দিয়া, অযুক্তিকৰ ব্যাখ্যাত নিজৰ মত প্ৰকাশ কৰা, সময় আৰু মনোযোগ দিয়াৰ তাগিদা, প্ৰিয়জনৰ মৃত্যু, বিবাহ-বিচ্ছেদ আদি।
(৩) শৰীৰ ক্ৰিয়া বিজ্ঞান সম্বন্ধীয় উৎস পৰিস্থিতি আৰু পাৰিপাৰ্শ্বিক অৱস্থাই দেহক আক্ৰমণ কৰা কাৰকসমূহকেই শৰীৰ ক্ৰিয়া বিজ্ঞানজনিত উৎস বুলি কোৱা হয়। যেনে- খৰতকীয়াভাৱে কৈশোৰ অৱস্থা বৃদ্ধি হোৱা, সোনকালে ৰজোনিবৃত্তিৰ সৃষ্টি হোৱা, বিভিন্ন ৰোগ, বয়স বৃদ্ধি, প্ৰস্ৰৱ, দুৰ্ঘটনা, ব্যায়ামবিহীনতা, পৰিপুষ্টিহীনতা, টোপনিৰ ব্যাঘাত ইত্যাদি।
(৪) চিন্তাজনিত উৎস ব্যক্তিৰ মস্তিষ্কই চিন্তাসমূহক ষ্ট্ৰেছযুক্ত, অসুবিধাজনক, কষ্টকৰ বা দুখজনক অনুভূতি হিচাবে গণ্য কৰে। ব্যক্তিয়ে সন্মুখীন হোৱা সকলো পৰিস্থিতিকে ষ্ট্ৰেছৰ উৎস বুলি বিবেচনা কৰা হয়।
যিবিলাক পৰিঘটনা বা পৰিস্থিতিয়ে বা কাৰকসমূহে ষ্ট্ৰেছৰ বা হেঁচাৰ উত্পত্তিত প্ৰৰোচিত কৰে সেইবিলাকক ‘ষ্ট্ৰেছৰছ’ বা ‘হেঁচাৰ কাৰক’ বুলি ক’ব পৰা যায়। সহজ ভাষাত পৰিৱৰ্তনৰ সময়ত শৰীৰে প্ৰকাশ কৰা প্ৰতিক্ৰিয়াসমূহেই ষ্ট্ৰেছ। বহু বিজ্ঞানীয়ে মত পোষণ কৰে যে কিছুমান সুখৰ কাৰকৰ বাবেও ষ্ট্ৰেছৰ সৃষ্টি হ’ব পাৰে, তাক ধনাত্মক ষ্ট্ৰেছ বোলা হয়। আনহাতে অস্বস্তিকৰ কাৰকৰ বাবে সৃষ্ট ষ্ট্ৰেছক ঋণাত্মক ষ্ট্ৰেছ বুলি কোৱা হয়। সেইবাবে ষ্ট্ৰেছক দুভাগত বিভক্ত কৰা হৈছে।
ধনাত্মক ষ্ট্ৰেছৰ বৈশিষ্ট্যসমূহ এনেধৰণৰ
(১) শক্তি সংগ্ৰহত প্ৰণোদিত কৰে।
(২) ক্ষণস্থায়ী।
(৩) নিজৰ সামৰ্থ্য অনুযায়ী ষ্ট্ৰেছক বাধা দিয়াৰ কাৰকসমূহকে গ্ৰহণ কৰে।
(৪) উত্তেজিত হোৱাৰ অনুভৱ কৰে।
(৫) দৈনন্দিন কাম-কাজৰ মাত্ৰা উন্নত কৰে।
ঋণাত্মক ষ্ট্ৰেছৰ বৈশিষ্ট্যসমূহ এনেধৰণৰ
(১) ই উদ্বেগ আৰু উত্কণ্ঠাৰ সৃষ্টি কৰে।
(২) ক্ষণস্থায়ী অথবা দীৰ্ঘস্থায়ী।
(৩) নিজৰ ক্ষমতাই মোকাবিলা কৰিব পৰা সামৰ্থ্যৰ বাহিৰত গ্ৰহণ কৰে।
(৪) অসুখী বা বিৰক্ত অনুভৱ কৰে।
(৫) নিজৰ কাৰ্যকুশলতা নিম্নগামী কৰে।
(৬) অৱশেষত শাৰীৰিক বা মানসিক ৰোগৰ সৃষ্টি কৰে।
ঋণাত্মক ষ্ট্ৰেছৰ উদাহৰণসমূহ
(১) জীৱন-সংগীৰ মাজত এগৰাকীৰ মৃত্যু।
(২) বিবাহ-বিচ্ছেদ কৰাৰ প্ৰৱণতা।
(৩) প্ৰিয়জনৰ সৈতে সম্পৰ্ক ছেদ হোৱা।
(৪) পৰিয়ালৰ এজন সদস্যৰ মৃত্যু।
(৫) কোনো এজন পৰিয়ালৰ সদস্য অথবা নিজে চিকিৎসালয়ত ভৰ্তি হ’লে।
(৬) পৰিয়ালৰ সদস্য বা নিজে ৰোগাক্ৰান্ত হ’লে।
(৭) ব্যক্তিক দোষী সাব্যস্ত বা অৱহেলা কৰিলে।
(৮) স্ত্ৰীৰ পৰা বা স্বামীৰ পৰা বিবাহ-বিচ্ছেদ সংঘটিত হ’লে বা ভাল পোৱাজনক বাদ দিলে।
(৯) ব্যক্তিৰ নিজৰ মাজতে সংঘাতৰ সৃষ্টি হ’লে।
(১০) বিত্তীয় সমস্যাত পতিত হ’লে।
(১১) নিবনুৱা অৱস্থাৰ পৰিপ্ৰেক্ষিতত।
(১২) টোপনিৰ ব্যাঘাত তথা টোপনিৰ সমস্যা।
(১৩) সন্তানে স্কুলত সমস্যাৰ সৃষ্টি কৰিলে।
(১৪) আইন তথা কাছাৰীৰ সমস্যাৰ সন্মুখীন হ’লে।
(১৫) নিম্নমানবিশিষ্ট আৰু অপৰ্যাপ্ত বাস কৰা গৃহ বা ঘৰ।
(১৬) অতিৰিক্ত বা অধিক চাকৰিৰ তাগিদা হ’লে।
(১৭) চাকৰিৰ নিৰাপত্তাহীনতা।
(১৮) চাকৰিত নিজৰ সহকৰ্মী বা ওপৰৱালাৰ সৈতে সংঘাতৰ সৃষ্টি হ’লে।
(১৯) চাকৰি কৰিবলৈ সেই বিষয়ত প্ৰশিক্ষণৰ অভাৱ হ’লে।
(২০) সহকৰ্মী, গ্ৰাহক, উপভোক্তাৰ ওচৰত ব্যাখ্যা কৰিব লগা হ’লে।
(২১) অসফল, বহুসময় জুৰি মিটিং হোৱাৰ পৰিপ্ৰেক্ষিতত।
(২২) সঘনাই ভ্ৰমণ কাৰ্যসূচীত যোগদান কৰা।
ধনাত্মক ব্যক্তিগত ষ্ট্ৰেছসমূহৰ উদাহৰণসমূহ
(১) কাৰ্যক্ষেত্ৰত প্ৰমোচন পাই উচ্চস্থান গ্ৰহণ কৰা।
(২) এটা নতুন চাকৰিত যোগদান কৰা।
(৩) বিবাহ-কাৰ্য সম্পন্ন হোৱা অথবা সুন্দৰ উৎসৱ পালন কৰা।
(৪) এটা উপযুক্ত থকা ঘৰ কিনি লোৱা।
(৫) এটা সন্তানৰ জন্ম হোৱা।
(৬) ভ্ৰমণ কৰা।
(৭) ছুটীৰ সময়সূচী পালন কৰাৰ বাবে আঁচনি গ্ৰহণ কৰা।
(৮) বন্ধৰ দিনৰ কাৰ্যসূচীৰ সুন্দৰ আঁচনি তৈয়াৰ কৰি উপভোগ কৰা।
(৯) অৱসৰ গ্ৰহণ কৰা।
(১০) শিক্ষা সম্বন্ধীয় পাঠদান কৰা অথবা নতুন অভিৰুচিত যোগদান।
এইটো কথা মনত ৰখা উচিত যে সদায় এটা বাহ্যিক ষ্ট্ৰেছে ক্ৰিয়া কৰি এক নতুন সমস্যা বা ষ্ট্ৰেছৰ সৃষ্টি কৰে। ই সত্য নহয়। ব্যক্তিৰ অভ্যন্তৰিক পৰিঘটনা, যেনে- আন্তৰিক অনুভূতি, চিন্তাৰাশি, ভাব আদিয়েও বহু সময়ত ঋণাত্মক ষ্ট্ৰেছৰ সৃষ্টি কৰিব পাৰে। এইক্ষেত্ৰত ব্যৱহাৰ আদিয়েও বহু সময়ত অৰিহণা যোগায়।
লেখকঃ ডাঃ (ডo) ৰতন কুমাৰ কটকী, অধ্যাপক মেডিচিন বিভাগ, অসম চিকিৎসা মহাবিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 7/12/2020
খজুৱতি নিৰাময়ত বনৌষধি
উপবাস বিধানে বহু জটিল ৰোগ নিৰাময় কৰে
টনচিলাইটিচ নিৰাময়ত যোগ চিকিৎসা
আহাৰৰ দ্বাৰা বিষ নিৰাময়