মহিলাসকলৰ মধুমেহজনিত ৰোগৰ ফলত ভৰিৰ সংক্ৰমণ কিয় হয়? প্ৰশ্নটো জটিল কিন্তু অতি লক্ষণীয়। নাৰীৰ সৌন্দৰ্য ঈশ্বৰৰ এক অপূৰ্ব সৃষ্টি। মহিলাসকলে বিশেষকৈ ঘৰৰ ভিতৰত থাকি নিজৰ ভৰিখনৰ পৰিচৰ্যা বা যত্ন ল’ব পাৰে। কিয়নো সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত মহিলাসকল প্ৰাকৃতিকভাৱেই নিপুণ। তেওঁলোকে ভৰিৰে কোনো গধুৰ কাম কৰিব নালাগে। মহিলাসকলৰ ড্ৰেছিং আইনাৰ কাষত বিভিন্ন প্ৰসাধন সামগ্ৰী পৰিপূৰ্ণ হৈ থাকে। তদুপৰি ধূমপানৰ দৰে বদ অভ্যাস মহিলাসকলৰ প্ৰায়ে নাথাকে। কিন্তু তথাপি বহু ক্ষেত্ৰত মহিলাসকলে ভৰিৰ ব্যাধিত আক্ৰান্ত হোৱা দেখা যায়। আহক আজি এই ৰহস্যৰ উদঘাটন কৰা যাওক। কি কাৰণ বা পৰিস্থিতিত ডায়েবেটিছ ৰোগত আক্ৰান্ত এগৰাকী মহিলাৰ ভৰি সংক্ৰমণৰ জালত পৰে।
ভাৰতীয় ৰীতি-নীতি অনুসৰি পাকঘৰলৈ জোতা- চেণ্ডেল সোমোৱাটো নিষেধ। মহিলাসকলৰ জীৱনৰ অধিকাংশ সময় মাৰ্বল বা টাইলছৰে নিৰ্মিত পাকঘৰৰ ভিতৰতে পাৰ হৈ যায়। গতিকে মধুমেহ ৰোগত আক্ৰান্ত এগৰাকী মহিলাৰ স্নায়ু বিকল ভৰিত সহজতে ফোঁহা বা কৰ্ণ জাতীয় ৰোগৰ সংক্ৰমণ হ’ব পাৰে আৰু পিছত ই ক্ৰমান্বয়ে ঘাঁলৈ ৰুপান্তৰিত হ’ব পাৰে। পাকঘৰৰ ভিতৰছোৱাত অত্যধিক গৰম হোৱাৰ বাবে দেহৰ পৰা নিৰ্গত হোৱা ঘামৰ পৰা আঙুলিৰ ফাকত ভেঁকুৰজনিত ঘাৰ সৃষ্টি হ’ব পাৰে। পাকঘৰৰ কঠিন মজিয়াত খালী ভৰিৰে থকাৰ ফলত ভৰিৰ গোৰোহাও ফাটিব পাৰে আৰু বহু সময় একেৰাহে থিয় হৈ থকাৰ ফলত ভৰি ফুলি উঠিব পাৰে।
স্নান কৰাৰ উপৰি মহিলাসকলে বাথৰুমত কাপোৰ ধোৱা সময়ত বহু সময় ধৰি পানীত তিতি থকা ভৰিত সহজতে ভেঁকুৰজনিত ৰোগে দেখা দিব পাৰে। কাপোৰ ধুবলৈ ব্যৱহাৰ কৰা চাবোন বা পাউদাৰত অত্যধিক পৰিমাণে ৰাসায়নিক পদাৰ্থ মিহলি কৰা থাকে, যাৰ ফলত হাত বা ভৰিৰ ছালত ইয়াৰ বেয়া প্ৰভাব পৰা দেখা যায়।
মন্দিৰ:
মন্দিৰৰ ভিতৰ বা ইয়াৰ আশে-পাশে সাধাৰণতে খালী ভৰিৰে যোৱাটো নিয়ম। এনেক্ষেত্ৰত মধুমেহ ৰোগীৰ সংবেদনশীল ভৰি সৰু শিলৰ টুকুৰা বা চোকা বস্তুৰ সম্পৰ্কলৈ অহাত আঘাতপ্ৰাপ্ত হ’ব পাৰে। গৰমৰ দিনত মাৰ্বলেৰে নিৰ্মিত মজিয়া গৰম হোৱাৰ ফলত ভৰিৰ তলুৱা জ্বলি যাব পাৰে। তদুপৰি মন্দিৰৰ ভিতৰত আঁঠু ভাঁজ লগাই পদ্মাসনৰ মুদ্ৰাত বহিলে ভৰিৰ গাঁঠিৰ (ষাড় গাঁঠি) বাহিৰৰ ফালে উঠি থকা হাড়ৰ ছাল টান হৈ ঘা লাগিব পাৰে আৰু ভৱিষ্যতে সংক্ৰমণ হ’ব পাৰে।
যদিওৱা শোৱনি কোঠাৰ ভিতৰত ভৰি জখম হোৱাৰ সম্ভাৱনা বহু কম, তথাপিও ৰাতি শোৱাৰ সময়ত সংবেদনশীল ভৰিত নিগনি বা পইতাচোৰা জাতীয় কীট-পতংগই কামুৰিব পাৰে। যাৰ ফলত ভৰিৰ সংক্ৰমণ হ’ব পাৰে। শীতকালত সাধাৰণতে গৰম কৰা মেচিন বা গৰম পানীৰ বেগ ব্যৱহাৰ কৰাৰ ফলতো সংবেদনহীন পুৰি সংক্ৰমণ হ’ব পাৰে।
চেণ্ডেল:
গৃহিণীসকলে ঘৰৰ ভিতৰত ব্যৱহাৰ কৰা ৰবৰৰ বা প্লাষ্টিকৰ হাৱাই চেণ্ডেলৰ ফিটাই কটাৰ ফলতো ভৰিৰ সংক্ৰমণ হ’ব পাৰে।
সাজপাৰ:
ভাৰতীয় পৰম্পৰা অনুসৰি মহিলাসকলে পিন্ধা শাড়ী বা মেখেলা চাদৰৰ বাবে ফটা বা কটা-ছিঙা অংশ প্ৰায়ে ঢাক খাই থাকে। মধুমেহ ৰোগীৰ ভৰিৰ সংবেদনহীনতাৰ বাবে এনেধৰণৰ কটা-ছিঙাবোৰ সাধাৰণতে দৃষ্টিগোচৰ নহয় বা কোনোধৰণৰ বিষ অনুভৱ কৰিব নোৱাৰে। ফলত ইয়াৰ নিৰাময় আৰু প্ৰতিৰোধৰ ব্যৱস্থা কৰাত পলম হোৱা বাবে ৰোগে জটিল ৰুপ ধাৰণ কৰে।
অলংকাৰ:
অসংবেদনশীল ভৰিৰ আঙুলিত আঙঠি বা কোনো ধাতু পৰিধান কৰাটো অতি বিপজ্জনক। কিয়নো এনে কৰিলে ছালত ঘা লাগিব পাৰে আৰু ৰক্ত প্ৰবাহ বন্ধ হ’বও পাৰে।
নথ পালিচ-মেহেন্দী:
নখ পালিচ বা মেহেন্দী ব্যৱহাৰ কৰিলে ঘা চিনাক্ত কৰাত অসুবিধা হ’ব পাৰে। সংক্ৰমণৰ ফলত হোৱা ছালৰ পৰিৱৰ্তন চকুত নপৰিবও পাৰে। তদুপৰি নখ পালিছ ব্যৱহাৰ কৰাৰ ফলত নখৰ ৰোগ চিনাক্ত কৰাটো অত্যন্ত কঠিন হৈ পৰে।
ভৰি ফুলা:
মহিলাসকলৰ ক্ষেত্ৰত ভৰি ফুলা ৰোগ প্ৰায়ে দেখা পোৱা যায়। এই ৰোগৰ মুখ্য কাৰণ হৈছে মহিলাসকলৰ শৰীৰত প্ৰয়োজনীয় তেজৰ মাত্ৰা কমি যোৱা, শকত হোৱা, থায়ৰডৰ সমস্যা, বহু সময় একেৰাহে থিয় হৈ থকা ইত্যাদি। ফুলি থকা ভৰিত সামান্যতম আঘাত লাগিলেও সংক্ৰমণ সৃষ্টি হ’ব পাৰে।
মহিলাসকলৰ ভৰিৰ ফুলা সিৰা-ভেৰিক’জ ভেইণষ প্ৰায়ে দেখিবলৈ পোৱা যায়। ইয়াৰ পৰা উৎপত্তি হোৱা ঘা টুকুৰাই মধুমেহ ৰোগত আক্ৰান্ত মহিলাৰ ক্ষেত্ৰত ভয়ংকৰ বা জটিল ৰুপ ধাৰণ কৰিব পাৰে।
যদিও অগণন ঘৰুৱা সমস্যাৰ বাবে মধুমেহ ৰোগত আক্ৰান্ত মহিলাৰ ভৰি সংক্ৰমণ হয়, তথাপি অলপ সাৱধানতা অৱলম্বন কৰিলে এনেধৰণৰ ব্যাধিৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি। কেৱল মাত্ৰ মানি লোৱাটো অতি প্ৰয়োজনীয় যে শৰীৰৰ আন অংগসমূহৰ দৰে ভৰি দুটাও অমূল্য সম্পদ। মহিলাসকলে মুখমণ্ডলৰ সৌন্দৰ্য-সৌষ্ঠৱ বৃদ্ধি কৰিবলৈ বা অটুট ৰাখিবলৈ ব্যয় কৰা সময়ৰ মাজৰ পৰা সামান্যতম সময় নিজৰ ভৰিকেইটা সুন্দৰকৈ বা সযতনে ৰখাটো ব্যয় কৰিব লাগে। তদুপৰি চেণ্ডেল-জোতা কিনা বা পৰিধান কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগে। বিনা কাৰণত ভৰি পানীত ভিজাই ৰখাৰ পৰা বিৰত থকা, পাকঘৰ বা বেডৰুমত বিশেষধৰণৰ চেণ্ডেল পৰিধান কৰাৰ অভ্যাস, বহু সময় ধৰি ঠিক হৈ থকা, ভৰি চাফাকৈ ৰখা বা সঠিক ক্ৰীম আদি লগোৱা , সময়মতে তেজ পৰীক্ষা কৰা, ভৰি ফুলিলে উপযুক্ত বিশ্ৰাম কৰা, গৰমৰ দিনত পুৱা বা সন্ধিয়া বেলা যেতিয়া মজিয়াখন ঠাণ্ডা হৈ থাকে, তেতিয়া মন্দিৰলৈ যোৱা ইত্যাদি সাৱধানতাসমূহ অৱলম্বন কৰিলে আপুনি তথা আপোনাৰ ভৰি দুখন সুস্থ হৈ থাকিব।
লেখক: ডা: সুধীৰ কুমাৰ জৈন (আমাৰ অসম পূৰ্বাচল)
শেহতীয়া উন্নীতকৰণ: : 1/18/2023