অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰ্ভাৱস্থাত মহিলাৰ ডায়েবেটিছ আৰু ল’বলগা সাৱধানতা

গৰ্ভাৱস্থাত ডায়েবেটিছ ৰোগ থকাটো ধৰা পৰিলে বিশেষভাৱে সাৱধান হোৱা দৰকাৰ। কাৰণ  তেনে অৱস্থাত এই ৰোগটো অতি বিপজ্জনক হৈ উঠিব পাৰে।

বিশেষকৈ মাতৃ আৰু সন্তান দুয়োৰে মৃত্যুৰ কাৰণো হ’বগৈ পাৰে। গৰ্ভৱতী মহিলাসকলৰ দুই ধৰণৰ ডায়েবেটিছ হয়।

এবিধ হৈছে গৰ্ভধাৰণ কালত হোৱা ডায়েবেটিছ আৰু আনবিধ হৈ গৰ্ভধাৰণকালৰ পূৰ্বে হোৱা ডায়েবেটিছ। এইবিধ ডায়েবেটিছ আকৌ দুইধৰণৰ হয়-

১)টাইপ-১ আৰু

২)টাইপ-২।

গৰ্ভাৱস্থাত কেতিয়াবা মহিলা এগৰাকী ডায়েবেটিছ ৰোগ ধৰা পৰিব পাৰে। হৰমোনৰ পৰিৱৰ্তন আৰু ওজন বাঢ়ি যোৱাটো স্বাভাৱিক গৰ্ভাৱস্থাৰ লক্ষণ যদিও কোনো কোনো ক্ষেত্ৰত ইয়ে সমস্যাৰো সৃষ্টি কৰে।

গে’ছটেচ’নেল ডায়েবেটিছ(Gestational Diabetes) একমাত্ৰ গৰ্ভাৱস্থাতে হয়। গৰ্ভাৱস্থাৰ মাজভাগৰ পৰা এই ডায়েবেটিছ বেছি হ’বলৈ ধৰে। বিশেষকৈ ২৪ আৰু ২৮ সপ্তাহৰ ভিতৰত।

প্ৰি-গে’ছটেচ’নেল ডায়েবেটিছ দুই ধৰণৰ হয়। যেতিয়া শৰীৰটোৱে অধিক পৰিমাণৰ গ্লুকজ দৈনিক খোৱা আহাৰৰ পৰা পাবলৈ সক্ষম নহ’ব পাৰে।

আৰু সেই অভাৱ পূৰাবৰ বাবে অগ্ন্যাশয়ে অধিক পৰিমাণৰ ইনচুলিন তৈয়াৰ কৰিব লগা হয়।

যদি ইনচুলিন সঠিক পৰিমাণে তৈয়াৰ নহয়, তেতিয়া খাদ্যৰ পৰা আহৰণ কৰা গ্লু’কজ দেহকোষৰ ভিতৰত সোমাব নোৱাৰে।

ফলত গৰ্ভৱতী মাতৃগৰাকীৰ ৰক্তশৰ্কৰা বৃদ্ধি পায় আৰু ডায়েবেটিছ হ’বলৈ ধৰে। গৰ্ভৱতী মহিলাগৰাকীৰ এইখিনি সময়ত সঠিকভাৱে চিকিৎসা নকৰিলে-

  • অন্ধতা,
  • হৃদৰোগ,
  • ষ্ট্ৰোক,
  • কিডনি ফেইলৰ আদি ৰোগ হ’ব পাৰে।

গৰ্ভৱতী মহিলাৰ বাবে যে ডায়েবেটিছ অতি ভয়ংকৰ বা বিপজ্জনক ৰোগ, এই কথাৰ প্ৰতি বহু মানুহ সচেতন নহয়। মহিলাগৰাকীৰ ডায়েবেটিছ যদি নিয়ন্ত্ৰণত ৰাখিব পৰা নাযায়, তেতিয়া সন্তানটোৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক হয়।

ইয়াৰ বাবে গৰ্ভস্থ শিশুটিৰ ওজন অস্বাভাৱিকভাৱে বৃদ্ধি(চাৰি কেজি পৰ্যন্ত) হ’ব পাৰে আৰু তাৰ ফলত সন্তানটি জন্মৰ সময়ত আকাৰত অস্বাভাৱিকভাৱে ডাঙৰ হ’ব পাৰে।

এই এই অৱস্থা হ’লে স্বাভাৱিক প্ৰসৱ হোৱাত বাধাৰ সৃষ্টি হয়। মাতৃগৰাকীৰ অনিয়ন্ত্ৰিত ডায়েবেটিছ থাকিলে জন্মৰ পিছত শিশুটিয়ে উশাহ-নিশাহ লোৱাত কষ্ট পাব পাৰে, তেজত শৰ্কৰাৰ পৰিমাণ কম হ’ব পাৰে আৰু জন্মৰ পিছতেই জণ্ডিচত আক্ৰান্ত হ’ব পাৰে।

ইয়াৰ উপৰি শিশুটিৰ জন্মতে শাৰীৰিক বিসংগতি থাকিব পাৰে বা শিশুটিৰো ডায়েবেটিছ হ’ব পাৰে।

এতিয়া প্ৰশ্ন হ’ল- গে’ছটেচ’নেল ডায়েবেটিছ কিদৰে বাধা দিব পাৰি?

মাতৃগৰাকীৰ ডায়েবেটিচ হোৱাৰ পিছত শিশুটি যাতে আনুষংগিক ৰোগবিলাকত আক্ৰান্ত নহয় তাৰ বাবে কি প্ৰতিৰোধ ব্যৱস্থা ল’ব পাৰি, সেই বিষয়ে গৰ্ভৱতী মাতৃগৰাকীৰ চিকিৎসকে আগতীয়াকৈ কাৰ্যব্যৱস্থা নিশ্চিত কৰি ৰাখিব লাগে।

এই ধৰণৰ গৰ্ভৱতী মহিলাই কেনে সাৱধানতা ল’ব লাগে?

  • চিকিৎসকৰ পৰামৰ্শ অনুসৰি দৈনিক আহাৰ খাব।
  • প্ৰতি সপ্তাহত অন্ততঃ দুই-তিনি ঘন্টা সৰু-সুৰা কাম-কাজ কৰিব। এই ব্যৱস্থাই তেজত গ্লুক’জৰ পৰিমাণ সঠিক অৱস্থাত ৰখাত সহায় কৰে।
  • নিয়মিতভাৱে গ্লুক’জ পৰীক্ষা কৰাব। এয়া অতি গুৰুত্বপূৰ্ণ কাম।

কি ধৰণৰ চিকিৎসা কৰোৱা উচিত?

গৰ্ভাৱস্থাত ডায়েবেটিছ ধৰা পৰিলে ইনছুলিন ল’ব লাগে। ইনচুলিন থেৰাপিয়ে ব্লাড ছুগাৰৰ পৰিমাণ স্বাভাৱিকভাৱে ৰখাত সহায় কৰে।

এই ব্যৱস্থা গৰ্ভত থকা সন্তানটিৰ বাবেও গুৰুত্বপূৰ্ণ আৰু অকাল গৰ্ভপাত হোৱাতো ই বাধা দিয়ে।

ইনচুলিন দিবলৈ হ’লে ইনচুলিন পাম্প বেছি সুবিধাজনক। বেজীতকৈ পাম্পৰ সহায়ত ইনচুলিন দিব পাৰে। ইয়াৰ ফলত তেজত শৰ্কৰাৰ পৰিমাণ অধিক নিম্নগামী হোৱাৰ(Hypoglycemia) আৰু ৰক্তত শৰ্কৰাৰ পৰিমাণ অধিক বৃদ্ধি হোৱা(Hyperglycemia) অৱস্থাবিলাক নিয়ন্ত্ৰণত ৰাখে।

এনে ৰোগীয়ে বেছি কাৰ্বোহাইড্ৰেট থকা আহাৰ খাব নালাগে। নিয়মিতভাৱে চিকিৎসকৰ পৰামৰ্শক্ৰমে সহজ ব্যায়াম কৰিব পাৰে।

সকলো মাতৃয়ে গৰ্ভাৱস্থাত অতি সাৱধানে থকা উচিত। গৰ্ভৱতী মহিলাৰ ডায়েবেটিছ হ’লে শিশু আৰু মাতৃগৰাকীৰ বিভিন্ন সমস্যাৰ সৃষ্টি হয়।

মাতৃগৰাকীৰ কি কি সমস্যা বা ৰোগ হ’ব পাৰে?

  • উচ্চ ৰক্তচাপ থকা গৰ্ভৱতী মহিলাগৰাকীৰ Pre-eclampsia হ’ব পাৰে।
  • আগতীয়াকৈ গৰ্ভপাত হ’ব পাৰে।
  • এমনিয়োটিক ফ্লুইডৰ পৰিমাণ বৃদ্ধি হ’ব পাৰে।
  • প্ৰসৱৰ জটিলতাৰ বাবে ছিজাৰিয়ান অস্ত্ৰোপচাৰ কৰিব লগা হ’ব পাৰে।
  • পিছলৈ টাইপ-১ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা থাকে।

সন্তানটিৰ কিধৰণৰ সমস্যা হ’ব পাৰে?

  • জন্মৰ পিছৰে পৰা তেজত শৰ্কৰাৰ পৰিমাণ কমি যাব পাৰে।
  • জণ্ডিচ হোৱাৰ সম্ভাৱনা অধিক থাকে।
  • যদি সময়তকৈ আগতে জন্ম পায়, তেতিয়া সন্তানটিৰ হাওঁফাওঁ সম্পূৰ্ণ বিকাশ নহ’ব পাৰে।
  • পিছলৈ মেদবহুল হোৱাৰ সম্ভাৱনা থাকে।
  • ডায়েবেটিছ হোৱাৰ সম্ভাৱনাও অধিক হয়।

লেখিকা: ডাঃ ইলিনা দুৱৰা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

শেহতীয়া উন্নীতকৰণ: : 6/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate