অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চল্লিশোৰ্ধ্বৰ বয়সীয়া নাৰীৰ স্বাস্থ্য সমস্যাঃ

চল্লিশোৰ্ধ্বৰ বয়সীয়া নাৰীৰ স্বাস্থ্য সমস্যাঃ

চল্লিশ বছৰ বয়স পাৰ হোৱাৰ লগে লগে নাৰীৰ দেহত ৰোগে দেখা দিয়ে। সাধাৰণ ৰোগৰ ভিতৰত অষ্টিঅ’পৰোছিছ, হৃদযন্ত্ৰৰ সমস্যা, হাইপাৰটেনছন আৰু টাইপ-২ ডায়েবেটিছ আদি। চল্লিশোৰ্ধ্বৰ চৰ্বিযুক্ত নাৰীৰ গ’লব্লাডাৰ ষ্টোন অধিক হোৱা দেখা যায়। চিকিৎসা শাস্ত্ৰত Fertile, Fatty, Flatulent, Fourty Female-ৰ গ’লব্লাডাৰ ষ্টোন অধিক হয় বুলি কোৱা হয়। ৫০ বছৰ পাছৰ নাৰীৰ ৰেক্টোছিল, এনোৰেক্টেল ফিষ্টুলা আৰু ৬০ বছৰীয়া বয়সৰ নাৰীৰ ইউটেৰাইন প্ৰলাপ্স আদি হোৱা দেখা যায়। স্ত্ৰী হৰম’নৰ তাৰতম্য হোৱা বাবে এই বয়সৰ নাৰীয়ে অনিয়মীয়া মাহেকীয়া, সঘনাই মাহেকীয়া হোৱা, অত্যধিক বা কমকৈ ৰক্তক্ষৰণ হোৱা আদি সমস্যাত ভোগা দেখা যায়। প্ৰায় ৪৫ বছৰমান বয়সত নাৰীৰ শৰীৰত হঠাৎ এষ্ট্ৰোজেন হৰম’ন কমি যোৱাৰ বাবে প্ৰি-মেনোপোজেল ছিণ্ড্ৰমত ভোগা দেখা যায়। অৰ্থাৎ গৰম লগা, ঘামি যোৱা, মূৰ ঘূৰোৱা, মূৰ্ছা যোৱা আদি ইয়াৰ লক্ষণ। চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ‘হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী’ কৰিলে এই সমস্যা কমি যায়। প্ৰায় ৪৫ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰত নাৰীৰ মাহেকীয়া বন্ধ হয়। ইয়াক মেনোপ’জ বুলি কোৱা হয়। মেনোপ’জ হোৱা নাৰীৰ হৃদৰোগ, অষ্টিঅ’পৰোছিছ, মানসিক ৰোগ, হতাশা, হজম শক্তিৰ তাৰতম্য হোৱা, নানা কৰ্কট ৰোগ অধিক হোৱা দেখা যায়। কেতিয়াবা একো কাৰণ নোহোৱাকৈয়ে মেনোপ’জ হোৱা নাৰীৰ জৰায়ুৰ পৰা ৰক্তক্ষৰণ হয়। ইয়াক DUB বুলি কোৱা হয়। এনে হ’লে জৰায়ু অস্ত্ৰোপচাৰ কৰি গুচাই দিয়া হয়। আনহাতে ছাৰ্ভাইকেল কৰ্কট আৰু জৰায়ুৰ কৰ্কট হ’লেও মেনোপ’জ হোৱা নাৰীৰ জৰায়ুৰ পৰা ৰক্তক্ষৰণ হ’ব পাৰে। আগতীয়াকৈ ঠিৰাং কৰি সঠিক চিকিৎসা কৰিলে ৰোগী বহুদিন বাচি থাকিব পাৰে।

যদিও যিকোনো বয়সৰ নাৰীৰে হ’ব পাৰে তথাপি চল্লিশোৰ্ধ্বৰ বয়সৰ নাৰীয়ে স্তনৰ কৰ্কট ৰোগ, ছাৰ্ভাইকেল কৰ্কট ৰোগ, জৰায়ুৰ কৰ্কট ৰোগ, অ’ভেৰীৰ কৰ্কট ৰোগ, পিত্তৰ কৰ্কট ৰোগ, খাদ্যনলীৰ কৰ্কট ৰোগ আদিত এই বয়সতে ভোগা দেখা যায়। নাৰীসকলে স্তন কৰ্কট প্ৰতিৰোধৰ বাবে ‘Self Breast Examination’ কৰি থাকিব লাগে। কিবা টেমুনা পালে চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাব লাগে। দৰকাৰ হ’লে FNAC অথবা Biopsy কৰি স্তন কৰ্কট থিৰাং কৰি উপযুক্ত চিকিৎসা কৰিব লাগে। ৬০ বছৰ বয়স হোৱালৈকে মহিলাই ছাৰ্ভাইকেল কৰ্কটৰ বাবে নিয়মিতভাৱে পেপ স্মিয়াৰ কৰি থাকিব লাগে। আণুবীক্ষণিক পৰীক্ষাত কোষবোৰত প্ৰদাহৰ লক্ষণ প্ৰকাশ পালে ছমাহৰ পাছত পুনৰ পৰীক্ষা কৰোৱা উচিত। পেপ পৰীক্ষাত কোষৰ অস্বাভাৱিকতা পৰিলক্ষিত হ’লে লগে লগে বায়’প্সী কৰাব লাগে। বায়’প্সীত অস্বাভাৱিকতা বা ৰোগ নিশ্চিত হ’লে সেই অনুসাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্য কৰ্কট ৰোগো আগতীয়াকৈ থিৰাং কৰি সঠিক চিকিৎসা কৰিলে ৰোগী বহুদিন বাচি থাকিব পাৰে।

চল্লিশোৰ্ধ্বৰ বয়সৰ নাৰী বিশেষকৈ মেনোপ’জ হোৱা নাৰীয়ে মদ আৰু চিগাৰেট খোৱা বন্ধ কৰা, সৰল জীৱন যাপন কৰা, নিয়মিত সুষম আহাৰ গ্ৰহণ কৰা, নিয়মিত পৰিশ্ৰম আৰু ব্যায়াম কৰা, শৰীৰৰ ওজন সঠিককৈ ৰখা, মনটোক স্ফূৰ্তিত ৰখা, অষ্টিঅ’পৰোছিছ স্ক্ৰীনিং কৰা, কৰ্কট ৰোগৰ স্ক্ৰীনিং কৰা (যেনে- স্তন কৰ্কট স্ক্ৰীনিং, পেপ স্মিয়াৰ, কল’ৰেক্টেল কেঞ্চাৰ স্ক্ৰীনিং আদি), নিয়মিত স্বাস্থ্য পৰীক্ষা কৰা আৰু সঠিক সময়ত চিকিৎসা কৰি সুস্থ হৈ থাকিব পাৰে।

(উৎসঃ অসমীয়া খবৰ, ডাঃ ধৰ্মকান্ত কুম্ভকাৰ)।

শেহতীয়া উন্নীতকৰণ: : 1/12/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate