অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহিলাসকল ভাগৰুৱা হয় কি?

গোটেই দিনটো কৰ্মব্যস্ত থকাৰ পিছত প্ৰতিগৰাকী মহিলাই অলপ হ’লেও বিশ্ৰামৰ প্ৰয়োজন অনুভৱ কৰে। এইক্ষেত্ৰত প্ৰয়োজন প্ৰত্যেকৰে বেলেগ বেলেগ।

সাধাৰণতে অত্যধিক শকত আৰু চৰ্বিযুক্ত মহিলাসকলে অতি সোনকালে যিকোনো কামতে ভাগৰি পৰা দেখা যায়। তেওঁলোকে দৈনন্দিন নিজৰ প্ৰয়োজনীয় কামখিনি সমাধা কৰিব নোৱাৰে। অতি সোনকালে দুৰ্বল আৰু ক্লান্ত হৈ পৰা দেখা যায়। তদুপৰি-

  • মূৰৰ বিষ,
  • পিঠিৰ বিষ,
  • কঁকালৰ বিষ আদিৰ উপৰি বেছিভাগ সময় মন মাৰি থকা পৰিলক্ষিত হয়।

কথা-বতৰা পাতোতেও অৱসাদ অনুভৱ কৰা দেখা যায়। তলত উল্লেখ কৰা কাৰণসমূহেই এই সমস্যাৰ বাবে মূলতঃ দায়ী।

স্বাভাৱিক ক্লান্তিবোধ -

গোটেই দিনটো কৰ্মব্যস্ত থকাৰ পিছত প্ৰতিগৰাকী মহিলাই অলপ হ’লেও বিশ্ৰামৰ প্ৰয়োজন অনুভৱ কৰে। এইক্ষেত্ৰত প্ৰয়োজন প্ৰত্যেকৰে বেলেগ বেলেগ। যেনে- কষ্টকৰ আৰু যন্ত্ৰণাদায়ক সন্তান জন্মৰ পিছত প্ৰতিগৰাকী মহিলাই অত্যন্ত তেজ নষ্ট কৰিবলগীয়া হয়।

ফলত খুব ভাগৰ অনুভৱ আৰু বহু সময়লৈ টোপনি গৈ থাকিব বিচাৰে। সেই একে সময়তে আন এগৰাকী মহিলাই বহি থাকিবলৈ ভাল পায়।

আকৌ বহুতো মহিলাৰ দিনটোৰ কোনোবা সময়ত ভাগৰ লাগে। কাৰোবাৰ হয়তো সূৰ্যাস্ত যোৱাৰ সময়ত বেছিকৈ কাম কৰাৰ উদ্যম আহে। আকৌ আন কাৰোবাৰ হয়তো সেইটো সময়ত জিৰণি ল’বলৈ মন যায়।

কিশোৰী অৱস্থাত:

কিশোৰী অৱস্থাত ছোৱালীৰ বিশেষ বিশেষ হৰম’নৰ প্ৰভাৱত শৰীৰত গুৰুতৰ পৰিৱৰ্তন হয়। তেতিয়া এইক্ষেত্ৰত শৰীৰত অধিক শক্তিৰ প্ৰয়োজন হয়।

বহু কিশোৰীয়ে ১১ বছৰৰ পৰা ১৮ বছৰ বয়সলৈ খুব দুৰ্বল আৰু এলেহুৱা ভাব অনুভৱ কৰা দেখা যায়।

গৰ্ভাৱস্থা:

গৰ্ভধাৰণ কৰা মহিলাই গৰ্ভত থকা ভ্ৰূণটো যেতিয়া বাঢ়িব ধৰে, তেতিয়া মহিলাগৰাকীৰ শৰীৰত অধিকভাৱে-

  • ভিটামিন,
  • আইৰণ,
  • ফলিক এচিড আদিৰ প্ৰয়োজন হয় আৰু সেই সময়ত সাধাৰণতে মহিলাসকলৰ বমি হৈ থাকে আৰু খোৱা বস্তু দেখিলেই গোন্ধ পায়।

ফলত খাদ্য খাব নোৱাৰা হৈ যায়। সেই সময়ত মহিলাসকলে অত্যন্ত দুৰ্বল হয় আৰু খুব ক্লান্ত অনুভৱ কৰে। আনকি সন্তানক স্তনপান কৰোৱা মহিলাসকলেও খুব দুৰ্বল আৰু ভাগৰ অনুভৱ কৰে।

৬০ বছৰৰ পিছত:

মহিলাসকলে বল, বীৰ্য আৰু কাম কৰাৰ উদ্যম লাহে লাহে কমি যায়।

চিকিৎসা:

উপযুক্ত পৰিমাণে টোপনি(৮ ঘন্টাৰ পৰা ১০ ঘন্টা সময়) অভ্যাস কৰিলে এই বয়সৰ ভাগৰ, অৱসাদবোৰ কমাব পৰা যায়।

স্তনপান কৰোৱা মহিলা, গৰ্ভৱতী মহিলা আৰু মেনপ’জ হোৱা প্ৰতিগৰাকী মহিলাই দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি কমেও ১ ঘন্টাকৈ নিয়মীয়াভাৱে টোপনি যোৱা প্ৰয়োজন।

এই অৱস্থাত উপযুক্ত প্ৰ’টিন, ভিটামিন’, আইৰণ আদি খোৱা প্ৰয়োজন। বিশেষকৈ ৬০ বছৰৰ পিছৰ মহিলাসকলে ভিটামিন ‘ডি’যুক্ত আৰু জিংকযুক্ত খাদ্য খোৱা প্ৰয়োজন। ভিটামিন ‘ডি’ৰ অভাৱত গাৰ বিষ, গাঁঠিৰ বিষ আদি অনুভৱ হয়। আকৌ কেঁচুৱাক স্তনপান কৰোৱা মহিলাই-

  • আইৰন,
  • প্ৰ’টিনযুক্ত খাদ্য খোৱা প্ৰয়োজন হয়।

লগতে জুলীয়া বস্তু, অ’ আৰ এছ আদি পানীত মিহলাই অধিক পৰিমাণে সেৱন কৰিব লাগে। লগতে কেঁচা শাক-পাচলি, ফলমূল আদি অধিক পৰিমাণে খোৱা দৰকাৰ।

অস্বাভাৱিক ক্লান্তি আৰু অৱসাদ -

শৰীৰৰ কিছু অস্বাভাৱিক পৰিৱৰ্তনৰ বাবৱ মহিলাসকলে ভাগৰ অনুভৱ কৰে। তাৰ ভিতৰত এনিমিয়া ৰক্তপাত। যিসকল মহিলাৰ তেজত আইৰনৰ পৰিমান কম থাকে, সেইসকল মহিলাৰ গাত হিম’গ্লবিনৰ পৰিমাণ কম পোৱা যায়।

আইৰনৰ অভাৱত আৰু মাহেকীয়া ঋতুস্ৰাৱৰ ফলত মহিলাসকলৰ শৰীৰত তেজৰ পৰিমাণ কম হয় আৰু এইসকল মহিলাৰ শৰীৰলৈ অৱসাদ, দুৰ্বল ভাব অহাটো অতি স্বাভাৱিক।

এইসকল মহিলাৰ শৰীৰ নীলা আৰু শেঁতা পৰি যায় আৰু শ্বাস-প্ৰশ্বাস লোৱাত কষ্ট অনুভৱ কৰে। কাম-বন কৰি ভাল নালাগে।

সেয়ে এনে লক্ষণ দেখা পালে সেইসকল মহিলাই চিকিৎসকৰ লগত আলোচনা কৰি তেজত থকা হিম’গ্লবিনৰ পৰিমাণ পৰীক্ষা কৰাই ব্যৱস্থা ল’ব লাগে।

আকৌ কিছুমান সম্ভ্ৰান্ত ঘৰৰ মহিলাসকল অত্যন্ত শকত-আবত হোৱা কাৰণে নিজৰ শৰীৰটোৰ অতিৰিক্ত চৰ্বি কমোৱাৰ বাবে ডায়েটিঙৰ আশ্ৰয় লয়।

এইসকল মহিলাই সদায় কম পৰিমাণে খাদ্য খাই কাৰণে মুঠ আইৰনৰ পৰিমাণ কমি যায়। ফলস্বৰূপে এইসকল মহিলাৰ হিম’গ্লবিন কমি যোৱা দেখা যায় আৰু অত্যন্ত ক্লান্ত অনুভৱ কৰে।

মেলেৰিয়া জ্বৰৰ দ্বাৰা আক্ৰান্ত হ’লে -

বাৰে বাৰে মেলেৰিয়া জ্বৰৰ দ্বাৰা আক্ৰান্ত হ’লে শৰীৰত আইৰনৰ পৰিমাণ কমি যায়। তদুপৰি-

  • ডায়েবেটিছ,
  • মেলিটাছ,
  • হাইপাৰ থাইৰয়েডিজম আৰু
  • বহু দিনৰ পুৰণি ৰোগৰ দ্বাৰা আক্ৰান্ত মহিলাসকলে অতি ক্লান্ত আৰু ভাগৰ অনুভৱ কৰে।

ক্লান্ত অনুভৱ কৰাৰ প্ৰধান কাৰণ হ’লে-

  • আৱেগিক হোৱা,
  • উত্তেজিত হোৱা,
  • ঘৰুৱা আৰু পাৰিবাৰিক অশান্তি,
  • অকলশৰীয়া অনুভৱ হোৱা,
  • হীনমন্যতাত ভুগিলে সেইসকল মহিলাৰ মনলৈ অৱসাদ আহিব পাৰে।

মানসিক চিন্তা, আধুনিক জীৱনক লৈ কৰা যুৱতীসকলৰ প্ৰতিযোগিতা, টকা-পইচাৰ অভাৱ, অত্যধিক কামৰ বোজা, পৰিৱৰ্তনশীল কৰ্তব্যবোৰৰ বাবে মহিলাসকলৰ মনলৈ অৱসাদ আহিব পাৰে।

অৱসাদ আৰু ক্লান্তি দূৰ কৰাৰ উপায় -

উপযুক্ত পৰিমাণে চাহ, কফী আদি খোৱা ভাল। উপযুক্ত পৰিমাণে জুলীয়া বস্তু চৰবত আদি খাব লাগে।

কৰ্মব্যস্ত মহিলাসকলে কামৰ মাজত অলপ জিৰণি লৈ ৰঙা চাহ খালে ভাগৰ দূৰ হয়। বিড়ি, চিগাৰেট, আদি খোৱা মহিলাই সেইবোৰ বন্ধ কৰিব লাগে। কাৰণ বিড়ি, চিগাৰেট আদিত থকা নিক’টিনে মনলৈ অৱসাদ আনে আৰু হাৰ্টৰ ধপধপনি বঢ়ায়।

শাৰীৰিক ব্যায়াম, ৰাতিপুৱা খোজ কাঢ়িলে অত্যধিক চৰ্বি হোৱাৰ পৰা ৰক্ষা পোৱা যায়। আৱেগিক ভাব, খং আদি কমাই পাৰিবাৰিক অশান্তিৰ পৰা আঁতৰত থকাৰ চেষ্টা কৰা উচিত। ভাল গান বা চিনেমা আদি উপভোগ কৰিব লাগে।

ইয়াৰ দ্বাৰাও ক্লান্তিবোধ দূৰ হয়। তদুপৰি এনেধৰণৰ ভাগৰ লগা, ক্লান্তি অনুভৱ আদি অধিক পৰিমাণে হৈ থাকিলে চিকিৎসকৰ পৰামৰ্শ পোৱা দৰকাৰ।

লেখক: ডাঃ আশ্বৰাফুল আলম(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 3/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate