গৰিষ্ঠ সংখ্যক মহিলাই ভুগি থকা এটি সমস্যা হৈছে বগাস্ৰাব। চিকিৎসা শাস্ত্ৰ মতে লিউক'ৰিয়া (leucorrhoea) আৰু প্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰ মতে ইয়াক শ্বেতপ্ৰদৰ বুলি কোৱা হয়। শ্বেত মানে বগা আৰু প্ৰদৰ মানে স্ৰাৱ। সেয়েহে সাধাৰণতে ইয়াক বগাস্ৰাৱ বুলিয়ে কোৱা হয়। আমাৰ সাধাৰণ থলুৱা ভাষাত ইয়াক ধাতুৰোগ বুলিও কোৱা হয়।
অৰ্থাৎ যোনীয়েদি নিৰ্গত হোৱা বগা বা ঈষত হালধীয়া স্ৰাৱক বগা স্ৰাৱ বোলা হয়। ইস্ত্ৰজেন হৰম'নৰ বাবে মহিলাৰ যোনীয়েদি যোনিৰস নিৰ্গত হয় যি শৰীৰৰ এক স্বাভাৱিক প্ৰক্ৰিয়া। মহিলাৰ যোনিৰ পৰা নিৰ্গত হোৱা এই স্ৰাবে যোনিদ্বাৰ আৰ্দ্ৰ আৰু পিচ্ছিল(lubricate) কৰি ৰাখে আৰু যোনিক ই বীজাণুৰ সংক্ৰমণৰ পৰা সুৰক্ষা প্ৰদান কৰে। কিশোৰী সকলৰ প্ৰথম ৰজোদৰ্শনৰ পূৰ্বে কিছুপৰিমানে এই স্ৰাব নিৰ্গত হয়।
ঠিক তেনেকৈ যুৱতীসকলৰো মাহেকীয়াৰ আগে পিছে কিছু পৰিমাণে বগা স্ৰাব হয়। বিশেষকৈ ডিম্বস্থলীৰ পৰা ডিম্বাণু পূৰঠ হৈ ওলোৱাৰ সময়ত যাক অভিউলেচন (ovulation) বুলি কোৱা হয় সেই সময়ত এই স্ৰাব কিছু পৰিমাণে বেছি হয়।
ইস্ত্ৰজেন হৰমনৰ বাবে গৰ্ভৱতী স্ত্ৰীৰো গৰ্ভাৱস্থাত বগা স্ৰাব হয়। মাকৰ এই হৰম'নৰ বাবে নবজাত কন্যা সন্তানৰ প্ৰথম কেইদিনমান বগাস্ৰাৱ হ'ব পাৰে। এইবোৰ হৈছে শৰীৰৰ স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু যেতিয়া-
বগাস্ৰাৱ মুখ্যতঃ দুই প্ৰকাৰৰ হ'ব পাৰে যেনে ফিজিঅ'লজিকেল (physiological) লিউকৰিয়া যিটো ইস্ত্ৰজেন নামৰ হৰম'নৰ তাৰতম্যৰ বাবে হয়। আৰু আনবিধ বিভিন্ন প্ৰকাৰৰ বীজাণুৰ সংক্ৰমণৰ বাবে হব পাৰে।
ইয়াৰ উপৰিও-
বগাস্ৰাৱত ভোগা মহিলা দুশ্চিন্তা আৰু মানসিক অশান্তিত ভোগে। ভয়, সংকোচ আদি কাৰণত তেওঁলোকে এই ৰোগ অৱহেলা কৰে যাৰ বাবে কেতিয়াবা সমস্যা জটিল হৈ পৰে। ৰোগৰ কাৰণ অনুসৰি ইয়াৰ চিকিৎসাও ভিন ভিন। এই সমস্যাত ভোগা সকলে সঠিক আহাৰ বিহাৰ, জীৱনশৈলী আৰু কিছুমান দিহা মানি চলিলে ৰোগ কিছু পৰিমাণে উপশম হয়। বগাস্ৰাৱ সমস্যাত ভোগা ৰোগীৰ বাবে কেইটামান দিহা হৈছে:-
আয়ুৰ্বেদ শাস্ত্ৰমতে অশোক, লৌধ্ৰ (Symplocos racemosa), শতাবৰী বা শতমুল (Asparagus racemosus), যষ্টিমধু (Glycyrrhiza glabra), অৰ্জুন, নাগকেশৰ (Mesua ferrea) আদি ঔষধি বগাস্ৰাৱ সমস্যাত উপকাৰী।
ইয়াৰ উপৰিও অশোকাৰিষ্ট, পত্ৰাঙ্গসৱ, লৌধ্ৰাসৱ আদি নানা প্ৰকাৰৰ শাস্ত্ৰীয় ঔষধ আৰু বহুতো পেটেণ্ট ঔষধ আছে। ঔষধি সমূহ চিকিৎসকৰ পৰামৰ্শ অনুসৰি সেৱন কৰা উচিত। ৰোগৰ কাৰণ অনুসৰি ইয়াৰ চিকিৎসাও ভিন ভিন । ঠিক তেনেকৈ প্ৰতিজন চিকিৎসকৰ চিকিৎসা পদ্ধতিও বেলেগ বেলেগ। ' self medication is always dangerous'।
আমি বহুতেই নিজেই নিজৰ চিকিৎসক হৈ শৰীৰৰ ওপৰত কিছুমান পৰীক্ষা ভিত্তিক অনেক ঔষধি প্ৰয়োগ কৰো। ই অতি মাৰাত্মক। নিজৰ শৰীৰটো গিনিপিগ কৰি নুতুলিব। যিকোনো ঔষধি বনাওঁতে নানা গৱেষণা, পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতহে মানৱ শৰীৰত প্ৰয়োগ কৰা হয়। আয়ুৰ্বেদিক ঔষধিৰ পাৰ্শ্বক্ৰিয়া নাই বুলি বহুতেই যধে মধে ফাৰ্মাচীৰ পৰা ঔষধ কিনি খায়। কিন্তু ৰোগ চাইছে ঔষধি, অন্যথা হিতে বিপৰীত হোৱাৰ সম্ভাৱনাই বেছি। তদুপৰি চিকিৎসকসকলে বহু কষ্টেৰে চিকিৎসা শাস্ত্ৰ পঢ়ি, ব্যৱহাৰিক জ্ঞানেৰেহে একোজন অভিজ্ঞ চিকিৎসক হয়। ৰোগীয়ে নিজেই নিজৰ চিকিৎসক হলে 'অল্প বিদ্যা ভয়ংকৰী ' এই কথাষাৰৰ ফল আখৰে আখৰে ভোগ কৰিব।
লেখিকা: ডাঃ ৰেইনী দেৱী (আয়ুৰ্বেদিক চিকিৎসক)
উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ
ফোন নং: 7399114617
শেহতীয়া উন্নীতকৰণ: : 3/11/2020