অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহিলাৰ এটি অশান্তি দায়ক সমস্যা

মহিলাৰ এটি অশান্তি দায়ক সমস্যা

সচৰাচৰ নিজ অজ্ঞতাৰ হেতু যুৱতী অথবা মহিলা সকলে এক অশান্তি দায়ক সমস্যাৰ সন্মুখীন হয়। এই সমস্যাটো কি জানেনে?

এগৰাকী নাবালিকা যৌৱনৰ দূৱাৰদলিত উপনীত হোৱাৰ লগে লগেই কিছুমান শাৰীৰিক পৰিৱৰ্তন হবলৈ ধৰে। এই সময়ত স্ত্ৰীহৰমন এষ্ট্ৰোজেনৰ প্ৰভাৱৰ হেতু স্ত্ৰীৰ কামাঙ্গ আৰু যৌনাঙ্গ বিকাশ হবলৈ ধৰে। সেয়েহে যৌৱনপ্ৰাপ্ত স্ত্ৰীৰ য়ৌনাঙ্গৰ পৰা স্বাভাৱিকতে নিৰ্গত হয় বগা বৰণীয়া ৰস । এগৰাকী স্বাস্থ্যৱতী নাৰীৰ প্ৰতিমাহে মাহেকীয়া হোৱাৰ দৰেই ভগোস্থ , ভগাঙ্কুৰ , ৰতিগ্ৰন্থি যোনি ,জৰায়ুগ্ৰীবাৰ পৰা স্বাভাৱিক শৰীৰ ক্ৰিয়াৰ বাবে বগা স্ৰাব ওলায়। যৌৱন কালত হৰমনৰ প্ৰভাৱৰ কাৰণে যুৱতীৰ যোনীৰ পৰা বগা বৰণৰ স্ৰাব ওলোৱাটো বেমাৰ নহয় । কিন্তু অজ্ঞতা বশত এই স্বাভাৱিক শাৰীৰিক ক্ৰিয়াৰ কাৰণে বগা বৰণীয়া স্ত্ৰীহৰমন বা স্ত্ৰীৰ যৌনগ্ৰন্থিৰ পৰা ওলোৱা গ্ৰন্থিৰস এক ডাঙৰ যৌনৰোগ বুলি ভাৱি মানসিক ভাৱে হতাশাত ভোগে । যৌন উত্তেজনাৰ বাবে ৰতিগ্ৰন্থিৰ পৰা ( bartholin gland)বগা বৰণৰ ৰতিস্ৰাৱ ওলাই আৰু যৌনাঙ্গ পিছল কৰে । গৰ্ভৱতীৰ প্ৰথম অৱস্থাত আৰু ডিম্ব উৰ্বৰিকৰনৰ সময়ত স্ত্ৰীৰ যৌনাঙ্গৰ পৰা স্বাভাৱিকতে বগা স্ৰাব ওলায় । ‌সন্তান জন্মৰ পিছত যোনী ক্ষতৰ কাৰণে বগা বৰণৰ স্ৰাৱ ওলায় । মাকৰ পৰা পোৱা এষ্ট্ৰোজেন হৰমনৰ বাবে নৱজাত কন্যা সন্তানৰ কেতিয়াবা এসপ্তাহলৈকে বগা স্ৰাব ওলায় ।স্বাভাৱিক কাৰণত ওলোৱা বগা স্ৰাব ডাঠ , সামান্য হালধীয়া, যৌনাঙ্গ নখজূৱায় , পেট আৰু ককালৰ বিষ নহয় ‌, সংক্ৰমণ আৰু স্বাস্থ্যৰ অৱনতি নহয় ।কিন্তু বগা স্ৰাব বেছি ওলালে মানসিক অশান্তি আৰু অস্বাভাৱিকতা অনুভৱ হয় ।

ৰোগ সম্বন্ধীয় কাৰণ

বগা স্ৰাব ৰোগৰ কাৰণবোৰ হৈছে ট্ৰাইকমনাছ আৰু মনিলিয়েল বীজাণু সংক্ৰমণ । তাৰোপৰি যৌন ক্ৰিয়াৰ দ্বাৰা হোৱা গণৰীয়া , ছিফিলিছ ৰোগৰ বীজাণু সংক্ৰমণৰ কাৰণেও এই ৰোগ হয়‌ । যৌনাঙ্গ অপৰিস্কাৰকৈ ৰখা , যৌনাঙ্গৰ ভিতৰত বিজাতীয় পদাৰ্থ সোমাই ক্ষতিসাধন কৰা,জৰায়ু বিচ্যুতি , ৰিং পেচাৰী ব্যৱহাৰ, ডেকুবিটাচ আলচাৰ , বৃহত অন্ত্ৰত শোথ ,পুৰণি গ্ৰহণী ৰোগ ,আত্মৰতি ,সঘনাই গৰ্ভপাত কৰা ,জৰায়ূগ্ৰীবা ক্ষয় ,শ্ৰোণী গহ্বৰত শোথ , জৰায়ুত অৰ্বূদ আৰু চিস্ট ,পুৰণি জৰায়ূ আৰু যোনি ৰোগ ,ৰতিগ্ৰন্থি ৰোগৰ কাৰণে ট্ৰাইকমনাছ আৰু মণিলিয়েল বীজাণু সংক্ৰমণিত হৈ শ্বেতপ্ৰদৰ ৰোগ উৎপত্তি কৰে ।পূষ্টিহীনতা ,স্বাস্থ্য হীনতা , ৰক্তহীনতা ,অন্ত;স্ৰাবী গ্ৰন্থিৰ কাৰ্য্য হ্ৰাস , মানসিক চিন্তা বৈবাহিক অমিলতা‌ আদি কাৰণত বগাস্ৰাব বা শ্বেতপ্ৰদৰ হয়।‌

ৰোগৰ লক্ষণ -

শ্বেতপ্ৰদৰ ৰোগত পানীৰ দৰে পাতল বগা স্ৰাব ওলালে মহিলা সন্তানহীন হয় । স্বাস্থ্যৰ অৱনতিৰ বাবে বিজলূৱা বগা স্ৰাব বেছিকৈ ওলাই ।বীজাণু সংক্ৰমণৰ কাৰণে বিজলূৱা পূজবিশিষ্ট বগা ৰঙচুৱা স্ৰাৱ ওলায় । শ্বেতপ্ৰদৰ ৰোগৰ বাবে যোনি গোন্ধায় ,শুকাই ,খজুৱতি হয় ,ৰঙা পৰে , বিষায় ,পোৰণি উঠে ,কেতিয়াবা আকৌ তেজমিহলী বগা স্ৰাৱ ওলায় । তলপেট , কলাফূল , উৰু আৰু ককাল বিষায় । শৰীৰ দূৰ্বল আৰু অৱশ হয় ,চকূৰ তলত কলা পৰে , মানসিকচাপ,উত্তেজনা ,অৰুচি , মূৰঘুৰণি , কোষ্ঠ কাঠিন্য আৰু অহৰহ শৰীৰত ঠাণ্ডা অনুভৱ হয় । মনকৰিবলগীয়া যে বগাস্ৰাব ৰোগত আক্ৰান্ত হ'লে এগৰাকী যুৱতী বা মহিলা মানসিক ভাৱে ভাগি পৰে আৰু এই ৰোগ সহজে সহজে ভাল নহ'ব আৰু ভৱিষ্যতে মাতৃ হোৱাৰ পৰা বঞ্চিত হ'ব। চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি চিকিৎসা কৰিলে বগাস্ৰাব ৰোগ সহজেই ভাল হয়।

আহাৰ বিহাৰ -

দিনত কেবা বাৰো পৰিষ্কাৰ পানীৰে গা ধূব লাগে ।গা ধোৱাৰ সময়ত যৌনাঙ্গ ডেটল পানীৰে ভাল দৰে ধূব লাগে।কঠিন কাম আৰু যৌন সঙ্গমৰ পৰা বিৰত থাকিব লাগে। মূকলি পৰিবেশত প্ৰাত:ভ্ৰমণ কৰিব ।বেছি ভজা-পোৰা আৰু মছলা যুক্ত আহাৰ শাখাব ।পুষ্টিকৰ আহাৰ খোৱা ভাল । তামোল-পাণ এই ৰোগৰ বাবে উপকাৰী।
চিকিৎসা বিধান:-
(১) LUKOL TAB বা FEMIPLEX TAB -দুটাকৈ দিনে তিনিবাৰ খাব ‌
(২) ASHOKARISTA -চাৰি চামুছকৈ দিনে তিনিবাৰ খাব। আয়ুৰ্বেদিক পেটেন্ট ঔষধ Gynocure , M2Tone , Elevare , Amicordial , Ashok cordial এই ৰোগত খাব পাৰি।
(৩) CHANDRA PRABHA VATI - দূটাকৈ দিনে তিনিবাৰ খাব ।
(৪) VANGESWAR RAS -এটাকৈ দিনে তিনিবাৰ খাব ।
ঔষধ চিকিৎসকৰ পৰামৰ্শ অনুসৰি আৰু আহাৰ খোৱাৰ পিছত কমেও দুমাহ খাব ।

লেখক :- ডা:মনোজ কুমাৰ শইকীয়া

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 3/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate