অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহিলাৰ সমস্যা :

মহিলাৰ সমস্যা :

 

এক বুজনসংখ্যক মহিলা বগাস্ৰাৱ বা লিউক’ৰিয়া ৰোগত আক্ৰান্ত হয়। যোনিমুখেদি নিৰ্গত হোৱা স্ৰাৱ বহুলাংশে স্ত্ৰী যৌনাংগৰ পৰা স্বাভাৱিকভাৱে বাহিৰ হোৱা ৰস। এই ৰসে যৌনাংগ সেমেকা আৰু পিছল কৰি ৰখাত সহায় কৰে আৰু ই দেহৰ স্ত্ৰী হৰম’নবোৰৰ দ্বাৰা নিয়ন্ত্ৰিত। সেয়েহে ঋতুস্ৰাৱ নোহোৱা সৰু ছোৱালীৰ দেহত আৰু ঋতুস্ৰাৱ বন্ধ হোৱা বয়সস্থ মহিলাৰ দেহত হৰম’নৰ অভাৱত এই স্ৰাৱ নহয় বা হ’লেও নিজে নিজেই কমি যায়। গতিকে এই বয়সত হোৱা স্ৰাৱ সদায়েই গুৰুত্বপুৰ্ণ।

প্ৰজননক্ষম স্ত্ৰীৰ ক্ষেত্ৰত (১৬ ৰ পৰা ৪৫ বছৰৰ ভিতৰত) কিছুমান ৰোগৰ বাবে এই ৰসৰ ক্ষৰণ অধিক হৈ প্ৰকৃত বগাস্ৰাৱ ৰোগৰ সৃষ্টি কৰে। বগাস্ৰাৱক কাৰক অনুসাৰে দুটা ভাগত ভগাব পাৰি।

১) বয়সানুক্ৰমে পৰিৱৰ্তিত হৰম’নৰ পৰা সৃষ্ট।

২) ৰোগৰ দ্বাৰা সৃষ্ট।

হৰম’নৰ পৰিৱৰ্তিত পৰিমাণৰ বাবে হোৱা স্ৰাৱ প্ৰকৃততে কোনো ৰোগ নহয়। ই স্বাভাৱিক বয়সানুক্ৰমিক দৈহিক পৰিৱৰ্তন বিশেষ। বয়স আৰু পৰিস্থিতি অনুসৰি হৰম’নৰ পৰিমাণৰ তাৰতম্য ঘটে। উদাহৰণ স্বৰুপে ছোৱালী এজনীৰ প্ৰথম ঋতুমতী হোৱাৰ বয়স সময়ত হোৱাৰ লগে লগে দেহত স্ত্ৰী হৰম’নবোৰ বৃদ্ধি হয়। ফলত এই হৰম’নৰ প্ৰভাৱত স্বাভাৱিকতে যোনিমুখেদি অধিক পৰিমাণে ৰস নিৰ্গত হয়। অন্ত:সত্ত্বা মহিলাৰো নিৰ্গত স্ৰাৱৰ পৰিমাণ বেছি হয়। আনহাতে দুই ঋতুস্ৰাৱৰ মাজভাগতো ৰস:ক্ষৰণ কিছু বেছি হ’ব পাৰে। বহু সময়ত মহিলাসকলে, বিশেষকৈ সতৰ্ক মাতৃসকলে ইয়াক কোনো ৰোগৰ পৰা হোৱা স্ৰাৱ বুলি উৎকণ্ঠিত হোৱা দেখা যায়।

যিবোৰ ৰোগৰ লক্ষণ হিচাপে বগাস্ৰাৱ হয়, সেই ৰোগসমুহ হ’ল-

গ’ন’ৰিয়া (Gonorrhoea): গ’ন’ৰিয়া মানুহে জনা আটাইতকৈ পুৰণা যৌন ৰোগ। প্ৰায় ৪০০ খ্ৰী: পুৰ্বতে হিপ’ক্ৰেটিচে ইয়াক ষ্ট্ৰেংগুইৰি’ নামেৰে বৰ্ণনা কৰিছিল। আইচেৰিয়া গ’ন’ৰি নামৰ বীজাণুৰ পৰা এই ৰোগ হয়। সাধাৰণতে যৌন সম্ভোগৰ দ্বাৰা বিয়পে বাবে ইয়াক যৌনশক্তি বিকাশৰ প্ৰাৰম্ভণি (Pubesty) ৰ পিছত আৰু ঋতুস্ৰাৱ বন্ধ হোৱাৰ (Menopause) সময়লৈকেহে দেখা যায়। এই বীজাণুৱে যোনিদ্বাৰ লগতে তাৰ চাৰিওফালে থকা বিভিন্ন অংশক আক্ৰমণ কৰে। ই প্ৰস্ৰাৱৰদ্বাৰ বা প্ৰস্ৰাৱনলীতো আক্ৰমণ কৰি তাৰ ক্ষতি কৰিব পাৰে। কেতিয়াবা ই জৰায়ুৰে বিস্তাৰিত হৈ পেটৰ ভিতৰলৈকে সংক্ৰমিত হ’ব পাৰে আৰু জৰায়ুৰ ডিম্বনলী নষ্ট কৰি ভৱিষ্যতে সন্তান হোৱাত ব্যাঘাত জন্মাব পাৰে। তেজৰ নলীত প্ৰবাহিত হৈ গোটেই শৰীৰত বিয়পি পৰে। ফলস্বৰুপে দেহৰ গাঁঠি বা সন্ধি আৰু হৃৎপিণ্ডৰ বাহিৰৰ আৱৰণীতো ৰোগৰ সৃষ্টি কৰে। ইয়াৰ ফলত হোৱা স্ৰাৱবোৰ প্ৰকৃততে পুঁজ। সেয়েহে ই বগা বা মটীয়া ৰঙৰ ডাঠ ৰসযুক্ত। সাধাৰণতে পেনিচিলিন বা পেনিচিলিনৰ উত্তৰসুৰী ঔষধৰ দ্বাৰা ইয়াক সহজে নিৰ্মুল কৰিব পাৰি।

ট্ৰাইক’মনিয়েছিছ(Trichomoniasis): ট্ৰাইক’মনাচ নামৰ বীজাণুৰ পৰা হয় বাবে এই ৰোগক ট্ৰাইক’মনিয়েছিছ বোলা হয়। যোনিদ্বাৰৰ খজুৱতি লৈ অহা আধাসংখ্যক ৰোগীৰ গাতে এই বীজাণু পোৱা যায়। এই ৰোগ কেৱল প্ৰজননক্ষম বয়সতে সীমাবদ্ধ থাকে আৰু ই যৌনসংগমৰ দ্বাৰাই সংক্ৰমিত হয় যদিও ৰোগীৰ গামোচা বা আন কাপোৰ ব্যৱহাৰ কৰিলে বা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ ঘটিলেও ই সংক্ৰমিত হ’ব পাৰে। ট্ৰাইক’মনাছ , বগা ৰক্ত কণিকাতকৈ অলপ ডাঙৰ আৰু গতিশীল, অম্লজান বহিৰ্ভুত পৰিৱেশত জীৱন ধাৰণ কৰিব পৰা এবিধ বীজাণু। ই পুৰুষৰ প্ৰস্ৰাৱনলী আৰু প্ৰষ্টেট গ্ৰন্থিত বাস কৰে।

এই ৰোগৰ পৰা হোৱা বগাস্ৰাৱ অধিক পৰিণত নিৰ্গত হয় আৰু ই পাতল বগা বা পাতল সেউজীয়া ৰঙৰ হয়। এই স্ৰাৱৰ ফলত খজুৱতিৰ লগতে প্ৰস্ৰাৱ সঘনাই হোৱা বা জ্বলা-পোৰা লক্ষণ আদিয়েও দেখা দিব পাৰে। উপযুক্ত চিকিৎসা গ্ৰহণ কৰিলে ৮৫ শতাংশ ৰোগীয়েই এসপ্তাহৰ ভিতৰতে আৰোগ্য লাভ কৰিবলৈ সক্ষম হয়।

কেনডিডিয়েছিছ(Candidiasis)-

কেনডিডা এলবিকানছ (Candide Albicans) নামৰ ভেঁকুৰজাতীয় বীজাণুৰ দ্বাৰা সৃষ্ট এই ৰোগ বগাস্ৰাৱৰ কাৰকবিলাকৰ ভিতৰত অন্যতম। ই আম্লিক আৰু শৰ্কৰাযুক্ত পৰিৱেশত সহজে বাঢ়িব পাৰে। সেইবাবেই গৰ্ভাৱস্থাত আৰু বহুমুত্ৰ ৰোগীৰ দেহত ইয়াৰ অধিক প্ৰসাৰণ ঘটে। এই ৰোগত অত্যধিক স্ৰাৱৰ লগতে অতিমাত্ৰা খজুৱতিৰ সৃষ্টি হয়। প্ৰায়ে যোনিমুখ উখহি ৰঙা পৰি থকা দেখা যায়। উপযুক্ত ঔষধ ব্যৱহাৰ কৰি এই ৰোগ নিৰাময় কৰিব পাৰি। আন কিছুমান সঘনাই নোহোৱা ৰোগৰ বাবেও বগাস্ৰাৱ হোৱা দেখা যায়। কোনো ৰোগৰ বাবেই বগাস্ৰাৱ হ’ব, তেনে কথা নহয়। সাধাৰণতে ৰোগৰ পৰা হোৱা স্ৰাৱ কোনো সময় নামানি অহৰহ হৈ থাকে আৰু ই পুঁজৰ দৰে, ডাঠ, বগা বা মটীয়া ৰঙৰ হয় আৰু লগতে অতিকৈ খজুৱতিৰ সৃষ্টি কৰে। স্বাভাৱিক স্ৰাৱ আচলতে বয়স সাপেক্ষে, সময় সাপেক্ষে হোৱা শৰীৰৰ ৰস:ক্ষৰণ। ই ক্ষতিকাৰক নহয়।

অৱশ্যে যৌনাংগৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভণিতেও অতিমাত্ৰা, দুৰ্গন্ধযুক্ত স্ৰাৱ হোৱা দেখা যায়। গতিকে বগাস্ৰাৱ ৰোগ হ’লে স্ত্ৰীৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো অত্যন্ত দৰকাৰী।

লেখিকা: ডা: অণিমা বৰুৱা (জি এনআৰচি স্বাস্থ্য)

শেহতীয়া উন্নীতকৰণ: : 3/1/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate