অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাতৃৰ সু-স্বাস্থ্য:

মা- কেৱল এটা শব্দ অথবা এটা সম্পৰ্কৰ নাম নহয়। মা এগৰাকী নাৰী, যিয়ে দিন-ৰাতি একাকাৰ কৰি নিজৰ সন্তান আৰু পৰিয়ালৰ বাবে পৰিশ্ৰম কৰি যায়। মাতৃ এগৰাকীয়ে সন্তানে হাঁহিলে হাঁহে, কান্দিলে কান্দে, আনকি সন্তানে আহাৰ নাখালে, নিজেও নাখায়। সন্তানে ৰাতি দেৰিলৈকে পঢ়া-পাতি কৰিলে অথবা সন্তানৰ অসুখ হ’লে, মাতৃও ওৰে ৰাতি সাৰে থাকে। মাতৃগৰাকী সুস্থ হৈ থাকিলেহে এটা পৰিয়ালৰ যত্ন সুন্দৰভাৱে ল’ব পাৰে। নিজৰ শৰীৰটোৰ যত্ন নলৈ, জিৰণিবিহীনভাৱে অত্যধিক পৰিশ্ৰম কৰা বাবে মাতৃসকল অকালত বৃদ্ধ হোৱাৰ লগতে নানা স্বাস্থ্যজনিত সমস্যাত ভোগে। আজিকালি পুষ্টিহীনতা, ভেজাল খাদ্য গ্ৰহণ, খাদ্যাভ্যাসৰ পৰিৱৰ্তন, অলস জীৱনশৈলী, শাৰীৰিক শ্ৰমহীনতা, মেদবহুলতা আৰু সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবে মাতৃসকল ৰক্তহীনতা, টাইপ-২ ডায়েবেটিছ, থাইৰয়ড হৰম’নকে ধৰি অন্যান্য হৰম’নজনিত সমস্যা, অ’ষ্টিঅ’পৰ’ছিছ, উচ্চ ৰক্তচাপ, হৃদৰোগ, বৃক্কৰ সমস্যা, স্তনৰ কৰ্কট, জৰায়ুৰ কৰ্কট আৰু জৰায়ুমুখৰ কৰ্কট আদি সমস্যাত অধিক ভোগা দেখা যায়। এইবোৰ সমস্যাৰ বাবে অনেকৰ অকালতে মৃত্যু হয়। মাতৃ এগৰাকী শাৰীৰিক আৰু মানসিকভাৱে স্বাস্থ্যৱান আৰু নিৰোগী হৈ দীৰ্ঘদিন জীয়াই থকাটো সকলো সন্তানৰে কামনা। এনে হ’বলৈ হ’লে মাতৃগৰাকীৰ লগতে সন্তানৰো কিছু কৰণীয় থাকে।

উচিত খাদ্য সঠিক সময়ত গ্ৰহণ:

পুষ্টিযুক্ত সুষম খাদ্য সঠিক সময়ত খাওক। সময় মতে উপযুক্ত পৰিমাণে সন্তুলিত আহাৰ গ্ৰহণে শৰীৰৰ প্ৰতিৰক্ষা ব্যৱস্থাক শীৰ্ষবিন্দুত ৰাখে। অধিক মছলাযুক্ত, ঘৃতাক্ত আৰু তৈলাক্ত জাতীয় খাদ্য বেছি পৰিমাণে নাখাব। অনিয়মিত খাদ্য গ্ৰহণ আৰু অতিৰিক্ত ভোজনে স্বাস্থ্যজনিত সমস্যা বৃদ্ধি কৰে। আপোনাৰ বৰ্তমান খাদ্য তালিকাখন সলাই পুষ্টি বিশেষজ্ঞৰ সহায়ত আপোনাৰ ওজন, উচ্চতা আৰু দৈনন্দিন কৰ্মৰ বাবে উপযুক্ত দৈনিক আহাৰৰ এখন তালিকা প্ৰস্তুত কৰি লওক। শৰীৰক দৰকাৰী মুঠ কেল’ৰিৰ ৬৫-৭০ শতাংশ আঁহযুক্ত কাৰ্বহাইড্ৰেট(যেনে- ভাত, ৰুটী, ফল-মূল)ৰ পৰা ১৫-২০ শতাংশ কম চৰ্বিযুক্ত প্ৰ’টিন(যেনে- কুকুৰাৰ মাংস, মাছ, দাইল, মগু)ৰ পৰা আৰু ১০ শতাংশ তেল, ঘিউ, মাখন আদি চৰ্বিযুক্ত খাদ্যৰ পৰা আহিব লাগে। উচ্চ কেল’ৰি থকা চৰ্বিযুক্ত খাদ্য বাদ দি, কম কেল’ৰিযুক্ত শাক(পালেং, মেথি, ধনিয়া, পদিনা), পাচলি(তিয়%হ, ভেণ্ডী, ফ্ৰেন্স বীন) আৰু ফল-মূল(কমলা, মধুৰিআম, অমিতা) আদি খাব। নিতৌ আহাৰৰ লগত প্ৰচুৰ পৰিমাণে সতেজ ফল-মূল, চালাড, শাক-পাচলি আৰু দৈ খাওক। পাৰিলে আহাৰ নিজে ৰান্ধি খাওক। খোৱা খাদ্যৰ আধা অংশ ফল-মূল, চালাড, শাক-পাচলি হ’ব লাগে। অতিৰিক্তভাৱে আইৰণ, কেলচিয়াম আৰু ভিটামিনযুক্ত খাদ্য খোৱাৰ লগতে থাইৰয়ড হৰম’নৰ সমস্যা অথবা আন ৰোগ থাকিলে তেনে ৰোগত বৰ্জনীয় আহাৰ নাখাব। প্ৰয়োজনত চিকিৎসকৰ পৰামৰ্শ মতে আইৰণ, কেলচিয়াম, ভিটামিন আৰু প্ৰ’টিন ছাপ্লিমেন্ট খাব লাগিলে খাব। জাংক ফুড, ফাষ্ট ফুড আৰু শীতল পানীয় নাখাব। শৰীৰৰ বাবে অদৰকাৰী ছেচুৰেটেত চৰ্বিযুক্ত তেলেৰে তৈয়াৰী ফাষ্ট ফুড আৰু কাৰ্বনযুক্ত শীতল পানীয়ত ভিটামিন আৰু শৰীৰৰ লাগতিয়াল খনিজ পদাৰ্থ নাথাকে। ইয়াত অত্যধিক চৰ্বি, অধিক চেনি, অধিক নিমখ, মনোছডিয়াম গ্লুটামেট, কৃত্ৰিম ৰং, কৃত্ৰিম স্বাদ আৰু কৃত্ৰিম সুগন্ধি দিয়া নানা প্ৰিজাৰভেটিত ৰাসায়নিক পদাৰ্থ থাকে। ধূমপানৰ পিছতেই দ্বিতীয় ঘাতকৰূপে পৰিচিত ফাষ্ট ফুড আৰু শীতল পানীয়ই তেজত কলেষ্টেৰ’লৰ পৰিমাণ আৰু দেহৰ ওজন বঢ়োৱাৰ উপৰি ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হৃদৰোগ, ষ্ট্ৰ’ক, কলনৰ কেন্সাৰ, মেদবহুলতা, দন্তক্ষয় আদি বিভিন্ন ৰোগ সৃষ্টি কৰে। জাংক ফুডৰ সলনি ফল-মূল, শাক-পাচলি আৰু শীতল পানীয়ৰ সলনি ফলৰ ৰস, ফল-মূলৰ চৰবত, ডাবৰ পানী, কুঁহিয়াৰৰ ৰস আৰু লাচ্চি আদি খাওক। প্ৰতিদিনে অতি কমেও তিনিৰপৰা চাৰি লিটাৰ বিশুদ্ধ পানী খাওক। নিমখ কমাই খাওক। অত্যধিক নিমখ গ্ৰহণে ৰক্তচাপ বৃদ্ধি, হাৰ্ট এটেক, বৃক্ক আৰু মূত্ৰবাহী নলীত পাথৰ জমা হোৱা, শৰীৰত কেলচিয়াম শোষণত বাধা দি অ’ষ্টিঅ’পৰ’ছিছ অৱস্থাৰ সৃষ্টি কৰিব পাৰে। পাৰিলে নিৰামিষভোজী হওক। আমিষভোজী ব্যক্তিয়ে মাংসতকৈ মাছ বেছিক খাওক। মাছৰ শৰীৰত মজুত থকা ইউৰ’টেছিন-২ নামৰ পেপ্টাইড বিধৰ হৃদযন্ত্ৰ, বৃক্ক আৰু স্নায়তন্ত্ৰক প্ৰভাৱিত কৰি সুস্থ কৰি ৰখাৰ ক্ষমতা আছে।

শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰি শাৰীৰিকভাৱে সক্ষম হৈ থাকক:

বয়স অনুপাতে শৰীৰৰ ওজন কিমান হোৱা উচিত, সেয়া নিৰ্ণয় কৰি, ওজনৰ ঊৰ্দ্ধসীমা অতিক্ৰম কৰিবলৈ নিদি, শাৰীৰিকভাৱে সক্ষম হৈ থাকক। ফিটনেছ থাকিলেহে এগৰাকী মাতৃয়ে দীৰ্ঘ জীৱন উপভোগ কৰিব পাৰে। শাৰীৰিকভাৱে ফিট হৈ থাকিবলৈ শৰীৰৰ বাবে উপযুক্ত আহাৰ গ্ৰহণৰ পিছতে কেল’ৰি দহন কৰিবলৈ শিকক। কেল’ৰি দহনে শৰীৰৰ অতিৰিক্ত ওজন কমোৱাৰ লগতে আমাক ফিট কৰি ৰাখে। কেল’ৰি দহনৰ বাবে শাৰীৰিক শ্ৰম আৰু ব্যায়াম কৰক, খোজকাঢ়ক, সাঁতোৰক, স্কিপিং কৰক, ঘৰ মোচা, বাচন ধোৱা কাপোৰ ধোৱা, কাপোৰ ইস্ত্ৰি কৰা, ভাত ৰন্ধা আদি কৰক। প্ৰতিদিনে পুৱা সোনকালে উঠি আধা ঘন্টাকৈ খোজকাঢ়ক। নিতৌ তেনেদৰে খোজকাঢ়িলে শৰীৰৰ ওজন কমোৱাৰ লগতে শৰীৰটোলৈ পৰ্যাপ্ত পৰিমাণৰ অক্ৰিজেন পৰিবাহিত কৰি, প্ৰকৃতিৰ লগত সম্পৰ্ক সুদৃঢ় কৰি শৰীৰটো মজবুত হ’ব আৰু শাৰীৰিক তথা মানসিকভাৱে সুস্থ আৰু সবল অনুভৱ কৰিব। শৰীৰৰ ওজন কমাই ফিটনেছ অটুট ৰাখিবলৈ শাৰীৰিক পৰিশ্ৰমৰ লগতে ব্যায়াম(এৰ’বিকছ, সাঁতোৰ, চাইক্লিং, জগিং আদি)ৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। শাৰীৰিক পৰিশ্ৰম আৰু ব্যায়ামে ডায়েবেটিছ, উচ্চ ৰক্তচাপ, অ’ষ্টিঅ’প’ৰ’ছিছ, মেদবহুলতা আদি ৰোগ প্ৰতিৰোধ তথা নিয়ন্ত্ৰণ কৰা, মনত সফূৰ্টি ভাবগ, উদ্যম আৰু সুখ জগাই তুলি ব্যক্তি এগৰাকীক দীৰ্ঘজীৱী হোৱাত সহায় কৰে।

পৰ্যাপ্ত নিদ্ৰা আৰু জিৰণি:

শৰীৰটোৰ বাবে টোপনি আৰু জিৰণি অতি জৰুৰী। অকল সুষম আহাৰেৰে সুস্বাস্থ্যৰ গৰাকী হ’ব নোৱাৰি, যদিহে শৰীৰক জিৰণি দিয়া নহয়। একেৰাহে কোনো মানুহে কাম কৰিব নোৱাৰে। যন্ত্ৰকো জিৰণিৰ প্ৰয়োজন হয়। মাতৃসকলে কৰ্মব্যস্ততাৰ বাবে বহু নিশালৈকে সাৰে থাকি প্ৰয়োজনীয় টোপনি আৰু জিৰণি নোলোৱাৰ বাবে শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাগি পৰে। নিতৌ নিশা ৬ৰ পৰা ৮ ঘন্টালৈ ভালদৰে টোপনি মাৰক। প্ৰয়োজনতকৈ অধিক সময় টোপনি নামাৰিব। টিভি চাই ৰাতি দেৰিকৈ শোৱাৰ অভ্যাস ত্যাগ কৰিব। শৰীৰক জিৰণি দিব আৰু কামৰ মাজতে সুবিধা পালে তাৎক্ষণিক জিৰণি আৰু টোপনি মাৰিব। তাৎক্ষণিক জিৰণি আৰু টোপনিয়ে মন আৰু শৰীৰ সতেজ ৰখাত সহায় কৰে। জিৰণিৰ সময়ত কিতাপ পঢ়ক, মন ভাল লগা গীত শুনক।

কিছু ব্যক্তিগত:

কোনো নাৰীয়েই কম বয়সত বিয়া হৈ মাতৃ হ’ব নালাগে। অধিক সন্তান জন্ম নিদিব। দুটা সন্তানৰ মাজত অতি কমেও তিনি বছৰ ব্যৱধান ৰাখিব। জন্ম নিয়ন্ত্ৰণৰ সুবিধা গ্ৰহণ কৰিব। মাহেকীয়া হোৱাৰ সময়ত চাফ-চিকুণতা ৰক্ষা কৰিব। কেঁচুৱাক সৰহ দিন মাতৃদুগ্ধ পান কৰাব। অধ্যয়নত পোৱা গৈছে যে কেঁচুৱাক সৰহদিন মাতৃদুগ্ধ পান কৰালে কেঁচুৱাৰ বুদ্ধিমত্তা বেছি হোৱাৰ লগতে মাতৃৰো স্তনৰ কৰ্কট ৰোগ হোৱাৰ আশংকা কমে। পৰিৱৰ্তিত পৰিৱেশৰ সৈতে তাল মিলাই মানসিক চাপ ত্যাগ কৰি জীৱনটো উপভোগ কৰক। পোৱাখিনিতে সন্তুষ্ট হৈ ধনাত্মক চিন্তাৰে মন ভৰাই ৰাখক। যি কৰিলে মনে আনন্দ আৰু সন্তুষ্টি পায়, তাকে কৰাৰ ব্যৱস্থা কৰক। বন্ধুৰ ঘৰলৈ যাওক, গান শুনক, কিতাপ পঢ়ক, পিকনিক খাবলৈ যাওক, চিনেমা বা থিয়েটাৰ চাওক, ভ্ৰ্মণ কৰক, নিয়মিত প্ৰাৰ্থনা কৰক, ওচৰতে থকা মন্দিৰ দৰ্শন কৰক। মুঠতে মনটোক ভাল লগাবলৈকে নিজকে অনুভৱ কৰি দিনটোৰ অলপ সময় নিজৰ বাবে খৰচ কৰক। সময় উলিয়াই কিবা এটা শিকাৰ ব্যৱস্থা কৰক। সুবিধা পালেই হাঁহক আৰু আনকো হঁহুৱাওক। মনত দুখ লাগিলে দৰকাৰ হ’লে কেতিয়াবা কান্দক। কান্দোনো স্বাস্থ্যৰ বাবে সুফলদায়ক। কান্দোনে মনৰ দুখ, ক্ষোভ, হতাশা, মানসিক উৎকন্ঠা আৰু শোক আদি আঁতৰাই মানুহক নতুনকৈ কামবোৰ কৰাৰ বাবে অনুপ্ৰেৰণা দিয়ে। কিবা সমস্যা হ’লে পৰিয়ালৰ সদস্য আৰু বন্ধুবৰ্গৰ সৈতে আলোচনা কৰি সমাধান কৰক। পৰিয়ালৰ সদস্য আৰু বন্ধুৱে আমাক আৱেগ-অনুভূতি ভাগ-বাটোৱাৰাত সহায় কৰে, চিন্তাক উৎসাহ যোগায়, ভাল কথা অনুভৱ কৰাত সহায় কৰে, আমাক প্ৰতিৰক্ষা দিয়ে আৰু মানসিক শক্তি দিয়ে। যিহেতু আনক সহায় কৰি আনন্দ পোৱা যায়, সেয়েহে বিপদত পৰা মানুহক সহায় কৰক, সমাজৰ কল্যাণমূলক কাম কৰক। যদি কোনো মাতৃ ৰাগিয়াল বস্তুৰ প্ৰতি আসক্ত, তেনেহ’লে এই নাগপাশৰ পৰা মুক্ত হওক।

নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসকৰ পৰীক্ষা:

নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাওক। নিয়মীয়া স্বাস্থ্য পৰীক্ষাই ৰোগ প্ৰতিৰোধো কৰিব নোৱাৰিলেও বহুতো জটিল ৰোগ প্ৰাৰম্ভিক অৱস্থাতে ধৰা পেলাই মানুহক মৃত্যুৰ পৰা হাত সৰাই এক দীৰ্ঘ আৰু সুস্থ জীৱন দান কৰিব পাৰে। প্ৰত্যেক মাতৃয়ে নিয়মীয়াকৈ ৰক্তচাপ, লিপিড প্ৰ’ফাইল, ব্লাড ছুগাৰ, মানসিক চাপ আৰু যৌন ৰোগৰ বাবে স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰি ৫০ বছৰ বয়সৰ ঊৰ্দ্ধৰ মাতৃয়ে ‘অ’ষ্টিঅ’প’ৰ’ছিছ স্ক্ৰীনিং’, ২০ বছৰ বয়সৰ ঊৰ্দ্ধৰ মাতৃয়ে জৰায়ুৰ কৰ্কটৰ বাবে ‘পেপ স্মিয়াৰ’ নিয়মীয়াকৈ কৰিব লাগে। শৰীৰত অসুখে দেখা দিয়াৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

বৃদ্ধ মাতৃৰ যতন:

আজিকালি প্ৰায়ে বৃদ্ধ মাতৃসকলক পুত্ৰ-বোৱাৰীয়ে যত্ন লোৱাত হেমাহি কৰা দেখা যায়। তেনে কৰা উচিত নহয়। মাতৃসকলে আমাৰ বাবে বহুতো ত্যাগ স্বীকাৰ কৰে। বৃদ্ধ বয়সত মাতৃসকলক পুষ্টিকৰ আহাৰ খুৱাই ভৰণ-পোষণ দিয়া আৰু স্বাস্থ্যৰ যত্ন লোৱা প্ৰত্যেক পুত্ৰ-বোৱাৰী, জী-জোঁৱাইৰ কৰ্তব্য। বৃদ্ধ মাতৃৰ অসুখ হ’লে তৎক্ষণাৎ চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে। অৱহেলা কৰিব নালাগে। আলঝেইমাৰ ৰোগত ভোগা মাতৃসকলৰ উপযুক্ত যত্ন হৈ বাচি থকা দিনকেইটা তেওঁলোকক অলপ সকাহ দিয়া আমাৰ কৰ্তব্য।

লেখক: ডাঃ ধৰ্মকান্ত কুম্ভকাৰ(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate