এটা সময়ৰ পাছত মহিলাসকলক অধিক শকত হৈ পৰা দেখা যায়। কিন্তু প্ৰতিগৰাকী মহিলাই আশা কৰে পূৰ্বৰ লাহী শৰীৰৰ যুৱতীগৰাকীৰ দৰেই আজীৱন হৈ থকাৰ। সেইটো অৱেশ্যে সম্ভৱ নহয়। দিন যোৱাৰ লগে লগে জীৱনৰ সোণসেৰীয়া ব’হাগবোৰ পাৰ হৈ গৈ থকাৰ লগে লগে মহিলাৰ শৰীৰতোৱেও গতি সলায়। সন্তান জন্ম দিয়াৰ পাছত শৰীৰৰ এই পৰিৱৰ্তন অধিক চকুত পৰে। কিন্তু মহিলাসকলে এই পৰিৱৰ্তনৰ ওচৰত সহজতে বশ্যতা স্বীকাৰ কৰা উচিতনে? মহিলাসকল কিন্তু আত্মসচেতন হ’লে, খোৱা-বোৱাৰ প্ৰতি যত্নৱান হ’লে পূৰ্বৰ যুৱতীৰ শৰীৰৰ নহ’লেও নিজকে যথেষ্ট নমনীয়-সুন্দৰ কৰি ৰাখিব পাৰে। বহু মহিলাই কৰ্তব্য বা ঘৰুৱা দায়িত্বৰ বাবে পুৱা সোনকালে উঠে, যথেষ্ট ঘৰুৱা কাম কৰিব লগা হয়। ক’বলৈ গ’লে যথেষ্ট দৌৰা-দৌৰিও কৰিব লগা হয়। শিশুহঁতক স্কুলত থ’বলৈ যোৱা, আনিবলৈ যোৱা কামবোৰো মহিলাসকলেই কৰে। গতিকে মহিলাসকলে যথেষ্ট শাৰীৰিক শ্ৰম কৰে বুলি ক’ব পাৰি। কিন্তু তথাপি স্বাস্থ্যই যেন মহিলাসকলক প্ৰতাৰণা কৰে। কাৰণ দেখা যায় পৰিশ্ৰম কৰাৰ পাছতো আমাৰ বেছিভাগ মহিলাৰে শাৰীৰিক ওজন জোখতকৈ বেছি। যাৰ বাবে মহিলাসকলে মধ্য বয়স পোৱা-নোপোৱা সময়ৰে পৰা শৰীৰৰ বিষ-কোপ, মধুমেহ, উচ্চ ৰক্তচাপ আদিৰ দৰে ৰোগবোৰত ভুগিবলগীয়া হৈছে। শৰীৰৰ ওজনে মহিলাসকলৰ মানসিক অৱস্থাতো প্ৰভাৱ পেলায়। কাৰণ শকত মহিলাসকলে প্ৰায় সকলো সময়তে নিৰ্ভৰ বৰ্ধিত ওজনৰ কথা মনত লৈ ফুৰে। ক’বলৈ গ’লে এটা দুঃচিন্তা অনবৰত মনত কঢ়িয়াই লৈ ফুৰে। ই যেন জীয়াই থকাৰ আনন্দকণ পূৰামাত্ৰাই ল’বলৈ নিদিয়ে। কিন্তু কথা হ’ল- শকত বা শৰীৰৰ ওজনক লৈ মহিলাসকলে যিমান চিন্তা কৰে সেই ওজনক বাধা দি ৰাখিবলৈ যিখিনি চেষ্টা কৰাতো প্ৰয়োজন সেইখিনি চেষ্টা কৰাটো কিন্তু মহিলাসকলৰ ক্ষেত্ৰত প্ৰায়ে দেখা নাযায়। ইয়াৰ ভিতৰত খোৱা-বোৱাৰ কথাই যদি ধৰা যায়, তেনেহ’লে দেখিব-
*কম বয়সৰ পৰা চেনি বাদ দিব পৰাটো ভাল। বয়স হৈ আহিলে এই চেনি সম্পূৰ্ণ বাদ দিয়া উচিত। কাৰণ আমি খোৱা শাক-পাচলি, ফল-মূল, আন বিবিধ খাদ্যৰ পৰা আমাৰ শৰীৰে শৰ্কৰা লাভ কৰে। তেনে ক্ষেত্ৰত চেনি গ্ৰহণ কৰি কিয়নো সমস্যা বঢ়াই লোৱা হয়। আমাৰ বহু মহিলাই চেনি নোখোৱাৰ প্ৰতিজ্ঞা কৰে। কিন্তু সেই প্ৰতিজ্ঞা প্ৰায়ে ৰখা দেখা নাযায়। মূৰকত চেনি-গাখীৰ দিয়া বঢ়িয়া চাহ কাপ খাইহে শান্তি পায়। কিন্তু এই শান্তিয়েই লাহে লাহে শৰীৰত বঢ়াই থাকে অশান্তি। তদুপৰি দোকানৰ মিঠাই আছে। নাখাওঁ বুলি আমাৰ বহু মহিলাই ৰসগোল্লা, ৰসমল্লাই, কালাকান আদি খাই দিয়ে। আচলতে এই পৰিত্যাগ কৰিবলৈ দৃঢ় সংকল্প ল’ব পাৰিব লাগিব। স্বাস্থ্যক মূল্য দিবলৈ সকলো সময়তে যত্নপৰ হৈ থাকিব লাগিব।
*কাৰ্বোহাইড্ৰেট থকা খাদ্য হিচাপে ভাত কমাই খোৱা দৰকাৰী। কেতিয়াও সৰহ খোৱা উচিত নহয়। খুব কম খোৱাৰ অভ্যাস কৰিব লাগে। মানুহে এনেয়েও জোখতকৈ বেছি খায়। অভ্যাস কৰিলে খোৱাৰ পৰিমাণ কমাব পাৰি। প্ৰ’টিন-ভিটামিনৰ কথা চিন্তা কৰিব নালাগে। আমি ব্ৰেকফাষ্টৰ পৰা লান্সলৈকে যি থওঁ সকলোতে প্ৰ’টিন-ভিটামিন থাকে। এটা কল, ৰুটি, তৰকাৰী, এটুকুৰা মাছ, দাইল, এক পিছ চিকেন, এচকল তিয়ঁহেও আমাক যোগান ধৰিবলগীয়া পদাৰ্থখিনি দান কৰে। অত্যধিক খাদ্যই আমাৰ শৰীৰৰ ওজন আৰু ৰোগ বঢ়োৱাৰ বাহিৰে আন সহায় কৰে বুলিব নোৱাৰি। আমি প্ৰতি মুহূৰ্তত এই কথা মনত ৰাখিব লাগিব লাগে। মানুহ নোখোৱাকৈ নমৰে, খাইহে মৰে। জ্ঞানী লোকে কয়- খাবলৈ জীয়াই নাথাকিব, জীয়াই থাকিবলৈ খাব। কম খোৱাৰ কথা পতঞ্জলিৰ গুৰু ৰামদেৱেও সদায় সকীয়াই থাকে। কম খালে আৰু খাদ্য ৰীতি মানি চলিলে যথেষ্ট সক্ৰিয়তা অনুভৱ কৰা যায়। মনত আনন্দ আৰু সন্তুষ্টিৰ ভাব থাকে। সেয়েহে বয়স বঢ়াৰ লগে লগে মিঠা খাবলৈ পৰিত্যাগ কৰক আৰু সেয়া কিমান বয়সৰ পৰা কম খাবলৈ অভ্যাস কৰক। যিখিনি খায় সেয়া কিমান খাদ্য প্ৰাণেৰে ভৰপূৰ তালৈ লক্ষ্য কৰিব। খোৱা সম্পৰ্কত প্ৰথমেই মনটো দৃঢ় কৰি ল’ব লাগে। প্ৰথমতে দুবাৰ-তিনিবাৰ ভুল কৰিলেও পাছলৈ কিন্তু অভ্যাস হৈ পৰে।
উৎস: অসম বাণী(অংশুমা শইকীয়া)
শেহতীয়া উন্নীতকৰণ: : 10/30/2023