অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰক্তদান

ৰক্তদান

২০০৪ চনৰ পৰা বিশ্ব স্বাস্থ্য স্ংস্থাই সমগ্ৰ বিশ্বতে ১৪ জুন তাৰিখটো ‘বিশ্ব ৰক্তদাতা দিৱস’ হিচাপে পালন কৰি আহিছে। এই দিৱস উদ্‌যাপন কৰাৰ উদ্দেশ্য হ’ল-ৰক্তৰ ক্ষত্ৰত স্ব-নিৰ্ভৰশীল হোৱা। স্বেচ্ছা ৰক্তদাতা আৰু ৰক্তগৃহীতৰ স্বাস্থ্য সুৰক্ষিত কৰা আৰু স্বেচ্ছা ৰক্তদানৰ দ্বাৰা ৰক্তৰ বাণিজ্যিকীকৰণ বন্ধ কৰা। স্বেচ্ছা ৰক্তদাতাসকলক উদ্ধুদ্ধ কৰাৰ বাবে বিশ্ব স্বাস্থ্য স্ংস্থাই আন্তৰ্জাতিক্ৰেডক্ৰছ ছ’চাইটি, আন্তৰ্জাতিক ৰক্তদাতা স্ংস্থা আৰু আন্তৰ্জাতিক ৰক্ত স্ংৰচন স্ংস্থাৰ সহায়ত প্ৰতিবছৰে কেন্দ্ৰীয়ভাৱে কোনোবা এখন দেশত এই দিৱস উদ্‌যাপন কৰে। ইয়াক আৰ্থিকভাবে বহু আন্তৰ্জাতিক স্ংস্থাই সহায় কৰে। এইবোৰৰ ভিতৰত আমেৰিকান ব্লাড বেংক ছ’চাইটি, ৰ’টাৰী ইণ্টাৰনেচেনেল, আদি প্ৰধান। এই বছৰ এই দিৱস চীনৰ চাংঘাইৰ ‘চাংঘাই ব্লাড চেণ্টাৰ’ত কেন্দ্ৰীয়ভাৱে পালন কৰা হয়। ইয়াৰ লগতে প্ৰতিখন দেশ আৰু ৰাজ্যতো এই দিৱস পালন কৰা হয়। ভাৰতত ৰাষ্ট্ৰীয় এইড্‌ছ নিয়ন্ত্ৰণ স্ংস্থাৰ তত্বাৱধানত এই দিৱস পালন কৰা হয়। স্বেচ্ছা ৰক্তদাতাসকলক সন্মান জনোৱা আৰু জনসাধাৰণক স্বেচ্ছা ৰক্তদানৰ কাৰণে উদ্ধুদ্ধ কৰাৰ বাবে বিশ্ব স্বাস্থ্য স্ংস্থাই প্ৰতিবছৰে এটা উক্তি বাছি লয়। এই উক্তিৰে প্ৰত্যেক ব্যক্তিলৈ এটা বাৰ্তা প্ৰেৰণ কৰে, যাতে তেওঁলোক স্বেচ্ছা ৰক্তদানৰ প্ৰতি উদ্ধুদ্ধ হয়। এই বছৰ বিশ্ব ৰক্তদাতা দিৱসৰ উক্তি হ’ল-‘মোৰ জীৱন বচোৱাৰ বাবে ধন্যবাদ’ আৰু এটা বাৰ্তা হ’ল-‘ বিনামূল্যে সঘনাই দিয়ক স্বেচ্ছা ৰক্তদাতাৰ তাতপৰ্য আছে’। মানৱ ৰক্ত অমূল্য। কোনো কাৰখানাতে ইয়াক তৈয়াৰ কৰিব নোৱাৰি। কেৱল মানৱ শৰীৰতহে মানৱ ৰক্ত তৈয়াৰ হয়। কাৰোবাক ৰক্তৰ প্ৰয়োজন হ’লে মাথোঁ আন এজন ব্যক্তিৰ পৰাহে পাব পাৰি। সুৰক্ষিত ৰক্তৰ যথোপযুক্ত যোগান মাত্ৰ নিয়মীত স্বেচ্ছীয় ৰক্তদানৰ দ্বাৰাহে সম্ভৱ। সমগ্ৰ বিশ্বতে মানুহৰ জীৱন বচোৱাৰ বাবে বছৰি প্ৰায় ৯২ নিযুত ইউনিট ৰক্তদান কৰা হয়। ইয়াৰ মাত্ৰ ৩২ শতাংশহে ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰবোৰত স্ংগ্ৰহ কৰা হয়, যদিও বিশ্বৰ প্ৰায় ৮২ শতাংশ জনবসতি এই দেশবোৰত। বৰ্তমানেও ভাৰতত সুৰক্ষিত ৰক্তৰ অভাৱ আৰু ইয়াৰ ভয়ানক চাহিদা। বিশ্ব স্বাস্থ্য স্ংস্থাৰ মতে, সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ দেশবোৰত বছৰি প্ৰায় ১৬ নিযুত ইউনিট ৰক্তৰ প্ৰয়োজন, কিন্তু বৰ্তমান ৯৪ নিযুত ইউনিট ৰক্তহে স্ংগ্ৰহ হয়। ঠিক তেনেদৰে যদিও ভাৰতত বছৰি প্ৰায় ৯ নিযুত ইউনিট ৰক্তৰ প্ৰয়োজন, তথাপি মাত্ৰ ৭ নিযুত ইউনিট ৰক্তহে স্ংগ্ৰহ কৰা হয়। বিশ্ব স্বাস্থ্য স্ংস্থাই ২০২০ চনৰ ভিতৰত বিশ্বৰ সকলো ৰাষ্ট্ৰকে এশ শতাংশ স্বেচ্ছীয় ৰক্তদান নিশ্চিত কৰিবলৈ অনুৰোধ কৰিছে। আজিৰ তাৰিখত বিশ্বৰ মাত্ৰ ৬২ খন দেশেহে এশ শতাংশ স্বেচ্ছীয় ৰক্তদানৰ ব্যৱস্থা কৰিব পাৰিছে। ভাৰতৰ দৰে ৪০ খন দেশ আজিও পৰিয়াল ৰক্তদাতা অথবা পেছাদাৰী ৰক্তদাতাৰ ওপৰত নিৰ্ভৰশীল। ভাৰতত স্বেচ্ছীয় ৰক্তদানৰ পৰিমাণ প্ৰায় ৭৫ শতাংশন। অসমত মাত্ৰ ৪০ শতাংশ। এশ শতাংশ স্বেচ্ছীয় ৰক্তদানৰ পৰা আজিও আমি বহু নিলগত। কিন্তু ই যাদুস্ংখ্যা নহয়। আমাৰ ৰাজ্যখনৰ ৰক্তদান কৰিব পৰা উপযুক্ত জনস্ংখ্যাৰ এক শতাংশয়ো যদি বছৰত এবাৰকৈ স্বেচ্ছীয় ৰক্তদান কৰে,আমি আমাৰ প্ৰয়োজনীয় সুৰক্ষীত ৰক্ত পাব পাৰো। ইয়াৰ উপৰি আজিকালি এজন ৰক্তদাতাই দান কৰা এক ইউনিটৰ ৰক্তৰ পৰা লোহিত ৰক্ত কণিকা, শ্বেতৰক্ত কণিকা, প্লেটলেট, প্লাজমা, এফ এফ পি আদি ৰক্তৰ উপাদানসমূহ বিজ্ঞানসন্মত ভাৱে পৃথক কৰিব পাৰি আৰু প্ৰয়োজন অনুযায়ী বিভিন্ন ৰোগীক দিব পাৰি। সেয়েহে ভাৰত তথা অসমৰ বৰ্তমানৰ ছবিখন নজৰ কৰি বিশ্ব ৰক্তদাতা দিৱসৰ অন্যতম এটা উদ্দেশ্য – যোগ্য নিয়মিত স্বেচ্ছীয় ৰক্তদাতাক ৰাষ্ট্ৰীয় তথা ৰাজ্যিকভাৱে উতসাহিত কৰি ৰাষ্ট্ৰ তথা ৰাজ্যক প্ৰয়োজনীয় সুৰক্ষিত ৰক্ত যোগানত সহায় কৰিব লাগিব।

ডা: ধৰ্মকান্ত কুম্ভকাৰ, আমাৰ অসম

শেহতীয়া উন্নীতকৰণ: : 2/13/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate