অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তেজৰ সত্যতা

তেজৰ সত্যতা

তেজৰ সত্যতা

  • তেজ এবিধ জীৱনী তৰল-যিয়ে শৰীৰৰ হৃদযন্ত্ৰ, শিৰা, উপ-শিৰা আদিত সঞ্চলিত হৈ থাকে।
  • তেজে শৰীৰত পুষ্টি উপাদান, ইলেক্ট্ৰলাইট, হৰম’ন, খাদ্যপ্ৰান, এন্টিবডি, উত্তাপ আৰু অম্লজান পৰিবাহিত কৰে।
  • তেজে শৰীৰৰ বৰ্জিত পদাৰ্থসমূহ আৰু এঙ্গাৰ গেছ কঢ়িয়াই শৰীৰৰ পৰা বাহিৰ কৰাত সহায় কৰে।
  • তেজে সংক্ৰমণৰ বিৰুদ্ধে যুদ্ধ কৰাৰ লগতে ঘাঁ সমূহ শুকুৱা আৰু আপোনাৰ সু-স্বাস্থ্য বাহাল ৰখাত সহায় কৰে।
  • আপোনাৰ শৰীৰৰ ওজনৰ প্ৰায় ৭ শতাংশ তেজৰ ওজন।
  • এটি নৱজাতক শিশুৰ শৰীৰত প্ৰায় ১ পিয়লা পৰিমাণৰ তেজ থাকে।
  • তেজত থকা শ্বেতৰক্ত কনিকাবোৰে আপোনাৰ দেহত হোৱা সংক্ৰমণৰ বিৰুদ্ধে প্ৰাথমিক সুৰক্ষা হিচাপে কাম কৰে।
  • গ্ৰানুল’ছাইট এনে এবিধ শ্বেতৰক্ত কনিকা যিয়ে তেজৰ লগত সঞ্চালিত হৈ বেক্টেৰীয়াসমূহক বিচাৰি বিচাৰি ধ্বংস কৰি পেলায়।
  • লোহিত ৰক্ত কনিকাবোৰে দেহৰ বিভিন্ন অংগ আৰু কলাসমূহলৈ অম্লজান কঢ়িয়াই নিয়ে।
  • ২-৩ টোপাল তেজত প্ৰায় ১ লাখ লোহিত ৰক্ত কনিকা থাকে।
  • ৰক্ত সঞ্চালন প্ৰক্ৰিয়াৰ মাজত একোটা লোহিত ৰক্ত কনিকা প্ৰায় ১২০ দিনলৈ জীয়াই থাকে।
  • তেজৰ প্লেটেলেটে তেজ গোট মৰাত সহায় কৰে আৰু তেজৰ কৰ্কট ৰোগ আৰু আন কৰ্কট ৰোগ হোৱা ৰোগীক জীয়াই থকাৰ সুযোগ প্ৰদান কৰে।

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 1/11/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate