অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আপোনাৰ শিশুক ৱাকাৰ দিছে নেকি? কিন্তু কিয়?

আপোনাৰ শিশুক ৱাকাৰ দিছে নেকি? কিন্তু কিয়?

 

এটি শিশুৰ এবছৰ হোৱাৰ পূৰ্বেই শিশুটিক এখন ৱাকাৰত থৈ চলি-ফুৰি থাকিবলৈ দিয়াটো আমি সকলোৱেই দেখোঁ। এই ৱাকাৰখন এটা যেন ভাল উপহাৰ। মাক-দেউতাকে চিন্তা কৰাৰ আগতেই ঘৰৰ অন্য কোনো এজনে এই ৱাকাৰখন আনিবৰ বাবে পৰিকল্পনা কৰি থাকে।

কেতিয়াবা ১৫-১৮ মহীয়া শিশুক মোক দেখুৱাবলৈ আনিলে অভিভাৱক/পিতৃ-মাতৃক মই সোধো- আপোনাৰ কেঁচুৱাটোৱে খোজ কাঢ়িব পৰা হৈছেনে? কেতিয়াবা উত্তৰটো এনেদৰে পাওঁ…….. ‘হয়। এনেই নোৱাৰে, কিন্তু ৱাকাৰখনত দিলে একেবাৰে দৌৰি ফুৰে’।

কথাটো সঁচা, পিছে এইখিনিতেই আমাৰ অলপ শিকিবলগীয়া থাকি গ’ল। বহুতে বিশ্বস কৰে যে ৱাকাৰখন শিশু এটিক থিয় হ’বলৈ বা খোজ কঢ়াত সহায় কৰে। পিছে তেনে নহয়।

প্ৰকৃততে এটি নমহীয়া শিশুৱে অ’ত-ত’ত ধৰি থিয় হ’বলৈ চেষ্টা কৰে। এনে সময়ৰ পৰাই তেওঁলোকৰ খোজকঢ়াৰ প্ৰৱণতা বাঢ়ে।

প্ৰথমটো জন্মদিন যোৱাৰ পিছতেই নধৰাকৈ থিয় হৈ থাকিব পৰা হয়। লগতে এখোজ বা দুখোজ নধৰাকৈ দিবলৈ চেষ্টা কৰে। প্ৰায় ১৫-১৮ মাহত সুন্দৰকৈ খোজ কাঢ়িব পৰা হয়।

কিন্তু ৱাকাৰখনত বহাই দিয়াৰ লগে লগে শিশুটোৱে অনায়াসে চৌপাশৰ ঠাইবোৰ বিচৰণ কৰিব পৰা হয়। এনে কৰাৰ ফলত শিশুৰ নিজৰ ভাৰসাম্য ৰক্ষা কৰিব পৰা গুণ আৰু খোজকঢ়াৰ প্ৰকৃত কৌশলটো পূৰ্ণাংগৰূপে বিকশিত হৈ নুঠে। দেখা যায় যে যিসকলে শিশুক প্ৰতিদিনে এঘন্টাৰ পৰা দুইঘন্টামান ৱাকাৰ খোজ কাঢ়িবলৈ দিয়া হয়, তেওঁলোকৰ স্বয়ংক্ৰিয়ভাৱে খোজ কঢ়াৰ কৌশল প্ৰকৃততে এক-দুই মাহমান দেৰিহৈ হৈ পৰে।

ৱাকাৰখনত খোজ কাঢ়ি থকাৰ সময়ত ভালদৰে মন কৰিলে দেখা যায় যে তেওঁলোকৰ কঁকালৰ অংশ আৰু আনকি ভৰি দুয়োখনো চিধা হৈ নাথাকে। শিশুটিয়ে ভৰিৰ আঙুলিৰে নিজকে ঠেলি ঠেলি লৈ যায়। পিছৰ পৰ্যায়ত এনে শিশুৰ খোজ বিকৃত হৈ ৰয় আৰু যিটো শুদ্ধ কৰোৱাটো বৰ সহজ নহয়।

ৱাকাৰখনে শিশুটোক প্ৰয়োজনতকৈ বেছি বেগেৰে যোৱাত সহায় কৰে। এনে হোৱাৰ বাবে শিশুটিয়ে ঘৰৰ যিকোনো আচবাবত খুন্দা খোৱাই নহয়, অন্য ডাঙৰ বিপদ হোৱাৰো শংকা থাকে। বহু ক্ষেত্ৰত দেখা যায় অতি গতিবেগেৰে আহি শিশুটি ৱাকাৰখনৰ পৰা ওলাই পৰি আঘাতপ্ৰাপ্ত হয়।

এনেবোৰ বহু কাৰণত আমেৰিকা, ছিংগাপুৰ আদি বহু উন্নত দেশে এনেবোৰ বস্তু ব্যৱহাৰত আগ্ৰহ দেখুওৱা নাই। বিশেষভাৱে ক’বলৈ গ’লে কানাডা হেন দেশত এনে ৱাকাৰৰ ব্যৱহাৰত বাধা প্ৰদান কৰি ৰখা হৈছে।

শিশুসকলক খোজ লোৱাত আমিহে সহায়ক হোৱা উচিত। খোজ লোৱাৰ সময়ত উৎসাহিত কৰক। তাৰ আঙুলিত ধৰি অলপ সহায় কৰক। এবাৰ-দুবাৰ থুপুচকৈ পৰিবলৈও দিয়ক, সি আকৌ উঠি চেষ্টা কৰিব। তেতিয়াহে মনৰ দৃঢ়তা বাঢ়িব আৰু আত্মবিশ্বাসে গঢ় দিব। শিশুৰ বৃদ্ধি আৰু বিকাশৰ পৰ্যায়বোৰ বৰ আমোদজনক।

উৎস: নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 10/12/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate