অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্রীষ্ম কালত শিশুৰ স্বাস্থ্যৰ যতন

গ্রীষ্ম কালত শিশুৰ স্বাস্থ্যৰ যতন

ব'হাগ-জেঠ মাহত গৰমৰ প্রকোপ বাঢ়ে। এই সময়ত প্রাপ্তবয়স্কসকলেই জ্বৰ, পেটৰ অসুখ (ডায়েৰিয়া), অৱসাদগ্ৰস্ততা, ছালৰ নানা বেমাৰৰ উপৰি হিট্‌ ষ্ট্রোক আদিত ভূগিবলগা হয়। গতিকে শিশুসকলৰতো কথাই নাই, তেওঁলোকেও উক্ত ধৰণৰ বেমাৰবোৰত ভূগিবলগাত পৰে। উৎকট গৰমৰ দিনত শিশুসকলৰ সাধাৰণতে জ্বৰ উঠে, পেটৰ অসুখো হয়। গৰমৰ দিনত শিশুসকলৰ উঠা জ্বৰৰ তাপমাত্রা ১০৩-১০৪ ফাৰেনহাইট পর্যন্ত হ’ব পাৰে। পিচে তেনে জ্বৰত পেৰাচিটামলৰ দ্রৱ বা পিলবোৰেই ভাল কাম কৰে। কিছুমান শিশুৱে আকৌ উৎকট গৰমত অৱসাদগ্ৰস্ততাত ভোগে আৰু তাৰ লগতে মাংসপেশীবোৰো টানি ধৰে। এইবোৰৰ পৰা উপশম পাবলৈ ৰোগীক যথেষ্ট পৰিমাণে পানী খুৱাব লাগে। পিচে পানীৰ পৰিবর্তে ডাব নাৰিকলৰ পানী আৰু সতেজ ফলৰ ৰস খোৱাটো বেছি উত্তম আৰু ফলদায়ক হয়। আনহাতে ৰোগীৰ খোৱা পানীত সামান্য পৰিমাণৰ নিমখো মিহলাই খুৱাব পৰা যায়।

শিশুসকলৰ ক্ষেত্ৰত গৰমৰ দিনত তেওঁলোকক কোনোপধ্যেই বাহিৰত ৰন্ধা খাদ্য খুওৱাটো উচিত নহয়। দোকানত প্রস্তুত কৰা ফলৰ ৰস খুৱালে শিশুৰ পেটৰ বিষ, জণ্ডিছ, টাইফয়েড আদি বিভিন্ন ৰোগ হোৱাৰ আশংকা থাকে। গৰমৰ দিনত শিশুৱে ক্লান্তি অনুভৱ কৰে, সিহঁতৰ চকুবোৰ জ্বলা-পোৰা কৰে আনকি প্রচণ্ড গৰমত সিহঁত অচেতনো (হিট্‌ ষ্ট্রোক) হৈ পৰে। গৰমত যদি আপোনাৰ শিশুটি অচেতন হৈ যায়, তেন্তে সাধাৰণ তাপমাত্ৰাৰ পানী শিশুটিৰ গাত ছটিয়াই দিব অথবা পানী ঢালি শিশুটিৰ সৰ্বশৰীৰ তিয়াই দিব। ৰোগী অজ্ঞান হৈ পৰিলেও পানী ছটিয়াব বা শৰীৰ তিয়াই দিব। পিচে সেই পানী যেন ফ্রিজৰ পানীৰ দৰে চেচা নহয়। ইয়াৰ বাদেও শিশুটিৰ গাৰ কাপোৰ-কানি খুলি উদং কৰি ফেন অথবা বাতানুকুল যন্ত্র (এচি) চলাই দিব। মনত ৰাখিব “হিট্‌ ষ্ট্রোক’ হৈছে চিকিৎসা বিজ্ঞানৰ মতে এক জৰুৰী অৱস্থা, কাৰণ তেনে অৱস্থাত শিশু যে বাদেই প্রাপ্তবয়স্কসকলৰো মৃত্যু হ’ব পাৰে।

উৎস: সাদিন।

শেহতীয়া উন্নীতকৰণ: : 1/24/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate