অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নিষ্ক্ৰিয়কৃত পলিঅ ভাইৰাছ ছিটা

নিষ্ক্ৰিয়কৃত পলিঅ ভাইৰাছ ছিটা

আধুনিক চিকিৎসা বিজ্ঞানৰ এক অতুলনীয় সাফল্য হৈছে বিশ্বৰপৰা পলিঅ ভাইৰাছ নিৰ্মূলকৰন।বৰ আইৰ নিৰ্মূলকৰনৰ পিছত এয়াই নিশ্চয় চিকিৎসা বিজ্ঞানৰ সৰ্বোত্তম সফলতা।এয়া সম্ভৱ হৈছে সাৰ্বজনীন পলিঅ নিৰ্মূলকৰন অভিযানৰ অধীনত মুখেৰে খুওৱা পলিঅ ছিটাৰ জৰিয়তে।পাকিস্থান,আফগনিস্থান আৰু নাইৰাজিয়াৰ বাদে বৰ্তমান পৃথিৱীৰ আটাইবোৰ দেশৰ পৰা এই ভাইৰাছ বিলুপ্ত হৈছে বুলি বিশ্ব স্বাস্থ্য স্ংস্থাই ইতিমধ্যে ঘোষনা কৰিছে।২০১৪ চনত পাকিস্থান আফগানিস্থান নাইৰেজিয়া আৰু ইথিওপিয়া—এই ৯ খন দেশত সৰ্বমুঠ ১৩৪টা পলিঅ স্ংক্ৰমন তথ্যৰ বীপৰিতে ২০১৫ৰ আগষ্ট মাহলৈকে পাকিস্থান আৰু আফগানিস্থান বাদে পৃথিৱীৰ কোনো দেশতে নতুন পলিঅ স্ংক্ৰমনৰ তথ্য নাই।২০১১ চনৰ জানুৱাৰী মাহৰ পিছত ভাৰততো নতুনকৈ পলিঅ আক্ৰান্ত হোৱাৰ কোনো নতুন তথ্য নথিভুক্ত নাই।যদিও ভাৰতত যোৱা চাৰে চাৰি বছৰৰো অধিক কাল কোনো লোক নতুনকৈ পলিঅত আক্ৰান্ত হোৱা নাই তথাপি ভাৰতৰ সীমামূৰীয়া দুখনকৈ দেশত পাকিস্থান আৰু আফগনিস্থান।এই ভাইৰাছ নিশ্চিত উপস্থিতিয়ে আমাৰ দেশখনক সম্পূৰ্ন নিৰাপদ অৱস্থা এটাৰ পৰা আতঁৰত ৰাখিছে।সেইবাবে আগত কিছুবছৰলৈ পলিঅ ক্ষেত্ৰত আমাৰ দেশে ছিটাকৰন অব্যাহত ৰাখি সাৱধানতা অৱলম্বন কৰাটো অপৰিহাৰ্য বিবেচিত হৈছে।

পলিঅ নিৰ্মূলকৰন অভিযানত মুখেৰে খুওৱা দুটোপালকৈ পলিঅ ছিটা ব্যৱহাৰ কৰা হৈছিল।এই মুখেৰে খুওৱা পলিঅ ছিটা ভাৰতৰ সাৰ্বজনীন ছিটাকৰন আচঁনিত বৰ্তমানেও ব্যৱহাৰ হৈ থকাৰ উপৰি আগত কিছু কাললৈ ব্যৱহৃত হৈ থাকিব।প্ৰচলিত ছিটাকৰন আচনিঁ অনুসৰি কেচুৱাঁ এটিৰ জন্মৰ সময়তে দুটোপাল জন্মৰ পৰা ছয় সপ্তাহ সময় সম্পূৰ্ন কৰাৰ সময়ত দুটোপাল দহ সপ্তাহ সাম্পূৰ্ন কৰাৰ মূৰত দুটোপাল আৰু ১৪ সপ্তাহ কাল সম্পূৰ্ন কৰাৰ পিছত দুটোপাল ছিটা মুখেৰে খুওৱা হয়।নতুনকৈ প্ৰৱৰ্তন কৰিব বিচৰা ছিটাকৰন আচনিঁ অনুসৰি ১৪ সপ্তাহত তৃতীয় পালি মুখেৰে খুওৱা পলিঅ ছিটা আৰু তৃতীয় পালি মুখেৰে খুওৱা পলিঅ ছিটা আৰু তৃতীয় পালি মুখেৰে খুওৱা পলিঅ ছিটা আৰু তৃতীয় পালি পঞ্চগুনী ছিটাৰ সতে এটা নিষ্ক্ৰিয়কৃত পলিঅ ভাইৰাছ ছিটাও বেজিৰ দ্বাৰা দিয় হয়।মুখেৰে খুওৱা পলিঅ ছিটাত জীৱিত ভাইৰাছ থকা বাবে ছিটাৰ পৰা পলিঅ স্ংক্ৰমন হোৱাৰ এটা আশ্ংকা নথকা নহয়।ছিটাৰ থকা এনে জীৱিত ভাইৰাছে সুবিধা পালে(বিশেষকৈ স্বাভাৱিক ৰোগ প্ৰ্তিৰোধ ক্ষমতা কম থকা শিশুৰ ক্ষেত্ৰত স্ংক্ৰমন কৰিব পৰা ৰুপলৈ উভতি যাব পাৰে।তথ্যমতে ২০০৮ চনৰপৰা ২০১৪ চনলৈ বছৰি প্ৰায় ৫৪-১৮৫টাকৈ এনে ছিটাৰ থকা এই জীবিত ভাইৰাছে ছিটা জড়িত পলিঅ বিকলাংগতা কৰাৰ আংশকা নথকা নহয়।উল্লেখিত সময়ছোৱাত বছৰি গড়ে প্ৰায় ২৫০-৫০০ এনে বিকলতাৰ তথ্য পোৱা হয়।মুখেৰে খুওৱা পলিঅ ছিটাত পলিঅ ভাইৰাছৰ তিনিওটি প্ৰকাৰ(প্ৰকাৰ-১,প্ৰকাৰ-২, আৰু প্ৰকাৰ-৩)ৰ আটাইকেইটাই থকাৰ দৰে নিষ্ক্ৰিয়কৃত পলিঅ ভাইৰাছ ছিটাতো তিনিওটি প্ৰকাৰৰ ভাইৰাছ থাকে যদিও ইয়াৰ ভাইৰাচবোৰ মৃতগুনে ই অধিক নিৰাপদ পৰিগনিত হৈছে।মুখেৰে খুওৱা ছিটাই খাদ্যনলীত প্ৰ্তিদেহৰ সৃষ্টি কৰাৰ বিপৰীতে বেজিৰ দিয়া পলিঅ ছিটাই শিশুটিৰ তেজত প্ৰ্তিদেহৰ সৃষ্টি কৰে।IPV কোনো পাৰ্শ্বক্ৰিয়া নাই বা ছিটা প্ৰদানৰ পিছত কেঁচুৱাটিৰ কোনো বিশেষ যতনৰ প্ৰয়োজন নহয়।সাধাৰন অসুখ হৈ থকা অৱস্থাতো এই ছিটা দিয়াব পাৰি।সময়ৰ পূৰ্বে জন্ম (৩৭ সপ্তাহ পূৰ্বে)বা স্বাভাবিক ৰোগ প্ৰ্তিৰোধ ক্ষমতা কম থকা (HIV,চিকল চেল ৰোগ আদিত আক্ৰান্ত)কেঁচুৱাকো এই ছিটা প্ৰ্দান কৰাত বাধা নাই।এনেবোৰ কাৰনত ক্ৰমাগত্ভাবে আৰু পৰ্য্যায়ক্ৰমে মুখেৰে খুওবা পলিঅ ছিটাৰ সলনি বেজিৰে দিয়া নিষ্ক্ৰিয়কৃত ছিটা ২০১৮ চনৰ ভিতৰত বিশ্ব্ৰ সকলো দেশতে ব্যৱহাৰ কৰাৰ বাবে বিশ্ব স্বাস্থ্য স্ংস্থাই ইতিমধ্যে কাৰ্যপন্থা হাতত লৈছে।২০১৫ চনৰ মে মাহৰ তথ্য বিশ্বৰ ৪৭খন দেশত এতিয়া কেৱল বেজিৰে দিয়া নিষ্ক্ৰিয়কৃত পলিঅ ছিটাহে ব্যৱহাৰ কৰি থকা হৈছে।অন্য ২৮ খন দেশ আৰু ৬টা অঞ্চলে দুয়োপ্ৰকাৰৰ ছিটাই ব্যবহাৰ কৰি আছে।২০খন দেশৰ জাতীয় ছিটাকৰন আচঁনিতIPV ক ইতিমধ্যে অন্তৰ্ভুক্ত কৰা হৈছে।ভাৰতকে ধৰি ১২৬ খন দেশে এতিয়াও কেৱল মুখেৰে খুওৱা পলিঅ ছিটা ব্যৱহাৰ কৰি আছে।ভাৰতত অহা অক্টোবৰ ২০১৫ ৰ পৰা জাতীয় ছিটাকৰন আচঁনিৰ যোগেদি বেজিৰে দিয়া নিষ্ক্ৰিয়কৃত পলিঅ-ভাইৰাছ ছিটা সাৰ্বজনীনভাৱে সকলো চৰকাৰী চিকিৎসালয়তে প্ৰদান কৰা হব।

নিষ্ক্ৰ্যকৃত পলিঅ ভাইৰাছ ছিটা এবিধ নতুন ছিটা নহয় বৰঞ্চ মুখেৰে খুওৱা ছিটা ওলোৱাৰো আগতেই এই ছিটা ১৯৫৫ চনতে প্ৰমানিত হৈছিল।বৰ্তমানে বিশ্বৰ প্ৰায় ৭০ খন দেশৰ জাতীয় ছিটাকৰন আচঁনিত এই ছিটা ব্যৱহাৰ কৰি থকা হৈছে।ভাৰততো এক দশকৰো অধিক কাল বেচৰকাৰী খণ্ডত এই ছিটা ইতিমধ্যেই ব্যৱহাৰ কৰি থকা হৈছে।ই আটাইতকৈ নিৰাপদ ছিটাসমূহৰৰ ভিতৰৰে এটা।পলিঅ ভাইৰাছ তিনিওটি প্ৰকাৰৰ বিৰুদ্ধেই ই সুৰক্ষা প্ৰ্দান কৰিব পাৰে।এই ছিটা বেজিৰ দ্বাৰা ০,৫ মিলি লিটাৰ পৰিমানত সোঁ ভৰিৰ উৰুৰ সন্মুখৰ ভিতৰ ভাগৰ মাংসপেশীত দিয়া হয়।বেজিৰে দিয়া হয় যদিও এই  ছিটা পীড়াদায়ক নহয়।এই ছিটাৰ কোনো ধৰনৰ পাৰ্শ্চ ক্ৰিয়া নাই।ভাৰতত কেৱল এবছৰ বয়সৰ তলৰ শিশুকহে এই ছিটা দিয়া হব।ভাৰতত এতিয়ালৈকে IPV ছিটা নিজাকৈ প্ৰস্তত কৰিব পৰা হোৱা নাই বাবে ছিটাসমূহ বহি:ৰাষ্ট্ৰৰ পৰা আমদানি কৰি আনিব লগা হয় আৰু সেইবাবে ইয়াৰ খৰচো বেছি হয়।২ৰ পৰা ৮ ডিগ্ৰী চেলছিয়াছ উষ্ণতাত ইয়াক স্ংৰক্ষন কৰি ৰাখিব লাগে।এই উষ্ণতাৰ সামান্য তাৰতাম্য ঘটিলেই ইয়াৰ গুন বিনষ্ট হয়।।।

ডা: ৰমেন কুমাৰ কাকতি

শেহতীয়া উন্নীতকৰণ: : 7/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate