অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নৱজাতক আৰু শিশুৰ যতন

নৱজাতক আৰু শিশুৰ যতন

জীৱনৰ সকলোতকৈ সুৰক্ষিত আৰু আৰামৰ সময় বোধকৰো মাতৃগৰ্ভত থকা ন মাহ সময়, ইয়াত শিশুটি মাতৃগৰ্ভৰ ভিতৰত এক পানীৰ টোপোলাৰ আৱৰণত শীত-তাপ নিয়ন্ত্ৰিত বাতাৱৰণত (বাহিৰত তাপ যিমানেই হওক মাতৃগৰ্ভত ইয়াৰ মান ৩৬ চেণ্টংগ্ৰেডৰপৰা ৩৭ ডিগ্ৰী চেণ্টিগ্ৰেডৰ ভিতৰত) ডাঙৰ-দীঘল হয়, আহাৰত কোনো চিন্তা নাই, মাতৃয়ে খোৱা সকলো আহাৰ হজম হৈ তেজৰ দ্বাৰা ফুলৰ ডেওনা পাৰ হৈ শিশুটিৰ শৰীৰলৈ যায়। মাতৃয়ে কমকৈ খালেও শিশুৱে নিজৰ দৰকাৰীখিনি মাতৃৰ সংৰক্ষিত ভৰালৰপৰা লৈ যায়।

ইমান এটা সুৰক্ষিত আৰু আৰামদায়ক বাতাৱৰণৰপৰা এটা নৱ জন্মপ্ৰাপ্ত শিশু যেতিয়া বাহিৰৰ পৃথিৱীৰ সম্পৰ্ক লৈ আহে, তেতিয়া বাৰু অসুবিধাৰ সৃষ্টি নহয়নে? নিশ্চয় হয়, এই অৱস্থাত শিশুটিক লাগে আমাৰপৰা অলপ সহায়। আমাৰ ভাৰতবৰ্ষত বাহিৰৰ তাপমাত্ৰা যিকোনো সময়ত 0 ডিগ্ৰীতকৈ কমৰপৰা ৫০ ডিগ্ৰী চেণ্টিগ্ৰেডলৈকে হ’ব পাৰে। হঠাৎ এই পৰিৱৰ্তন এক নৱজাতক শিশুৱে সহ্য কৰিব পাৰেনে?

এটা নৱজাতক শিশুক এই প্ৰতিকূল পৰিৱেশৰ সন্মুখীন হ’বলৈ আমাৰপৰা কি কি সহায় লাগে, এটা শিশু প্ৰকৃতিৰ উপহাৰ, প্ৰকৃতিতকৈ শ্ৰেষ্ঠ আৰু কোন আছে? শিশুটিৰ নিজেই এই অৱস্থাত তিষ্ঠি থাকিবৰ বাবে সক্ষম, লাগে মাথোঁ আমাৰ অলপ সহায়, যেনে- উষ্ণতা, মাতৃৰ গাখীৰ (স্তনপান), উশাহ-নিশাহ প্ৰক্ৰিয়াত কেতিয়াবা অলপ সহায় (সদায় নচলিব)আৰু সংক্ৰামক ৰোগৰপৰা পৰিত্ৰাণ। শিশু এটি মাতৃ গৰ্ভত থাকোতে তাৰ পুষ্টিকৰ বাবে মাকৰ খাদ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ উপৰি শ্বাস-প্ৰশ্বাসৰ বাবেও মাতৃৰ ওপৰতে নিৰ্ভৰ কৰে, জন্মৰ লগে লগে যেতিয়া নাড়ী কাটি শিশুটিক মাতৃৰ শৰীৰৰপৰা সন্মূৰ্ণৰূপে পৃথক কৰা যায়, নৱজন্ম প্ৰাপ্ত শিশুটিৱে নিজেই উশাহ-নিশাহ লোৱাৰ প্ৰয়োজন হয়।

শিশুৰ হৃদপিণ্ড মাতৃগৰ্ভত থকাৰ পৰাই চলি থাকে, কিন্তু শৰীৰৰ অক্সিজেন মাতৃৰ তেজৰ জৰিয়তে ফুলৰ মাজেৰে আহি শিশুটিয়ে গ্ৰহণ কৰে। শিশুৰ হাঁওফাঁও প্ৰায় পানীৰে ভৰি থাকে। হাঁওফাঁওৰ কোষবোৰৰ প্ৰায় ৩৭ সপ্তাহমানত সম্পূৰ্ণ বিকাশ হয় যদিও ইয়াৰ প্ৰয়োগ নহয়, মাতৃৰ শৰীৰৰপৰা পৃথক হোৱাৰ লগে লগে, শিশুৰ হাঁওফাঁওৰ পানীবোৰ শুকাই যায় আৰু কোষবোৰত ফুলি উঠে আৰু আমিও উশাহ লোৱাৰ দৰে শিশুৱেও সাধাৰণভাৱে উশাহ লয়, প্ৰায় নব্বৈ শতাংশ শিশুৱেই এই পৰিৱৰ্তনৰ কোনো অসুবিধা নোহোৱাকৈ সন্মুখীন হ’ব পাৰে, প্ৰায় দহ শতাংশ নৱজাতক শিশুক এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ অভিজ্ঞ চিকিৎসক বা প্ৰশিক্ষণপ্ৰাপ্ত লোকৰ সহায়ৰ প্ৰয়োজন হয় আৰু প্ৰায় এক শতাংশ শিশুক সম্পূৰ্ণৰূপে অভিজ্ঞ জ্যেষ্ঠ চিকিৎসকৰ সহায়ৰ প্ৰয়োজন হয়।

সাধাৰণতে গৰ্ভৱতী অৱস্থাত কোনো অসুবিধাৰ সন্মুখীন হ’লে (উচ্চ ৰক্তচাপ, মধুমেহ ৰোগ, সংক্ৰমিত ৰোগ আদি) বা অপৰিপক্ক শিশুক এই সহায়ৰ দৰকাৰ হোৱাৰ বেছি সম্ভাৱনা থাকে যদিও বহুক্ষেত্ৰত নভবাকৈ একো অসুবিধা নথকা, সময়ত হোৱা শিশুৱেও এই পৰিৱৰ্তন প্ৰক্ৰিয়া সুকলমে পাৰ কৰাত অসুবিধাত ভোগে, সেইবাবে সকলো প্ৰসৱৰ সময়তে মাতৃৰ বাবে যেনেকৈ চিকিৎসকৰ দল থাকে, তেনেকৈ আহিবলগা শিশুটিৰ বাবেও অভিজ্ঞ প্ৰশিক্ষণপ্ৰাপ্ত লোকৰ এটা দল থকা বাঞ্ছনীয়। জন্মৰ পিছৰ প্ৰথম এক মিনিট সময় বহু মূল্যৱান, এই এক মিনিট সময়ক আমি ‘সোণালী মুহূৰ্ত’ বুলি কওঁ, এই এক মিনিট সময়ত আপোনাৰ শিশুৱে মাতৃগৰ্ভৰপৰা ওলাই সম্পূৰ্ণ নিজাববীয়াকৈ উশাহ-নিশাহ লয়, শৰীৰত স্বাভাৱিক অক্সিজেনৰ মাত্ৰা স্থাপন কৰে আৰু নিজৰ স্বাভাৱিক হৃদস্পন্দনৰ প্ৰক্ৰিয়া অব্যাহত ৰাখে, এই প্ৰক্ৰিয়া যাতে শিশুটিয়ে সহজে সম্পূৰ্ণ কৰিব পাৰে, তাক সুনিশ্চিত কৰে আপোনাৰ শিশুৰ বাবে থকা চিকিৎসকৰ দলটিয়ে।

এইখিনি সময়ত শিশুৰ শৰীৰত অক্সিজেনৰ অভাৱ হ’লে ভৱিষ্যতে তেওঁৰ শাৰীৰিক আৰু মানসিক বৃদ্ধিত বাধাগ্ৰস্ত হ’ব পাৰে। এইখিনি সময়তে চিকিৎসকৰ দলটিয়ে প্ৰথমে শিশুৰ শ্বাস-প্ৰশ্বাসৰ নলী পৰিষ্কাৰ কৰে (ইয়াত শিশুটিৰ শৰীৰৰ স্বাভাৱিক অসাৰ ৰস, থুই, খেকাৰ, লেলাউটি ইত্যাদিৰ উপৰি মাতৃৰ গৰ্ভত শিশুৱে মল-মূত্ৰ ত্যাগ কৰিলে, সেয়াও জমা হৈ থাকিব পাৰে) শিশুটিৰ আৰ্দ্ৰ শৰীৰ শুকান কৰে, শিশুটিৰ সঠিক তাপমান ৰক্ষা কৰাত সহায় কৰে আৰু শিশুটিয়ে সঠিকভাৱে উশাহ-নিশাহ লৈছেনে নাই আৰু শিশুৰ হৃদস্পন্দন সঠিকভাৱে আছেনে নাই তাক নিৰ্দ্ধাৰণ কৰে। শিশুটিয়ে যদি ভালদৰে উশাহ ল’বপৰা নাই বা একেবাৰে লোৱা নাই তাক অনতিবিলম্বে স্বাভাৱিকভাৱে স্থাপন কৰাত (উশাহ-নিশাহ লোৱাত) সহায় কৰে। এটি নৱজাত শিশু জন্ম হোৱাৰ লগে লগে পিতৃ-মাতৃৰ মনলৈ বহু প্ৰশ্ন আহে, আগৰ দিনত যৌথ পৰিয়ালত অভিজ্ঞ আইতা, ককা, বৰদেউতা, বৰমা আদিয়ে নতুন পিতৃ-মাতৃক বহুখিনি সহায় কৰি দিয়ে, উপদেশ দিয়ে। আজিকালি মৌলিক পৰিয়ালৰ যুগ, বহুক্ষেত্ৰত নতুন পিতৃ-মাতৃ তেওঁলোকক উৎস স্থানৰপৰা বহু দূৰত কৰ্মস্থানত অকলে থাকে, য’ত কাৰো সহায় পোৱা নাযায়।

  • তদুপৰি যৌথ পৰিয়ালতো জ্যেষ্ঠ লোকসকলে দিয়া সকলো উপদেশ বিজ্ঞানসন্মত হয়নে তাকো বিবেচনা কৰা দৰকাৰ, নৱজাতক শিশুৰ পিতৃ-মাতৃয়ে সাধাৰণতে জানিব বিচৰা প্ৰশ্নসমূহ এনেধৰণৰ-
  • শিশুক মাতৃদুগ্ধৰ উপৰি কি খুৱাব পাৰি?
  • মাকে শিশুৰ বাবে খাদ্যৰ কি বিচাৰ কৰিব লাগিব?
  • শিশুৱে দিনটোত প্ৰস্ৰাৱ-শৌচ কিমান কৰিব লাগে?
  • শিশুটিক গা ধুৱাব পাৰিনে? আৰু মালিচ কেনেকৈ আৰু কিহেৰে কৰিব লাগিব?
  • শিশুটিয়ে অনবৰতে শুই থাকে কিয়?
  • শিশুটিয়ে গাখীৰ খোৱাৰ পিছত বমি কৰি দিয়ে কিয়?
  • মোৰ শিশুটিয়ে কিয় গোটেই ৰাতিটো কান্দি থাকে?
  • ঘৰত ফেন চলাব পাৰিনে বা ঘৰটো শীত-তাপ নিয়ন্ত্ৰিত কৰি ৰাখিব পাৰিনে?
  • শিশুটিক কোঁচত কেনেকৈ ল’ব পাৰি?
  • তাক উৰাজাহাজত উঠাব পাৰিমনে?
  • শিশুৰ নাড়ীডাল কেতিয়া সৰিব আৰু তাৰ কেনেদৰে যত্ন ল’ব লাগিব?
  • মোৰ শিশুটিয়ে অত্যাধিক কান্দে, গাখীৰ কম পায় নেকি?
  • শিশুটিৰ লগত মই কেনেদৰে অন্তৰংগ হ’ম?
  • মই কেতিয়া চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব?

এই সকলো উত্তৰ দিয়া আগেয়ে এটা কথা পুনৰ সোঁৱৰাই দিব বিচাৰো যে এটি শিশু, এজন বয়সস্থ লোকৰ এটা সুক্ষ্ম সংস্কৰণ নহয়। এটা শিশু এক সম্পূৰ্ণ পৃথক সৃষ্টি। শিশুটি জন্মৰ পিছতে, তাৰ উশাহ-নিশাহ প্ৰক্ৰিয়া স্বাভাৱিকভাৱে স্থাপিত হোৱাৰ পিছত, ইয়াক সঠিক উষ্ণতাত ৰখাৰ বাবে, মাতৃৰ লগত একেলগে একেখন বিচনাতে, একে কাপোৰৰ তলত ৰখাটো বাঞ্ছনীয়, শিশুটি জন্মৰ পিছত যিমান সোনকালে পাৰি স্তনপান আৰম্ভ কৰিব লাগে, স্তনপানৰ উপকাৰিতা, কেনেদৰে আৰম্ভ কৰিব লাগে, এগৰাকী মাতৃৰ গাখীৰ কম হ’ব পাৰেনেকি, আদি প্ৰশ্নৰ বিতং ব্যাখ্যা পৰৱৰ্তী সময়ত ব্যাখ্যা কৰা হ’ব।

জন্মৰ প্ৰথম দিনা সাধাৰণতে শিশুটি বাহিৰৰ জগতৰ লগত খাপ খোৱাকৈ, ইয়াৰ উষ্ণতাৰ লগত পৰিচয় হ’বলৈ, নিজকে গৰম কৰি ৰাখিবলৈ যত্ন কৰে। সেয়েহে পৰাপক্ষত, বিশেষকৈ ঠাণ্ডা দিনত প্ৰথম চৌব্বিশ ঘণ্টাত শিশুটিক গা ধুৱাব নালাগে, শিশুটিক পৰিষ্কাৰ, শুকান কাপোৰেৰে চাফা কৰি, ইয়াৰ চকু দুটা সিক্ত, কোমল কপাহেৰে চাফা কৰি দিব লাগে, শিশুৰ নাড়ীডাল মাতৃগৰ্ভৰপৰা পৃথক কৰাৰ সময়ত, বীজাণুমুক্ত কেঁচী বা কটাৰী ব্যৱহাৰ কৰিব লাগে আৰু ইয়াৰ পৰিষ্কাৰ সূতা বা ক্লিপৰ সহায়ত বান্ধি ৰাখিব লাগে, নাড়ীৰ শিশুৰ ফালে লাগি থকা অংশ শুকানকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে, ইয়াত প্ৰস্ৰাৱ, শৌচ লাগিব দিব নালাগে আৰু লাগিলে তৎক্ষণাত চাফা কৰিব লাগে, সকলোতকৈ ডাঙৰ কথা ইয়াত দৰবকে ধৰি একো বস্তু লগাব নালাগে, বহু সময়ত দেখা যায় বহু লোকে গতানুগতিক নিয়ম অনুসাৰে ইয়াত গোবৰকে ধৰি বহু বস্তু লগায়, ইয়াৰ ফলত ‘নিঅ’নেটেল টিটেনাছ’ আদি ৰোগত সৃষ্টি হৈ শিশুৱে অকাল মৃত্যুক সাবটি লয়। আপোনাৰ শিশুটিৰ নাড়ীডাল শুকানকৈ, পৰিষ্কাৰ কৰি ৰাখিলে সংক্ৰমিত ৰোগ হোৱাৰ সম্ভাৱনা বহু কম থাকে, তথাপি যদি নাড়ীডালৰ গুৰি ৰঙা পৰি, ফুলি যায় আৰু দুৰ্গন্ধ ৰস বা পূজ ওলায় তৎক্ষনাত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। অৱশ্যে অলপ অলপ পনীয়া তেজৰ নিচিনা বা অলপ বগা বগা ৰস শুকোৱা নাড়ীৰ গুড়িৰপৰা ওলোৱাটো স্বাভাৱিক প্ৰক্ৰিয়া।

প্ৰত্যক শিশুৱে জন্মৰ প্ৰথম চৌব্বিশ ঘণ্টাত কমেও এবাৰ শৌচ আৰু প্ৰথম আঠচল্লিছ ঘণ্টাৰ ভিতৰত এবাৰ প্ৰস্ৰাৱ কৰিব লাগে, এই সময়ৰ ভিতৰত শিশুটিয়ে প্ৰস্ৰাৱ আৰু শৌচ নকৰিলে আপোনাৰ চিকিৎসকক অৱগত কৰক। প্ৰথম প্ৰস্ৰাৱ সাধাৰণতে বহু ঘণীভূত হয়, আৰু ইয়াত ইউৰেট নামৰ ৰাসায়নিক দ্ৰৱ্য থাকে, এই ৰাসায়নিক পদাৰ্থই শিশুৰ অন্তৰ্বাসত গুলপীয়া দাগ লগাব পাৰে। ধীৰে ধীৰে শিশুৰ প্ৰস্ৰাৱৰ পৰিমাণ বাঢ়ে আৰু সঘনে কৰে। জন্মৰ প্ৰায় এসপ্তাহ বা দহ দিনৰ পাছত এটি মাতৃদুগ্ধ পান কৰা শিশুৱে চৌব্বিশ ঘণ্টাত কমেও ছয়ৰপৰা আঠ বাৰলৈকে প্ৰস্ৰাৱ কৰে, প্ৰস্ৰাৱৰ সঘনতাই মাতৃক আশ্বাস দিয়ে যে শিশুটিয়ে যথেষ্ট পৰিমাণে দুগ্ধ পান কৰাত সফল হৈছে।

জন্মৰ প্ৰথম কেইদিনমান শিশুৰ শৌচ ডাঠ, আলকাতৰাৰ নিচিনা ক’লা বা ঘন সেউজীয়া ৰঙৰ হয়। এই ৰং মেকোনিয়াম নামৰ এক পদাৰ্থৰ বাবে হয় আৰু ই স্বাভাৱিক। জন্মৰ চাৰি-পাঁচ দিনৰ পিছত যেতিয়া শিশুটিয়ে মাতৃদুগ্ধ সঠিক পৰিমাণত পায়, শিশুৰ শৌচ ধীৰে ধীৰে সেউজীয়া মেকোনিয়ামৰপৰা হালধীয়া ‘স্তনপান কৰা শৌচ’ৰ প্ৰকাৰলৈ সলনি হয়। সাধাৰণতে মাতৃ দুগ্ধৰ প্ৰায় সকলোখিনিয়েই হজম হয় বাবেই শিশুৰ শৌচৰ পৰিমাণ, বাহিৰৰ গাখীৰ খোৱা শিশুতকৈ কম হ’ব পাৰে।

মাতৃ দুগ্ধ পান কৰা শিশুৰ শৌচ সাধাৰণতে সোণালী হালধীয়া বৰণৰ দন্ত মঞ্জনৰ নিচিনা অলপ পনীয়া আৰু গোটাৰ সংমিশ্ৰণৰ হয়। সৰিয়হ খুন্দি, তাত অলপ পানী মিহলাই দিলে দেখাত যেনেকুৱা হয়, মাতৃদুগ্ধ পান কৰা শিশুৰ শৌচো দেখাত তেনেকুৱাই হয়। কেৱল মাতৃদুগ্ধ খোৱা শিশুৰ শৌচৰ ৰং আৰু পৰিমাণ বিভিন্ন ৰকমৰ হ’ব পাৰে, শৌচৰ ৰং মাতৃৰ খাদ্যৰ ওপৰতো নিৰ্ভৰ কৰে।

শিশুৰ শৌচ যদি খুব পাতলীয়া হালধীয়া বা বগা ৰঙৰ হয়, তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। শিশুৰ শৌচৰ সঘনতা বিভিন্ন ধৰণৰ হ’ব পাৰে। বহু শিশুৱে এদিনত তিনি চাৰিবাৰ অলপ বেছিকৈ আৰু বহুবাৰ অলপ অলপকৈ শৌচ কৰে, আনকি বহু শিশুৱে জোৰকৈ কান্দিলে বা প্ৰস্ৰাৱ কৰিলে কম পৰিমাণে অলপ শৌচ বাহিৰ ওলায়। আন বহু শিশুৱে আকৌ প্ৰতি সপ্তাহত বা দহ দিনত এবাৰকৈহে শৌচ কৰে, গতিকে শিশুৰ শৌচৰ সঘনতাত লক্ষ্য ৰখাতকৈ শৌচ দেখাত কেনেকুৱা তাতহে গুৰুত্ব দিব লাগে।যদি শিশুৰ শৌচ আগতে বৰ্ণনা কৰাৰ দৰে হয়, শিশুৱে দিনটোত আঠবাৰতকৈ বেছি প্ৰস্ৰাৱ কৰিছে, শিশুৰ সঠিক ওজন বাঢ়িছে আৰু শিশুৰ পেট কোমল হৈ আছে তেন্তে আপুনি নিশ্চিন্ত থাকক।

লিখকঃ ডাঃ দেৱজিৎ শৰ্মা, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate