অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৰ্তমান মাতৃসকল সন্তানৰ খাদ্যৰ ওপৰত কিমান সচেতন

বৰ্তমান মাতৃসকল সন্তানৰ খাদ্যৰ ওপৰত কিমান সচেতন

 

বৰ্তমান নাৰীসকলে শিক্ষা স্বাস্থ্য,নৈতিক,অৰ্থনৈতিক ,ৰাজনৈতিক আদি সকলো দিশতেই সচেতন হৈছে,কিন্তু নিজৰ সন্তানক খুওৱা খাদ্য সম্পৰ্কেহে প্ৰায়ভাগ মাতৃ তথা নাৰী সচেতন হোৱা নাই।

বৰ্তমান সময়ত বহু নাৰীয়ে সন্তানক ফাষ্টফুড খুওৱাৰ ওপৰতহে গুৰুত্ব দিয়ে।বহু নাৰীয়ে সময়ৰ অভাৱত কম হোৱা খাদ্যবস্তু ‘ফাষ্টফুড’স্কুল টিফিনত দিয়াৰো উদাহৰণ দেখা যায়।ব্যস্ততাৰে ভৰা জীৱনত অনায়াসে পাব পৰা এইবিধ খাদ্য খাই পলকতে তৃপ্তি লাভ কৰিব পাৰি।কিন্তু এনেবোৰ খাদ্য স্বাস্থ্যৰ কাৰণে একেবাৰে হানিকাৰক।এইবোৰ খাদ্য খোৱাৰ ফলত ওজন বৃদ্ধি ,লিভাৰত চৰ্বী জমা হোৱা ,ডায়েবেটিছ ,আদি বেমাৰসমুহ কম বয়সতে আৰম্ভ হয়।কম বয়সতে আৰম্ভ হোৱা ডায়েবেটিছে দেহৰ অংগ প্ৰত্যংগ বিশেষকৈ হাৰ্ট,চকুৰ ৰেটিনা,বৃক্ক অকামিলা,স্নায়বিক দুৰ্বলতা আদি বেমাৰে দেখা দিয়ে।ইফালে এইবোৰ বেমাৰৰ চিকিৎসা অত্যন্ত খৰচী আৰু যিকোনো ঠাইত পোৱা নাযায়।এই চিকিৎসাৰ আশানুৰুপ সফলতাও পোৱা দেখা নাযায়।

ফাষ্টফুডৰ সংপৃক্ত চৰ্বিৰ পৰা দেহৰ তেজৰ চৰ্বি বিসংগতিৰ জৰিয়তে ৰক্তনলীৰ আৱৰণীত এথেৰ’ছক্লেৰ’চিছ নামৰ ডাঠ চামনি জমা হ’বলৈ ধৰে।এইবোৰ ফাটি গ’লে হাৰ্ট এটেক আৰু ষ্ট্ৰোক হয়।ইয়াৰ উপৰি শীতল পানীয়বোৰত থকা বিভিন্ন দ্ৰব্যৰ পৰা ইউৰিক এচিড বাঢ়ে।যাৰ ফলত প্ৰদাহৰ জৰিয়তে গাঁঠিৰ বিষ আৰু দেহৰ অন্যান্য অংগত ইয়াৰ কু-প্ৰ্ভাৱ পৰে।

সেইদৰে আংকুল চিপচ,হজমোলা,ৰিংগচ,বিংগৌত,কুৰ্কুৰি আদিত নিমখৰ পৰিমাণ বেছি থকাৰ বাবে ষ্ট্ৰোক,মগজুৰ ৰক্তক্ষৰণ,হাৰ্ট এটেক,কিডনিৰ বিকলতাৰ কাৰক হৈ পৰে বুলি গৱেষক সকলে মত প্ৰকাশ কৰিছে।

২০১২ চনৰ ৩১ মাৰ্চত Economics Times Bureau য়ে প্ৰকাশ কৰিছিল যে E.S.E. য়ে নেছলে,হলডিৰাম,পেপচিকো,কে.এফ.চি.আৰু মেকডোনালড আদি কোম্পানীৰ ১৬ টা উৎপাদিত বস্তুৰ পৰীক্ষা  কৰি তাত চেনি,নিমখ আৰু আযোগ্য স্নেহ পদাৰ্থৰ পৰিমাণ বহুত বেছি থকা বুলি প্ৰমাণ পোৱা গৈছে।২০০৩ চনৰ এটা বাতৰিত প্ৰকাশ পাইছিল যে কেডবেৰি ডায়েৰি মিল্ক চকলেটত পোক পোৱা গৈছে।

দিল্লীৰ ‘Centre for Science Environment’নামৰ এটি প্ৰতিষ্ঠিত সংস্থাই পেপচি আৰু কোকাকোলাৰ মুথ ১১ টা উৎপাদনক লৈ গৱেষণা  কৰি কোকা-কোলা,পেপচি,থামচ-আপ,মিৰিণ্ডা,লিমকা,স্প্ৰাইট,ফেণ্টা আৰু আন তিনিটা পানীয়ত লিংডন ,ডি.ডি.টি,মালাথিয়ান আৰু ক্লেৰ’পায়ৰিফাছৰ নিচিনা অপকাৰী কীটনাশক আছে বুলি প্ৰমাণ পাইছিল।

আজি এমাহমান আগতে ধেমাজিৰে এখন ষ্টোৰত দুটা সন্তানৰ মাতৃ,এজন আৰক্ষীৰ পত্নী তথা মোৰ কলেজীয়া বান্ধৱী এগৰাকীকক একে লগতে ২০ পেকেট মেগী জাতীয় নুডুলছ কিনোতে লগ পাইছিলো।মই দেখি আচৰিত হৈ ইমানকৈ নুডলছ কিয় লৈছা বুলি সোধাত টিফিন বনাই দিবলৈ লৈছো বুলি কৈছিল।মই তাইৰ কাণ্ড দেখি অবাস হৈ গৈছিলো আৰু তাইক এনে নুডলছৰ অপকাৰিতাৰ বিষয়ে কোৱাত মাত্ৰ ৩ পেকেট নুডলছ লৈ বাকীখিনি ঘুৰাই দিছিল আৰু পিছলৈ এনে দ্ৰব্য ব্যৱহাৰ নকৰো বুলি কৈছিল।

নুডলছ জাতীয় খাদ্যত নিমখৰ পৰিমাণ দৰকাৰতকৈ বেছি থাকে ।M.S.G.মানে  Mono sodium Glutamate নামৰ ৰাসায়নিক দ্ৰব্যবোৰো এনেধৰণৰ খাদ্যত প্ৰয়োজনতকৈ বেছি পৰিমাণে থাকে।এনে দ্ৰব্যই শৰীৰৰ্ যথেষ্ট ক্ষতি সাধন কৰে।এনেধৰণৰ কিছুমান নুডলচত সীহৰ পৰিমাণ ১৭.৫ পি.পি.এমম্বেছি পোৱাৰ প্ৰমাণ পোৱা গৈছে।সৰু সৰু ল’ৰা-ছোৱালীৰ খোৱা বস্তুত ইয়াৰ পৰিমাণ ০.০১ পি.পি.এম.তকৈ কম থাকিব লাগে।শিশুৰ শৰীৰত সীহ সোনকালে বিয়পি যায় আৰু তাৰ কুপ্ৰভাৱ লগে লগে গম পোৱা নাযায়।কিন্তু লাহে লআহে যকৃৎ,মুত্ৰাশয়,মগজু আৰু হৃদপিণ্ড দুৰ্বল আৰু ৰুগীয়া কৰি তোলে।

১৯৪৫ চনৰ ১৬ অক্টোবৰ তাৰিখে ৰোম দেশত ‘বিশ্ব খাদ্য আৰু কৃষি সংস্থা’(FAO)ৰ জন্ম  হৈছিল।তেতিয়াৰে পৰা এই সংস্থাটোৱে জীৱন নিৰ্বাহৰ পদ্ধতি উন্নতিৰ বাবে কেনেকৈ খাদ্য সম্ভাৰ উৎপাদন কৰি সম বিতৰণ ব্যৱস্থা কৰিব লাগে,সেই কামবোৰ কৰি আহিছে।সেয়েহে ১৬ অক্টোবৰৰ তাৰিখটোক ‘বিশ্ব খাদ্য দিৱস’হিচাপে পালন কৰি অহা হৈছে।এই খাদ্য দিৱসৰ মুল উদ্দেশ্য হৈছে-ছাত্ৰ-ছাত্ৰী,শিক্ষিত –অশিক্ষিত সকলো লোককে খাদ্য সম্পৰ্কে অৱগত কৰি সচেতনতা জগাই তুলি পৃথিৱীখনক খাদ্য সংকটৰ পৰা মুক্ত কৰিব পাৰি আৰু সকলোৱেই আনন্দত জীয়াই থাকিব পাৰে।

গতিকে মাতৃসকলে সন্তানসকলক ফাষ্টফুড খুৱাবলৈ এৰক।তাৰ সলনি বতৰৰ ফল-মুল ,বাদাম,ফলমুলৰ পৰা ঘৰতে চৰ্বত বনাই আৰু অন্যান্য ফলাহাৰ নিজৰ সন্তানক খুৱাবলৈ যত্ন কৰক।ইয়াৰোপৰি ঘৰতে বনোৱা পিঠা-পনা,চুজি,পায়স,মুড়ি,চিৰা খুৱাব পাৰে।নহ’লে আমাৰ ভৱিষ্যত প্ৰজন্ম ধ্বংসৰ ফাললৈ গতি কৰিব।গতিকে মাতৃসকলে বলিষ্ঠ ভুমিকা গ্ৰহণ কৰি নিজৰ সন্তানক সুস্থ কৰি ৰাখক।তেতিয়াহে ভৱিষ্যতলৈ এখন সুস্থ সমাজ আশা কৰিব পাৰি ।

 

উৎস:স্বাস্থ্য

শেহতীয়া উন্নীতকৰণ: : 2/13/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate