অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাতৃদুগ্ধ আৰু শিশু :

মাকৰ গাখীৰ কেঁচুৱাৰ বাবে সৰ্বোৎকৃষ্ট আহাৰ। বয়স অনুসাৰে প্ৰকৃত খাদ্যই শিশুক জীয়াই ৰখাৰ উপৰি তেওঁলোকৰ বৰ্দ্ধন, বিকাশ, সুস্বাস্থ্য আৰু পৰিপুষ্টিত সহায় কৰে। শিশুক ছমাহ বয়সলৈকে অকল মাকৰ গাখীৰ খুৱাব লাগে।

অন্য খাদ্যৰতো কথাই নাই, পানীও আনকি খুওৱাৰ প্ৰয়োজন নাই। অৱশ্যে চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ, ভিটামিন আদি খুৱাব পাৰি।

ছমাহ বয়সলৈকে শিশুক অকল মাকৰ গাখীৰ খুওৱা আৰু তাৰ পিছত মাকৰ গাখীৰৰ লগতে আন প্ৰকৃত পৰিপূৰক খাদ্যই শিশুক পুষ্টিহীনতা, ৰোগ আৰু মৃত্যুৰপৰা ৰক্ষা কৰে।

কেঁচুৱা এটিক জন্মৰ এঘন্টাৰ ভিতৰতে মাকৰ গাখীৰ খাব দিব লাগে। জন্মৰ এঘন্টাৰ ভিতৰত মাকৰ গাখীৰ খুওৱাৰ দ্বাৰা কুৰি শতাংশ সদ্যোজাত শিশুক মৃত্যুমুখৰপৰা বচাব পাৰি। সুস্থ-সবল কেঁচুৱা এটিয়ে কোনো অসুবিধা নোপোৱাকৈ মাকৰ গাখীৰ চুপে।

অৱশ্যে মাকে কেনেকৈ ল’লে কেঁচুৱাটিয়ে অসুবিধা নোপোৱাকৈ সহজতে গাখীৰ খাব পাৰে, তাৰ বাবে স্বাস্থ্যকৰ্মীয় প্ৰথম অৱস্থাত অলপ সহায় কৰি দিয়াৰ প্ৰয়োজন হ’ব পাৰে।

কেঁচুৱাই গাখীৰ খোৱা আৰু মাতৃয়ে কেঁচুৱাক গাখীৰ খুওৱা এটা পাৰস্পৰিক বন্ধনৰ সৃষ্টি হয়। এই বন্ধন শিশুৰ দৈহিক আৰু মানসিক বিকাশৰ বাবে খুবেই প্ৰয়োজনীয়।

মাতৃদুগ্ধৰ উপকাৰিতা -

  • মাতৃদুগ্ধত ছমাহলৈ শিশুৰ বৰ্দ্ধন আৰু বিকাশৰ বাবে প্ৰয়োজনীয় সকলো উপাদানেই পোৱা যায়। তাৰ পিছত এবছৰ বয়সলৈ শিশুৰ পুষ্টিৰ আধা অংশ আৰু দুবছৰ বয়সলৈ এক-তৃতীয়াংশ পুষ্টি মাকৰ গাখীৰৰপৰা আহে।
  • শিশুৰ বাবে প্ৰয়োজনীয় কেল’ৰি আৰু উপযুক্ত পৰিমাণৰ প্ৰ’টিন, চৰ্বি, লেক্টজ, ভিটামিন, আইৰণ, বিভিন্ন প্ৰকাৰৰ খনিজ লৱণ, উৎসেচক পানী আদি শিশুৰ প্ৰয়োজন অনুপাতে পোৱা যায়।
  • মাতৃদুগ্ধত যথেষ্ট পৰিমাণে পানী থাকে। সেয়েহে গৰমৰ দিনতো শিশুক বেলেগে পানী খুওৱাৰ প্ৰয়োজন নহয়।
  • মাতৃদুগ্ধত বহু প্ৰকাৰৰ বীজাণুনাশক পদাৰ্থ থাকে আৰু সেইবোৰে শিশুক বিভিন্ন ৰোগ, যেনে- ডায়েৰীয়া, নিউম’নিয়া আদিৰপৰা ৰক্ষা কৰে।
  • মাতৃদুগ্ধ খোৱা শিশুৰ ডায়েবেটিছ, হৃদযন্ত্ৰৰ ৰোগ, হাঁপানি বা কোনো ধৰণৰ এলাৰ্জী হোৱাৰ আশংকা কম থাকে। ডাঙৰ হৈও তেওঁলোক বিভিন্ন প্ৰকাৰৰ ৰোগৰপৰা হাত সাৰি থাকিব পাৰে।
  • স্তনপানে মাক আৰু কেঁচুৱাৰ মাজত এটা আৱেগিক বন্ধন সৃষ্টি কৰে আৰু ই মৰম-ভালপোৱাৰ এটা উমাল পৰিৱেশ গঢ়ি শিশুৰ সুস্থ বিকাশত সহায় কৰে।
  • স্তনপানে শিশুৰ মগজু আৰু চকুৰ প্ৰখৰতা বৃদ্ধি কৰে।
  • দেখা গৈছে যে স্তনপান কৰা শিশুৰ বুদ্ধি বেছি হয়(বেছি IQ) আৰু তেওঁলোক ভাষা আয়ত্ত কৰা আৰু গণিত বিষয়ত বেছি পাৰদৰ্শী হয়।

স্তনপানে মাতৃৰ সুস্বাস্থ্যতো সহায় কৰে -

  • স্তনপানে প্ৰসৱোত্তৰ সময়ত প্ৰসূতিৰ ৰক্তক্ষৰণ আৰু ৰক্তহীনতা কমাত সহায় কৰে।
  • স্তনপানে গৰ্ভনিৰোধক হিচাপেও কাম কৰে।
  • স্তনপানে মাতৃক স্তন আৰু ডিম্বাশয়ৰ কৰ্কট ৰোগৰপৰা ৰক্ষা কৰে আৰু প্ৰসৱৰ পিছত দৈহিক গঠন স্বাভাৱিক হোৱাত সহায় কৰে।

দুখৰ বিষয়, আমাৰ দেশত ৭৮.৭ শতাংশ শিশুৰ চিকিৎসালয়ত জন্ম হয় যদিও মাত্ৰ ৪৪.৬ শতাংশ শিশুকহে জন্মৰ এঘন্টাৰ ভিতৰত মাকৰ গাখীৰ খাবলৈ দিয়া হয়।

তদুপৰি ৬৪.৯ শতাংশ শিশুকহে ছমাহ বয়সলৈকে অকল মাকৰ গাখীৰ খাবলৈ দিয়া হয়।

বিভিন্ন ধৰণৰ ভুল ধাৰণা আৰু অন্ধবিশ্বাসৰ বাবে মাকৰ গাখীৰৰ পৰিৱৰ্তে বা মাকৰ গাখীৰৰ লগত কৃত্ৰিম আহাৰ দিয়া দেখা যায়। এনে আহাৰ শিশুৰ বাবে অপকাৰী।

বটল বা টেমাৰ গাখীৰ বা আন খাদ্যৰপৰা হ’ব পৰা সমস্যা -

  • কৃত্ৰিম আহাৰে মাতৃ আৰু কেঁচুৱাৰ মাজত কোনো আৱেগিক বন্ধনৰ সৃষ্টি নকৰে। শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে ভালপোৱাৰ আৱেগিক বন্ধন এটাৰ নিতান্তই আৱশ্যক।
  • কৃত্ৰিম আহাৰ সন্তুলিত নহয়, সেয়েহে শিশু এটি পুষ্টিহীনতা আৰু তাৰ আনুষংগিক ৰোগত ভোগাৰ আশংকা বেছি।
  • কৃত্ৰিম আহাৰ খোৱা শিশুৰ ৰোগৰ সংক্ৰমণ আৰু পুষ্টিহীনতাৰ হাৰ বেছি আৰু সেয়েহে মৃত্যুৰ আশংকাও বেছি।
  • শিশুৱে গৰু বা আন জন্তুৰ গাখীৰ সহ্য কৰিব নোৱাৰিব পাৰে আৰু ডায়েৰীয়া, ছালৰ ৰোগ আদি হ’ব পাৰে।
  • কৃত্ৰিম আহাৰ খোৱা শিশু ডাঙৰ হ’লে উচ্চ ৰক্তচাপ, ডায়েবেটিছ আদিৰ দৰে ৰোগত ভোগাৰ আশংকা বেছি।
  • কিছুমান শিশুৱে আকৌ প্ৰয়োজনতকৈ অধিক কৃত্ৰিম আহাৰ খোৱাৰ ফলত মেদবহুলতাত ভুগিব পাৰে।
  • কৃত্ৰিম আহাৰ খোৱা শিশুৰ বুদ্ধি মাতৃদুগ্ধ খোৱা শিশুতকৈ কম হ’ব পাৰে।
  • কৃত্ৰিম আহাৰ খোৱা শিশুৰ বুদ্ধি মাতৃদুগ্ধ খোৱা শিশুতকৈ কম হ’ব পাৰে।
  • কৃত্ৰিম আহাৰ খোৱা শিশুৰ বুদ্ধি মাতৃদুগ্ধ খোৱা শিশুতকৈ কম হ’ব পাৰে।
  • কৃত্ৰিম আহাৰ খোৱা শিশু সঘনাই ডায়েৰীয়া, নিউম’নিয়া, কাণৰ ৰোগ আদিত ভুগিব পাৰে।
  • স্তনপান নকৰোৱা মহিলাৰ সন্তান প্ৰসৱৰ পিছত আগতীয়াকৈ ঋতুস্ৰাৱ আৰম্ভ হয়।

সুস্থ-সবল, বুদ্ধিদীপ্ত নাগৰিক হিচাপে গঢ়ি তুলিবলৈ শিশুক জন্মৰ এঘন্টাৰ ভিতৰতে মাতৃদুগ্ধ পান কৰিবলৈ দিব লাগে।

ছমাহ বয়সলৈকে মাকৰ গাখীৰৰ বাহিৰে আন আহাৰ দিব নালাগে আৰু ছমাহৰ পিছত গাখীৰৰ লগতে উপযুক্ত পৰিমাণৰ পৰিপূৰক আহাৰ দিব লাগে।

লেখক: ডাঃ প্ৰদীপ কুমাৰ শৰ্মা(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 6/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate