কেতিয়াবা শিশুৱে খেলি থাকোতে নাকৰ ফুটাৰে কোনো বস্তু সোমালে উলিয়াবলৈ কেতিয়াও চেষ্টা কৰিব নালাগে। যিটো নাকৰ ফুটাৰে বস্তুটো সোমাইছে তাৰ বিপৰীত ফুটাটোৰে মিহি কোমল কাগজ এটুকুৰা সুমুৱাই দিব লাগে। এনে কৰিলে নাকটো পিৰপিৰাই শিশুটোৱে হাঁচিয়াব। তেতিয়া নাকত সোমোৱা বস্তুটো আপোনা-আপুনি ওলাই আহিব। অৱশ্যে তেতিয়াও যদি বস্তুটো নাকৰ পৰা বাহিৰ ওলোৱা নাই, তেন্তে ঘৰত চেষ্টা নকৰি শিশুটিক ততালিকে নাক, কাণ আৰু ডিঙি চিকিৎসকৰ ওচৰলৈ আনিব লাগে।
শৈশৱতে শিশুৱে খেলি থাকোতে নানা ধৰণৰ আকস্মিক দুৰ্ঘটনাৰ সমুখীন হয়। কেতিয়াবা শিশুৰ দুখ পাই নাকৰ পৰা তেজ ওলাবলৈ ধৰে। এনে অৱস্থাত শিশুটিক কেতিয়াও সমুখৰ ফালে হাউলি বহিবলৈ দিব নালাগে। বৰফ বা ঠাণ্ডা পানীত কোমল কাপোৰ তিয়াই লৈ নাকৰ ওপৰত দহ মিনিটমান ৰাখিব লাগে। এনেকৈ ৰাখোতে বেছিকৈ লৰচৰ কৰিবলৈ দিয়া অনুচিত। কপাহ তিয়াই পিঠিৰ পাছফালে আৰু ওপৰ ওঁঠতো দিব পাৰিলে ভাল। ইয়াৰ পিছতো যদি তেজ ওলোৱা বন্ধ নহয় তেতিয়াহলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
উৎসঃ জিএনআৰচি স্বাস্থ্য আলোচনী
শেহতীয়া উন্নীতকৰণ: : 3/7/2020
ওজন কমাবলৈ শিশুৰ দৰে খাদ্য গ্ৰহণ কৰক
গাখীৰৰ পৰা হ’ব পৰা ৰোগ
ইয়াত কন্যা শিশুৰ কল্যানৰ বিষয়ে আলোচনা কৰা হৈছে।
আপোনাৰ শিশুটি সুস্থনে?