অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশু, নাৰী আৰু সন্ধিপ্ৰদাহঃ

শিশু, নাৰী আৰু সন্ধিপ্ৰদাহঃ

সন্ধিপ্ৰদাহ বা গাঁঠিৰ বিষ আজিৰ আধুনিক সভ্যতাৰ অভিশাপ বুলি আখ্যা দিব পাৰি। দেখা গৈছে যে নাৰীসকলৰ মাজত তুলনামূলকভাৱে এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি। বহুতো নাৰীয়ে ২০ বছৰ বয়স বা তাৰ আগে-পাছে এই ৰোগত আক্ৰান্ত হয়। এই ব্যাধিৰ আটাইতকৈ মাৰাত্মক ৰূপটো হৈছে বাতজনিত সন্ধিপ্ৰদাহ বা ৰিউমেটয়ড আৰ্থ্ৰাইটিছ। সঠিক চিকিৎসা প্ৰয়োগ নকৰিলে এই ৰোগৰ ফলত শৰীৰৰ অস্থিসন্ধি আৰু গুৰুত্বপূৰ্ণ অংগ-প্ৰত্যংগসমূহ চিৰস্থায়ীভাৱে ক্ষতিগ্ৰস্ত হ’ব পাৰে।

বাতজনিত সন্ধিপ্ৰদাহৰ ক্ষেত্ৰত বহু সময়ত গৰ্ভাৱস্থাৰ কালছোৱাত ৰোগৰ লক্ষণবোৰ হ্ৰাস পালেও প্ৰসৱৰ পাছত ৰোগৰ তীব্ৰতা বাঢ়ি যাব পাৰে। নাৰীসকলৰ শৰীৰত ঘটা স্বাভাৱিক হৰম’ন পৰিৱৰ্তনেই ইয়াৰ কাৰণ বুলি বিশেষজ্ঞসকলে থিৰাং কৰিলেও কোনো এই বিষয়ে সুনিশ্চিত নহয়।

‘ইউ এছ আৰ্থ্ৰাইটিছ ফাউণ্ডেচন’ নামৰ আমেৰিকান সংস্থাটোৱে সন্ধিপ্ৰদাহৰ কেতবোৰ সতৰ্কতামূলক লক্ষণৰ বিষয়ে বৰ্ণনা কৰিছে। এইবোৰ হৈছে-

  • থিয় হোৱাৰ সময়ত ক্ৰমাগত বিষ আৰু আড়ষ্টতা।
  • একে বা একাধিক অস্থিসন্ধিত বিষ আৰু স্ফীতি।
  • আঙুলিৰ তলুৱা, হাত আৰু ভৰিৰ জিনজিননি, পোৰণিৰ অনুভূতি।
  • কোনো কাৰণ অবিহনে ওজন হ্ৰাস, ৰক্তহীনতা আৰু অৱসাদগ্ৰস্ততা।

এইবোৰৰ ভিতৰত এক বা একাধিক উপসৰ্গ দেখা দিলেই যে সন্ধিপ্ৰদাহ হ’ব পাৰে, তেনেদৰে ভবাৰ কোনো যুক্তি নাই। এনে উপসৰ্গ দেখা দিলে অনতিপলমে চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাই ৰোগ নিৰ্ণয় কৰিব লাগে।

সন্ধিপ্ৰদাহ বা আৰ্থ্ৰাইটিছ হ’লেও ৰোগীসকলে যথাযথ চিকিৎসা, ব্যায়াম, জিৰণি আৰু প্ৰয়োজনসাপেক্ষে শল্য চিকিৎসাৰ জৰিয়তে স্বাভাৱিক জীৱন যাপন কৰিব পাৰে। এই ক্ষেত্ৰত নিম্নোক্ত নিৰ্দেশনাসমূহ মানি চলিব লাগে-

  • সকলো সময়তে চিকিৎসকৰ নিৰ্দেশ মানি চলিব লাগে আৰু লগতে পৰামৰ্শসমূহ পালন কৰিব লাগে।
  • নিজৰ দৰব নিজেই ঠিক কৰা, খোৱা আৰু বনদৰবৰ দ্বাৰা কৰা চিকিৎসা কাহিনীও গ্ৰহণযোগ্য নহয়।
  • দৈহিক ওজন বৃদ্ধি পৰাপক্ষত পৰিহাৰ কৰিব লাগে। অত্যধিক ক্লান্তিযুক্ত কাম কেতিয়াও কৰিব নালাগে।
  • ঘৰত অত্যধিক কঠোৰ অনমনীয় মনোভাব গ্ৰহণ কৰা উচিত নহয়। ঘৰৰ কোনো অনুষ্ঠান যদিহে দৈহিক ভাগৰৰ বাবে স্থগিত ৰাখিবলৈ ইচ্ছা কৰে, তেনেহ’লে নিজান ঠাইত জিৰণি লৈ অনুষ্ঠানটোলৈ উভতি আহিব লাগে।
  • পৰিয়ালটিত যিকোনো অনুষ্ঠানতে পৰিয়ালৰ অন্য সদস্যসকলক যোগ দিবলৈ উৎসাহিত কৰিব লাগে। কাৰণ ইয়াৰ ফলত ৰোগীয়ে নিজে জিৰণি ল’বলৈ সময় পাব।
  • অস্থি সন্ধিপ্ৰদাহজনিত ব্যাধি থকাৰ অজুহাতত পৰিয়ালৰ অন্য সদস্যসকলে যেন ৰোগীক অত্যধিক প্ৰশ্ৰয় নিদিয়ে- সেই দিশত দৃষ্টি ৰখা উচিত।
  • নাৰীসকলৰ ক্ষেত্ৰত সন্ধিপ্ৰদাহজনিত ব্যাধিৰ বাবে উপকাৰী ব্যায়াম চক্ৰ কোনখিনিত আছে তাৰ সন্ধান কৰি উলিয়াই সবিশেষ চিকিৎসা পদ্ধতি সম্বন্ধে সতৰ্ক হ’ব লাগে।

সন্ধি-প্ৰদাহগ্ৰস্ত শিশু আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ ভূমিকাঃ

এইধৰণৰ ৰুগ্ন সন্তানসকলৰ পিতৃ-মাতৃসকলে সকলো সময়তে চিকিৎসকৰ সৈতে ঘনিষ্ঠ সম্বন্ধ ৰক্ষা কৰিব লাগে আৰু শিশুটিৰ সৈতে সম্পূৰ্ণ মানসিক সহযোগিতা অটুট ৰাখিব লাগে। মাতৃৰ পৰা যেন ৰুগ্ন শিশুটিয়ে আটাইখিনি প্ৰয়োজনীয় সহযোগিতা পায় আৰু শিশুটিৰ চিকিৎসা, জিৰণি তথা ব্যায়ামৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ আখৰে আখৰে পালন কৰা হয়- সেই কথাৰ প্ৰতি মন কৰিব লাগে। আক্ৰান্ত শিশুটিয়ে যাতে দৈহিক, মানসিক তথা সামাজিক ক্ষেত্ৰত এক সৰ্বাংগসুন্দৰ জীৱন যাপন কৰিব পাৰে, তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে। লগতে উৎসাহিত কৰা দৰকাৰ।

শিশুসকলৰ বাতজনিত সন্ধিপ্ৰদাহঃ

বাত ব্যাধিজনিত সন্ধি স্ফীতিৰ বাদেও কোনো কোনো শিশুৰ চকুৰ ৰোগ আৰু আনকি দৃষ্টিহীনতাও দেখা দিব পাৰে। গতিকে জটিলতা দেখা দিয়াৰ পূৰ্বেই ৰোগ নিৰ্ণয় কৰা অত্যন্ত দৰকাৰী। শিশুৰ এই ৰোগবিধ জ্বৰ আৰু ৰেছ জৰিয়তেও আত্মপ্ৰকাশ কৰিব পাৰে। এই ৰোগৰ ফলত বিশেষকৈ কলিজা, যকৃতৰ বাদেও অন্যান্য অংগবোৰো আক্ৰান্ত হ’ব পাৰে। তথাপি এই ৰোগে ঘাইকৈ আক্ৰমণ কৰে আঙুলিৰ সন্ধি বা গাঁঠিবোৰ, গোৰোহা, কান্ধ, নিতম্ব আৰু ভৰিৰ পতাকেইটা।

বহুক্ষেত্ৰত এই ৰোগবিধ প্ৰচ্ছন্ন বা লুপ্ত অৱস্থাত থাকে আৰু ৰোগাক্ৰান্ত শিশুটিৰ চকুৰ বাহিৰে অন্যান্য অংগবোৰত বাহ্যিক লক্ষণ পৰিস্ফুট হৈ নুঠে। পিছে অন্যান্য বহু ক্ষেত্ৰত এই ৰোগৰ ফলত শিশুৰ দেহৰ স্বাভাৱিক বৃদ্ধি ব্যাঘাতপ্ৰাপ্ত হয়।

চিকিৎসাঃ

আক্ৰান্ত শিশুটিৰ চিকিৎসা নিৰ্ভৰ কৰে শিশুটিৰ বয়স, ৰোগৰ তীব্ৰতা, প্ৰকাৰ তথা আক্ৰান্ত হোৱা অস্থিসন্ধিৰ ওপৰত। চিকিৎসকৰ পৰামৰ্শ অনুযায়ী প্ৰদাহ উপশমকাৰী যিকোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এন এছ এ আই আই ডি শ্ৰেণীৰ দৰবসমূহ এইক্ষেত্ৰত বৰ ফলপ্ৰসূ। কোনো কোনো ক্ষেত্ৰত বিশেষ কেতবোৰ পৰীক্ষাৰ বাবে হস্পিতাললৈ নিয়াৰ বাদে অন্যান্য ক্ষেত্ৰত ঘৰত থাকিয়েই শিশুসকলে যথাসম্ভৱ স্বাভাৱিক সামাজিক জীৱন যাপন কৰিব পাৰে। চিকিৎসকলৰ মতে শৈশৱকালত বাতজনিত সন্ধিপ্ৰদাহ ৰোগত আক্ৰান্ত সৰহভাগৰে বাৰ্ধক্য বা জীৱনৰ মাজবয়সত এই ৰোগত আক্ৰান্ত ব্যক্তিসকলৰ তুলনাত দৈহিক ক্ষতি কম হয়।

ব্যায়াম আৰু শাৰীৰিক চিকিৎসাঃ

বাতজনিত সন্ধিপ্ৰদাহ ৰোগত আক্ৰান্ত শিশুবোৰৰ অস্থিসন্ধিবোৰ কিদৰে সচল আৰু নমনীয় কৰি ৰাখিব পৰা যায়, সেই বিষয়ে চিকিৎসকসকলৰ ফালৰ পৰা পিতৃ-মাতৃসকলক নিৰ্দেশ দিয়া হয়। সাধাৰণতে ব্যায়াম কৰাৰ উদ্দেশ্যে শিশুটি পুৱাৰ সময়ত সোনকালে শুই উঠিবলগীয়া হ’ব পাৰে- যাতে শিশুটি স্কুললৈ যোৱাৰ পূৰ্বে দৈহিক আড়ষ্টতা নিবাৰণ হয়। আড়ষ্টতা যিমানেই দীঘলীয়া হয় ৰোগৰ তীব্ৰতা সিমানেই বেছি হয় বুলি বুজিব পাৰি। উষ্ণ পানীত স্নান কৰিলে ভালেখিনি উপকাৰ পাব পাৰি।

স্কুলত দৰব সেৱনঃ

শিশুটিয়ে যদিহে স্কুলত দৰব খাবলগীয়া হয়, তেনেহ’লে শিক্ষকসকলক এই বিষয়ে অৱগত কৰা দৰকাৰ। স্কুলভেদে এইক্ষেত্ৰত ভিন্ন ধৰণৰ নিয়ম আছে। স্কুল শিক্ষকসকলৰ সহযোগিতাক্ৰমে যাতে সময়মতে দৰববিধ খুওৱা হয়, সেই বিষয়ে চকু ৰখা দৰকাৰ।

কেতিয়াবা আক্ৰান্ত শিশুৱে হাত, বাহু বা দেহৰ অন্যান্য অংগত প্লাষ্টিকৰ বা ধাতুৰ ডাঙৰ ফলক (স্প্লিণ্ট) পৰিধান কৰা প্ৰয়োজনীয় হৈ পৰে। এনেকুৱা পৰিস্থিতিত স্কুলৰ শিক্ষকসকলক বিষয়টো ভালদৰে ব্যাখ্যা কৰা উচিত, যাতে তেওঁ আক্ৰান্ত শিশুটিৰ সহপাঠীসকলক বিষয়টি ভালদৰে বুজাই দি শিশুটিৰ প্ৰতি সিহঁতৰ মনোভাৱ স্বাভাৱিক কৰিবলৈ সক্ষম হয়।

সন্ধিপ্ৰদাহত আক্ৰান্ত শিশুসকলৰ ক্ষেত্ৰত এটা অত্যন্ত কাৰ্যকৰী দৰব হৈছে সিহঁতৰ ফুৰা-চকা, কৰ্ম চঞ্চলতা অটুট ৰখা। ইয়াৰ ফলত সিহঁতে নিজকে অন্যান্য শিশুৰ সমতুল্য বুলি গণ্য কৰিব পৰা হয়। সন্ধিপ্ৰদাহত আক্ৰান্ত শিশুসকলক প্ৰাত্যহিক জীৱনৰ নানা পৰিস্থিতিৰ মুখামুখি হ’বলৈ প্ৰস্তুত কৰি তুলিব লাগে। উদাহৰণস্বৰূপে স্কুল বেগৰ গধুৰ বোজা যাতে শিশুটিয়ে কঢ়িয়াবলগীয়া নহয়, তাৰ বাবে স্কুল আৰু ঘৰ- এই দুয়ো ঠাইতে বহি আৰু পাঠ্যপুথি ৰখাৰ ব্যৱস্থা কৰিব লাগে। তদুপৰি ৰোগীৰ সহযোগীসকলেও শিশুটিক নানা ধৰণে সহায় কৰিব পাৰে বা কৰিও থাকে।

স্কুলৰ শিক্ষকসকলৰ বাবে বিষয়টি ভালদৰে বোধগম্য হ’লে, তেওঁলোকেও সহায়ৰ হাত আগবঢ়াব পাৰে। শিশুটিয়ে স্কুলৰ ভিতৰত খোজ কঢ়া-মেলাত তেওঁলোকেও সহায় কৰিলে যন্ত্ৰণা আৰু আড়ষ্টতা বহুখিনি কমি যায়। এটাৰ পাছত আনটো শ্ৰেণীকোঠালৈ যাওঁতে বেগাই যাব নালাগে। সেই উদ্দেশ্যে ক্লাছত অন্যান্য শিশুতকৈ ৰুগ্ন শিশুটিক শ্ৰেণী শেষ হোৱাৰ কেইমিনিটমানৰ পূৰ্বেই যাবলৈ অনুমতি দিয়া হয়। বহুতো স্কুলত এই ৰোগত আক্ৰান্ত শিশুক লিফ্ট ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হয়। শেহান্তৰত শৈশৱকালীন সন্ধিপ্ৰদাহৰ এক বিশেষ প্ৰকাৰৰ বিশয়ে উল্লেখি সামৰিব খুজিছো। সেয়া হৈছে ৰিউমেটিক আৰ্থ্ৰাইটিছ। চিকিৎসা বিজ্ঞানৰ পাঠ্যপুথিৰ প্ৰসংগ টানি ক’ব খোজো যে ৫-১৫ বছৰ বয়সীয়া শিশুৰ মাজত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি। সাধাৰণতে শৰীৰৰ ডাঙৰ গাঁঠিবোৰ (কিলাকুটি, আঁঠু, কান্ধ ইত্যাদি) এই ৰোগাক্ৰান্ত হয় আৰু বিষৰ প্ৰকৃতি লৰি ফুৰা বিধৰ হয়। সাধাৰণতে ষ্ট্ৰেপ্টাককাছ বীজাণুৰ আক্ৰমণৰ ফলত হোৱা প্ৰদাহৰ হেতুকে এই বেমাৰ হয়। পূৰ্বতে পেনিচিলিন আৰু এন এছ আই এ ডি (বিশেষকৈ এস্পিৰিণ) এই ৰোগৰ বাবে প্ৰয়োগ কৰা হৈছিল যদিও সম্প্ৰতি একেবাৰে শেহতীয়া শ্ৰেণীভুক্ত প্ৰতিজৈৱিক তথা বিষনাশক দৰব এই ৰোগৰ ফলপ্ৰসূ চিকিৎসাৰ বাবে প্ৰয়োগ কৰা হয়। পাশ্চাত্যৰ দেশবোৰৰ তুলনাত ভাৰতত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি আৰু তুলনামূলকভাৱে কম বয়সীয়া শিশু এই ৰোগত আক্ৰান্ত হয়।

(উৎসঃ অসমীয়া খবৰ, ডাঃ মিহিৰ কুমাৰ গোস্বামী)।

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate