অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুক শাৰীৰিক শাস্তি নিদিব :

শিশুক শাৰীৰিক শাস্তি নিদিব :

 

শিশু এটিক সুস্থ পথত পৰিচালনা কৰিবলৈ শাস্তিৰ প্ৰয়োজন অতি কম। পিতৃ-মাতৃয়ে শিশুক শাস্তি দিয়াৰ প্ৰধান কাৰণ হৈছে পিতৃ-মাতৃ আৰু শিশুৰ মাজৰ আৱেগিক সংঘৰ্ষ। শিশুৱে পিতৃ-মাতৃৰ পৰা বিচাৰে মৰম-চেনেহ। কিবা ভুল কৰিলেও শিশুৱে পিতৃ-মাতৃৰ পৰা সহানুভূতি আৰু পথ দেখুৱাই দিয়াটো বিচাৰে। বিপদ-আপদত শিশুৱে পিতৃ-মাতৃৰ পৰা আশ্ৰয় বিচাৰে। পিতৃ-মাতৃ আৰু শিশুৰ মাজত এই তিনিবিধ গুণ অৰ্থাৎ সহানুভূতি, মৰম-চেনেহ আৰু আশ্ৰয় পালে শিশুটি পিতৃ-মাতৃৰ প্ৰতি মৰম-চেনেহ সহানুভূতিশীল আৰু আজ্ঞাবাহী হয়। এনে পৰিস্থিতিত আৱেগিক সংঘৰ্ষও নহয় আৰু শাস্তিৰো প্ৰয়োজন নহয়। কিছুমান আদৰ্শ পিতৃ-মাতৃয়ে সময়ত শিশুক গুৰু দোষত সাধাৰণভাৱে শাস্তি দান কৰে। এনে কৰিলে শিশুটি শুদ্ধ পথত চালিত হয়। আনহাতে বদমেজাজী, ক্ৰোধপ্ৰৱণ পিতৃ-মাতৃয়ে সঘনে সামান্য দোষতেই শিশুক শাস্তি বিহে, কিন্তু ইয়ে শিশুক সৎ পথত চালিত কৰিব নোৱাৰে। শ্ৰান্ত ক্লান্ত আৰু চিন্তাগ্ৰস্ত পিতৃ-মাতৃয়ে শিশুক মৰম-চেনেহ কৰিবলৈ আৰু শিশুৰ মন বুজিবলৈ ব্যৰ্থ হয় আৰু শিশুৰ কৌতুকোদ্দীপক আচৰণবোৰ হৃদয়ংগম কৰিব নোৱাৰি সংঘাতত লিপ্ত হয় আৰু শিশুটিয়ে শাস্তি ভোগ কৰে। সেয়েহে পিতৃ-মাতৃয়ে সপ্তাহৰ কাৰ্যসূচীত সময় উলিয়াই বন্ধু-বান্ধৱৰ লগত দেখা সাক্ষাত কৰা, কলা-সাংস্কৃতিক অনুষ্ঠানত যোগদান কৰা আৰু মাজে-সময়ে ঘৰৰ পৰা ভ্ৰমণ কৰিবলৈ যোৱা অৰ্থাৎ সাময়িকভাৱে সংসাৰৰ পৰা অব্যাহতি লোৱা উচিত। পিতৃয়ে কাম-কাজৰ হেচাৰ পৰা কিছুসময় দৈনিক অব্যাহতি লৈ শিশুৰ লগত খেলা উচিত।

উৎস: নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate