অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুক হাপানী বা এলাৰ্জিৰ পৰা বচাওক

শিশুক হাপানী বা এলাৰ্জিৰ পৰা বচাওক

বর্তমান শিশুৰ মাজত এলাৰ্জি সংক্রান্তীয় সমস্যা প্রায় ৫০ শতাংশই বৃদ্ধি পাইছে। সম্প্রতি এই তথ্য জানিব পৰা গৈছে মার্কিন যুক্তৰাষ্ট্ৰৰ এক সমীক্ষাত।এই সমীক্ষাৰ পৰা জানিব পৰা মতে, এলাৰ্জি আক্রান্ত শিশুৰ হাৰ ‘প্রগতিশীল বা “ডেভেলপড্‌’ দেশত বেছি পৰিলক্ষিত হয়। বিজ্ঞানীসকলৰ মতে, বর্তমান শিশুক ৰোগমুক্ত কৰি ৰাখিবলৈ পিতৃ-মাতৃয়ে বহু বেছি সতৰ্কতা অৱলম্বন কৰে। যাৰ ফলত শিশুৰ শৰীৰৰ 'ইমিউন ছিষ্টেমে” সঠিকভাবে কাম নকৰে। সেয়ে শিশুবোৰ সহজেই নানাধৰণৰ এলাৰ্জি আক্ৰমণৰ চিকাৰ হয়। এনে ধৰণৰ এলাৰ্জিৰ পৰা শিশুক বচাই ৰাখিবলৈ ঘৰত থকা কোনো পোহনীয়া জন্তুৰ লগত শিশুক সময় পাৰ কৰিব দিব লাগে। কানাডাত প্রকাশিত এটি ৰিপ'ৰ্ট অনুসৰি পশুৰ গাৰ নোম, মুখৰ লেলাৱতী, হাত-ভৰিৰ ধূলিৰ পৰা যি ধৰণৰ এলাৰ্জি হ’ব পাৰে; তাৰে এণ্টিবডি প্রস্তুত হয় শিশুৰ পাকস্থলীত। সৰুৰ পৰাই সকলো ধৰণৰ খাদ্য, ফল আৰু পাচলি খোৱাবলৈ অভ্যাস কৰাব লাগে শিশুক। পাৰিলে গৰুৰ গাখীৰ খুৱাব লাগে। ইয়াৰ ফলত খাদ্যজাতীয় এলাৰ্জিৰ পৰা বহুখিনি পৰিত্ৰাণ পাব শিশুৱে। বহু শিশু আজিকালি হাপানীত আক্রান্ত হোৱা দেখা যায়। অন্তঃসত্ত্বা অৱস্থাত ভিটামিন ডি সেৱন কৰিলে শিশু হাপানী বা শ্বাসজনিত বহু ৰোগৰ পৰা মুক্ত হয় বুলি যুক্তৰাষ্ট্ৰৰ এখন মেডিকেল জার্ণালত প্রকাশ পাইছে। শিশুৰ জন্মৰ পৰা চাৰিমাহ পর্যন্ত মাতৃদুগ্ধ অত্যন্ত জৰুৰী। ই কেৱল হাপানীয়ে নহয় শিশুৰ শৰীৰৰ অন্যান্য এলাৰ্জিৰ মাত্ৰাও কমায়। শিশুৰ ওচৰত কোনো পৰিস্থিতিতেই ধূম্ৰপান কৰা উচিত নহয়। আনকি অন্তঃসত্ত্বা অবস্থাতো ধূম্ৰপানৰ পৰা আঁতৰত থাকিবলৈ পৰামর্শ দিয়ে চিকিৎসকে। অধিক মাত্ৰাত এন্টিবায়’টিক ঔষধ খালেও এলাৰ্জিৰ সমস্যা হ’ব পাৰে।

উৎস: সাদিন ফিচাৰ্ছ।

শেহতীয়া উন্নীতকৰণ: : 2/26/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate