অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ অতিসাৰ বা হাগনি ৰোগ

হাগনি ৰোগৰ সময়ত শিশুৰ খাদ্য

বেছিভাগ ৰোগৰ দৰেই এই ৰোগৰ সময়তো শিশুৰ খাদ্যৰ প্ৰতি অনিহা হোৱাতো স্বাভাৱিক । তথাপি শিশুটিক ঘৰতে তৈয়াৰী দৈনন্দিন খাদ্য যিমান পাৰে খুৱাই থাকিবলৈ যত্ন কৰিব লাগে । মাকৰ গাখীৰ খাই থকা শিশুক ঘনে ঘনে গাখীৰ খুৱাই থাকিব লাগে। আন শিশুকো কম কম পৰিমানে সঘনে (প্ৰতি তিনি-চাৰি ঘন্টাৰ মূৰে মূৰে) কিছু খাদ্য খুৱাই থকটো ভাল । খাদ্যই শিশুটিৰ স্বাস্থ্য ভালে ৰাখে আৰু হাগনি ৰোগৰপৰা হোৱা খাদ্যনলীত কোষবোৰৰ যি ক্ষতি হয়, তাক পুনৰ সজীৱ কৰাত সহায় কৰে। সাধাৰন হাগনি ৰোগৰ পিছত শিশুৰ শৰীৰত হোৱা পানীৰ নাটনি দূৰ কৰাৰ পিছতে (Rehydration) শিশুৰ স্বাভাৱিক খাদ্যৰ প্ৰতি আকৰ্ষণ ঘূৰি আহে যদিও শৌচৰ লগত তেজ গ’লে (Dyscentry), স্বাভাৱিক ভোক ঘূৰি আহিবলৈ কিছূ সময় লাগে।

হাগনি ৰোগৰপৰা হ’ব পৰা জটিলতা

সময়মতে ব্যৱস্থা ল’লে এই ৰোগ সহজে সময়ত নিৰাময় হয় যদিও ঘৰতে কৰিবঅ পৰা কেতবোৰ সৰু কাম সময়ত নকৰিলে জতিলতাৰ সৃষ্টি হ’ব পাৰে।

  • শৰীৰত ভয়াৱহভাৱে পানী কম হৈ শৰীৰৰ প্ৰায়বোৰ অংগ-প্ৰ্ত্যংগ বিশেষকৈ বৃক্ক বিকল হৈ যাব পাৰে।
  • শৰীৰত কিছুমান আৱশ্যকীয় খনিজ দ্ৰব্যৰ পৰিমান বিপদজনকভাৱে কম বা বেছি হৈ যাব পাৰে ।
  • হাগনি ৰোগৰ পৰা প্ৰত্যক্ষভাৱে নহ’লেও বহুবাৰ দেখা যায় যে এই ৰোগৰ পিছত পৰোক্ষভাৱে শৰীৰৰ গাঁঠি ফুলা, ছালৰ বেমাৰ আদি ৰোগ বেছিকৈ হয়।
  • বাৰে বাৰে এই ৰোগ হৈ থকিলে আৰু এই ৰোগৰ পিছত খাদ্যৰ যত্ন নল’লে শিশু পুষ্টিহীনতা ৰোগত ভোগাৰ সম্ভাৱনা বাঢ়ি যায়।
  • ‘হিমলাইতিক ইউৰেমিক ছিনদ্ৰম’ নামৰ এক বিৰল বৃক্কৰ ৰোগ হোৱাৰ পিছত শিশুসকলৰ হোৱা দেখা যায় ।
  • কিছুমান খুব কম ক্ষেত্ৰত যেনে- ছালমোনেলা নামৰ বীজাণুৰ পৰা হোৱা হাগনি ৰোগ শৰীৰৰ বাকী অংগ যেনে- হাড়, গাঁঠি, মগজুৰ আৱৰণ (Meningitis) আদিলৈকে বিয়পি যাব পাৰে ।
  • কেতিয়াবা কেতিয়াবা হাগনি ৰোগ দুই সপ্তাহৰ বেছি থাকিলে তাক ‘Persistent Diarrhoea’ বা ‘লাগি ধ্ৰৰা হাগনি ৰোগ’ বুলি কোৱা হয় । এনে হ’লে তাৰ কাৰণ বিচাৰি চিকিৎসা অলপ বেলেগ ধৰণে কৰা হয় ।
  • কেতিয়াবা কেতিয়াবা হাগনি ৰোগ হোৱাৰ পিছত সৰু খাদ্যনলীৰ ওপৰৰ কোষবোৰ নষ্ট হোৱা বাবে ‘লেকটেইছ’ (Lactase) নামৰ এক উৎসেচক শৰীৰত কম হয় । এই উৎসেচক গাখীৰত থকা ‘লেক্টোচ’ নামৰ (শৰ্কৰা) বিধ হজম কৰাত প্ৰয়োজন হয় । সেইবাবে হাগনি ৰোগৰ পিছত বহুবাৰ গাখীৰ খালে হজম নহয় আৰু পেটত গেছ হয় । এয়া এক ক্ষণস্থায়ী প্ৰক্ৰিয়া (Transient Phenomenon) আৰু ই অলপ দিন পিছত নিজে ঠিক হয় ।

আপুনি কেতিয়া ত্ৎক্ষণাত চিকিৎসকৰ পৰাৰ্মশ ল’ব ?

  • যদি আপোনাৰ শিশুৰ বয়স এক বছৰৰ কম হয়।
  • যদি আপোনাৰ শিশুৰ আৰু বেলেগ ৰোগ যেনে-হৃদয়ৰ সমস্যা (Heart Problem), যকৃতৰ সমস্যা (kidney problem), মধুমেহ ৰোগ (Diabetes) আদি আছে ।
  • যদি শিশুটিয়ে বেছিকৈ শুই থাকে, সহজে উঠাব নোৱাৰি, কান্দিলেও চকুপানী নোলায় আৰু বহু সময় প্ৰস্ৰাৱ নকৰে।
  • শৌচৰ লগত তেজ যায় ।
  • প্ৰস্ৰাৱ কম পৰিমাণে হোৱাৰ লগতে প্ৰস্ৰাৱৰ লগতে তেজ যায় বা শৰীৰত ক’লা ক’লা দাগ পৰে।
  • শিশুটি অপৰিপক্কভাৱে জন্ম হোৱাৰ পিছত জীৱনৰ প্ৰথম বয়সতে হাগনি ৰোগ হয় ।
  • শিশুটি পুষ্টিহীনতা (Malnutrition) ৰোগত ভুগিলে ।
  • বহু বেছিকৈ বমি হোৱাৰ বাবে মুখেৰে একো খাব পৰা নাই ।
  • হাগনি ৰোগৰ লগতে কাঁহ, উশাহ লোৱাত অসুবিধা, কাণৰ পৰা পুঁজ ওলোৱা আদি সমস্যা থাকিলে ।

এই ৰোগৰপৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি ?

আগতে উল্লেখ কৰাৰ দৰে এই ৰোগ সাধাৰণতে মানুহৰ ‘শৌচৰপৰা মুখলৈ’ এই পথেৰে শৰীৰৰ ভিতৰলৈ যায়। শুনিলে ঘিন লাগিলেও ই সত্য। এই পথেৰে অকল এই বেমাৰ নহয়, বহু বেলেগ ৰোগো যেনে সাধাৰণতে হোৱা জণ্ডিচ ৰোগ বা পাণ্ডু ৰোগ, টাইফয়ড, কলেৰা আদি বেমাৰো এই পথেৰে হেয়। দোহাৰিছো যে আমাৰ হাতৰপৰা এই ৰোগৰ বীজাণু দুৱাৰৰ ন’ব, পানীৰ নলৰ মুখ (tap handle), টয়লেট ছিট আদি বহু ঠাইত লাগি থাকে। গতিকে এই ৰোগৰপৰা পৰিত্ৰাণ পাবৰ বাবে ভালদৰে পৰিষ্কাৰ কৈ প্ৰস্ত্তত কৰা খাদ্য আৰু পৰিষ্কাৰ পানী খোৱাৰ লগতে তলৰ নিয়মবোৰ মানি চলা ভাল-

  • খোৱাৰ আগতে চাবোনেৰে ভালদৰে হাত ধুই, পৰিষ্কাৰ টাৱেলেৰে মচি খাদ্য খোৱাৰ আগতে একো বস্ত নুচুব।
  • ভালদৰে ঢাকি নৰখা খাদ্য নাখাব।
  • বজাৰত কাটি বিক্ৰী কৰা ফলমূল, শাক-পাচলি বা ঘৰতে আগতে কাটি ঢাকি নোথোৱা ফলমূল শাক-পাচলি কেঁচাই নাখাব।
  • মাখি পৰা খাদ্য নাখাব।
  • সদায় শৌচ কৰা পায়খানাৰ ছিট (Toilet seat), ফ্লাছ কৰা চাবি বা হাতল (Flush handle or switch), পায়খানা, গাধোৱা ঘৰৰ বেচিন, পানীৰ নল হেণ্ডল (tap handle), পায়খানা বা গা ধোৱা ঘৰৰ দুৱাৰৰ চিটকানি, পায়খানা বা গা ধোৱা ঘৰৰ মজিয়া প্ৰতিদিনে কমেও এবাৰকৈ চবোন পানী (Detergent) আৰু গৰম পানীৰে পৰিষ্কাৰ কৰিব লাগে। আজিকালি বজাৰত পোৱা গাধোৱা ঘৰ বা পায়খানাৰ বাবে বিশেষভাৱে তৈয়াৰী চাফা কৰা বস্তও (Bathroom cleaner,antiseptic) ব্যৱহাৰ কৰিব পাৰি। ঘৰত কোনোবা এজনৰ হাগনি ৰোগ হ’লে এই কাম সঘনে কৰিব লাগে।
  • শৌচ কৰাৰ পিছত সদায় নিজৰ হাত ভালদৰে পনীয়া চাবোনেৰে (liquid soap) ভালদৰে দুই মিনিট মান সময় ধুব লাগে। অৱশ্যে ‘পনীয়া চাবোন’ নাথাকিলে যিকোনো চাবোন ব্যৱহাৰ কৰিব পাৰি। কোনো লোকৰ হাগনি ৰোগ হ’লে তেওঁ বেলেগ লোকৰ বাবে খাদ্য প্ৰস্তত কৰিব নালাগে।
  • হাগনি ৰোগীয়ে অন্য মনুহৰ লগত একে টাৱেল আদি একেলগে ব্যৱহাৰ কৰিব নালাগে।
  • শিশুৰ হাগনি ৰোগ হ’লে কমেও ৪৮ ঘণ্টাৰ কাৰণে পঢ়াশালিত নপঠোৱা ভাল। কাৰণ এই ৰোগ এই সময়ত বাকী শিশুৰ মাজত সহজে বিয়পিব পাৰে।

এই ৰোগৰ প্ৰধান বীজাণু ‘ৰোটা ভাইৰাছ’ৰ বিৰুদ্ধে আজিকালি ছিটা দিয়া হয়। ছিটা ল’লেই যে আপোনাৰ শিশুৰ হাগনি ৰোগ একেবাৰে নহ’ব এনে নহয়। কিন্ত বোধ হয় চিকিৎসালয়ত ভৰ্তি কৰিব্লগীয়া ভয়ানক অতিসাৰ ৰোগ কম হয়। সাৰাংশত, এই ৰোগৰ প্ৰধান প্ৰতিকাৰ হৈছে চাফ-চিকুণতা।

লিখক: ডাঃ দেৱজিৎ শৰ্মা

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate