অসমৰ জলবায়ু সেমেকা হোৱা বাবে ঘুৰণীয়া পেলু সংক্ৰমণৰ এক অনুকুল পৰিৱেশ আছে। সাধাৰণতে শিশুসকল স্বাভাৱিকতে স্বাস্থ্যৰ প্ৰতি সচেতন নহয়। মাটি-বালিত পৰি থকা লেতেৰা, দুষিত আৰু বীজাণুযুক্ত খাদ্য অজানিতে খায়। তদুপৰি বহু সময়ত হাত নোধোৱাকৈ যিকোনো বস্তু খায় আৰু খালী ভৰিৰে য’তে-ত’তে ঘুৰি ফুৰে। এইদৰে নভবা- নিচিন্তাকৈ থকা অৱস্থাত ঘুৰণীয়া পেলুবিধে শিশুৰ শৰীৰৰ বিভিন্ন কোষ্ঠত মনে মনে প্ৰৱেশ কৰি সৰ্বনাশ সাধে। এই ঘুৰণীয়া পেলু হৈছে শিশুৰ শৰীৰত আশ্ৰয় গ্ৰহণ কৰা পৰজীৱী। ই শৰীৰত প্ৰৱেশ কৰাৰ লগে লগেই ৰোগ উৎপত্তি নকৰে। শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিহে পৰজীৱী সংক্ৰমিত হয়। সেয়েহে একে পৰিৱেশত একে জাতীয় পৰজীৱী থকা সত্বেও সকলো শিশু ঘুৰণীয়া পেলুৰ দ্বাৰা আক্ৰান্ত নহয়।
ঘুৰণীয়া পেলু (Round worm) দেখাত কেঁচুৰ দৰে, বগা বৰণৰ আৰু প্ৰায় ৪-১২ ইঞ্চি দীঘল। শৌচ কৰোঁতে শৌচৰ লগত এই ঘুৰণীয়া পেলুৰ কণী বাহিৰলৈ ওলাই আহে। এই কণীৰ পৰা সংক্ৰমণ নহয়। মাটিত থকা নিষেচিত কণীবোৰ ২-৩ সপ্তাহৰ পিছত ফাটি শুক (Larvae) ওলাই আহে। উশাহ-নিশাহৰ সময়ত দুষিত বতাহত থকা শুকবোৰ আৰু কেতিয়াবা দুষিত আহাৰ খাওঁতে শুকবোৰ ভিতৰলৈ প্ৰৱেশ কৰি ক্ষুদ্ৰান্তৰ ডিওডেনামত থিতাপি লয়। শুকবোৰ ক্ৰমান্বয়ে ক্ষুদ্ৰান্তৰ বেৰৰ মাজেৰে গতি কৰি তেজৰ লগত মিলি হাওঁফাওঁলৈ গতি কৰে আৰু প্ৰায় ৮-১০ দিন তাতেই থাকে। পিছত পুনৰ খাদ্যনলীৰে বগাই আহি খাদ্যনলীৰে অন্ত্ৰত প্ৰৱেশ কৰে। অন্ত্ৰত সুক্ষ্ম শুকবোৰ ডাঙৰ হৈ পুৰঠ পেলুলৈ পৰিৱৰ্তন হয়।
ঘুৰণীয়া পেলুৰ শুকবোৰৰ অধিকাংশ শিশুৰ অন্ত্ৰত থিতাপি লয় আৰু কিছুসংখ্যকে এপেণ্ডিক্স, গলব্লাডাৰ, লিভাৰ, পেনক্ৰিয়াছ, হাওঁফাওঁত থিতাপি লৈ শিশুটিৰ অৱস্থা শোচনীয় কৰি তোলে।
১) পেলু অন্ত্ৰত থিতাপি ল’লে:
ঘুৰণীয়া পেলুৰ শুকবোৰ আহি অন্ত্ৰত থিতাপি লোৱাৰ পিছত ডাঙৰ আৰু পুৰঠ হ’বলৈ ধৰিলে কিছুমান লক্ষণ প্ৰকাশ পায়। পেলুৰ কাৰণে পেট ফুলে আৰু বিষায়, ওকালি, বমি, অৰুচি, অজীৰ্ণতা , মুখেৰে পানী ওলোৱা, পাতল শৌচ, ৰাতি শুই থাকোঁতে দাঁত কৰকৰাই থকা বা হঠাতে জিকাৰ খাই উঠা, নাক আৰু গুহ্যদ্বাৰ পিৰপিৰাই থকা, উশাহ-নিশাহত দুৰ্গন্ধ পোৱা, এলাৰ্জী , ৰক্তহীনতা আদি লক্ষণ দেখা পোৱা যায়। অন্ত্ৰ বেৰৰ কামুৰি তেজ শোষণ কৰা বাবে সঘনাই ৰক্তহীনতাত ভোগে। কেতিয়াবা ৰোগীক তেজ দিবলগীয়াও হয়। কিন্তু তেজ দিয়াৰ দুদিনমান পিছতে পুনৰ ৰক্তহীনতা হয়। তদুপৰি অন্ত্ৰৰ অন্তৱৰ্তী বেৰ কামুৰি ক্ষত-বিক্ষত কৰাৰ পৰিপ্ৰেক্ষিতত ৰক্তক্ষৰণ হৈ শৌচৰ লগত তেজ মিহলি হয় বাবে মেলিনা হোৱা বুলি ভাবে। পেলুৰ দেহৰ পৰা নি:সৰণ হোৱা দুষিত পদাৰ্থ তেজৰ লগত মিহলি হোৱাৰ ফলত এলাৰ্জী আৰু খজুৱতি হয়। বেছিকৈ পেলু থাকিলে অন্ত্ৰ অৱৰোধ কৰি শিশুৰ অৱস্থা জটিল কৰি তোলে। শৌচৰ লগত পুৰঠ পেলু নিৰ্গত হয়, কেতিয়াবা নাকে-মুখেৰে বাহিৰ হয়।
২) পেলু এপেণ্ডিক্সত থিতাপি ল’লে:
ঘুৰণীয়া পেলুৰ শুক উপাংগ বা এপেণ্ডিক্সত প্ৰৱেশ কৰি থিতাপি ল’লে এপেণ্ডিছাইটিছৰ লক্ষণ দেখা পোৱা যায়। প্ৰথম পৰ্যায়ত এপেণ্ডিক্স ফুলি বিষাবলৈ আৰম্ভ কৰে। দ্বিতীয় পৰ্যায়ত এপেণ্ডিক্সৰ ভিতৰত থকা শুকবোৰে কলা কামুৰি ক্ষত-বিক্ষত কৰি তেজ শোষণ কৰাৰ ফলত ঘা উৎপন্ন হয়। তৃতীয় পৰ্যায়ত এপেণ্ডিক্সৰ পচন আৰম্ভ হয় বাবে অন্ত্ৰাৱৰণ কলা, অন্ত্ৰ আৰু তলপেটৰ বেৰ আদি এঠা খাই লাগি ধৰে। কেতিয়াবা ব্ৰনৰ বাবে এপেণ্ডিক্সত ফুটা হয়। এই ফুটাইদি ৰোগৰ বীজাণু, মল, পুঁজ আদি অন্ত্ৰাবৰণ কলালৈ প্ৰৱেশ কৰি অন্ত্ৰাবৰণ কলা শোথ (Peritonitis) উৎপন্ন কৰে। নাভি আৰু সোকৰ্ংগৰ ওচৰত বিষায়, স্পৰ্শ কৰিলে বিষ বাঢ়ে। অভোক, অৰুচি, কোষ্ঠকাঠিন্য ,বমি, জিভা শুকোৱা, নাড়ীগতি বৃদ্ধি, জ্বৰ ভাব বা জ্বৰ, এলাৰ্জী বা খজুৱতি আদি লক্ষণসমুহ দেখা পোৱা যায়।
৩) পেলু অগ্নাশয়ত থিতাপি ল’লে:
ঘুৰণীয়া পেলুৰ শুকবোৰ অগ্নাশয় বা পেনক্ৰিয়াছত প্ৰৱেশ কৰিলে অগ্নাশয় ফুলি বিষাবলৈ ধৰে। ইয়াক পেনক্ৰিয়াটাইটিছ বোলা হয়। আহাৰ খোৱাৰ পিছত উচপিচনি লাগে, ৰাতিপুৱাই ভৰ দি শৌচ কৰিব লাগে, প্ৰায়েই কোষ্ঠকাঠিন্য হৈ থাকে যদিও মাজে-সময়ে পাতল শৌচ হয়। খোৱা খাদ্য হজম নহয়, এলাৰ্জী , পেটত খামুচীয়া বিষ, খোৱাৰ প্ৰতি অনিচ্ছা, বমি ভাব ইত্যাদি লক্ষণে দেখা দিয়ে।
৪) পেলু যকৃতত থিতাপি ল’লে:
ঘুৰণীয়া পেলুৰ শুকবোৰে ৰক্ত সঞ্চালনৰ জৰিয়তে যকৃতত থিতাপি লোৱাৰ পিছত যকৃত আক্ৰান্ত হয়। কেতিয়াবা লক্ষণসমুহ তীব্ৰ ধৰণৰ আৰু কেতিয়াবা লক্ষণসমুহ লাহে লাহে প্ৰকাশ পায়। যকৃত বাঢ়িবলৈ মধৰে, ওকালি, বমি ভাব, পাতল শৌচ, শৌচ ক’লা আৰু মাজে-সময়ে বগা বৰণৰ হয়। খোৱাৰ প্ৰতি অনিচ্ছা, দুৰ্বল, অৱশ, ওপৰ পেটৰ সোঁকাষত বিষ, উশাহ-নিশাহত যকৃতৰ বিষ বাঢ়ে, হালধীয়া পেচাব, সামান্য জ্বৰ আৰু কামলা বা জণ্ডিচৰ লক্ষণ দেখা যায়।
৫) পেলু পিত্তাশয়ত থিতাপি ল’লে:
ঘুৰণীয়া পেলুৰ শুকবোৰে পিত্তনলীৰে পিত্তাশয় বা গলব্লাডাৰত প্ৰৱেশ কৰাৰ পিছত পিত্তাশয় শোথ (Cholecystitis) হয়। ওপৰ পেটত সোঁফালে বিষ হয়, ক্ৰমে এই বিষ পিঠিআৰু কান্ধলৈকে বিস্তাৰিত হয়। বিষ কেতিয়াবা কম আৰু কেতিয়াবা বেছিকৈ হয়। বুকু জ্বলা-পোৰা কৰে, পেট ফুলে, ওকালি আৰু বমি হয়, খোৱা বস্তু হজম নহয়, টেঙা পানী আহে, ঠাণ্ডা অনুভৱ হোৱাৰ উপৰি নাড়ী গতি দুৰ্বল হয়। এই ৰোগৰ লক্ষণসমুহ গলব্লাডাৰ ষ্ট’নৰ সৈতে একে। সেয়েহে ৰোগ নিৰ্ণয়ৰ বাবে আলট্ৰা ছন’গ্ৰাফী কৰিব লাগে। পিত্তাশয়ত ঘুৰণীয়া পেলু থাকিলে ভুলতে গলব্লাডাৰ ষ্ট’নৰ অস্ত্ৰোপচাৰ কৰাৰ সম্ভাৱনা থাকে।
৬) পেলু হাঁওফাঁওত থিতাপি ল’লে:
ঘুৰণীয়া পেলুৰ শুকবোৰ হাঁওফাঁওৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছত এলভিঅলাত থিতাপি লয়। স্থানৰ অভাৱৰ কাৰণে ডাঙৰ হ’বলৈ সুবিধা নাপায়। শুকবোৰৰ দেহৰ পৰা নিৰ্গত হোৱা বিষাক্ত পদাৰ্থৰ বাবে এলাৰ্জী, খজুৱতি আদি হোৱাৰ উপৰি কাহ, শ্বাস কষ্ট, উশাহ-নিশাহৰ সময়ত বাঁহীৰ মাতৰ দৰে শব্দ হাঁওফাঁও অথবা শ্বাসনলীত উৎপত্তি হয়। জ্বৰ ভাব থাকে আৰু মাজে-সময়ে জ্বৰ উঠে। এই লক্ষণ বিশিষ্ট পৰ্যায়ক্ এছকাৰিছ নিউমোনাইটিছ (Ascaris pneumonitis) বোলা হয়। ইয়াৰ পিছৰ পৰ্যায়ত শুকবোৰে হাঁওফাঁওৰ বায়ুকোষৰ (Alveoil) বেৰৰ পৰা তেজ শুহি খাবলৈ আৰম্ভ কৰে। ফলস্বৰুপে বায়ুকোষৰ বেৰ ক্ষত-বিক্ষত হৈ তেজ ওলায়। শিশুৰ স্বাস্থ্যৰ অৱনতি হয়। কাহ মাৰিলে তেজ মিহলি কফি ওলায়। যক্ষ্মা-ৰোগৰ সৈতে এই ৰোগৰ সাদৃশ্য প্ৰায়েই একে। পৰীক্ষা কৰিলে যক্ষ্মা ৰোগীৰ কফত যক্ষ্মাৰ বেজাণু পোৱা যায় আৰু তেজৰ ই এছ আৰ বাঢ়ে। আনহাতে হাঁওফাঁও ঘুৰণীয়া পেলুত আক্ৰান্ত ৰোগীৰ কফত শুক পোৱা যায় আৰু তেজৰ ইঅ’চিনোফিল বাঢ়ে। হাঁওফাঁওত ঘুৰণীয়া পেলু হোৱা ৰোগীক কেতিয়াবা ভুলতে যক্ষ্মা ৰোগৰ চিকিৎসা কৰা হয়।
লেখক: ডা: মনোজ কুমাৰ শইকীয়া (দেওবৰীয়া সুকন্যা)
শেহতীয়া উন্নীতকৰণ: : 7/27/2022