অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ কোষ্ঠ-কাঠিন্য কিয় হয়

শিশুৰ কোষ্ঠ-কাঠিন্য কিয় হয়

শিশুসকলৰ কোষ্ঠ-কাঠিন্য এক নিয়মীয়া সমস্যা। পিচে ই কোনো ধৰণৰ ৰোগ নহয়। ই হৈছে এক বদ্‌-অভ্যাস অথবা অনভ্যাসৰ ফল৷ শুনিবলৈ কিছু আচহুৱা যদিও কেৱল অভ্যাস গঢ় দিয়াৰ দ্বাৰাই এই সমস্যাৰ সমাধান কৰিব পাৰি। যিদৰে শিশুসকলক কাপোৰ-কানি পিন্ধিবলৈ শিকোৱা হয়; খাদ্য কিদৰে খাব লাগে, কৰা অভ্যাসটিও গঢ় দি তুলিব লাগে। অন্যথা এই অভ্যাস নকৰালে শিশুৰ হেৰিচুয়েল কনষ্টিপেশ্বন বা অভ্যাসগত কোষ্ঠকাঠিন্যৰ সমস্যাই দেখা দিয়ে।

ইয়াৰ উপৰি কিছু ৰোগৰ বাবেও শিশুৰ কোষ্ঠ-কাঠিন্যৰ সমস্যা হয়। সেইসমূহৰ ভিতৰত চাৰ্জিকেল সমস্যা, অংগ-প্রতংগগত সমস্যা আদিয়েই প্রধান। তদুপৰি ডায়েৰিয়া হ’লে যি ঔষধ দিয়া হয়, সেই ঔষধ সেৱন কৰিলেও বহুসময়ত কোষ্ঠ-কাঠিন্যৰ সমস্যা হয়।

তদুপৰি এটি শিশুৰ বয়স বঢ়াৰ সমান্তৰালভাৱেই খাদ্যাভ্যাসৰ পৰিবর্তন হয়। এই পৰিবৰ্তনৰ বাবেও কোষ্ঠ-কাঠিন্য হোৱা দেখা যায়। আনহাতে আচৰিতভাৱে পৰিবেশৰ পৰিবর্তন হ’লেও এই সমস্যা হয়। অর্থাৎ এক নতুন পৰিবেশত গৈ পৃথক শৌচাগাৰত শৌচ কৰিবৰ বাবে বহু শিশুৱে অসুবিধা পায়। সেই অসুবিধাৰ বাবেই শিশুৰ কোষ্ঠকাঠিন্যৰ সমস্যা হ’ব পাৰে। এবাৰ শিশুৰ কোষ্ঠ-কাঠিন্যৰ সমস্যাই দেখা দিলে বহু অভিভাৱকে ইয়াক এটি ডাঙৰ ৰোগ বুলি ধৰি লয়। পিচে ই মাথোঁ বদ-অভ্যাসৰ ফলহে৷ প্রথমে শিশুক নিজৰ ইচ্ছা অনুসৰিয়েই খাবলৈ দিব লাগে। কিয়নো শিশুসকলৰ নিজা কিছু পছন্দ থাকে। কিন্তু সেই পছন্দক এনেদৰে নিয়ন্ত্ৰণ কৰিব লাগিব যাতে শিশুটি কোষ্ঠকাঠিন্যৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয়। তাৰ বাবে সদায়ে শিশুৰ খাদ্য তালিকাত শাক-পাচলি অধিক পৰিমাণে ৰাখিব লাগিব। পানী পর্যাপ্ত পৰিমাণে খুৱাব লাগে। তদুপৰি ফলৰ ৰসো শিশুক সময়ে সময়ে খাবলৈ দিব লাগে। জন্মৰপৰা ছমাহলৈ শিশুক কেৱল মাতৃদুগ্দ্ধহে আহাৰস্বৰূপে দিয়া হয়। এই দুগ্ধপান কৰিলে শিশুৰ সাধাৰণতে কোষ্ঠকাঠিন্যৰ সমস্যা নহয়।

উৎস: সাদিন।

শেহতীয়া উন্নীতকৰণ: : 2/22/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate