‘ডাক্তৰ, আমাৰ মাইনাটোৰ আজি পুৱাৰপৰা জ্বৰ, এখেতো নাই আপোনাৰ তাত লৈ যাবলৈ, কিবা এটা ঔষধ দিয়কচোন’। দুপৰীয়া দুই বজামানত ভাতকেইটা খাই দহ-পোন্ধৰ মিনিট জিৰাব খোজোঁতেই ফোনটো আহিল। মই পৰামৰ্শ দিলো- আপোনাক আগতে দিয়া জ্বৰৰ ঔষধ আছে নহয়(পেৰাছিটামল) সদ্যহতে তাকে দিয়ক, বেছি অসুবিধা হ’লে খবৰ দিব। ৰাতি ৯ বজামানত ঘৰ সোমাই, হাত-মুখখন ধুই ল’ব খোজোঁতেই পুনৰ ফোন আহিল, ‘আপুনি দিয়া ঔষধটো খুৱালো, অলপ সময়ৰ বাবে জ্বৰ কমিল, এতিয়া পুনৰ ১০২° জ্বৰ। পুনৰ একে উপদেশ দি ক’লো ঔষধটো আপুনি চাৰি-পাঁচ ঘন্টাৰ মূৰে মূৰে দিব পাৰিব। এইবাৰ ৰাতিৰ ভাতমুঠি ধৰিবলৈ খোজোঁতেই ১০.৩০ বজাত পুনৰ ফোন আহিল- ‘এতিয়া জ্বৰ ১০০.৫° কি কৰোঁ কওকচোন, বৰ ভয় লাগিছে। তাতে কাইলৈ পৰীক্ষাও আছে। এটা এন্টিবায়’টিককে দিয়কচোন, মই কাৰোবাৰ হতুৱাই অনাই ল’ম’।
এয়া এজন শিশু ৰোগৰ চিকিৎসকৰ বাবে দৈনন্দিন ঘটনা। জ্বৰ শিশুৰ অভিভাৱকৰ বাবে এক সঘন উৎকন্ঠাৰ কাৰণ। এতিয়া প্ৰশ্ন হ’ল জ্বৰনো কিয় হয়? ই কেনেধৰণৰ বেমাৰ?
জ্বৰ হ’ল এক লক্ষণ, ই ৰোগ নহয়, এই লক্ষণ বিভিন্ন ৰোগৰ বাবে হ’ব পাৰে। তাৰে বেছিভাগ সাধাৰণ যদিও কেতিয়াবা কিছুমান চিন্তাজনক ৰোগৰ লক্ষণো জ্বৰ হ’ব পাৰে। জ্বৰ সাধাৰণতে সংক্ৰমণজনিত ৰোগৰ বাবে হয় যদিও বহু ক্ষেত্ৰত ই অসংক্ৰমণ কাৰণতো হ’ব পাৰে।
জ্বৰ কি হয়?
জ্বৰ হ’ল শৰীৰৰ এক প্ৰতিৰক্ষাৰ উপায়। এটি শিশুৰ জ্বৰ হোৱা মানে আপুনি এফালৰপৰা নিশ্চিত থাকক যে শিশুটিৰ শৰীৰৰ প্ৰতিৰক্ষা বিভাগে(Immune system) ভালদৰে কাম কৰি আছে, শৰীৰত বাহিৰৰপৰা বীজাণু সোমোৱাৰ লগে লগে বা আন কোনোধৰণে শৰীৰত আক্ৰমণ হোৱাৰ লগে লগে, মগজুৰ নিৰ্দেশক্ৰমে শৰীৰৰ তাপ বাঢ়ি যায়।
যাৰ ফলস্বৰূপে শৰীৰৰ তেজত থকা শ্বেতৰক্তকণিকাবোৰে বাহিৰৰপৰা সোমোৱা কীটানুবোৰ নাশ কৰে। খুব দুৰ্বল, পুষ্টিহীনতাত ভোগা শিশু আৰু পানী-কেঁচুৱাই শৰীৰৰ প্ৰতিৰক্ষা হিচাপে জ্বৰৰ সৃষ্টি কৰিব নোৱাৰিব পাৰে।
যদি শৰীৰত তাপ এটি তিনি মাহৰ তলৰ শিশুৰ ৩৮° চেলছিয়াছ(১০১.৪° ফাৰেনহাইট) আৰু তিনি মাহৰ ওপৰৰ শিশুৰ শৰীৰৰ তাপমাত্ৰা ৩৮.৫° চেলছিয়াছ(১০১.৩° ফাৰেনহাইট)ৰ ওপৰ হ’লে তাক জ্বৰ বুলি কোৱা হয়।
কেতিয়াবা গাটো হাতেৰে চুলে গৰম অনুভৱ হ’লেও আচলতে জ্বৰ নাথাকে। বহুক্ষেত্ৰত অভিভাৱকে কোৱা শুনা যায়, ভিতৰি ভিতৰি জ্বৰ আছে। এনেকুৱা জ্বৰৰ ভিতৰ-বাহিৰ নাথাকে। যদি জ্বৰ জোখোতে জ্বৰ পোৱা নাই, তাৰ মানে জ্বৰ নাই। গতিকে ঘৰত শৰীৰৰ তাপ জুখিবৰ বাবে যিকোনো ধৰণৰ থাৰ্ম’মিটাৰ এটা এটা ৰাখিব পাৰিলে ভাল। আজিকালি বজাৰত বহু ধৰণৰ থাৰ্ম’মিটাৰ পোৱা যায়, যেনে-
১)ইনফ্ৰাৰেডৰ কপালত দিয়া থাৰ্ম’মিটাৰ ,
২)কাষলতিৰ তলত বা জিভাৰ তলত দিয়া অংকীয়(Digital) পাৰা বা এলক’হল থাৰ্ম’মিটাৰ,
৩)কাণত দিয়া থাৰ্ম’মিটাৰ আদি।
সকলো থাৰ্ম’মিটাৰৰ তাপ জোখা প্ৰক্ৰিয়া বেলেগ বেলেগ হয়। সদায় লগত থকা নিৰ্দেশনা-পত্ৰ পঢ়ি লোৱা ভাল। পাৰাৰ থাৰ্ম’মিটাৰ ঘৰত ৰখা বিপজ্জনক হ’ব পাৰে। ভালদৰে জুখিলে কাষলতিৰ তলত কমেও তিনি মিনিট ৰাখি জোখা আৰু জিভাৰ তলত জোখা তাপমাত্ৰা একে হয়। গতিকে জিভাৰ তলত থাৰ্ম’মিটাৰ নৰখাই ভাল।
পৃথিৱীৰ বিভিন্ন ঠাইৰ বিভিন্ন উষ্ণতা বা বিভিন্ন পৰিৱেশত একে ঠাইৰে বিভিন্ন তাপ-মানৰ প্ৰভাৱত শৰীৰত তাপ যাতে একমাত্ৰাত নিয়ন্ত্ৰণ ব্যৱস্থা অৱলম্বন কৰে, শৰীৰৰ চৰ্ম(Skin), মাংসপেশী, মগজু(Brain) আৰু সিৰা, ধমনীসমূহে তাপ এক নিৰ্দিষ্ট মাত্ৰাত নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
বিভিন্ন তাপমাত্ৰাৰ পৰিৱেশত আমাৰ শৰীৰে ঘামৰ সৃষ্টি কম বা বেছি কৰি, শৰীৰৰ ছাললৈ তেজৰ চলাচল কম বা বেছি কৰি, শৰীৰত পানী বেছিকৈ ধৰি ৰাখি বা এৰি দি শৰীৰৰ তাপমাত্ৰা নিৰ্দিষ্ট কৰি ৰাখে। যেতিয়া জ্বৰ হয় তেতিয়াও শৰীৰে এই নিয়ন্ত্ৰণ ব্যৱস্থা অব্যাহত ৰাখে, কিন্তু আমাৰ শৰীৰৰ এই নিৰ্দিষ্ট তাপমাত্ৰাক মগজুৱে এক উচ্চস্তৰত নিৰ্ণয় কৰে।
জ্বৰৰ কাৰণ:
প্ৰায়ে বেছিভাগ জ্বৰেই সংক্ৰমণ ৰোগৰ বাবে হয় আৰু নব্বৈ শতাংশ সংক্ৰমণ ৰোগেই ভাইৰাছ আৰু বাকী কিছুসংখ্যক বেক্টেৰিয়াৰ বাবে হয়। কিছু ঔষধৰ প্ৰভাৱত, হিট ষ্ট্ৰোক, মগজুৰ নিয়ন্ত্ৰণ ব্যৱস্থাত খেলিমেলি, কিছু কৰ্কট ৰোগ, অট’ইমিউন’ ৰোগ আদিয়েই প্ৰধান কাৰণ।
সাধাৰণতে বেছিভাগ জ্বৰ দুই-তিনি দিনমানৰ ভিতৰতে নিজেই ভাল হয়। এই বয়সত প্ৰায় বেছিভাগ ভাইৰাছৰদ্বাৰা সংক্ৰমণ ৰোগ, কমসংখ্যক বেক্টেৰিয়াৰদ্বাৰা আৰু কিছুসংখ্যক অন্যান্য কাৰণত হয়। কেৱল বেক্টেৰিয়াৰদ্বাৰা হোৱা জ্বৰতহে ‘এন্টিবায়’টিক’ৰ ব্যৱহাৰে সহায় কৰে গতিকে চিকিৎসকেহে ‘এন্টিবায়’টিক’ৰ ব্যৱহাৰৰ প্ৰয়োজন আছে নেকি ঠিৰাং কৰিব পাৰে।
জ্বৰ কমোৱা ঔষধে জ্বৰটো ক্ষণস্থায়ীভাৱে কম কৰে কিন্তু জ্বৰৰ উৎপত্তিৰ কাৰণটোত হস্তক্ষেপ নকৰে। গতিকে যদিহে জ্বৰৰ কাৰণে শিশুৱে অসুবিধা পায় খিংখিঙাই থাকে, একো নাখায়, তেতিয়াহে জ্বৰৰ ঔষধ ব্যৱহাৰ কৰিব লাগে। যদি শিশুটিয়ে জ্বৰ হোৱা সত্ত্বেও হাঁহি-সফূৰ্তি কৰি থাকে তেন্তে জ্বৰৰ ঔষধ দিয়াৰ আৱশ্যক নাথাকে। জ্বৰত ঘৰত ল’বলগীয়া যতনসমূহ-
*ঘনে ঘনে অলপ অলপ পানী খাই থাকিবলৈ দিব লাগে। শৰীৰৰপৰা অতিৰিক্ত পানী ছালেৰে ওলাই যায়, সেইবাবে শৰীৰৰ পানীৰ বেছি প্ৰয়োজন হয়।
*ছমাহৰ তলৰ শিশুক ঘনে ঘনে মাকৰ গাখীৰ খাব দিব লাগে।
*জ্বৰ বেছি হ’লে বা শিশুটিয়ে অসুবিধা পালে আগতে চিকিৎসকে দিয়া মতে ‘পেৰাছিটামল’ বা কেতিয়াবা(পৰাপক্ষত নহয়) আইবুপ্ৰুফেনৰ মিশ্ৰণ দিব পাৰে। কেতিয়াও দুই-তিনিটা সংযুক্ত দ্ৰব্য থকা মিশ্ৰণ ব্যৱহাৰ কৰিব নালাগে।
*অলপ কুহুমীয়া গৰম পানীৰে গাটো মচি দিলেও শৰীৰৰ তাপমাত্ৰা কমে।
শিশুক কেতিয়াও প্ৰয়োজনতকৈ কম বা বেছি কাপোৰ নিদিব। কম কাপোৰ দিলে যিদৰে ঠাণ্ডা লাগিব, বেছি কাপোৰ দিলে জ্বৰ নকমিব। কঁপি কঁপি জ্বৰ উঠিলে এখন অতিৰিক্ত কাপোৰ কঁপা বন্ধ নোহোৱালৈকে দিব পাৰে।
চিকিৎসকৰ তৎক্ষণাত পৰামৰ্শ লওক যদিহে তিনি মাহৰ তলৰ শিশুৰ যিকোনো মাত্ৰাত জ্বৰ হয়, তিনিৰপৰা ছমাহৰ শিশুৰ ১০১° বা তাতকৈ বেছি জ্বৰ হ’লে আৰু ছমাহৰ ওপৰৰ শিশুৰ ১০৩° বা তাতকৈ বেছি জ্বৰ হ’লে তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল।
জ্বৰ হ’লে লক্ষ্য কৰক শিশুটি কেনে আছে। যদি জ্বৰ নমাৰ পিছত(ঔষধ দিবা নিজেই) শিশুটিয়ে পুনৰ খেলা আৰম্ভ কৰে, খোৱা-বোৱা প্ৰায় ঠিক ধৰণেৰে কৰি আছে, তেনেক্ষেত্ৰত সাধাৰণতে প্ৰথম দুই-তিনি দিন চিন্তা কৰিবলগীয়া একো নাথাকে।
কিন্তু যদি শিশুটিৰ জ্বৰ নমা সময়তো খেলা-ধূলা নকৰে বা জ্বৰ নকমেই, বেছিকৈ শুই থাকে, প্ৰচণ্ড মূৰ বিষ, গা বিষ হয়, কাণৰ পূঁজ ওলায়, প্ৰস্ৰাৱ কৰোতে জ্বলা-পোৰা কৰে, পানী খালেও বমি হয়, উশাহ লোৱাত অসুবিধা পায়, ঘন-ঘনকৈ উশাহ লয়, ডিঙিটো টান হয়, গাত গুটি গুটি উঠে(জ্বৰৰ লগত গাত উঠা মানেই, সকলো ‘আই’ ৰোগ নহয়)। পেটৰ বেছি বিষ হয়, সাধাৰণ জ্বৰো তিনি দিনতকৈ বেছি সময় যদি থাকে, শৰীৰ ক্ৰমান্বয়ে বেছিকৈ দুৰ্বল অনুভৱ কৰে আৰু জ্বৰৰ লগত ফিট হয় তেতিয়া তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ লওক।
আগতে কোৱা ধৰণে জ্বৰ এটা ৰোগ নহয়, ই এক লক্ষণহে। চিকিৎসকে জ্বৰতকৈ জ্বৰৰ উৎপত্তিৰ কাৰণটোহে বিচাৰিবলৈ চেষ্টা কৰে।
যদি চিকিৎসকে সাধাৰণতে শিশুটিয়ে কেনেকুৱা ব্যৱহাৰ কৰিছে, দেখাত বেছি দুৰ্বল লাগিছে নেকি, কিবা বেলেগ বেমাৰৰ লক্ষণ আছে নেকি, এই সকলোবোৰ লক্ষণ আৰু সংকেতৰ ভিত্তিত ঠিৰাং কৰে শিশুটিক কেৱল লক্ষণ অনুসৰি জ্বৰ কমোৱা ঔষধ দি কেইদিনমান চাব নে তৎক্ষণাৎ তেজ-প্ৰস্ৰাৱ বা অন্যান্য পৰীক্ষা-নিৰীক্ষা কৰিব বা ভৰ্তি কৰু চিকিৎসা কৰিব- যদি চিকিৎসকে ভাবে যে কেইদিনমান বিশেষ ঔষধ নিদিয়াকৈ চাব পাৰি, তেতিয়া তেওঁ আপোনাক কিছু নিৰ্দেশ দিব আৰু কেইদিনমান পিছত বা নতুন লক্ষণ দেখা দিলে বা শৰীৰ বেছি বেয়া হ’লে তৎক্ষণাৎ লৈ আনিবলৈ নিৰ্দেশ দিব, আপুনি চিকিৎসকৰ নিৰ্দেশনা কিমান নিষ্ঠাৰে পালন কৰিব, এই অনুসৰি চিকিৎসকৰ বিচাৰ অলপ বেলেগ বেলেগ হ’ব পাৰে।
মই পুনৰ দোহাৰো- সকলো জ্বৰৰ চিকিৎসা ‘এন্টিবায়’টিক’ নহয়, এন্টিবায়’টিকে কেৱল বেক্টেৰিয়াকহে মাৰিব পাৰে আৰু বেক্টেৰিয়াৰ কাৰণে হোৱা ৰোগ এটি স্বাস্থ্যৱান শিশুৰ হোৱাৰ সম্ভাৱনা বহু কম ‘এন্টিবায়’টিক’ লাগিবনে নাই, তাৰ নিৰ্ণয় চিকিৎসকেহে কৰিব। জ্বৰৰ বাকী কাৰণত এন্টিবায়’টিকে জ্বৰৰ সৰ্বমুঠ সময়ৰ কম বা বেছি কৰিব নোৱাৰে।
জ্বৰৰ সময়ত হোৱা ফিট:
ছমাহৰ পৰা ছবছৰ বয়সৰ শিশুৰ কেতিয়াবা জ্বৰৰ লগত ফিট (Seizure or convulsion) হ’ব পাৰে। ফিট হ’লে পৰিয়ালৰ লোকৰ মাজত এক উৎকন্ঠা বা অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি হয়।
ফিট মানে শিশুৰ হাত-ভৰি কঁপি, চকুৰ ওপৰলৈ তেলেকা লগাকৈ চাব, মাতিলেও চকুলৈ নোচোৱাকৈ থাকে, এই ফিট সাধাৰণতে বংশানুক্ৰমে দেখা যায় যদিও কেতিয়াবা কোনো শিশুৰ আগৰ পৰিয়ালৰ কাৰো নোহোৱাকৈয়ো হ’ব পাৰে।
ফিট যদি কেৱল জ্বৰৰ লগত হয়, খুব কম সময় থাকে, জ্বৰৰ প্ৰথম দুদিনতহে হয়, এদিনত দুবাৰতকৈ বেছি নহয়। ফিট হোৱাৰ পিছত শিশুৱে অলপ সময় শুই, আকৌ খেলা-ধূলা আৰম্ভ কৰে, তেন্তে বিশেষ চিন্তা কৰিব নালাগে।
বহু অভিভাৱকে ফিটৰ আগত জ্বৰৰ কথা গম নাপায়, ফিটৰ পিছত জ্বৰ জুখি চালেহে গম পায়। প্ৰথমবাৰ ফিট হ’লে উৎকন্ঠা দূৰ কৰিবলৈ চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল। পিছতো ফিট সাধাৰণ ধৰণে হ’লেও জ্বৰৰ উৎসৰ কাৰণে চিকিৎসৰ সহায় ল’ব লাগে। ফিট হোৱা সময়ত শিশুটিক কাটি কৰি শুৱাই দিব লাগে। এই সময়ত কেতিয়াও মুখত পানী দিয়া, চামুচ সুমুওৱা বা গা-মূৰে পানী ছটিয়াব নালাগে। ফিট বেছি সময় থাকিলে এম্বুলেঞ্চৰ সহায়েৰে চিকিৎসালয়লৈ লৈ যোৱা ভাল।
লেখক: ডাঃ দেৱজিৎ শৰ্মা(দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 7/2/2020