টিকাকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা এজন মানুহৰ প্ৰতিৰোধ ব্যৱস্থাক বাহিৰৰ সংক্ৰামক ৰোগ প্ৰতিৰোধ কৰাৰ বাবে শক্তিশালী কৰি তোলা হয়। মানুহৰ শৰীৰ যেতিয়া কিছুমান বাহ্যিক পদাৰ্থৰ সংস্পৰ্শলৈ আহে, তেতিয়া শৰীৰৰ প্ৰাকৃতিক প্ৰতিষেধক ব্যৱস্থাই তাৰ লগত যুঁজিবলৈ কিছুমান প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু ভৱিষ্যতে পুনৰ একে ধৰণৰ বাহ্যিক পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে যাতে সোনকালেই তাক ধ্বংস কৰিব পাৰে তাৰ বাবে ইয়াৰ স্মৃতি প্ৰতিষেধক ব্যৱস্থাত বহুদিনলৈ জীৱিত ৰাখে। শৰীৰৰ এই কাম আয়ত্তজনিক প্ৰতিষেধক ব্যৱস্থাই সক্ষম কৰি তোলে। সেইবাবে মানুহক বা যিকোনো জীৱক কোনো বাহ্যিক জীৱ বা পদাৰ্থৰ লগত সীমিত সম্পৰ্কলৈ আনি শৰীৰৰ প্ৰতিষেধক ব্যৱস্থা শক্তিশালী কৰি তোলা প্ৰক্ৰিয়াক সক্ৰিয় টিকাকৰণ বুলি জনা যায়।
টিকাকৰণক আধুনিক স্বাস্থ্যবিজ্ঞানৰ কুৰি শতিকাৰ প্ৰথম দহটা অৱদানৰ ভিতৰত অন্যতম স্থান দিয়া হয়। এই প্ৰক্ৰিয়াৰ দ্বাৰা সমগ্ৰ বিশ্বত প্ৰতি বছৰে কমেও ৩০ৰ পৰা ৪০ লাখ লোক মৃত্যুৰ পৰা ৰক্ষা পৰে। সফল ছিটাকৰণৰ দ্বাৰা পাঁচ বছৰৰ অনুৰ্দ্ধ শিশুৰ মৃত্যৰ হাৰ এক-তৃতীয়াংশ কমাব পাৰি। সঠিক টিকাকৰণৰ দ্বাৰা সমগ্ৰ বিশ্বত প্ৰতি বিশ ছেকেণ্ডত শিশুৰ মৃত্যুৰ সংখ্যা এটাকৈ কমাব পাৰি। টিকাকৰণ বা ছিটাকৰণ প্ৰক্ৰিয়াৰ সফলতাৰ বাবেই সমগ্ৰ বিশ্বৰ পৰা বৰ আই ৰোগে ১৯৭৮ চনতেই বিদায় মাগে আৰু পলিঅ’ ৰোগো পাকিস্তান, আফগানিস্তান আৰু নাইজেৰিয়া বাদ দি সমগ্ৰ বিশ্বৰ বাকী কোনো দেশত নহয়, পলিঅ’ ৰোগৰ সফল টিকাকৰণৰ বাবেই ১৯৭৯ চনত আমেৰিকা দেশৰপৰা, ১৯৮৫ চন মানৰ পৰাই বেছিভাগ উন্নত দেশৰ পৰা বিদায় মাগে। ২০১১ চনৰ পৰাই কোনো পলিঅ’ ৰোগ নোহোৱা বাবে ২০১৪ চনত বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতকো পলিঅ’মুক্ত দেশ আখ্যা দিছে।
টিকাকৰণ হৈছে- চমুকৈ ক’বলৈ হ’লে মানুহক কোনো সংক্ৰামক ৰোগৰপৰা ৰক্ষা কৰাৰ এক বিশেষ ব্যৱস্থা। টিকা হ’ল এই প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা দ্ৰব্য। টিকাই আমাৰ শৰীৰৰ প্ৰতিৰোধ ব্যৱস্থাক কোনো এক সংক্ৰামক ৰোগৰ বিৰুদ্ধে শক্তিশালী কৰি তোলে। ইমিউনিটি হ’ল টিকাকৰণ বা প্ৰাকৃতিকভাৱে হোৱা সংক্ৰামক ৰোগৰ পৰা সেই ৰোগৰ বিৰুদ্ধে এজন মানুহৰ প্ৰতিষেধক ক্ষমতা।
ছিটা বা টিকা কি ? ইয়াত কি থাকে ?
টিকাত সাধাৰণতে দুই ধৰণৰ সক্ৰিয় পদাৰ্থ থাকে- ‘এণ্টিজেন’ আৰু ‘এডজুভেণ্ট’। এণ্টিজেন আমি প্ৰতিৰোধ কৰিব খোজা বিশেষ সংক্ৰামক ৰোগৰ বীজাণুৰ সক্ৰিয় বা নিষ্ক্ৰিয় ৰূপ আৰু ই কম পৰিমাণে থাকে। ইয়ে আমাৰ প্ৰতিৰোধ ব্যৱস্থাক উত্তেজিত কৰি তোলে। উত্তেজিত প্ৰতিৰোধ ব্যৱস্থাই সেই বীজাণুৰ বিৰুদ্ধে প্ৰতিকণাৰ সৃষ্টি কৰি মানুহক সেই ৰোগৰপৰা ৰক্ষা কৰে। এডজুভেণ্ট-এআমাৰ শৰীৰৰ প্ৰতিৰোধ ব্যৱস্থাক উত্তেজিত কৰি তোলাত সহায় কৰে।
ছিটা বা টিকা দুই ধৰণৰ থাকে। এক হ’ল জীৱিত আৰু আন এক হ’ল মৃত। মৃত টিকা বা ছিটাত এক বিশেষ কীটাণুৰ এক বিশেষ অংশ বা গোটেই অংশ মৃত ৰূপত থাকে। সেই বিশেষ কীটাণুক পৰীক্ষাগাৰত জন্ম হ’বলৈ দি তাক তাপ বা ৰাসায়নিক দ্ৰব্যৰে মাৰি ইয়াক অসংক্ৰমিত কৰা হয়। এনেধৰণৰ মৃত টিকা আনুবংশিক যন্ত্ৰ কৌশলৰ দ্বাৰাও গৱেষণাগাৰত তৈয়াৰ কৰিব পাৰি। এনে ধৰণৰ কিছু টিকা কিছু কিছু জীৱাণুৰে সৃষ্টি কৰা বিহৰ পৰাও তৈয়াৰ কৰা হয়। এই বিহক ৰাসায়নিক দ্ৰব্যৰে শৰীৰৰ বাবে অপকাৰ নোহোৱা পদাৰ্থলৈ ৰূপান্তৰ কৰি লোৱা হয়(যেনে-টিটেনাছ টক্সাইড)। যিকোনো ধৰণে প্ৰস্তুত কৰা মৃত টিকা বা ছিটা শৰীৰত স্থাপন কৰাৰ পিছত সেই বিশেষ সংক্ৰামক ৰোগ হ’লে শৰীৰে যেনেদৰে প্ৰতিক্ৰিয়া কৰিব, তেনেদৰেই সেই বিশেষ বীজাণুৰ বিৰুদ্ধে প্ৰতিকণাৰ সৃষ্টি কৰে। সেই ব্যক্তিয়ে এনে ধৰণে টিকাকৰণৰ দ্বাৰা যি প্ৰতিকণাৰ সৃষ্টি কৰে, সেই প্ৰতিকণাই তেওঁক জীৱনৰ পিছৰ সময়খিনিত সেই বিশেষ বীজাণুৰপৰা ৰক্ষা কৰে। জীৱিত টিকা বা ছিটাত এক বিশেষ জীৱাণু জীৱিত অৱস্থাতেই ৰখা হয়। কিন্তু এই জীৱাণুক পৰীক্ষাগাৰত এনেদৰে দুৰ্বলভাৱে জন্ম দিয়া হয় বাবে ই শৰীৰত সংক্ৰমণ কৰিব পাৰে, কিন্তু ৰোগৰ সৃষ্টি কৰিব নোৱাৰে। যেনে- ‘অৰেল পলিঅ’ টিকা’, এম এম আৰ টিকা বা ‘চিকেন পক্স টিকা’ ইত্যাদি। কেতিয়াবা আকৌ এনেধৰণৰ টিকা কোনো এক বিশেষ বীজাণুৰ সৈতে যথেষ্ট মিল থকা কিন্তু শৰীৰত ৰোগ কৰিব নোৱাৰা বেলেগ জীৱিত বীজাণুৰপৰা সৃষ্টি কৰা হয়, যেনে- টিবি ৰোগ প্ৰতিৰোধৰ বাবে দিয়া বি চি জি টিকা।
টিকাকৰণ দুই ধৰণৰ হ’ব পাৰে। এক হ’ল সক্ৰিয় টিকাকৰণ আৰু আন হ’ল নিষ্ক্ৰিয় টিকাকৰণ। মানুহৰ প্ৰতিষেধক ক্ষমতাৰ বাবে প্ৰয়োজনীয় প্ৰতিকণা শৰীৰৰ বাহিৰত সৃষ্টি কৰি তাক শৰীৰৰ ভিতৰত কৃত্ৰিমভাৱে স্থাপন হ’লে এই প্ৰক্ৰিয়াক নিষ্ক্ৰিয় টিকাকৰণ বুলি কোৱা হয়। এইধৰণৰ টিকাকৰণে শৰীৰক টিকাকৰণৰ লগে লগে সেই বিশেষ বীজাণুৰপৰা ৰক্ষা কৰিবলৈ আৰম্ভ কৰে। কিন্তু ই দীৰ্ঘম্যাদী নহয়। ইয়াৰ কাৰণ হৈছে এই প্ৰতিকণা শৰীৰৰ বাহিৰতে উত্পাদন হয় আৰু ইয়াক প্ৰতিকণা হিচাপতে শৰীৰত স্থাপন কৰা হয়। গতিকে শৰীৰে প্ৰতিকণা সৃষ্টি কৰিবলৈ সাধাৰণতে লোৱা সময়(চাৰি সপ্তাহমান) ল’বৰ প্ৰয়োজন নহয়। কিন্তু এই প্ৰতিকণাবোৰ প্ৰাকৃতিকভাৱে ধ্বংস হৈ যোৱাৰ বাবে শৰীৰত বেছিদিন নাথাকে। শিশুৱে মাতৃৰ পৰা পোৱা প্ৰতিষেধক ক্ষমতাও এনে টিকাকৰণৰ উদাহৰণ। মাতৃৰ শৰীৰৰ পৰা শিশুৰ শৰীৰলৈ যি প্ৰতিকণা গৰ্ভত থকা অৱস্থাত যায়, সেই প্ৰতিকণাই শিশুক বহু ৰোগৰ পৰা ছয় মাহ মানৰপৰা এক বছৰ বয়সলৈকে ৰক্ষা কৰে।
কৃত্ৰিম নিষ্ক্ৰিয় টিকাকৰণত সাধাৰণতে প্ৰতিষেধক দ্ৰব্য শৰীৰৰত বেজী দি স্থাপন কৰা হয়। এনেধৰণৰ টিকাকৰণ সাধাৰণতে জৰুৰীকালীন অৱস্থাত প্ৰয়োগ কৰা হয়। এজন মানুহক যদি বেয়াধৰণে কুকুৰে কামোৰে, টিকা বা ছিটাৰ দ্বাৰা শৰীৰৰত প্ৰতিকণা সৃষ্টি হোৱাৰ আগেয়েই তেওঁ ‘ৰেবিছ’ ৰোগত ভুগিব পাৰে। গতিকে এনে ক্ষেত্ৰত ‘এন্টি ৰেবিছ ইমিউন’গ্লবিন’ৰ দ্বাৰা(নিষ্ক্ৰিয় টিকাকৰণ) শৰীৰক ৰেবিছ ৰোগৰ পৰা অনতিবিলম্বে ৰক্ষা কৰাৰ উপৰি দীৰ্ঘ সময়ৰ বাবে এই ৰোগৰ পৰা ৰক্ষা কৰিবলৈ ৰেবিছৰ টিকা বা ছিটাও দিয়া হয়। ‘টিটেনাছ’ ৰোগীকো সোনকালে ৰক্ষা কৰিবলৈ নিষ্ক্ৰিয় টিকাকৰণ কৰা হয়।
এজন মানুহে যেতিয়া কোনো জীৱাণুৰ সংস্পৰ্শলৈ আহে, তেতিয়া শৰীৰৰ প্ৰতিৰোধ বিভাগে তাক ধ্বংস কৰিবলৈ কিছুমান প্ৰতিকণাৰ সৃষ্টি কৰে। সেই একেজন মানুহ পুনৰ একেধৰণৰ বীজাণুৰ সম্পৰ্কলৈ আহিলে শৰীৰৰ প্ৰতিৰোধ বিভাগে সহজে সেই বীজাণুক ধ্বংস কৰিব পাৰে। সেয়াই হ’ল সক্ৰিয় টিকাকৰণ সূত্ৰ। প্ৰাকৃতিকভাৱে হোৱা ৰোগৰপৰা আমি সক্ৰিয় টিকাকৰণ হ’বলৈ দিলে সাধৰণতে বীজাণুৱে শৰীৰত বহু গুৰুতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। মানুহজনৰ সেই ৰোগৰ ফলত মৃত্যুও হ’ব পাৰে বা জীয়াই থাকিলেও সেই ৰোগে তেওঁক পংগু কৰিব পাৰে। আমি কৃত্ৰিমভাৱে কৰা সক্ৰিয় টিকাকৰণত সেই বীজাণুৰ মৃতপ্ৰায় ৰূপ বা দুৰ্বল জীৱিত ৰূপক মানুহৰ শৰীৰত এনেদৰে সংস্থাপন কৰো, যাতে সেই বীজাণুৱে ৰোগৰ সৃষ্টি কৰিব নোৱাৰে। কিন্তু তাৰ ফলস্বৰূপে শৰীৰে সেই বীজাণুৰ বিৰুদ্ধে প্ৰতিকণাৰ সৃষ্টি কৰিব পাৰে। সেই প্ৰতিকণাই মানুহজনক ভৱিষ্যতে সেই ৰোগৰপৰা ৰক্ষা কৰিব।
লেখকঃ ডাঃ দেৱজিৎ শৰ্মা
শেহতীয়া উন্নীতকৰণ: : 3/16/2020