অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ দৃষ্টিশক্তি ভালে ৰাখিবলৈ কেইটামান পৰামৰ্শ

শিশুৰ দৃষ্টিশক্তি ভালে ৰাখিবলৈ কেইটামান পৰামৰ্শ

  • শিশুটিক চকু বেকা কৰি ধেমালি কৰা বা কথা কোৱাত বাধা আৰোপ কৰক। দৃষ্টিশক্তিৰ লগতে কেৰা হোৱাৰ পৰাও শিশুটি ৰক্ষা পৰিব।
  • টি.ভি চাবলৈ শিশুটিক নিৰ্দিষ্ট দূৰত্ব আৰু সময় নিৰ্ধাৰণ কৰি দিয়ক। লগতে টি.ভি. ৰখা কোঠাটো প্ৰয়োজনীয় পোহৰেৰে ভৰাই ৰাখিব।
  • শিশুৰ বাবে প্ৰয়োজনীয় আহাৰখিনি নিয়মিতভাৱে ভালকৈ খাবলৈ দিয়ক।
  • বিছনাত শুই শুই পঢ়িবলৈ নিদিব আৰু টেবুলত পঢ়িলেও বেছি তলমূৰ কৰিবলৈ নিদিব।
  • কম্পিউটাৰ ব্যৱহাৰ কৰাৰ সময় নিৰ্ধাৰণ কৰি দিয়ক।
  • শিশুটিৰ পঢ়া কোঠাটোত প্ৰয়োজনীয় পোহৰৰ ব্যৱস্থা কৰক।
  • শিশুক ফাষ্টফুড খাবলৈ নিদি গাখীৰ, সেউজীয়া শাক-পাচলি, ফল-মূল, দৈ, বাদাম আদিহে খাবলৈ দিয়ক। সন্তুলিত আহাৰ খোৱালে শিশুৰ স্বাস্থ্যৰ লগতে দৃষ্টিশক্তিও ভালে থাকে।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

শেহতীয়া উন্নীতকৰণ: : 3/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate