এটি শিশু যেতিয়া স্কুলত পঢ়া-শুনা বা খেলা-ধূলাত পিছপৰি যায়, প্ৰায়ভাগ লোকেই শিশুটোক দুষ্ট, অমনোযোগী বা অবাধ্য ইত্যাদি বিশেষণ প্ৰয়োগ কৰে। কোনো ক্ষেত্ৰত এনে শিশুৰ ওপৰত অত্যধিক মানসিক চাপ সৃষ্টি হয়। মুখ খুলি কথা ক’ব নজনা এটি শিশুৰ ক্ষেত্ৰত এইবোৰ কথাই অত্যধিক প্ৰভাৱ পেলায়। বহুতো এনে শিশুসকল বিষন্নতা(Depression)ত ভোগা দেখা যায়।
এটি শিশু পঢ়া-শুনা বা খেলা-ধূলাত ভাল হ’বৰ কাৰণে বহুতো কাৰক থাকে। সেইবোৰ হৈছে-
১)দূৰৰ বস্তু চাব পৰা ক্ষমতা(Distances Vision)।
২)ওচৰৰ বস্তু চাব পৰা ক্ষমতা(Near Vision)।
৩)দুই চকুৰ মাজত যোগাযোগ(Binocular Coordination)।
৪)চকু ঘূৰাব পৰা ক্ষমতা(Eye movement skill)।
৫)এটি বস্তুত জোৰ দি চাব পৰা(Focusing skill)।
৬)দৃষ্টিৰ পৰিসীমা(Peripheral usual awareness)।
৭)হাত আৰু চকুৰ মাজত যোগাযোগ(Hand eye coordination)।
এইবোৰৰ মাজত যিকোনো এটা বা একাধিক কাৰকৰ সমস্যা হ’লেই শিশু এটিৰ পঢ়া-শুনা বা খেলা-ধূলাত অসুবিধা হ’ব পাৰে।
সাধাৰণতে এটি শিশুৱে নিজৰ সমস্যাবোৰৰ কথা ক’ব নেজানে। বহুতো শিশুৱে শেষৰ বেন্সৰ পৰা ব্লেকব’ৰ্ড দেখা নেপায়। সাধাৰণতে শিক্ষক বা অভিভাৱকে এইবোৰ সোনকালে ধৰিব পাৰে বাবে এওঁলোকক সোনকালে চিকিৎসা লাভ কৰাৰ সুবিধা থাকে, কিন্তু ইয়াৰ বাহিৰেও আন কিছুমান লক্ষণ থাকে- যিটো মন কৰাটো প্ৰয়োজনীয় যেনে-
*পঢ়িবৰ সময়ত বাৰে বাৰে আঁত হেৰাই যোৱা।
*ওচৰৰ কাম যেনে পঢ়া-শুনাৰ পৰা আঁতৰিবলৈ বিচৰা।
*ঘনাই চকু মোহৰা বা চকু পিৰিকাই থকা।
*বস্তুবোৰ বেছিকৈ ওচৰলৈ আনি চোৱা।
*ঘনাই মূৰৰ বিষ হোৱ।
*সৰু সৰু শব্দত খেলিমেলি কৰা।
*মূৰটো এফালে হালি থকা ইত্যাদি।
এনেবোৰ লক্ষণ থকা শিশুক এজন চকু বিশেষজ্ঞৰ দ্বাৰা চোৱাটো অত্যন্ত প্ৰয়োজন। কিন্তু কোনো ক্ষেত্ৰত এনেবোৰ সমস্যা দৃষ্টিৰ অগোচৰ(Latent) হৈ থাকে। সেইকাৰণেই প্ৰতিটো শিশুক পাঁচ বছৰ বয়সৰ ভিতৰত এবাৰ হ’লেও চকু পৰীক্ষা কৰা দৰকাৰ। চকুৰ দৃষ্টিৰ সমস্যাবোৰ সাত বছৰ বয়সৰ আগতে শুধৰণি কৰাটো অত্যন্ত প্ৰয়োজন। বহুক্ষেত্ৰত এনেবোৰ সমস্যাৰ পিছৰ বয়সত সম্পূৰ্ণ শুধৰণি নহ’বও পাৰে।
*দৃষ্টিশক্তিৰ পৰীক্ষা।
*চকুৰ সামগ্ৰিক পৰীক্ষা।
*চকুৰ পাৱাৰ চেকআপ।
*চকুৰ অৰ্থ’পটিক পৰীক্ষা।
*চকুৰ পৰ্দাৰ পৰীক্ষা।
*চকুৰ প্ৰেছাৰ চেকআপ সাধাৰনতে খুবেই কমকৈ কৰা হয়।
১)দৃষ্টিশক্তিৰ পৰীক্ষা:
কম বয়সৰ পৰা কৰিব পৰা যায়। শিশুটিয়ে মাকৰ মুখলৈ চায় নে বা পোহৰৰ উৎসৰ ফালে চকু ঘূৰায় ইত্যাদিয়ে এটি আভাস দিয়ে। ইয়াৰ উপৰিও বিভিন্ন টেষ্ট যেনে টেলাৰচ টেষ্ট, লী চাৰ্ট(Lee chart), স্নেনেল চাৰ্ট(Snellen chart) ইত্যাদিৰে কম বয়সৰ শিশুসকলৰ দৃষ্টিৰ পৰীক্ষা কৰা হয়।
২)চকুৰ সামগ্ৰিক পৰীক্ষা সাধাৰণতে শ্লিটলেম্প বা চৰ্ট লাইটৰ সহায়ত কৰা হয়।
৩)পাৱাৰ চেকআপ:
শিশুৰ ক্ষেত্ৰত এটি বিশেষ পৰীক্ষাৰে কৰা হয়। এই পৰীক্ষাত ড্ৰপ দি চকুৰ মণি বহল কৰি পাৱাৰ চেক কৰা হয়। এনে পৰীক্ষাত দুদিন যাব লগা হ’ব পাৰে। কোনো ক্ষেত্ৰত দুইবিধ বা দুই সপ্তাহত পঢ়াত অসুবিধা হ’ব পাৰে।
৪)অৰ্থ’পটিক পৰীক্ষা:
(Orthoptic ex-aminatioon) ইয়াত চকুৰ কেঁৰা হোৱা বা চকুৰ মণিৰ কনভাৰ্জেঞ্চ পৰীক্ষা ইত্যাদি কৰা হয়।
৫)চকুৰ পৰ্দাৰ পৰীক্ষা:
জন্মগত বা আন চকুৰ পৰ্দাৰ ৰোগবোৰত কৰা হয়।
১)দৃষ্টিশক্তিৰ সমস্যা:
চছমা দিয়া হয়। সৰু ল’ৰা-ছোৱালীৰ চছমাবোৰ সাধাৰণতে সকলো সময়ত অৰ্থাৎ টোপনি যোৱা বা গা ধোৱাৰ বাহিৰে আনকি খেলা-ধূলা কৰাৰ সময়তো পিন্ধাৰ প্ৰয়োজন। কোনো ক্ষেত্ৰত চছমা দিয়াৰ পিছতো চকুৰ দৃষ্টি শক্তি সম্পূৰ্ণ নাহিব পাৰে। তেনে এটি মন কৰিবলগীয়া সমস্যা হৈছে এমব্লায়’পিয়া(amblyopia), য’ত এটি চকুৰ দৃষ্টি আন চকুতকৈ কম হয়। এনে শিশুৰ ক্ষেত্ৰত বিশেষ যত্নৰ প্ৰয়োজন হয়।
কোনো শিশুৰ ক্ষেত্ৰত ভাল চকুটো বন্ধ কৰি দিয়া(Patching)। এইবোৰ চিকিৎসা অলপ দীঘলীয়া আৰু ইয়াত অভিভাৱকৰ সহযোগিতাৰ প্ৰয়োজন। কোনো কোনো চকুৰ ব্যায়াম(Orthoptic Treatment) ৰ প্ৰয়োজন হয়। এই চিকিৎসা শিশুটিৰ সাত বছৰ বয়সৰ ভিতৰত কৰা উচিত। সাত বছৰৰ পিছত এনে চিকিৎসাত সুফল লাভ সহজ নহয়।
২)Squint বা কেঁৰাৰ চিকিৎসা:
সাধাৰণতে অস্ত্ৰোপচাৰ ব্যায়াম বা চছমাৰ সহায়ত কৰা হয়।
৩)Convergance Insuffence:
সাধাৰণতে চিকিৎসালয়ত ব্যায়াম কৰোৱা হয়। কেতিয়াবা ঘৰত ব্যায়াম কৰিবলৈ শিকাই দিয়া হয়।
সেইদৰেই আন আন সমস্যাসমূহ দৰকাৰ অনুসৰি কৰা হয়। গুৰুত্বপূৰ্ণ কথাটো হ’ল-
শিশুৰ চকু চিকিৎসাৰ ক্ষেত্ৰত পাঁচৰ পৰা সাত বছৰ সময়টো সঠিক সময়(Golden period)। ইয়াৰ পিছত কিছুসংখ্যক ৰোগৰ চিকিৎসা অসম্ভৱ নহ’লেও যথেষ্ট কঠিন হৈ পৰে।
লেখক: ড° চন্দনা কাকতী(নন্দিনী)
শেহতীয়া উন্নীতকৰণ: : 2/28/2024