অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ নেফ্ৰ’টিক ছীনড্ৰম :

শিশুৰ নেফ্ৰ’টিক ছীনড্ৰম :

 

দুই বছৰৰ পৰা ১৪ বছৰ বয়সৰ শিশুসকলৰ এই ৰোগ হয় যদিও বেছি কম বয়সত(এবছৰৰ তলত) এই ৰোগে দেখা দিলে ৰোগৰ চিকিৎসা অলপ কঠিন হয়। এই ৰোগৰ চিকিৎসা দীৰ্ঘম্যাদী হয়।

বহু সময়ত শিশুৰ এইবিধ ৰোগ হোৱা দেখা যায়। এই ৰোগত ভোগা ৰোগীৰ দেহটো লাহে লাহে ফুলিবলৈ ধৰে, দেহৰ ওজন বাঢ়ি যায় আৰু প্ৰস্ৰাৱ কমিবলৈ ধৰে। ইয়াৰ প্ৰধান কাৰণ হৈছে- এই ৰোগে বৃক্কৰ একক(নেফ্ৰ’ন)বোৰত কিছু বেমেজালিৰ সৃষ্টি কৰে আৰু প্ৰস্ৰাৱৰ লগত দেহৰ প্ৰ’টিনভাগ বাহিৰলৈ ওলাই যায়। তাৰ ফলত দেহত প্ৰ’টিনৰ পৰিমাণ কমি যায়। কেইটিমান সাধাৰণ তেজ আৰু প্ৰস্ৰাৱৰ পৰীক্ষাৰ যোগেদি ৰোগ চিনাক্ত কৰিব পাৰি।

দুই বছৰৰ পৰা ১৪ বছৰ বয়সৰ শিশুসকলৰ এই ৰোগ হয় যদিও বেছি কম বয়সত(এবছৰৰ তলত) এই ৰোগে দেখা দিলে ৰোগৰ চিকিৎসা অলপ কঠিন হয়। এই ৰোগৰ চিকিৎসা দীৰ্ঘম্যাদী হয়।

এই ৰোগৰ প্ৰধান চিকিৎসা হৈছে ‘Steroid’ সঠিক পৰিমাণৰ জোখত এই দৰব ব্যৱহাৰ কৰি ৰোগৰ উপশম ঘটাব পাৰি। ৯৫ শতাংশ ৰোগীৰ ক্ষেত্ৰতেই এইবিধ দৰবৰ সুন্দৰ ফলাফল দেখা পোৱা যায়। কোনো কোনো এনে ৰোগীৰ এই দৰবৰ পৰা সুফল দেখা নাযায়। এনেবোৰ ৰোগক ‘Steroid Resistent Nepurotic syndrome’ বোলা হয়। বহু ক্ষেত্ৰত দৰব ‘Steroid’ বন্ধ কৰাৰ লগে লগেই বা দৰবৰ কমাই অনাৰ লগে লগেই ৰোগৰ লক্ষণসমূহ আকৌ প্ৰকট হৈ উঠে। এনে ৰোগীৰ ক্ষেত্ৰত ‘Steroid’ দৰবৰ পাৰ্শ্চক্ৰিয়াও দেখা পোৱা যায়।

এইবোৰৰ ভিতৰত যেনে- উচ্চ ৰক্তচাপ, উচ্চতা বঢ়াত বাধা হোৱা, দেহত বেয়া চৰ্বি জমা হোৱা ইত্যাদি। যিসকল ৰোগীৰ এনে দৰবৰ বিপৰীতে ক্ৰিয়া লক্ষ্য কৰা যায় বা ৰোগৰ লক্ষণসমূহে ঘনাই দেখা দিবলৈ আৰম্ভ কৰে, তেনেস্থলত আমি অন্য দৰবো ব্যৱহাৰ কৰিব পাৰো। কোনো ক্ষেত্ৰত তিনি বছৰ পৰ্যন্ত ৰোগৰ চিকিৎসা চলাই থাকিবলগীয়া হয়। এই বিকল্প দৰববোৰৰ সাধাৰণতে মূল্য বেছি। চিকিৎসা ব্যয়বহুল হৈ পৰে। কিছুমান দৰবৰ বিশেষ বিপৰীত ক্ৰিয়া দেখা যায় যদিও চিকিৎসকৰ পৰামৰ্শ মতে চলিলে তেনে বিপদৰ পৰা শিশুসকলক বচাই ৰাখিব পাৰি।

কোনো ৰোগীৰ ক্ষেত্ৰত এনে বিকল্প দৰব ব্যৱহাৰৰ প্ৰয়োজন হোৱা যেন অনুভৱ হ’লে বৃক্কৰ Biopsy সঠিক কৰাৰো দৰকাৰ হয়। সকলোৰে মনত Biospy বুলি কোৱাৰ লগে লগে অন্য এক চিন্তাহে আহিব পাৰে। পিছে ই কোনো ধৰণৰ আচৰিত অস্ত্ৰোপচাৰ নহয়।

বৃক্কৰ সামান্য অকণমান কোষ উলিয়াই আনি বৃক্কৰ ৰোগৰ বিষয়ে অণুবীক্ষণ যন্ত্ৰৰ সহায়ত সবিশেষ অধ্যয়ন কৰা হয়। এনে কৰিলে ৰোগৰ চৰিত্ৰ আৰু প্ৰয়োজনীয় দৰবৰ বিষয়ে সঠিক অনুমান কৰিব পাৰি।

আগত উল্লেখ কৰাৰ দৰে এনে ৰোগৰ চিকিৎসা দীৰ্ঘম্যাদী হয় যদিও এই ৰোগে শিশুৰ বৃক্ক দুয়োটা অচল কৰি নেপেলায়। অতি কমসংখ্যক ৰোগীৰ ক্ষেত্ৰতহে(বিশেষকৈ ‘Steroid’ দৰবে ফলাফল নেদেখুৱাসকলৰ ভিতৰত) বৃক্কৰ বিকল হোৱাৰ সম্ভাৱনা থাকে।

এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত অভিভাৱকসকলে কিছু কথাত যত্ন লোৱা উচিত। বিশেষকৈ ৰোগৰ লক্ষণসমূহ প্ৰকট হৈ থকা সময়ত শিশুটিৰ খাদ্যত প্ৰ’টিনৰ পৰিমাণ বেছিকৈ দিব লাগে। পিছৰ পৰ্যায়ত শিশুটিয়ে নিয়মীয়া ঘৰুৱা খাদ্য গ্ৰহণ কৰিব পাৰে। ফলমূল, মিঠাই, মাছ-মাংস, শাক-পাচালি বা অন্য কোনো লঘু আহাৰৰ ক্ষেত্ৰত কোনে বাধ্যবাধকতা নাথাকে।

ৰোগৰ চিকিৎসা চলি থকা সময়ত বা ৰোগৰ লক্ষণসমূহ উপশম হৈ থকা সময়ত কোনোধৰণৰ অন্য বেমাৰ-আজাৰে দেখা দিলে অতি সোনকালে চিকিৎসকৰ কাষ চাপিব লাগে। নিয়মীয়াকৈ শিশুৰ ছিটাকৰণবোৰ চিকিৎসকৰ পৰামৰ্শতেই কৰাই থাকিব লাগে। কিছুমান ছিটা ৰোগৰ চিকিৎসা চলি থকাৰ সময়ত দিয়া উচিত নহয়।

ৰোগৰ চিকিৎসা চলি থকাৰ সময়ত প্ৰস্ৰাৱত পোৱা প্ৰ’টিনৰ পৰিমাণ, ৰোগীৰ ওজন, ৰক্তচাপ আৰু দৰবৰ খতিয়ান এখন ডায়েৰীত তালিকা সজাই টুকি ৰাখিলে বৰ সুবিধা হয়। চিকিৎসকজনৰ কাৰণেও ৰোগীজনৰ ৰোগৰ বিষয়ে জ্ঞাত হোৱাত সহায়ক হয়।

বৃক্কৰ এই ৰোগবিধৰ বিষয়ে অভিভাৱকসকলে চিকিৎসকৰ পৰা সবিশেষ জ্ঞান লোৱাটো খুবেই প্ৰয়োজনীয়। বিশেষকৈ দীঘলীয়াকৈ চলি থকা চিকিৎসাৰ সময়ত সমাজৰ অন্ধবিশ্বাসে চিকিৎসা আগবঢ়াই নিয়াত বাধা আনি দিয়ে আৰু চিকিৎসা আদখনীয়া হৈ পৰে আৰু বৃক্ক বিকল হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

লেখক: ডাঃ মৃদুপ্লাৱন বৰা(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 3/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate