অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ যতন

শিশুৰ যতন

নৱজাতক এটি পৰিয়াললৈ অহাৰ বতৰাই স্বাভাৱিকভাৱে আনন্দৰ বতৰা কঢ়িয়াই আনে। সকলোৰে বাবে বহু আকাংক্ষিত এটা সুখৰ খবৰ। সুন্দৰ সপোনটো বাস্তৱত ৰুপায়ণ হোৱাৰ দিনা পিতৃ-মাতৃৰ আনন্দত হিয়া উপচি পৰে। কিন্তু এই বিমল আনন্দৰ মাজতে অযুত প্ৰশ্ন-নৱজাতকক কেনেকৈ আতোলতোলেৰে ডাঙৰ-দীঘল কৰিব? নৱজাতকৰ ক্ষেত্ৰত পালন কৰা সকলোবোৰ নিয়ম শুদ্ধ হৈছেনে? পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ আপোনজনৰ এশ এবুৰি প্ৰশ্নৰ সমাধান দিয়াৰ প্ৰচেষ্টাৰে এই লেখাৰ অৱতাৰণা কৰা হৈছে।

নৱজাতকৰ আগমন

শিশুৰোগ বিদ্যাই এটি শিশু জন্ম হোৱাৰ পিছৰে পৰা এজন পূৰ্ণ বিকশিত মানুহলৈ বিকাশ হোৱাৰ পথছোৱাৰ সম্পূৰ্ণ সজাগ দৃষতি ৰাখে। চিকিৎসা-বিজ্ঞানৰ এই উত্তৰণে কেৱল যে নৱজাতকৰ মৃত্যুৰ হাৰেই হ্ৰাস কৰিছে এনে নহয়, সমগ্ৰ পৃথিৱীতে শিশুৰ স্বাস্থ্য সম্পৰ্কীয় মাপকাঠিও উন্নীত কৰিছে। এটি কেঁচুৱাৰ আগমনৰ লগে লগে চিকিৎসকে অত্যাৱশ্যকীয় পৰীক্ষা কৰি প্ৰথমে নাড়ীডালৰ মূৰটো ভালদৰে বান্ধি দিয়ে আৰু স্পিৰিটেৰে ধুই দিয়ে। শ্বাস-প্ৰশ্বাস পৰীক্ষা কৰি ওজনৰ মাপ লয়। ইয়াৰ পিছতে শুকান কাপোৰেৰে মেৰিয়াই চাফা কৰি কাপোৰ কানি পিন্ধাই দিয়ে। সম্প্ৰতি চিকিৎসা বিজ্ঞানত নৱজাতকৰ বিভিন্ন বিষয়ৰ ওপৰত নিৰন্তৰ গৱেষণা চলি আছে। শেহতীয়া গৱেষণাত এই কথা সদৰি হৈছে যে নৱজাতক জন্ম হোৱাৰ আধাঘণ্টাৰ ভিতৰত মাকৰ গাখীৰ খুৱাব লাগে। এই ব্যৱস্থাৰ বিষয়ে মাতৃগৰাকীক আগতীয়াকৈ জনাই থোৱা উচিত। মাতৃৰ গাখীৰ সন্তান প্ৰসৱ কক্ষতে খুওৱাৰ ব্যৱস্থা কৰিবলৈ চিকিৎসকসকলে অনুমতিপ্ৰদান কৰিছে। এনে কৰিলে মাতৃগৰাকীৰ ভৱিষ্যতলৈ সন্তানক দুগ্ধপান কৰাবলৈ সহজ হয় অৰ্থাৎ গাখীৰৰ যোগান বৃদ্ধি পায়। অৱশ্যে যিসকল মাতৃৰ জেনেৰেল এনাস্থেছিয়া দি সন্তান প্ৰসৱ হয় তেওঁলোকৰ বাবে এঘণ্টা সময় বান্ধি দিয়া হৈছে। ইয়াৰ পিছত নৱজাতকৰ বাবে থকা আছুতীয়া কোঠাতকিছু সময় ৰাখি পিছত মাতৃগৰাকী সুস্থ হৈ উঠিলে কেঁচুৱাক মাতৃৰ লগত দিয়ে। অৱশ্যে আমাৰ অসমত এতিয়াও সকলো শিশু হাস্পতালত জন্ম নহয়। অৰ্থাৎ চিকিৎসক বা নাৰ্ছে নৱজাতকৰ পৰিচৰ্যা নকৰে। কিন্তু এটি নৱজাতকৰ জন্মৰ সময়ত এগৰাকী অভিজ্ঞ চিকিৎসা কৰ্মী উপস্থিত থকাটো অতি প্ৰয়োজন। সেই চিকিৎসা কৰ্মীগৰাকীয়ে শিশুৰ প্ৰাথমিক স্বস্থ্যৰ যতন লোৱাৰ লাগতে পৰিস্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে। নৱজাতকক সদায় পৰিস্কাৰ কপাহী কাপোৰ পিন্ধাব লাগে। বজাৰৰ পৰা কিনি অনা কাপোৰো ভালদৰে ধুইহে পিন্ধাব লাগে। আনহাতে কেঁচুৱাৰ কাপোৰত পিন বা বুটাম ব্যৱহাৰ নকৰি ৰছীৰে বন্ধা হ’লে ভাল। বজাৰত উপলব্ধ নাইলন যুক্ত কাপোৰ কেঁচুৱাক পিন্ধাব নালাগে, ঠাণ্ডা দিনত টুপী আৰু মোজা ব্যৱহাৰ কৰিব লাগে। কিন্তু এনে কৰোতে লক্ষ্য কৰিব লাগে যাতে কাপোৰে কেঁচুৱাৰ শৰীৰটো চেপ মাৰি নধৰে। বহুতৰে ভ্ৰান্ত ধাৰণা থাকে যে কেঁচুৱাৰ বেছিকৈ ঠাণ্ডা লাগে আৰু সেয়ে প্ৰয়োজনতকৈ বেছিকৈ কাপোৰ পিন্ধায়। কিন্তু এনে কৰা অনুচিত। সদায় কোঠাৰ স্বাভাৱিক তাপমাত্ৰাক গুৰুত্ব দি কেঁচুৱাক কাপোৰ পিন্ধাব লাগে, যিদৰে আন মানুহে কাপোৰ পিন্ধে।

কেঁচুৱাৰ আহাৰ

সদ্যোজাত শিশুৰ উত্তম আহাৰ মাতৃৰ গাখীৰ। সন্তানক জন্ম দিয়াৰ সময়তে প্ৰতিগৰাকী মাতৃয়ে দুগ্ধ পান কৰোৱাৰ ক্ষমতা লাভ কৰে। মাতৃদুগ্ধ কেঁচুৱাৰ কাৰণে উৎকৃষ্ট আহাৰ। প্ৰথম ছমাহলৈ সেই আহাৰহে খুৱাব লাগে। কোনো কাৰণত ফলৰ ৰস, পানী, মৌ বা হজম হ’বলৈ গ্ৰাইপ ৱাটাৰ আদি খুৱাব নালাগে। এটা কথা মনত ৰখা ভাল যে মাতৃৰ গাখীৰেই হ’ল শিশুৰ বাবে উত্তম, আদৰ্শ স্বাভাৱিক আহাৰ। আমাৰ ভাৰতবৰ্ষত প্ৰায়ভাগ মহিলাই বেছিদিন দুগ্ধপান কৰাব নিবিচাৰে। বটলত বজাৰত উপলব্ধ গাখীৰ খুৱাবলৈহে বিচাৰে। এনে অভ্যাসে মাতৃগৰাকীয়ে দুগ্ধ পান কৰোৱা সমস্যাৰ পৰা অব্যাহতি বিচাৰে। এনে অভ্যসে কেঁচুৱাৰ স্বাস্থ্যৰ ক্ষতি কৰে। মাতৃ দুগ্ধ খুওৱাৰ স্বাস্থ্যসন্মত কাৰণবোৰ বাখ্যা কৰিলে বিষয়টো বুজাত সহায় হ’ব—

  • মাতৃদুগ্ধ শৰীৰৰ তাপমাত্ৰাত থাকে বাবে শিশুৰ বাবে উপযুক্ত। মাতৃৰ গাখীৰৰ তাপমাত্ৰাৰ হেৰ-ফেৰ নহয়।
  • বটলত গাখীৰ খালে বীজাণু স্ংক্ৰমিত হোৱাৰ আশ্ংকা থাকে। একেই সন্দেহৰ অৱতাৰণা হয় গৰুৰ গাখীৰৰ ক্ষেত্ৰতো।
  • স্তনৰ গাখীৰ খোৱা শিশুৰ এলাৰ্জীজনিত সমস্যা কম।
  • স্তনৰ গাখীৰত ৰোগ প্ৰতিৰোধক শক্তি থাকে। শিশুৱে সহজে গজম কৰিবলৈ সক্ষম হয়।
  • অটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে মাতৃৰ গাখীৰৰ তুলনাত অন্য জন্তুৰ গাখীৰত বেছি প্ৰ’টিন থাকে আৰু কেলছিয়াম থাকে। সেইবাবে গৰুৰ গাখীৰ খালে কেঁচুৱাৰ স্বাস্থ্য সবল হয় যদিও মগজুৰ বিকাশ নহয়। চিকিৎসা বিজ্ঞানৰ মতে এটি কেঁচুৱাৰ মগজুৰ বিকাশ প্ৰথম দুবছৰতে আশী শতাংশ হয়। সেয়ে এই সময়খিনিত যদি কেঁচুৱাক মাকৰ গাখীৰৰ পৰা বঞ্চিত কৰা হয়তেতিয়া ভৱিষ্যত জীৱনত তাৰ বুদ্ধিৰ প্ৰখৰতাত যথেষ্ট প্ৰভাৱ পৰে।
  • আৰ্থিক দিশৰ পৰাও মাতৃদুগ্ধ পান কৰালে লাভান্বিত হয়। আনহাতে মাতৃগৰাকীয়ে দুগ্ধ পান কৰালে জৰায়ু পূৰ্বৰ অৱস্থালৈ যোৱাত সহায় হয়। মাতৃদুগ্ধ পান কৰোৱাত পৰিয়ালৰ আন সদস্যসকলে উৎসাহ দিব লাগে। বহুতে মাতৃগৰাকীক বিভিন্ন মন্তব্যৰে ব্যতিব্যস্ত কৰি তোলে—যিটো মাতৃ আৰু সন্তানৰ স্বাস্থ্যত প্ৰভাৱ পেলায়। শিশুক পালনৰ ক্ষেত্ৰত কেতিয়াও পূৰ্বৰ নীতিক অগ্ৰাধিকাৰ দিব নালাগে। মাতৃগৰাকীৰ গাখীৰ কম, গাখীৰ পাতল, গৰমত গাখীৰৰ উপৰি পানী খুৱাব লাগে, গাখীৰ ডাঠ হ’লে পেট বিষায় আদি অযথা যুক্তিৰে মাতৃগৰাকীক মানসিক দুশ্চিন্তাত পেলাব নালাগে।

দুগ্ধ পান কৰোৱা নিয়ম

মাতৃগৰাকীয়ে পৰাপক্ষত বহি লৈ কেঁচুৱাক গাখীৰ খুৱাব লাগে। চকী বা বিছনাত বহি লৈ কেঁচুৱাৰ মূৰটো কিলাকুটি আৰু বাউসীৰ ওপৰত আলফুলকৈ ৰাখি গাখীৰ খুৱাবলৈ আৰম্ভ কৰিব লাগে। গাল বা মুখখনত স্তনৰ আগটো লগাই দিলে কেঁচুৱাই আপোনা-আপুনি স্তনতো বিচাৰি লয়। তেতিয়া মাতৃগৰাকীয়ে আৰামেৰে দুগ্ধ পান কৰাব পাৰে। এনে কৰোঁতে লক্ষ্য কৰিব লাগে যাতে কেঁচুৱাই স্তনৰ সমুখৰ ক’লা অংশ সম্পূৰ্ণ মুখত সুমুৱাই লয়। তেনে কৰিলে গাখীৰৰ চাহিদা বৃদ্ধি পায় বাবে কেঁচুৱাৰ সহজতে পেট ভৰে। অন্যথা যদিহে স্তনৰ আগটো চুপি থাকে তেতিয়া গাখীৰ কমকৈ পোৱাৰ লগতে বতাহ বেছিকৈ পেটত সোমায়। এইটো অভ্যাসৰ ওপৰত নিৰ্ভৰ কৰে। এনেকৈও গাখীৰ খোৱা কেঁচুৱাই বহু সময় ধৰি মাকৰ গাখীৰ চুপী মাকক আমনি কৰে। কেঁচুৱাক গাখীৰ খোৱাৰ সময়ৰ ম্যাদ বান্ধি ল’ব লাগে। প্ৰথমে ঘনাই খুৱাই পিছত বয়স বাঢ়ি অহাৰ লগে লগে সময়ৰ ম্যাদ বঢ়াব লাগে। কিয়নো তেতিয়া পেট ভৰাই খাবলৈ শিকে। কিন্তু কেতিয়াবা কেঁচুৱাই খাব নিবিচাৰিলে বা বেছিকৈ শুই থাকিলে জগাই খুৱাব লাগে। গাখীৰ খুওৱাৰ পিছত কেঁচুৱাক কান্ধত পেলাই উগাৰ মৰাব লাগে। এনে কৰিলে গাখীৰ খাওঁতে পেটলৈ যোৱা বায়ু কেঁচুৱাৰ পেটৰ পৰা ওলাই যায়। ফলত সচৰাচৰ কেঁচুৱাৰ হোৱা পেটৰ বিষৰ পৰা ৰেহাই পায়।

নৱজাতকৰ কেতবোৰ সাধাৰণ সমস্যা

নৱজাতকক লৈ প্ৰতিগৰাকী পিতৃ-মাতৃৰ যিদৰে কল্পনাৰ অন্ত নাই, তেনেদৰেই সমস্যাৰো অন্ত নাই। বেছিকৈ কান্দিলে, বমি কৰিলে বা সৰু সৰু সমস্যাত অভিভাৱকসকলে হাবাথুৰি খায়। সকলোৰে বাবে সহজতে চিকিৎসকৰ কাষ চপাটো সম্ভৱ হৈ নুঠে। সেয়ে গাঁৱলীয়া দোল-তাবিজেৰে ৰোগ প্ৰতিৰোধ কৰিব বিচাৰে। এই সকলোবোৰ ভ্ৰান্ত ধাৰণা। এটা কথা মনত ৰখা আৱশ্যক যে কেঁচুৱাৰ অসুখত ভয় খাব নালাগে। কেৱল কেঁচুৱাটো ভালদৰে নিৰীক্ষণ কৰক। সকলো সময়তে চিকিৎসকৰ কাষ চপা সম্ভৱ নহ’লেও টেলিফোনত অসুখৰ লক্ষণৰ বিৱৰণ দি পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

কেঁচৱাৰ জণ্ডিচ

বৰ্তমান বহুস্ংখ্যক কেঁচুৱাৰে জন্মৰ ঠিক পিছতে জণ্ডিচ হোৱা দেখা যায়। এনে সময়ত গাৰ বৰণ হালধীয়া হয়। এই বৰণটো দহৰ পৰা চৈধ্য দিনলৈকে থাকে আৰু পিছলৈ লাহে লাহে কমি যায়। অৱশ্যে এনে সমস্যাই দেখা দিলে শিশু বিশেষজ্ঞৰ পৰামৰ্শ ল’

ব লাগে। অন্যথা কেঁচুৱাৰ ক্ষতি হোৱাৰ আশ্ংকা নুই কৰিব নোৱাৰি।

নৱজাতকৰ গা ধুওৱাৰ নিয়ম

আমাৰ সমাজ এতিয়াও সম্পূৰ্ণ স্ংস্কাৰমুক্ত হোৱা নাই। সেয়ে কেঁচুৱাৰ জন্মৰ পূৰ্বপ্ৰস্তুতি প্ৰস্ংগত নানা ধৰণৰ বাধা আছে। আনকি শিশুক ৰখাৰ ব্যৱস্তাতো বহু আপত্তিৰ থল আছে। কেৱল মাতৃগৰাকী আৰু সন্তানৰ স্বাৰ্থৰ প্ৰতি যদি মনোনিবেশ কৰা হয়, তেন্তে এটা বেগত দুয়োৰে বাবে কিছু আৰামদায়ক কাপোৰ সাজু কৰি ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। সন্তানৰ কাপোৰৰ ৰঙ পাতল আৰু কাপোৰ কপাহী, কোমল হোৱা প্ৰয়োজন। আমাৰ দেশত বেছিভাগ মাতৃয়েই নৱজাতকক নিজৰ বিছনাত ৰাখে। ই উত্তম ব্যৱস্থা। এনে কৰিলে শিশুৱে নিৰাপদ অনুভূতিত ডাঙৰ দীঘল হয়। অৱশ্যে মাতৃ গৰাকীৰ টোপনিত ব্যাঘাত জন্মিলে কেঁচুৱাক কাষৰ বিচনাত শুওৱাৰ ব্যৱস্থা কৰিব পাৰে। শোঁওতে পৰাপক্ষত বজাৰত উপলব্ধ ‘পেড’ ওৰে ৰাতি পিন্ধাই থ’ব নালাগে। ই কেঁচুৱাৰ ক্ষতি কৰে।

লিখক: ড° প্ৰাকৃতিশ বৰা।

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate